Shuru
Apke Nagar Ki App…
শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ প্ৰয়াত বিজয়া চেতিয়াৰ (প্ৰায় ৭০) দেহাৱসান ঘটিছে। মাতৃৰ বিয়োগৰ পাছতে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ সন্মতিক্ৰমে তেওঁৰ চকুদান কৰা হয়। পুৱা এটা সংবাদমেল সম্বোধন কৰিবলৈ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়তে চৰকাৰী আৱাসত থকা মাতৃগৰাকীয়ে ইহলীলা সম্বৰণ কৰে। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিজয়া চেতিয়া। যোৰহাটৰ জ্যেতি আই বেংক শিৱসাগৰত উপস্থিত হৈ মৃত বিজয়া চেতিয়াৰ কৰ্নিয়া সংগ্ৰহ কৰে। প্ৰয়াত বিজয়া চেতিয়াৰ মাতৃগৃহ শিৱসাগৰ জিলাৰ বেতবাৰী বোকাবিলত। বৰ্তমানেও তেওঁৰ নশ্বৰ দেহ চৰকাৰী আৱাসগৃহতে ৰখা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ জ্যেষ্ঠ ভাতৃ অষ্ট্ৰেলিয়াৰ পৰা আহি পোৱাৰ পাছতেই শিৱসাগৰস্থিত শান্তিবনত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।
Mustak ali
শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ প্ৰয়াত বিজয়া চেতিয়াৰ (প্ৰায় ৭০) দেহাৱসান ঘটিছে। মাতৃৰ বিয়োগৰ পাছতে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ সন্মতিক্ৰমে তেওঁৰ চকুদান কৰা হয়। পুৱা এটা সংবাদমেল সম্বোধন কৰিবলৈ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়তে চৰকাৰী আৱাসত থকা মাতৃগৰাকীয়ে ইহলীলা সম্বৰণ কৰে। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিজয়া চেতিয়া। যোৰহাটৰ জ্যেতি আই বেংক শিৱসাগৰত উপস্থিত হৈ মৃত বিজয়া চেতিয়াৰ কৰ্নিয়া সংগ্ৰহ কৰে। প্ৰয়াত বিজয়া চেতিয়াৰ মাতৃগৃহ শিৱসাগৰ জিলাৰ বেতবাৰী বোকাবিলত। বৰ্তমানেও তেওঁৰ নশ্বৰ দেহ চৰকাৰী আৱাসগৃহতে ৰখা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ জ্যেষ্ঠ ভাতৃ অষ্ট্ৰেলিয়াৰ পৰা আহি পোৱাৰ পাছতেই শিৱসাগৰস্থিত শান্তিবনত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।
More news from অসম and nearby areas
- ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ভাৰতবৰ্ষৰ লোকসভাত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে এক স্পষ্ট দাবী উত্থাপন কৰিছে। তেওঁ উল্লেখ কৰিছে যে বৰ্তমান লোকসভাত মহিলাৰ সংখ্যা মাত্ৰ ১৫ শতাংশ। ৰাইজৰ দলে লোকসভাত ৫০ শতাংশ মহিলাৰ আসন সংৰক্ষণ বিচাৰে বুলি গগৈয়ে জনাইছে। তেওঁ এই প্ৰস্তাৱ ভৱিষ্যতে নহয়, বৰং সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বেই 'আজিৰে পৰা' গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। গগৈয়ে চৰকাৰক এই সম্পৰ্কে এক সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছে। এই মন্তব্য ষষ্ঠদশ অসম বিধানসভা অধিৱেশন, ২০২৬ ৰ প্ৰসংগত কৰা হৈছে।1
- মৰাণ কুশল নগৰলৈ অহা লোকসকলক এতিয়াৰে পৰা ৰাস্তাৰ কাষত আৱৰ্জনা নেপেলাবলৈ সাৱধান কৰি দিয়া হৈছে। পথৰ দাঁতিত CCTV কেমেৰা থকাৰ বাবে এনে কাৰ্যৰ ওপৰত নিৰীক্ষণ ৰখা হ'ব।1
- ৰিতু গগৈৰ নিজা বাসগৃহৰ কাষৰে এটা তেল খাদৰ সমীপত এক ঘটনা সংঘটিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি জয়সাগৰৰ নিবাসী বিজেপি নেতা লাচিত গগৈ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।1
- আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ অব্যাহত মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত কৰ্মীসকলে উল্লেখ কৰে যে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী, ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেল আদিৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতা জীয়াতু ভুগিছে। তেওঁলোকে বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকল এই মূল্যবৃদ্ধিৰ ফলত অধিক সমস্যাৰ সন্মুখীন হোৱা বুলি দাবী কৰে। পৰিষদৰ নেতাসকলে চৰকাৰক শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে। তেওঁলোকে হুংকাৰ দিয়ে যে যদি চৰকাৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত শীঘ্ৰেই গুৰুত্ব আৰোপ নকৰে, তেন্তে আগন্তক দিনত অধিক তীব্ৰ গণআন্দোলন গঢ়ি তোলা হ’ব। এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে, সংগঠনটোৰ যোৰহাট জিলা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা প্ৰশাসনৰ জৰিয়তে দাখিল কৰে।1
- লখিমপুৰ জিলাৰ আনন্দ বাগানত অনুষ্ঠিত সাপ্তাহিক সোমবৰীয়া বজাৰত মুকলিকৈ মদৰ বজাৰ চলোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত সাংবাদিকৰ পৰা পোৱা তথ্যৰ ভিত্তিত আবকাৰী বিভাগে এক অভিযান চলায়। আনহাতে, মদৰ বেপাৰৰ দৃশ্যগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত এগৰাকী গাহৰি বেপাৰীয়ে বাধা প্ৰদান কৰে।1
- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP) ৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ অংশ হিচাপে কাকপথাৰ থানা চাৰি আলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰা হয়।1
- অসমৰ দক্ষতা ভিত্তিক শিক্ষাক অধিক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে অসম স্কিল ইউনিভাৰ্চিটি আৰু ছীড ফাউণ্ডেচনৰ উদ্যোগত কালি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত এখন সজাগতা আৰু পৰামৰ্শমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক দক্ষতা ভিত্তিক শিক্ষা, উদ্যোগ সৃষ্টি, কৰ্মমুখী পাঠ্যক্ৰম আৰু ভৱিষ্যতৰ নিয়োগ সম্ভাৱনাৰ ওপৰত সজাগ কৰা হয়। সমল ব্যক্তি হিচাপে উপস্থিত থকা ৰূপম চেতিয়া বৰাই অসম স্কিল ইউনিভাৰ্চিটিত উপলব্ধ বিভিন্ন পাঠ্যক্ৰম, কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশৰ সুযোগসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক বিতংভাৱে অৱগত কৰে। তেওঁ পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে দক্ষতা ভিত্তিক শিক্ষাৰ প্ৰয়োজনীয়তা, আত্মনিয়োগৰ সম্ভাৱনা আৰু বিভিন্ন খণ্ডত উদীয়মান কৰ্মসংস্থাপনৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰ জ্যোতি মহন্তই এই অনুষ্ঠানটো উদ্বোধন কৰে। অনুষ্ঠানত শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ডঃ প্ৰতিম শৰ্মা, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পংকজ হাজৰিকা আৰু SEED FOUNDATION ৰ সঞ্চালক আমিনুল হুছেইন আদি গণ্যমান্য ব্যক্তি উপস্থিত থাকে।1
- বিৰোধী দলৰ হৈ বিধায়ক অখিল গগৈয়ে আজি বিধানসভাত মহিলাৰ সংৰক্ষণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ স্পষ্টভাৱে দাবী কৰিছে যে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ নহয়, মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। এই মন্তব্য ষষ্ঠদশ অসম বিধানসভা অধিৱেশন, ২০২৬ৰ আলোচনাৰ সময়ত কৰা হৈছে।1
- চৰকাৰৰ যোগান বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ বিৰুদ্ধে এইবাৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৰাজপথলৈ ওলাই আহিছে। সংগঠনটোৱে চৰকাৰৰ যোগান বিভাগৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।1