logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয়। এই সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব কুমাৰী আৰতি, অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা হাজৰিকা, সহকাৰী আয়ুক্ত সন্তোষ বুঢ়াগোহাঁই, জিলা পথ সুৰক্ষা সমিতিৰ সদস্য-সচিব জিন্নত আহমেদকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল। সভাৰ আৰম্ভণিতে সদস্য-সচিবগৰাকীয়ে পূৰ্বৰ সিদ্ধান্তসমূহৰ ৰূপায়ণৰ অগ্ৰগতি আৰু জিলাখনত চলি থকা বিভিন্ন পথ সুৰক্ষা কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। সভাৰ অন্যতম মূল আলোচনা আছিল ৰাষ্ট্ৰীয় ঘাইপথত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা আৰু পথ দুৰ্ঘটনাজনিত মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে উচ্চতম ন্যায়ালয়ে জাৰি কৰা শেহতীয়া নিৰ্দেশনাসমূহ। এই সন্দৰ্ভত বক্তব্য ৰাখি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব কুমাৰী আৰতিয়ে সংশ্লিষ্ট সকলো বিভাগ আৰু সংস্থাক ন্যায়ালয়ৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনায়। সভাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্ধাৰিত পাৰ্কিং স্থান, লে'-বাই বা ৱে'ছাইড এমেনিটিৰ বাহিৰে গধুৰ আৰু বাণিজ্যিক বাহন পাৰ্কিং বা ৰখোৱাত নিষেধাজ্ঞা সম্পৰ্কীয় ন্যায়ালয়ৰ নিৰ্দেশনাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। ইয়াৰ উপৰি, Advanced Traffic Management System, জি পি এছ ভিত্তিক নিৰীক্ষণ, ই-চালান ব্যৱস্থা আৰু নিয়মীয়া তহলদাৰীৰ জৰিয়তে আইন প্ৰয়োগ অধিক শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্ধাৰিত এলেকাৰ ভিতৰত থকা বেদখল আৰু অনুমোদন নোহোৱাকৈ স্থাপন কৰা বাণিজ্যিক প্ৰতিষ্ঠানসমূহ উচ্ছেদ সম্পৰ্কীয় ন্যায়ালয়ৰ নিৰ্দেশনাৰ ওপৰতো সভাত বিশেষ গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। নিৰ্দেশনা অনুসৰি, ঘাইপথ কৰ্তৃপক্ষৰ অনুমোদন অবিহনে অনুজ্ঞাপত্ৰ প্ৰদান, আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ বা ব্যৱসায়িক অনুমতি প্ৰদান বা নবীকৰণ কৰিব নোৱাৰিব বুলিও আলোচনা কৰা হয়। আন আন আলোচনাৰ ভিতৰত জিলা ঘাইপথ সুৰক্ষা টাস্ক ফ’ৰ্চ গঠন, দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ চিনাক্তকৰণ আৰু সংশোধন, কেমেৰা আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থা স্থাপন, লগতে গধুৰ বাহন চালকসকলৰ বাবে নিৰাপদ বিশ্ৰাম আৰু পাৰ্কিঙৰ সুবিধা নিশ্চিত কৰিবলৈ ট্ৰাক লে'-বাই আৰু ৱে'ছাইড এমেনিটি বিকাশৰ বিষয়েও আলোচনা কৰা হয়। সভাৰ শেষত জিলা আয়ুক্তগৰাকীয়ে সকলো সংশ্লিষ্ট বিভাগক সমন্বয়েৰে কাম কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাসমূহৰ কাৰ্যৰূপায়ণ নিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ জিলাখনত পথ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত সকলোৱে মিলি কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

2 hrs ago
user_Chandan hira
Chandan hira
মৰিগাঁও, মৰিগাঁও, অসম•

More news from অসম and nearby areas
  • অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।
    1
    অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    21 hrs ago
  • নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁৱৰ গেৰুৱাত প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে এই মৃত্যুক পৰিকল্পিত হত্যা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকজন জাজৰি বগৰিগুৰিৰ ৰিংকু দাস বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি, ৰিংকু দাসৰ মৰিগাঁৱৰ গেৰুৱাৰ অনিতা পাটৰ নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালৰ দাবী অনুসৰি, ২৫ মে’ তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰত ফুৰিবলৈ গৈছিল, কিন্তু তাৰ পিছতে তেওঁ জীৱিত হৈ ঘৰলৈ উভতি নাহিল আৰু শৱদেহ হিচাপেহে ওভতাই অনা হ'ল। এই ঘটনাক লৈ ৰিংকু দাসৰ পৰিয়াল আৰু স্থানীয় গাঁৱবাসীয়ে অভিযোগ কৰিছে যে, প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই প্ৰেমিকাৰ পৰিয়ালে ৰিংকুক পৰিকল্পিতভাৱে হত্যা কৰিছে। ইফালে, ভুক্তভোগী পৰিয়ালে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে। পৰিয়াল আৰু গাঁৱবাসীয়ে উচিত তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰি ন্যায় নিশ্চিত কৰিবলৈ দাবী জনাইছে।
    3
    নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁৱৰ গেৰুৱাত প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে এই মৃত্যুক পৰিকল্পিত হত্যা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকজন জাজৰি বগৰিগুৰিৰ ৰিংকু দাস বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ অনুসৰি, ৰিংকু দাসৰ মৰিগাঁৱৰ গেৰুৱাৰ অনিতা পাটৰ নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালৰ দাবী অনুসৰি, ২৫ মে’ তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰত ফুৰিবলৈ গৈছিল, কিন্তু তাৰ পিছতে তেওঁ জীৱিত হৈ ঘৰলৈ উভতি নাহিল আৰু শৱদেহ হিচাপেহে ওভতাই অনা হ'ল। এই ঘটনাক লৈ ৰিংকু দাসৰ পৰিয়াল আৰু স্থানীয় গাঁৱবাসীয়ে অভিযোগ কৰিছে যে, প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই প্ৰেমিকাৰ পৰিয়ালে ৰিংকুক পৰিকল্পিতভাৱে হত্যা কৰিছে।

ইফালে, ভুক্তভোগী পৰিয়ালে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে। পৰিয়াল আৰু গাঁৱবাসীয়ে উচিত তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰি ন্যায় নিশ্চিত কৰিবলৈ দাবী জনাইছে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    2 hrs ago
  • ৰূপহী হাটলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন ছাত্ৰী ছাবানা ইয়াছমিনক তেওঁৰ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত সম্বৰ্ধনা জনোৱা হ'ল। এই উপলক্ষে, প্ৰাক্তন ছাত্ৰীগৰাকীৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ নিজৰ ছাত্ৰী জীৱনৰ বহু কথা আমাৰ আগত প্ৰকাশ কৰে।
    1
    ৰূপহী হাটলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন ছাত্ৰী ছাবানা ইয়াছমিনক তেওঁৰ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত সম্বৰ্ধনা জনোৱা হ'ল। এই উপলক্ষে, প্ৰাক্তন ছাত্ৰীগৰাকীৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ নিজৰ ছাত্ৰী জীৱনৰ বহু কথা আমাৰ আগত প্ৰকাশ কৰে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য’ত এগৰাকী পথচাৰীৰ লগতে চাৰিজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। AS 21 Q 0857 নম্বৰৰ এখন বাইকেৰে চাৰিজন যুৱকে তীব্ৰ গতিত আহি পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা এজন পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ আটাইকে লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে, যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে দুজনক নগাঁৱলৈ পঠিয়ায়।
    2
    মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য’ত এগৰাকী পথচাৰীৰ লগতে চাৰিজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। AS 21 Q 0857 নম্বৰৰ এখন বাইকেৰে চাৰিজন যুৱকে তীব্ৰ গতিত আহি পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা এজন পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে ততাতৈয়াকৈ আটাইকে লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে, যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে দুজনক নগাঁৱলৈ পঠিয়ায়।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.