logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসমৰ দক্ষতা ভিত্তিক শিক্ষাক অধিক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে অসম স্কিল ইউনিভাৰ্চিটি আৰু ছীড ফাউণ্ডেচনৰ উদ্যোগত কালি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত এখন সজাগতা আৰু পৰামৰ্শমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক দক্ষতা ভিত্তিক শিক্ষা, উদ্যোগ সৃষ্টি, কৰ্মমুখী পাঠ্যক্ৰম আৰু ভৱিষ্যতৰ নিয়োগ সম্ভাৱনাৰ ওপৰত সজাগ কৰা হয়। সমল ব্যক্তি হিচাপে উপস্থিত থকা ৰূপম চেতিয়া বৰাই অসম স্কিল ইউনিভাৰ্চিটিত উপলব্ধ বিভিন্ন পাঠ্যক্ৰম, কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশৰ সুযোগসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক বিতংভাৱে অৱগত কৰে। তেওঁ পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে দক্ষতা ভিত্তিক শিক্ষাৰ প্ৰয়োজনীয়তা, আত্মনিয়োগৰ সম্ভাৱনা আৰু বিভিন্ন খণ্ডত উদীয়মান কৰ্মসংস্থাপনৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰ জ্যোতি মহন্তই এই অনুষ্ঠানটো উদ্বোধন কৰে। অনুষ্ঠানত শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ডঃ প্ৰতিম শৰ্মা, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পংকজ হাজৰিকা আৰু SEED FOUNDATION ৰ সঞ্চালক আমিনুল হুছেইন আদি গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

6 hrs ago
user_Mustak ali
Mustak ali
শিৱসাগৰ, শিৱসাগৰ, অসম•
6 hrs ago

অসমৰ দক্ষতা ভিত্তিক শিক্ষাক অধিক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে অসম স্কিল ইউনিভাৰ্চিটি আৰু ছীড ফাউণ্ডেচনৰ উদ্যোগত কালি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত এখন সজাগতা আৰু পৰামৰ্শমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক দক্ষতা ভিত্তিক শিক্ষা, উদ্যোগ সৃষ্টি, কৰ্মমুখী পাঠ্যক্ৰম আৰু ভৱিষ্যতৰ নিয়োগ সম্ভাৱনাৰ ওপৰত সজাগ কৰা হয়। সমল ব্যক্তি হিচাপে উপস্থিত থকা ৰূপম চেতিয়া বৰাই অসম স্কিল ইউনিভাৰ্চিটিত উপলব্ধ বিভিন্ন পাঠ্যক্ৰম, কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশৰ সুযোগসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক বিতংভাৱে অৱগত কৰে। তেওঁ পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে দক্ষতা ভিত্তিক শিক্ষাৰ প্ৰয়োজনীয়তা, আত্মনিয়োগৰ সম্ভাৱনা আৰু বিভিন্ন খণ্ডত উদীয়মান কৰ্মসংস্থাপনৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰ জ্যোতি মহন্তই এই অনুষ্ঠানটো উদ্বোধন কৰে। অনুষ্ঠানত শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ডঃ প্ৰতিম শৰ্মা, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পংকজ হাজৰিকা আৰু SEED FOUNDATION ৰ সঞ্চালক আমিনুল হুছেইন আদি গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

More news from অসম and nearby areas
  • শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ প্ৰয়াত বিজয়া চেতিয়াৰ (প্ৰায় ৭০) দেহাৱসান ঘটিছে। মাতৃৰ বিয়োগৰ পাছতে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ সন্মতিক্ৰমে তেওঁৰ চকুদান কৰা হয়। পুৱা এটা সংবাদমেল সম্বোধন কৰিবলৈ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়তে চৰকাৰী আৱাসত থকা মাতৃগৰাকীয়ে ইহলীলা সম্বৰণ কৰে। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিজয়া চেতিয়া। যোৰহাটৰ জ্যেতি আই বেংক শিৱসাগৰত উপস্থিত হৈ মৃত বিজয়া চেতিয়াৰ কৰ্নিয়া সংগ্ৰহ কৰে। প্ৰয়াত বিজয়া চেতিয়াৰ মাতৃগৃহ শিৱসাগৰ জিলাৰ বেতবাৰী বোকাবিলত। বৰ্তমানেও তেওঁৰ নশ্বৰ দেহ চৰকাৰী আৱাসগৃহতে ৰখা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ জ্যেষ্ঠ ভাতৃ অষ্ট্ৰেলিয়াৰ পৰা আহি পোৱাৰ পাছতেই শিৱসাগৰস্থিত শান্তিবনত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।
    1
    শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ প্ৰয়াত বিজয়া চেতিয়াৰ (প্ৰায় ৭০) দেহাৱসান ঘটিছে। মাতৃৰ বিয়োগৰ পাছতে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ সন্মতিক্ৰমে তেওঁৰ চকুদান কৰা হয়।

পুৱা এটা সংবাদমেল সম্বোধন কৰিবলৈ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়তে চৰকাৰী আৱাসত থকা মাতৃগৰাকীয়ে ইহলীলা সম্বৰণ কৰে। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিজয়া চেতিয়া। যোৰহাটৰ জ্যেতি আই বেংক শিৱসাগৰত উপস্থিত হৈ মৃত বিজয়া চেতিয়াৰ কৰ্নিয়া সংগ্ৰহ কৰে। প্ৰয়াত বিজয়া চেতিয়াৰ মাতৃগৃহ শিৱসাগৰ জিলাৰ বেতবাৰী বোকাবিলত।

বৰ্তমানেও তেওঁৰ নশ্বৰ দেহ চৰকাৰী আৱাসগৃহতে ৰখা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ জ্যেষ্ঠ ভাতৃ অষ্ট্ৰেলিয়াৰ পৰা আহি পোৱাৰ পাছতেই শিৱসাগৰস্থিত শান্তিবনত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • যোৰহাট জিলা সমিতিয়ে অসমীয়া যুৱ মঞ্চৰ এখন কাৰ্য-নিৰ্বাহক সভা অনুষ্ঠিত কৰিছে, য'ত নতুন সমিতি গঠন কৰা হয়। এই সভাৰ জৰিয়তে অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক স্পষ্টভাৱে সকীয়নি দিছে যে মূল্যবৃদ্ধিৰ বাবে তীব্ৰ প্ৰতিবাদ সংঘটিত হ'ব।
    1
    যোৰহাট জিলা সমিতিয়ে অসমীয়া যুৱ মঞ্চৰ এখন কাৰ্য-নিৰ্বাহক সভা অনুষ্ঠিত কৰিছে, য'ত নতুন সমিতি গঠন কৰা হয়। এই সভাৰ জৰিয়তে অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক স্পষ্টভাৱে সকীয়নি দিছে যে মূল্যবৃদ্ধিৰ বাবে তীব্ৰ প্ৰতিবাদ সংঘটিত হ'ব।
    user_Khabar 24x7 Assam
    Khabar 24x7 Assam
    Local News Reporter টীয়ক, যোৰহাট, অসম•
    10 hrs ago
  • অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক সকলোৰে হিয়াৰ আমঠু আৰু প্ৰাণৰ সত্তা বুলি অভিহিত কৰিছে। বিৰোধী মঞ্চলৈ এটা বিশেষ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়, "পলিটিক্স নকৰিবা বন্ধু।"
    1
    অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক সকলোৰে হিয়াৰ আমঠু আৰু প্ৰাণৰ সত্তা বুলি অভিহিত কৰিছে। বিৰোধী মঞ্চলৈ এটা বিশেষ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়, "পলিটিক্স নকৰিবা বন্ধু।"
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    2 hrs ago
  • মৰাণৰ তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত সৰ্বেশ্বৰ সোনোৱালৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। ১৯৬১ চনত স্থাপিত এই বিদ্যালয়খনত বিনা বিতনেৰে শিক্ষকতা জীৱন আৰম্ভ কৰা প্ৰয়াত প্ৰধান শিক্ষকজনৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছিল। বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ অনুৰোধত তেওঁৰ পৰিয়ালৰ লোকে বিদ্যালয় চৌহদত এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰে। আজি সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়। এই উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মুকলি সভাও অনুষ্ঠিত হৈছিল।
    1
    মৰাণৰ তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত সৰ্বেশ্বৰ সোনোৱালৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।

১৯৬১ চনত স্থাপিত এই বিদ্যালয়খনত বিনা বিতনেৰে শিক্ষকতা জীৱন আৰম্ভ কৰা প্ৰয়াত প্ৰধান শিক্ষকজনৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছিল। বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ অনুৰোধত তেওঁৰ পৰিয়ালৰ লোকে বিদ্যালয় চৌহদত এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰে।

আজি সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়। এই উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মুকলি সভাও অনুষ্ঠিত হৈছিল।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    3 hrs ago
  • মৰাণৰ তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত সৰ্বেশ্বৰ সোনোৱালৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। ১৯৬১ চনত স্থাপিত এই বিদ্যালয়খনত বিনা বিতনেৰে শিক্ষকতা জীৱন আৰম্ভ কৰা প্ৰয়াত প্ৰধান শিক্ষকজনৰ অমৰ স্মৃতি যুগমীয়া কৰাৰ মহৎ উদ্দেশ্যেৰে বিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ পৰিয়ালক অনুৰোধ জনাইছিল। সেই অনুৰোধ মৰ্মে, পৰিয়ালৰ লোকে বিদ্যালয়খনৰ চৌহদতে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উন্মোচন কৰে।
    1
    মৰাণৰ তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত সৰ্বেশ্বৰ সোনোৱালৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। ১৯৬১ চনত স্থাপিত এই বিদ্যালয়খনত বিনা বিতনেৰে শিক্ষকতা জীৱন আৰম্ভ কৰা প্ৰয়াত প্ৰধান শিক্ষকজনৰ অমৰ স্মৃতি যুগমীয়া কৰাৰ মহৎ উদ্দেশ্যেৰে বিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ পৰিয়ালক অনুৰোধ জনাইছিল। সেই অনুৰোধ মৰ্মে, পৰিয়ালৰ লোকে বিদ্যালয়খনৰ চৌহদতে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উন্মোচন কৰে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    4 hrs ago
  • ৰাজ্যপালগৰাকীয়ে আজি জাগাৰা দুৰ্গা মন্দিৰৰ প্ৰাংগণত ''জা গা ৰা কৃষি আদৰ্শ গাঁও'' প্ৰকল্প উদ্বোধন কৰে।
    1
    ৰাজ্যপালগৰাকীয়ে আজি জাগাৰা দুৰ্গা মন্দিৰৰ প্ৰাংগণত ''জা গা ৰা কৃষি আদৰ্শ গাঁও'' প্ৰকল্প উদ্বোধন কৰে।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    3 hrs ago
  • নতুন অসমীয়া ছবি 'অন্তৰাল' এতিয়া দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে, যিখন এখন সুন্দৰ কাহিনীভিত্তিক সাস্পেন্স থ্ৰিলাৰ হিচাপে সীমাহীন মনোৰঞ্জনৰ প্ৰতিশ্ৰুতি দিছে। এই ছবিয়ে ডিব্ৰুগড়ত দৰ্শক-শ্ৰোতাৰ পৰা প্ৰচুৰ সঁহাৰি লাভ কৰি হাউছফুল হোৱাৰ দৰে সমাদৰ পাইছে। সমাজলৈ এখন সুন্দৰ বাৰ্তা কঢ়িয়াই অনা এই ছবিখনক অসমৰ বিভিন্ন চিনেমা গৃহতো দৰ্শক ৰাইজে একেদৰে উৎসাহিত আৰু আদৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।
    1
    নতুন অসমীয়া ছবি 'অন্তৰাল' এতিয়া দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে, যিখন এখন সুন্দৰ কাহিনীভিত্তিক সাস্পেন্স থ্ৰিলাৰ হিচাপে সীমাহীন মনোৰঞ্জনৰ প্ৰতিশ্ৰুতি দিছে। এই ছবিয়ে ডিব্ৰুগড়ত দৰ্শক-শ্ৰোতাৰ পৰা প্ৰচুৰ সঁহাৰি লাভ কৰি হাউছফুল হোৱাৰ দৰে সমাদৰ পাইছে। সমাজলৈ এখন সুন্দৰ বাৰ্তা কঢ়িয়াই অনা এই ছবিখনক অসমৰ বিভিন্ন চিনেমা গৃহতো দৰ্শক ৰাইজে একেদৰে উৎসাহিত আৰু আদৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।
    user_Huntu sen kachari
    Huntu sen kachari
    Photographer Dhemaji, Assam•
    12 hrs ago
  • শিৱসাগৰৰ ৰাজপথত আছুৰ তীব্ৰ প্ৰতিবাদৰ ফলত এক উত্তাল পৰিৱেশ সৃষ্টি হৈছে। ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰ আছুৱে নগৰৰ দলমুখ ছাৰিআলিত এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰিৰ প্ৰতিমূৰ্তি দাহ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰে। আৰক্ষীৰ কঠোৰ বাধাৰ মাজতো এই প্ৰতিবাদী কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়। প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব প্ৰদান কৰা জিলা সভাপতি মানৱ হাজৰিকাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে।
    1
    শিৱসাগৰৰ ৰাজপথত আছুৰ তীব্ৰ প্ৰতিবাদৰ ফলত এক উত্তাল পৰিৱেশ সৃষ্টি হৈছে। ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰ আছুৱে নগৰৰ দলমুখ ছাৰিআলিত এই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰিৰ প্ৰতিমূৰ্তি দাহ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰে। আৰক্ষীৰ কঠোৰ বাধাৰ মাজতো এই প্ৰতিবাদী কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়। প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব প্ৰদান কৰা জিলা সভাপতি মানৱ হাজৰিকাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.