আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ অব্যাহত মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত কৰ্মীসকলে উল্লেখ কৰে যে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী, ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেল আদিৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতা জীয়াতু ভুগিছে। তেওঁলোকে বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকল এই মূল্যবৃদ্ধিৰ ফলত অধিক সমস্যাৰ সন্মুখীন হোৱা বুলি দাবী কৰে। পৰিষদৰ নেতাসকলে চৰকাৰক শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে। তেওঁলোকে হুংকাৰ দিয়ে যে যদি চৰকাৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত শীঘ্ৰেই গুৰুত্ব আৰোপ নকৰে, তেন্তে আগন্তক দিনত অধিক তীব্ৰ গণআন্দোলন গঢ়ি তোলা হ’ব। এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে, সংগঠনটোৰ যোৰহাট জিলা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা প্ৰশাসনৰ জৰিয়তে দাখিল কৰে।

- নতুন অসমীয়া ছবি 'অন্তৰাল' এতিয়া দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে, যিখন এখন সুন্দৰ কাহিনীভিত্তিক সাস্পেন্স থ্ৰিলাৰ হিচাপে সীমাহীন মনোৰঞ্জনৰ প্ৰতিশ্ৰুতি দিছে। এই ছবিয়ে ডিব্ৰুগড়ত দৰ্শক-শ্ৰোতাৰ পৰা প্ৰচুৰ সঁহাৰি লাভ কৰি হাউছফুল হোৱাৰ দৰে সমাদৰ পাইছে। সমাজলৈ এখন সুন্দৰ বাৰ্তা কঢ়িয়াই অনা এই ছবিখনক অসমৰ বিভিন্ন চিনেমা গৃহতো দৰ্শক ৰাইজে একেদৰে উৎসাহিত আৰু আদৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।1
- ধেমাজিৰ চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰি হাতে লোটে ধৰা পৰিল বিদ্যালয়খনৰ চকীদাৰ দিলিন ভূঞা। স্থানীয় ৰাইজে বিদ্যালয়খনৰ পৰা ইটা চুৰি কৰি নিয়াৰ সময়তে দিলিন ভূঞাক ধৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পাছত চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গৰাকীয়ে চকীদাৰ দিলিন ভূঞাৰ বিৰুদ্ধে চিচিবৰগাওঁ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। বিদ্যালয়ৰ সামগ্ৰী চুৰিৰ অভিযোগত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলিন ভূঞা বৰ্তমান ৰঙাঘৰৰ আলহী হৈছে।1
- লখিমপুৰ জিলাৰ আনন্দ বাগানত অনুষ্ঠিত সাপ্তাহিক সোমবৰীয়া বজাৰত মুকলিকৈ মদৰ বজাৰ চলোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত সাংবাদিকৰ পৰা পোৱা তথ্যৰ ভিত্তিত আবকাৰী বিভাগে এক অভিযান চলায়। আনহাতে, মদৰ বেপাৰৰ দৃশ্যগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত এগৰাকী গাহৰি বেপাৰীয়ে বাধা প্ৰদান কৰে।1
- ৰাজ্যত 'সবকা সাথ, সৱকা বিকাশ'ৰ শ্লোগানেৰে উন্নয়নৰ ফটা ঢোল বজাই তৃতীয় বাৰৰ বাবে শাসনত অধিষ্ঠিত তথাকথিত উন্নয়নকামী বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত উন্নয়নৰ বাস্তৱ ছবিখন লখিমপুৰৰ দীৰ্ঘা মাজ গাঁৱত স্পষ্ট হৈ পৰিছে। স্বাধীনতাৰ পূৰ্বেই গঠিত, অথচ আজি পৰ্যন্ত উন্নয়নৰ মুখ নেদেখা, বৃহৎ জনবসতিপূৰ্ণ এই গাঁওখন লখিমপুৰ বিধানসভা সমষ্টিৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিয়াজুলি পঞ্চায়তত অৱস্থিত। জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা অৱহেলিত এই গাঁওখনত আজিও এখন ভাল পথ নাই। মেৰামতিৰ অভাৱত পথৰ ওপৰত সৃষ্টি হোৱা পুখুৰীসদৃশ গাঁতবোৰৰ ফলত বাৰিষাৰ বতৰত বোকা আৰু কদৰ্যময় পথেৰে যাতায়াত কৰিবলৈ গাঁওবাসী বাধ্য হৈ পৰে। চৰকাৰৰ তথাকথিত উন্নয়নৰ আশা বাদ দি, গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন আৰু শ্ৰম দান কৰি নিজৰ পথ নিজেই নিৰ্মাণ কৰিছে। এই ঘটনাই চৰকাৰী তথাকথিত উন্নয়নৰ বিপৰীতে এখন গাঁৱৰ দুৰৱস্থা উন্মোচন কৰিছে, য'ত দীৰ্ঘা মাজ গাঁৱৰ ৰাইজে চুবুৰীয়ে চুবুৰীয়ে নিজৰ ধন আৰু শ্ৰম দানেৰে বাট-পথ মেৰামতি কৰিবলৈ বাধ্য হৈছে।1
- চৰকাৰৰ ভূমিকাক লৈ গভীৰ হতাশাত ভূগি পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই তেওঁৰ তাঁতশালত ধৰ্মগ্ৰন্থ বোৱাৰ কাম বন্ধ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়িত নোহোৱাৰ ফলত এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।1
- চৰকাৰৰ যোগান বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ বিৰুদ্ধে এইবাৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৰাজপথলৈ ওলাই আহিছে। সংগঠনটোৱে চৰকাৰৰ যোগান বিভাগৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।1
- অল অৰুণাচল প্ৰদেশ যুৱ সংগঠনে (ALL ARUNACHAL PRADESH YOUTH ORGANIZATION) অৰুণাচল প্ৰদেশ এন্টি ড্রাগ ৱাৰিয়ৰ সংস্থাৰ সভাপতি গোমিন মিজেক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত সংগঠনে ইটানগৰত থকা লখিমপুৰৰ নাগৰিকসকলক নিজৰ বেডিং বান্ধি সাজু হৈ থাকিবলৈ আহ্বান জনাইছে।1
- আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ অব্যাহত মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত কৰ্মীসকলে উল্লেখ কৰে যে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী, ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেল আদিৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতা জীয়াতু ভুগিছে। তেওঁলোকে বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকল এই মূল্যবৃদ্ধিৰ ফলত অধিক সমস্যাৰ সন্মুখীন হোৱা বুলি দাবী কৰে। পৰিষদৰ নেতাসকলে চৰকাৰক শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে। তেওঁলোকে হুংকাৰ দিয়ে যে যদি চৰকাৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত শীঘ্ৰেই গুৰুত্ব আৰোপ নকৰে, তেন্তে আগন্তক দিনত অধিক তীব্ৰ গণআন্দোলন গঢ়ি তোলা হ’ব। এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে, সংগঠনটোৰ যোৰহাট জিলা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা প্ৰশাসনৰ জৰিয়তে দাখিল কৰে।1