সদৌ মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক ন্যাসৰ সহযোগত আজি তিনিচুকীয়া জিলা উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত “শৈক্ষিক বঁটা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান” অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশৰ অধিক নম্বৰ লাভ কৰা মৰাণ জনগোষ্ঠীৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সন্মান জনোৱা হয়। সদৌ মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই কৃতী ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰি অভিনন্দন জনোৱাৰ লগতে কেইবাগৰাকীও সৰ্বাধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক শৈক্ষিক বঁটাৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠানত উপস্থিত অতিথিসকলে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাক ভূয়সী প্ৰশংসা কৰিছিল আৰু আগন্তুক দিনত অধিক সাফল্য লাভৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছিল। সদৌ মৰাণ ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰিছে যে এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে সমাজত শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল অধিক উৎসাহিত হ'ব।
সদৌ মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক ন্যাসৰ সহযোগত আজি তিনিচুকীয়া জিলা উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত “শৈক্ষিক বঁটা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান” অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশৰ অধিক নম্বৰ লাভ কৰা মৰাণ জনগোষ্ঠীৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সন্মান জনোৱা হয়। সদৌ মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই কৃতী ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰি অভিনন্দন জনোৱাৰ লগতে কেইবাগৰাকীও সৰ্বাধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক শৈক্ষিক বঁটাৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠানত উপস্থিত অতিথিসকলে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাক ভূয়সী প্ৰশংসা কৰিছিল আৰু আগন্তুক দিনত অধিক সাফল্য লাভৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছিল। সদৌ মৰাণ ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰিছে যে এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে সমাজত শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল অধিক উৎসাহিত হ'ব।
- পশ্চিম যোৰহাটৰ পাণীচকুৱা বুঢ়া নামঘৰত শ্ৰীমদ্ভাগৱত পাঠৰ শুভআৰম্ভ হৈছে। নৱনিৰ্মিত তোৰণ উদ্ধোধন, সামূহিক চাফাইকে ধৰি বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে আজি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। কাইলৈ স্থানীয় শিশু শিল্পীৰ দ্বাৰা 'একলব্যৰ গুৰু দক্ষিণা' ভাওনা প্ৰদৰ্শন কৰা হ'ব।1
- উজনি অসমৰ যোৰহাটত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আন্তঃক্লাব ৱাটাৰ প'ল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ ১০টা দলে অংশগ্ৰহণ কৰিছে, যাৰ ভিতৰত তিনিটা ছোৱালীৰ দল আৰু সাতটা ল'ৰাৰ দল আছিল। এই প্ৰতিযোগিতাৰ সময়ত ১৭গৰাকী প্ৰতিষ্ঠাপক সদস্যক সম্বৰ্ধনা জনোৱা হয়।4
- বৃহত্তৰ শিৱসাগৰ নাগৰিক মঞ্চৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাৱত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাৰ মূল উদ্দেশ্য আছিল শিৱসাগৰ সমষ্টিৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ চিন্তাৰ প্ৰতিবাদ জনোৱা আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ শিৱসাগৰতে স্থাপনৰ দাবী উত্থাপন কৰা। সভাত শিৱসাগৰৰ বহু সমাজ সচেতন ব্যক্তিয়ে অংশগ্ৰহণ কৰি নিজ নিজ ভাষণত আয়ুক্ত কাৰ্যালয় আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ স্থানান্তৰিত কৰিবলৈ লোৱা চিন্তাৰ তীব্ৰ বিৰোধিতা কৰে। দুটা বিষয়ৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হোৱাৰ পাছত ৰাজহুৱা সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত সৰ্বসন্মত সিদ্ধান্ত লোৱা হয় যে, কোনো কাৰণতে শিৱসাগৰ সমষ্টিৰ পৰা আয়ুক্ত কাৰ্যালয় স্থানান্তৰ কৰিবলৈ দিয়া নহ'ব। ইয়াৰ উপৰিও, শিৱসাগৰত স্থাপন হ'বলগীয়া বিজ্ঞান যাদুঘৰ যাতে শিৱসাগৰ সমষ্টিৰ পৰা আন ঠাইলৈ স্থানান্তৰ নকৰে, তাৰ বাবে বিধায়ক মহোদয়ক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্তও সভাত গ্ৰহণ কৰা হয়।1
- লখিমপুৰৰ হাতীগড়ীয়া গাঁৱত ধৰ্মকান্ত নামৰ এগৰাকী মাতাল লোকে উৎপাত কৰাত ৰাইজ অতিষ্ঠ হৈ পৰে। পৰিস্থিতি চম্ভালিব নোৱাৰি ৰাইজে তেওঁক বান্ধি আৰক্ষীক চমজাই দিয়ে।1
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাৰ সৈতে হোৱা প্ৰতিটো বাৰ্তালাপকে তেওঁৰ বাবে বিশেষ বুলি অভিহিত কৰিছে।1
- লখিমপুৰ জিলাৰ প্ৰাক্তন সৈনিক ৮০ উদ্ধবৰ সত্যনাথ ফুকনক লৈ এটি সাক্ষাৎকাৰ গীত প্ৰস্তুত কৰা হৈছে।1
- শিৱসাগৰত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই এক ৰাজ্যিক পৰ্যায়ৰ সংবাদ মেল সম্বোধন কৰি চৰকাৰী হেঁচা আৰু সময়মতে নূন্যতম কমিচন লাভ নকৰাৰ ফলত এগৰাকী সুলভ মূল্যৰ ব্যৱসায়ীয়ে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। সন্থাৰ অভিযোগ অনুসৰি, আৰ্থিক দৈন্যতাত ভূগি মাহমুদ আলি নামৰ এজন সুলভ মূল্যৰ ব্যৱসায়ীয়ে একমাত্ৰ কন্যা আৰু পত্নীক এৰি আত্মহননৰ দৰে কৰুণ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল। সন্থাই জানিবলৈ দিয়া মতে, নিৰ্ধাৰিত দুটা মাহৰ কমিচন সঠিক সময়ত লাভ নকৰাৰ বাবেই মাহমুদ আলিয়ে এনে চৰম পন্থা গ্ৰহণ কৰিছিল। তদুপৰি, কেন্দ্ৰীয় সমিতিয়ে অভিযোগ কৰিছে যে বিগত সময়ৰ মুঠ ৩৭২ কোটি টকাৰ বকেয়া বৰ্তমানেও অনাদায় হৈ আছে। শিৱসাগৰ জিলা সমিতিৰ পৌৰহিত্যত অনুষ্ঠিত এই সংবাদ মেলত জিলা সমিতিয়ে ই'পজ মেচিনৰ ভয়ংকৰ বিসংগতি সম্পৰ্কেও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। জিলা সমিতিৰ মতে, এই স্বয়ংক্ৰিয় ই'পজ মেচিনে সামগ্ৰীৰ মজুদকৰণৰ ভুল তথ্য দিয়াৰ ফলত ব্যৱসায়ীসকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈ আহিছে, যাৰ ফলত মাহমুদ আলিৰ দৰে ব্যৱসায়ীসকলে চৰম পন্থা ল'বলৈ বাধ্য হৈছে। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সন্থাই অসামৰিক খাদ্য আৰু যোগান বিভাগৰ হস্তক্ষেপ দাবী কৰাৰ লগতে মাহমুদ আলিৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু আন ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলকো ক্ষতিপূৰণ আদায়ৰ দাবী জনাইছে। আজিৰ সংবাদ মেলত ৰাজ্যিক সভাপতি ধৰণীধৰ বড়া, কাৰ্য্যকৰী সভাপতি হৰি নাৰায়ণ দত্ত, সাধাৰণ সম্পাদক গুঞ্জন কুমাৰ বৰাৰ লগতে শিৱসাগৰ জিলা সমিতিৰ সভাপতি সিদ্ধাৰ্থ চেতিয়া আৰু সাধাৰণ সম্পাদক নেকিবদ্দিন আহমেদ উপস্থিত আছিল।1
- ২০২৬ চনত অনুষ্ঠিত ষোড়শ বাৰ্ষিক সন্মিলিত ৰঙালী বিহু সন্মিলনত ভাৰতৰ সৰ্ব কনিষ্ঠ সৰ্প উদ্ধাৰকাৰী হিচাপে পৰিচিত তেজপুৰৰ ৬ বছৰীয়া বিস্ময় বালক ৰাজ সৌৰভ বৰকটকীক এক বিশেষ সম্বৰ্ধনা জনোৱা হয়। তেজপুৰৰ ৰৌশন নেচনেল বিদ্যালয়ৰ ছিনিয়ৰ কে.জি. শ্ৰেণীৰ মেধাৱী ছাত্ৰ ৰাজে মাত্ৰ ৪ বছৰ বয়সৰ পৰাই শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, বৰচলা, বিহগুৰী, তেজপুৰকে ধৰি বিভিন্ন স্থানত সুৰক্ষিতভাৱে সাপ উদ্ধাৰ কৰি আহিছে। কেৱল সাঁপেই নহয়, এই কণমানি শিশুটিয়ে কাছ, মেছেকা, জহামাল আদি বন্যপ্ৰাণীও উদ্ধাৰ কৰাৰ লগতে গছপুলি ৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ দৰে মহৎ কামত জড়িত হৈ সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু প্ৰকৃতিপ্ৰেমী কৃষ্ণা কলিতা বৰকটকীৰ পুত্ৰ ৰাজে অতি কম বয়সতেই সাপ সম্পৰ্কে মানুহৰ মাজত থকা ভুল ধাৰণা দূৰ কৰাৰ ক্ষেত্ৰতো সজাগতা সৃষ্টি কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।1
- অখিল গগৈয়ে জনসাধাৰণক সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত চকু দিবলৈ আহ্বান জনাইছে। তেওঁ বিশেষকৈ ২০১৪, ২০২২ আৰু ২০২৬ চনৰ মূল্যবৃদ্ধিৰ এক তুলনামূলক তালিকাখনলৈ মন কৰিবলৈ কৈছে, য'ত বস্তুৰ দাম কিদৰে বৃদ্ধি পাইছে তাক দৰ্শোৱা হৈছে।1