বুধবাৰে হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬ নং নমাটি পৰিষদীয় সমষ্টিৰ ডেনগাঁৱত বিজেপিৰ এখন বিশাল বুথ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক ড০ তুলিৰাম ৰংহাংৰ মুখ্য অতিথি হিচাপে উপস্থিতিৰে সফলতাৰে সম্পন্ন হয়। তেওঁৰ উপস্থিতিতেই বিৰোধী দল কংগ্ৰেছৰ ২৩১ জন নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই বুথ সন্মিলন সমষ্টিটোৰ বিধায়ক লুনছিং টেৰণ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিৰ বলিষ্ঠ নেতৃত্বত সম্পন্ন হয়। আনহাতে, বিগত বিধানসভা নিৰ্বাচনত বিধায়ক লুনছিং টেৰণ আৰু কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে কৰা ঘোষণা অনুসৰি, সৰ্বাধিক ভোট লাভ কৰা তিনিটাকৈ বুথক উৎসাহ যোগাবলৈ এককালীন আৰ্থিক উপহাৰ প্ৰদান কৰা হয়। এই সন্মিলনত স্থানীয় সাংসদ, বিধায়ক, কাৰ্বি আংলং স্বায়ত্ত-শাসিত পৰিষদৰ এম.এ.চি., কাৰ্যবাহী সদস্যসকল, বিজেপিৰ জিলা সভাপতিৰ লগতে দলটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, বৰ্ডৰ অধ্যক্ষসকল আৰু বিজেপিৰ দলীয় কাৰ্যকৰ্তা আদি উপস্থিত আছিল।

- চেঙা সমষ্টিৰ গোমাফুলবাৰী চৰত এখন জৰাজীৰ্ণ বাঁহৰ দলংক কেন্দ্ৰ কৰি তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে। শতাধিক পৰিয়ালৰ যাতায়াতৰ একমাত্ৰ ভৰসা এই দলংখন বৰ্তমান বিপদজনক হৈ পৰিছে, যাৰ ফলত কণ-কণ ছাত্ৰ-ছাত্ৰীসহ স্থানীয় ৰাইজে নিত্যদিনে নিজৰ জীৱনক বাজি ৰাখি পাৰাপাৰ কৰিবলগীয়া হৈছে। স্থায়ী দলং নিৰ্মাণৰ দাবীত এতিয়া অঞ্চলবাসী সৰব হৈ পৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, চৰকাৰী সাহায্য নোপোৱাত তিনিবছৰ পূৰ্বে নিজা ধনেৰে এই বাঁহৰ দলংখন নিৰ্মাণ কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে দলংখন জৰাজীৰ্ণ হৈ পৰাত ই বৰ্তমান যিকোনো সময়তে দুৰ্ঘটনাৰ কাৰণ হ’ব পাৰে। প্ৰতিদিনে বিদ্যালয়গামী ছাত্ৰ-ছাত্ৰী, কৃষক, শ্ৰমিক, ব্যৱসায়ী, বৃদ্ধ-বৃদ্ধাসহ শতাধিক লোকে এই দলংখন ব্যৱহাৰ কৰে। অভিভাৱকসকল বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাক লৈ গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে। ৰাইজে বহুবছৰ ধৰি স্থায়ী দলং নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিলেও এতিয়ালৈকে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে। ফলত চৰৰ বাসিন্দাসকলে নিত্যদিনে যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হৈছে। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলবাসীয়ে চেঙা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ আৰু বৰপেটা জিলা প্ৰশাসনক বিষয়টোত জৰুৰী ভিত্তিত হস্তক্ষেপ কৰি এখন স্থায়ী কাঠ অথবা পকী দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।2
- PM কিসান আঁচনিৰ সুবিধা দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, যি ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। বৰপেটা জিলাৰ কয়াকুছিৰ বনবাহাৰ অঞ্চলত বনবাহাৰৰ খাইৰুল নামৰ ব্যক্তি এজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। খাইৰুলৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলজুৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত স্থানীয় লোকসকলৰ মাজত ব্যাপক ক্ষোভ আৰু আলোচনা চলি আছে।1
- পিএম কিষাণ আঁচনিৰ কিস্তিৰ টকা উঠাই দিয়াৰ বাবে একাংশই ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে।1
- যোৱা ৰাতিৰে পৰা এটা বিতৰ্কিত ফেচবুক পোষ্টে সমগ্ৰ বকো অঞ্চলত তোলপাৰ সৃষ্টি কৰিছে।1
- কামৰূপ জিলাৰ ছমৰীয়াৰ লটুৰাদিয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সম্প্রীতি ভোজনত ছাত্ৰ-ছাত্ৰীসকলে ব্যতিক্ৰমী খাদ্য লাভ কৰি উৎফুল্লিত হৈ পৰে। এই অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধানে ছাত্ৰ-ছাত্ৰীসকলক বতৰৰ ফলসমূহৰ বিষয়ে চিনাকি কৰাই দিয়াৰ লগতে সেইবোৰৰ সোৱাদ ল'বলৈ প্ৰদান কৰে, যাৰ ফলত সকলোৱে যথেষ্ট আনন্দ লাভ কৰে।1
- বাক্সা জিলাৰ শালবাৰীৰ নিকটৱৰ্তী বজালীৰ ধুমাৰপাথাৰ অঞ্চলৰ এজন লোক নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। মধু বড়ো (৪০) নামৰ লোকগৰাকী অৰুণাচলৰ ডামবুকত কাম কৰিবলৈ গৈছিল, আৰু তাৰ পৰাই তেওঁ নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।1
- কী পাঞোৰ জিলাৰ য়াজালিত অৱস্থিত পঞোৰ হাইড্ৰ’পাৱাৰ প্ৰজেক্টৰ ওচৰৰ নিপকো কলনী নামে জনপ্ৰিয় ৪৩ কিলোমিটাৰ অঞ্চলটো এক ভয়াৱহ আকস্মিক বানপানীৰ কবলত পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, এই আকস্মিক বানপানীয়ে চহৰখনৰ প্ৰায় ৪০ শতাংশ অংশ পানীৰ সোঁতে উটুৱাই লৈ গৈছে। ইয়াৰ ফলত কেইবাজনো লোক পানীত ডুব যোৱাৰো আশংকা প্ৰকাশ কৰা হৈছে। অবিৰত ধাৰাসাৰ বৰষুণৰ ফলত বৰ্তমানৰ পৰিস্থিতি অধিক জটিল আৰু উদ্বেগজনক হৈ পৰিছে।4
- বৰপেটা জিলাৰ ঘিৰাজাৰী গাঁৱত স্বামীয়ে নিজ পত্নীক আন লোকৰ হতুৱাই হাৰাশাস্তি কৰা এক ঘটনা সংঘটিত হৈছে।1
- Post by Bitopan Rajbongshi1