Shuru
Apke Nagar Ki App…
অল অৰুণাচল প্ৰদেশ যুৱ সংগঠনে (ALL ARUNACHAL PRADESH YOUTH ORGANIZATION) অৰুণাচল প্ৰদেশ এন্টি ড্রাগ ৱাৰিয়ৰ সংস্থাৰ সভাপতি গোমিন মিজেক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত সংগঠনে ইটানগৰত থকা লখিমপুৰৰ নাগৰিকসকলক নিজৰ বেডিং বান্ধি সাজু হৈ থাকিবলৈ আহ্বান জনাইছে।
পুৰন্দৰ গগৈ
অল অৰুণাচল প্ৰদেশ যুৱ সংগঠনে (ALL ARUNACHAL PRADESH YOUTH ORGANIZATION) অৰুণাচল প্ৰদেশ এন্টি ড্রাগ ৱাৰিয়ৰ সংস্থাৰ সভাপতি গোমিন মিজেক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত সংগঠনে ইটানগৰত থকা লখিমপুৰৰ নাগৰিকসকলক নিজৰ বেডিং বান্ধি সাজু হৈ থাকিবলৈ আহ্বান জনাইছে।
More news from অসম and nearby areas
- অল অৰুণাচল প্ৰদেশ যুৱ সংগঠনে (ALL ARUNACHAL PRADESH YOUTH ORGANIZATION) অৰুণাচল প্ৰদেশ এন্টি ড্রাগ ৱাৰিয়ৰ সংস্থাৰ সভাপতি গোমিন মিজেক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত সংগঠনে ইটানগৰত থকা লখিমপুৰৰ নাগৰিকসকলক নিজৰ বেডিং বান্ধি সাজু হৈ থাকিবলৈ আহ্বান জনাইছে।1
- বিধায়ক মেহেবুব মুক্তাৰে মুঠ ৬ খন পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছে।1
- লখিমপুৰ জিলাৰ আনন্দ বাগানত অনুষ্ঠিত সাপ্তাহিক সোমবৰীয়া বজাৰত মুকলিকৈ মদৰ বজাৰ চলোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত সাংবাদিকৰ পৰা পোৱা তথ্যৰ ভিত্তিত আবকাৰী বিভাগে এক অভিযান চলায়। আনহাতে, মদৰ বেপাৰৰ দৃশ্যগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত এগৰাকী গাহৰি বেপাৰীয়ে বাধা প্ৰদান কৰে।1
- ৰাজ্যত 'সবকা সাথ, সৱকা বিকাশ'ৰ শ্লোগানেৰে উন্নয়নৰ ফটা ঢোল বজাই তৃতীয় বাৰৰ বাবে শাসনত অধিষ্ঠিত তথাকথিত উন্নয়নকামী বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত উন্নয়নৰ বাস্তৱ ছবিখন লখিমপুৰৰ দীৰ্ঘা মাজ গাঁৱত স্পষ্ট হৈ পৰিছে। স্বাধীনতাৰ পূৰ্বেই গঠিত, অথচ আজি পৰ্যন্ত উন্নয়নৰ মুখ নেদেখা, বৃহৎ জনবসতিপূৰ্ণ এই গাঁওখন লখিমপুৰ বিধানসভা সমষ্টিৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিয়াজুলি পঞ্চায়তত অৱস্থিত। জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা অৱহেলিত এই গাঁওখনত আজিও এখন ভাল পথ নাই। মেৰামতিৰ অভাৱত পথৰ ওপৰত সৃষ্টি হোৱা পুখুৰীসদৃশ গাঁতবোৰৰ ফলত বাৰিষাৰ বতৰত বোকা আৰু কদৰ্যময় পথেৰে যাতায়াত কৰিবলৈ গাঁওবাসী বাধ্য হৈ পৰে। চৰকাৰৰ তথাকথিত উন্নয়নৰ আশা বাদ দি, গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন আৰু শ্ৰম দান কৰি নিজৰ পথ নিজেই নিৰ্মাণ কৰিছে। এই ঘটনাই চৰকাৰী তথাকথিত উন্নয়নৰ বিপৰীতে এখন গাঁৱৰ দুৰৱস্থা উন্মোচন কৰিছে, য'ত দীৰ্ঘা মাজ গাঁৱৰ ৰাইজে চুবুৰীয়ে চুবুৰীয়ে নিজৰ ধন আৰু শ্ৰম দানেৰে বাট-পথ মেৰামতি কৰিবলৈ বাধ্য হৈছে।1
- অখিল গগৈয়ে মন্ত্ৰী পিযুঁজ হাজৰিকালৈ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ সোধিছে যে অসমত এতিয়াও ছিণ্ডিকেট চলি আছে নেকি।1
- লালুক তেল ডিপোৰ সন্মূখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনা দুখন মটৰচাইকেলৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত হৈছিল। ফলত নাওবৈচা আৰু বগলীজানৰ মুঠ চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ লালুক আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।1
- ধেমাজিৰ চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰি হাতে লোটে ধৰা পৰিল বিদ্যালয়খনৰ চকীদাৰ দিলিন ভূঞা। স্থানীয় ৰাইজে বিদ্যালয়খনৰ পৰা ইটা চুৰি কৰি নিয়াৰ সময়তে দিলিন ভূঞাক ধৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পাছত চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গৰাকীয়ে চকীদাৰ দিলিন ভূঞাৰ বিৰুদ্ধে চিচিবৰগাওঁ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। বিদ্যালয়ৰ সামগ্ৰী চুৰিৰ অভিযোগত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলিন ভূঞা বৰ্তমান ৰঙাঘৰৰ আলহী হৈছে।1
- লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ কণানদী আৰু থেকেৰাগুৰি অঞ্চলত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী লোক আহত হৈছে। এই দুৰ্ঘটনাৰ পিছতে চাউলধোৱা আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন জব্দ কৰিছে।1