Shuru
Apke Nagar Ki App…
সোণতলী আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ সৈতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই অভিযানৰ সময়ত আৰক্ষীয়ে মুঠ ৪.১১ গ্ৰাম ওজনৰ ৭ টা কন্টেইনাৰ আৰু এখন পালছাৰ ১৮০ বাইক জব্দ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন গৰৈমাৰীবিলৰজান গাঁৱৰ জেলহক (২৬) বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা জেলহকক সোধপোচ অব্যাহত ৰখা হৈছে।
Assam Local News
সোণতলী আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ সৈতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই অভিযানৰ সময়ত আৰক্ষীয়ে মুঠ ৪.১১ গ্ৰাম ওজনৰ ৭ টা কন্টেইনাৰ আৰু এখন পালছাৰ ১৮০ বাইক জব্দ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন গৰৈমাৰীবিলৰজান গাঁৱৰ জেলহক (২৬) বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা জেলহকক সোধপোচ অব্যাহত ৰখা হৈছে।
More news from অসম and nearby areas
- নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধানসভাৰ মজিয়াত এক বলিষ্ঠ ভাষণ প্ৰদান কৰে। এই ভাষণৰ জৰিয়তে তেওঁ সোণতলী-বহৰি সংযোগী পকী দলং নিৰ্মাণৰ প্ৰসংগটো উত্থাপন কৰে। বিধায়কগৰাকীৰ এই পদক্ষেপক লৈ অঞ্চলটোৰ ৰাইজে বিশেষ সন্তোষ প্ৰকাশ কৰিছে।1
- কামৰূপ জিলাৰ বকোৰ অন্তৰ্গত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুগৰাকী নিষ্ঠাৱান কৰ্মচাৰীয়ে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। দীৰ্ঘদিন ধৰি স্বাস্থ্য কেন্দ্ৰটোত নিষ্ঠাৰে সেৱা আগবঢ়োৱা কৰ্মচাৰী দুগৰাকীৰ অৱসৰৰ লগে লগে তেওঁলোকৰ কৰ্মজীৱনৰ সামৰণি পৰিল।1
- বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।1
- অসম বিধানসভাত কামৰূপ (গ্ৰাম্য) জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলীৰ পৰা বৰপেটা জিলাৰ বহৰিলৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। প্ৰস্তাৱিত এই আৰ.চি.চি. দলংখনৰ দৈৰ্ঘ্য প্ৰায় ১৩ কিলোমিটাৰ হ’ব বুলি জানিব পৰা গৈছে।1
- ৰাজস্থানত অনুষ্ঠিত মিচ টিন ৰয়েল ইণ্টাৰনেচনেল-২০২৬ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰঙিয়াৰ সন্তান ৰিম্পী বড়ো নিজ গৃহভূমিত উপস্থিত হৈছে। নিজ গৃহভূমিত উপস্থিত হোৱাৰ পিছতে তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰে আৰু এই গৌৰৱোজ্জ্বল সাফল্যক লৈ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে।1
- Post by Manik AIi1
- বৰপেটাৰোড চহৰক যানজঁট মুক্ত কৰাৰ স্বাৰ্থত বৰপেটাৰোড পৌৰসভাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ সভাপতি ৰাজেশ চৰকাৰে চহৰখনৰ বজাৰ অঞ্চলৰ পদপথত কোনো ধৰণৰ দোকান-পোহৰ নিদিবলৈ ব্যৱসায়ীসকলক আহ্বান জনাইছে। ইয়াৰ লগতে মূল পথৰ ওপৰত যধে-মধে গাড়ী-মটৰ ৰখাই যানজঁটৰ সৃষ্টি নকৰিবলৈও তেওঁ ৰাইজক অনুৰোধ জনাইছে। সভাপতি ৰাজেশ চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান এয়া কেৱল এক অনুৰোধহে, কিন্তু অনাগত সময়ত এই নিয়ম উলংঘা কৰিলে প্ৰশাসনৰ তৰফৰ পৰা অতি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চহৰখন সুন্দৰ কৰি ৰাখিবলৈ পৌৰসভাই সকলোৰে সহযোগিতা কামনা কৰিছে।1
- বৰপেটা জিলাৰ শুৱাগপুৰত কয়াকুছি আৰক্ষীয়ে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিছে।1