বিশ্বনাথত নৱম সংখ্যক পোষণ মাহ উদযাপন। বিশ্বনাথত ৯ম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ "আমাৰ অংগনৱাড়ী আমাৰ দায়িত্ব" - এই মূলমন্ত্ৰৰে আজিৰে পৰা বিশ্বনাথ জিলাত ৯ম ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি ৯ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈকে এই মাহজোৰা কাৰ্যসূচী পালন কৰা হৈছে। এই উপলক্ষে বিশ্বনাথ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা আয়ক্ত কৰবী শইকীয়া কৰনে এই কাৰ্যসূচীৰ উদ্বোধনী ভাষণৰে এক সজাগতা সভাৰ আয়োজন কৰা হয়। এইবাৰৰ পোষণ মাহৰ ৫টা মূল লক্ষ্য হৈছে - খাদ্যৰ বৈচিত্ৰ্য আৰু পৰ্যাপ্ত প্ৰ'টিন।অংগনৱাড়ী কেন্দ্ৰত সতেজ গৰম ৰন্ধা আহাৰ প্ৰদান। সমাজৰ অংশীদাৰিত্ব আৰু দায়বদ্ধতা। শিশুৰ প্ৰাৰম্ভিক বিকাশৰ বাবে পুষ্টি আৰু শিক্ষা। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ ১০ বছৰীয়া সফলতা উদযাপন। অংগনৱাড়ী কেন্দ্ৰসমূহক সমাজৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা আৰু পুষ্টিহীনতা দূৰ কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে।
বিশ্বনাথত নৱম সংখ্যক পোষণ মাহ উদযাপন। বিশ্বনাথত ৯ম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ "আমাৰ অংগনৱাড়ী আমাৰ দায়িত্ব" - এই মূলমন্ত্ৰৰে আজিৰে পৰা বিশ্বনাথ জিলাত ৯ম ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু
বিকাশ মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি ৯ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈকে এই মাহজোৰা কাৰ্যসূচী পালন কৰা হৈছে। এই উপলক্ষে বিশ্বনাথ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত
জিলা আয়ক্ত কৰবী শইকীয়া কৰনে এই কাৰ্যসূচীৰ উদ্বোধনী ভাষণৰে এক সজাগতা সভাৰ আয়োজন কৰা হয়। এইবাৰৰ পোষণ মাহৰ ৫টা মূল লক্ষ্য হৈছে - খাদ্যৰ বৈচিত্ৰ্য আৰু পৰ্যাপ্ত প্ৰ'টিন।অংগনৱাড়ী কেন্দ্ৰত সতেজ গৰম ৰন্ধা আহাৰ প্ৰদান। সমাজৰ অংশীদাৰিত্ব
আৰু দায়বদ্ধতা। শিশুৰ প্ৰাৰম্ভিক বিকাশৰ বাবে পুষ্টি আৰু শিক্ষা। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ ১০ বছৰীয়া সফলতা উদযাপন। অংগনৱাড়ী কেন্দ্ৰসমূহক সমাজৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা আৰু পুষ্টিহীনতা দূৰ কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে।
- চতিয়াত এখন বাঁহৰ দলংয়ে জ্বলা কলা খুৱাইছে ৰাইজক। বিশ্বনাথ বিধান সভা সমষ্টিৰ দক্ষিণ চতিয়াত আজিও উন্নয়নৰ বিপৰীত ছবি। বকৰাপট্টা আৰু ২ নং আদাভেটি সংযোগী পথৰ ‘গড়েহাগী’ সুঁতিৰ ওপৰত নাই এখন স্থায়ী দলং। ফলত দুয়োপাৰৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নিতৌ ভোগ কৰিবলগীয়া হৈছে চৰম দুৰ্ভোগ।এই দৰে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহেৰে অস্থায়ী সাঁকো নিৰ্মাণ কৰি লৈছে স্থানীয় ৰাইজে। কিন্তু জৰাজীৰ্ণ সাঁকোৱেদি দুচকীয়া বাহনেৰে পাৰ হোৱাটো অতি বিপদজনক। এই সাঁকোৱেই ভৰসা শতাধিক ছাত্ৰ-ছাত্ৰীৰ। দৈনিক সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চতিয়া মহাবিদ্যালয়লৈ অহা-যোৱা কৰা শিক্ষাৰ্থীসকলে জীৱনক হাতৰ মুঠিত লৈ পাৰ হ’বলগীয়া হৈছে৷ কেৱল যাতায়াতেই নহয়, কৃষিজাত সামগ্ৰী কঢ়িওৱাতো সমস্যাৰ সন্মুখীন হৈছে কৃষক সকলৰ। সুচল যোগাযোগৰ অভাৱত উচিত বজাৰ মূল্যৰ পৰাও বঞ্চিত হৈছে অঞ্চলটোৰ ৰাইজ। এতিয়া স্থানীয় ৰাইজৰ স্পষ্ট দাবী—বাঁহৰ অস্থায়ী সাঁকোৰ পৰিৱৰ্তে শীঘ্ৰে এখন স্থায়ী পকী দলং নিৰ্মাণ কৰিব লাগে। নৱনিৰ্বাচিত বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসে বিষয়টোত প্ৰত্যক্ষ হস্তক্ষেপ কৰি দীৰ্ঘদিনীয়া সমস্যাটোৰ স্থায়ী সমাধান অতি শীঘ্ৰে কৰিবলৈ আহ্বান জনাইছে ৰাইজে।4
- 📌এখন পুৰণি চাইকেল লৈ জুবিন ক্ষেত্ৰলৈ এজন জুবিন অনুৰাগী। 📌চাইকেল লৈ যাত্ৰা লখিমপুৰ জিলাৰ নাওবৈচাৰ ছাইফুল ইছলামৰ।1
- ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ ছলমান এষ্ট্ৰলজাৰৰ নাম লৈ কবিৰাজীৰ নামত ভণ্ডামীৰ অভিযোগ ছলমান কবিৰাজে এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ1
- জে এন ভি শোণিতপুৰত হিন্দী পক্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰ, ঢেকীয়াজুলীত ১ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা হিন্দী পখৱাড়া সফল সামৰণি অনুষ্ঠান সম্পন্ন হয়। প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয়। ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতৰ সংবিধান সভাই দেৱনাগৰী লিপিত হিন্দীক ৰাজভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ ঐতিহাসিক ঘটনাক স্মৰণ কৰি সমগ্ৰ দেশতে এই সময়ছোৱাত হিন্দী পখৱাড়া পালন কৰা হয়। বিদ্যালয়সমূহতো এই পক্ষৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত হিন্দী ভাষাৰ প্ৰতি আগ্ৰহ, সৃজনশীলতা আৰু ব্যৱহাৰিক দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।1
- নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল শ্বাহ আলমৰ। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল শ্বাহ আলমৰ।1
- শোণিতপুৰ জিলাৰ ঠেলামৰাত মুকলি হ’ল দ্যা ঠেলামৰা ফাৰ্নিচাৰ হাউচ1
- 📌নগাঁও লোকসভা সমষ্টি উদ্ধাৰৰ লক্ষ্যৰে চামগুৰি সমষ্টিত বিজেপি দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। চামগুৰি মণ্ডলৰ দলীয় বিষয়ববীয়া আৰু কৰ্মী-সমৰ্থক সকলে নিশা উলিয়ালে পদযাত্ৰা। বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাই যিমান ভোট লাভ কৰিব বাকী প্ৰাৰ্থীয়ে তাৰ আধা ভোট লাভ কৰিব বুলি মন্তব্য কৰে চামগুৰি সমষ্টিৰ তত্বাৱদায়ক মজিবুৰ ৰহমানে। ৰকিবুল হুছেইনে চৰকাৰৰ বিৰুদ্ধে কোনো ইচ্ছু নাপাই পুৰণা কিছু বাতৰি লৈ পৰিৱেশ বিনষ্ট কৰিবলৈ লাগিছে হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ অহৰহ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰে।1
- 🎈ৰূপহীহাটৰ শিঙিমাৰীত যোৱা নিশা চোৰৰ আজৱ কাণ্ড 🎈এখন মোবাইল দোকানত চোৰে লুট পাট চলোৱাৰ চেষ্টা চলাওতেই বাজি উঠিল বিপদ ঘণ্টা 🎈ৰূপহীহাটৰ শিঙিমাৰীত যোৱা নিশা চোৰৰ আজৱ কাণ্ড 🎈এখন মোবাইল দোকানত চোৰে লুট পাট চলোৱাৰ চেষ্টা চলাওতেই বাজি উঠিল বিপদ ঘণ্টা 🎈সমগ্ৰ দৃশ্য বন্দী হৈ ৰল চিচি টিভি কেমেৰাত 🎈চোৰৰ অভিনৱ কৌশলৰ দৃশ্য চালে চকু কপালত উঠিব আপোনাৰ1