কম সময়তে ৰাইজৰ হৃদয় জিনিবলৈ সক্ষম হোৱা দক্ষিণ কামৰূপৰ অন্যতম আগশাৰীৰ বিদ্যালয় হিচাপে স্বীকৃত কুকুৰমাৰাৰ শংকৰদেৱ বিদ্যা মন্দিৰৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি মূল তোৰণখন উন্মোচন কৰা হয় । শংকৰদেৱ বিদ্যা মন্দিৰৰ উক্ত তোৰণখন এক মাঙ্গলিক অনুষ্ঠানৰ মাজেৰে শুভ উদ্বোধন কৰে অসমৰ বিশিষ্টা কন্ঠশিল্পী ড: সংগীতা কাকতিয়ে । "জুবিন গাৰ্গ তোৰণ" নামেৰে নামকৰণ কৰা হয় এই তোৰণখনৰ । আটাইতকৈ আকৰ্ষণীয় দৃশ্য আছিল মূল তোৰণ সংলগ্ন পকী বেৰত অসমৰ গুৰু, জাতিৰ জনক, স্বনামধন্য সাহিত্যিক শিল্পী ক্ৰমে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অৱণী কাকতীয়ে, অসমৰ হিয়াৰ মণি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী গণেশ দাসে, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ভাঠিপাৰা ৰাইজ গয়ৰহৰ সভাপতি নগেন দাসে, জ্ঞানপীঠ বঁটা বিজয়ী মামনী ৰয়ছম গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আমত'লা সত্ৰ ৰাইজ গয়ৰহৰ সভাপতি জগদীশ কলিতাই , কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গাওঁ ৰক্ষী বাহিনীৰ সেনানী বৰটাৰীৰ ৰত্নেশ্বৰ কলিতাই, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৩ নং আমত'লা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কুমাৰ দাসে, আনন্দ ৰাম বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত আয়ুক্ত ৰাজীৱ প্ৰকাশ বৰুৱাই, একশৰণ ভাগৱতী সমাজৰ আচাৰ্য্য প্ৰয়াত ইলাৰাম দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে কুকুৰমাৰা গাঁৱৰ উন্নয়ন সমিতিৰ সভাপতি ৰূপনাথ দাসে, শিল্পী পেঞ্চনাৰ বিশিষ্ট শিল্পী শুক্লেশ্বৰ মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেওঁৰ সহধৰ্মিণী নৱমী মহন্তই, ভাঠিপাৰা গাঁৱৰ শ্বহীদ জ্যোতিষ চন্দ্ৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ভাতৃ প্ৰভাত চন্দ্ৰ দাসে । তাৰ পিছতে বিদ্যালয়খনৰ ছমহীয়া প্ৰাচীৰ পত্ৰিকা "কমলাক্ষী"ৰ চতুৰ্থ বৰ্ষৰ প্ৰথম সংখ্যাটি উন্মোচন কৰে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই । তাৰ পিছতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত নৃত্য, গীতৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হয় । আজিৰ সভাতে ১৯৯৫ চনতে দক্ষিণ কামৰূপৰ ৩ নং আমত'লা গাঁৱত জন্মগ্ৰহণ কৰা প্ৰভাতী সূৰুয নাট্যগোষ্ঠীয়ে আমতলা গাঁৱৰ এটি সাধাৰণ কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰি ৰাজ্যখনৰ ভিতৰতে এজন আগশাৰীৰ বিশিষ্ট যুৱ ব্যৱসায়ী হিচাপে চিনাকী দি বৃহত্তৰ কুকুৰমাৰা অঞ্চলক গৌৰৱান্বিত কৰি শেহতীয়াকৈ শিক্ষাৰ ক্ষেত্ৰত অঞ্চলটোক আগুৱাই নিৱ খোজা শংকৰদেৱ বিদ্যা মন্দিৰৰ পৰিচালন সঞ্চালক লোহিত দাসক "প্ৰভাতী সূৰুয" সন্মানেৰে বিভূষিত কৰা হয় । সাংবাদিক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সঞ্চালক ধীৰাজ কুমাৰ দাসে পৰিচালনা কৰা উক্ত অনুষ্ঠানত যুৱ আৰু ক্ৰীড়া কল্যাণ বিভাগৰ সচিব অঙ্কুৰ বৰুৱা, অসম চৰকাৰৰ ৰাজহ বিভাগৰ সচিব ধৰ্মকান্ত মিলি, অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা, অভিৰুচিৰ সঞ্চালক বলেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

- দক্ষিণ কামৰূপ ২৭ নং ছমৰীয়া সমষ্টিৰ, ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ দক্ষিণ ৰঙা পানী গাঁওৰ ২৩৩ নং ম্যাদি পট্টাৰ ৩৭৩নং দাগৰ মাটি বিচাৰি, মাটিত নাম ও দখলত থকা ছামান আলী ও সহ-পৰিয়ালৰ ওপৰত ""৩ নং দক্ষিণ ৰঙা পানী আঞ্চলিক নতুন বজাৰ সমিতিৰ ""বৰ্বৰ আক্ৰমণৰ এক মূহুৰ্ত।1
- মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত পানবাৰী চাহ বাগিছাত বৃক্ষৰোপণ কাৰ্যসূচী1
- চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাজিৰ হুছেইনৰ বেলগুৰি বজাৰত কৰ্মী সকলৰ সৈতে বৈঠক1
- গেলেকীত স্বাস্থ্য সমিতিৰ চিকেল চেল এনিমিয়া ৰোগৰ বিনামূলীয়া পৰীক্ষণ শিৱিৰ শিৱসাগৰ জিলাৰ গেলেকী স্বাস্থ্য খণ্ডৰ অৰ্ন্তগত মাদুৰী চাহ বাগিছাত ১০ জানুৱাৰী, শনিবাৰে চিকেল চেল এনিমিয়া ৰোগৰ এক বিনামূলীয়া পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত চাহ বাগিছাখনৰ প্ৰায় দেৰ শতাধিক লোকৰ তেজৰ নমুনাৰ পৰীক্ষা কৰা হয়। শিৱিৰত শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত চন্দনা জাহ্নৱী(ভাৰতীয় প্ৰশাসনিক সেৱা), গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ, মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপামণি শইকীয়া, ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰমৰ তথ্য ব্যৱস্থাপক(Data Manager) হাফিজুৰ ৰহমান, ভৰ্মীমান চিকিৎসা সেৱা গোটৰ সমন্বয়ক ঋতিজ গগৈ,গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন প্ৰমুখ্যে এম পি দব্লিও, আশাকৰ্মী, চাহ বাগিছাখনৰ প্ৰৱন্ধ চিকিৎসক, ফাৰ্মাচিষ্ট, বাগিছাৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে, এই শিৱিৰত ডাঃ দিপামণি শইকীয়াই কাঁচি ৰক্তহীনতা ৰোগ সম্পৰ্কে বাগিছাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে আয়ডিনৰ অভাৱত হোৱা বিভিন্ন বিসংগতিৰ বিষয়ে এক চমু বক্তব্য আগবঢ়ায়। আনহাতে চিকেল চেল এনিমিয়া ৰোগৰ ন'দেল বিষয়া ডাঃ দিপামণি শইকীয়াই জানিবলৈ দিয়া মতে চাহ বাগিছাসমূহত চিকেল চেল এনিমিয়া ৰোগৰ পৰীক্ষণ হৈ আছে যদিও জিলাখনৰ প্ৰতিখন চাহ বাগিছাতে এনেধৰণৰ বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা আয়োজিত এই বিনামূলীয়া পৰীক্ষণ শিৱিৰত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক প্ৰগেম মেনেজাৰ, মুকুল গগৈ , দুটা ভ্ৰাম্যমান চিকিৎসাসেৱা গোটৰ উপৰিও গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰেটৰী টেকনিচিয়ানয়েও সহায়-সহযোগ আগবঢ়ায়।3
- ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি। অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি। লগ হৈ কাটিছে পথাৰৰ নৰা । শিৱসাগৰ জিলাৰ বকতা মৌজাৰ ভকত গাঁৱত গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি। গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু। গাঁৱৰ সকলো ৰাইজে হাতে কামে নামিছে পথাৰত । পুৰুষ সকলে বনাইছে ভেলাঘৰ , কাটিছে মেজিৰ বাবে বাঁহ কাঠ । মহিলা সকলে বিহু এফাকীকে জুৰি নামি পৰিছে নৰা কটাত । এই নান্দনিক মুহূৰ্ত হল শিৱসাগৰ জিলাৰ বকতা ভকত গাঁৱৰ ।1
- দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ বৰাখাত খলিহামাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ গঢ়া-খহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা জিঅ' বেগৰ দুৰ্নীতি সন্দৰ্ভত আমাৰ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা ৰাহুল চৌধুৰীৰ1
- পলাশবাৰী সমষ্টিৰ কঠালবামাৰ অন্তৰ্গত শ্ৰী শ্ৰীবুঢ়া গোঁসাই নামঘৰৰ শতবৰ্ষ উদযাপন1
- দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গুমীত ছয়গাঁও আৰক্ষীৰ গৰুৰ বিৰুদ্ধে বৃহৎ অভিযান । অভিযানত জব্দ ২০ টা বলধ গৰু সহ ৩ জন চালক হেন্দিমেন । ছয়গাঁও থানাৰ আৰক্ষী বিষয়া বিজয় দুৱাৰাৰ নেতৃত্বত চলিছিল এই অভিযান । ছয়গাঁও আৰক্ষীয়ে গৰু ভৰ্ত্তি AS-01, TC-5405 নম্বৰৰ বাহনখন ৰখাবলৈ সংকেত দিয়ে যদিও চালকে পথ সলনি কৰি পলাবলৈ চেষ্টা কৰোঁতে খেদি খেদি জব্দ কৰে বাহনখন ।1
- শিৱসাগৰ বকতাত শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ অধিবেশন। ১০ আৰু ১১ জানুৱাৰী তাৰিখত অনুস্থিত হ'য় এই অনুস্থান। শিৱসাগৰ জিলাৰ বকতাৰ ফৰবন্ধীয়া শাখাৰ সোণালী জয়ন্তী লগতে নেমুগুৰি আঞ্চলিকৰ ৪৪ সংখ্যক বাৰ্ষিক অধিবেশন ১০,১১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ এই অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱ উপস্থিত থাকে । ফৰবন্ধীয়া প্ৰাথমিক শাখাৰ নামঘৰৰ প্ৰাঙ্গনৰ অনুষ্ঠিত হয় এই অধিবেশন।1