Shuru
Apke Nagar Ki App…
তামুলপুৰ জিলাত এনডিএফবিৰ প্ৰয়াত মুৰব্বী বি. বামবুৰগৌৰা আৰু জীৱন বলিদান দিয়া সদস্যসকলৰ স্মৃতিত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। তামুলপুৰ জিলাত এনডিএফবিৰ প্ৰয়াত মুৰব্বী বি. বামবুৰগৌৰা আৰু জীৱন বলিদান দিয়া সদস্যসকলৰ স্মৃতিত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
NAlive24
তামুলপুৰ জিলাত এনডিএফবিৰ প্ৰয়াত মুৰব্বী বি. বামবুৰগৌৰা আৰু জীৱন বলিদান দিয়া সদস্যসকলৰ স্মৃতিত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। তামুলপুৰ জিলাত এনডিএফবিৰ প্ৰয়াত মুৰব্বী বি. বামবুৰগৌৰা আৰু জীৱন বলিদান দিয়া সদস্যসকলৰ স্মৃতিত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
More news from অসম and nearby areas
- তামুলপুৰত বিপিএফ-বিজেপিৰ যৌথ পৰ্যালোচনা সভা। উপ-নিৰ্বাচনত ২৬ নং দৰঙাজুলি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব : ---হাগ্ৰামা মহিলাৰী। তামুলপুৰত বিপিএফ-বিজেপিৰ যৌথ পৰ্যালোচনা সভা। উপ-নিৰ্বাচনত ২৬ নং দৰঙাজুলি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব : ---হাগ্ৰামা মহিলাৰী। তামুলপুৰ জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি আবেলি বিপিএফ (BPF) আৰু বিজেপি (BJP) দলৰ উদ্যোগত এক যৌথ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। বিটিচিত দুই দলৰ মিত্ৰজোঁটৰ সাংগঠনিক সমন্বয় শক্তিশালী কৰাৰ লক্ষ্যৰে আয়োজিত এই সভাত বিপিএফ-বিজেপিৰ বহু নেতা-কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে। সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু মনেশ্বৰ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাস আৰু মহেশ্বৰ বসুমতাৰী, এমচিএলএ খাম্ফা বৰগয়াৰী, ৰেখাৰাণী দাস বড়োকে ধৰি দুই দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। সভাত ভাষণ দি হাগ্ৰামা মহিলাৰীয়ে কয় যে তৃণমূল পৰ্যায়ত বিপিএফ আৰু বিজেপিৰ সমন্বয় অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে এই ধৰণৰ যৌথ পৰ্যালোচনা সভাৰ সূচনা কৰা হৈছে। তেওঁ কয়, আগন্তুক দিনত প্ৰতিটো ভিচিডিচি (VCDC) পৰ্যায়ত বিপিএফ আৰু বিজেপিৰ সদস্য অন্তৰ্ভুক্ত কৰা হ'ব। ইয়াৰ লগতে প্ৰতিখন জিলা ভূমি উপদেষ্টা বোৰ্ড (District Land Advisory Board)-তো দুই দলৰ সদস্য থাকিব বুলি তেওঁ স্পষ্ট কৰা লগতে বিটিচিৰ উন্নয়নমূলক কাম-কাজতো দুইটা দলে একেলগে কাম কৰি বিটিচিৰ উন্নয়ন ধৰা অব্যাহত ৰখাৰ বাবে অনুৰোধ জানাই। আনহাতে কেন্দ্ৰীয় বাছনি বোৰ্ড (CSB)-ত বিজেপিৰ ফালৰ পৰা সদস্যসকল থাকিব বুলিও হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে। ইপিনে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত হাগ্ৰামা মহিলাৰীক সাংবাদিকে সুধা এক প্ৰশ্ন উত্তৰত তেওঁ কয়--- আহিবলগীয়া উপ-নিৰ্বাচন ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে আৰু দুই দলৰ মাজত সমন্বয় বজাই ৰাখি আগন্তুক নিৰ্বাচন আৰু সাংগঠনিক কাৰ্যসূচীত একেলগে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিম বুলি মন্তব্য কৰে।1
- সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন তথা সৰবৰাহৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত কৰে।ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ ড্ৰাগছ বিৰোধী শ্লোগান দি ৰঙিয়া নগৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই।ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা ভৱজ্যোতি ডেকা আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক তৌফিকুৰ ৰহমানে অসম চৰকাৰ ড্ৰাগছৰ প্ৰচলন নিয়ন্ত্ৰণত চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সমগ্ৰ ৰঙিয়া অঞ্চল ড্ৰাগছৰ ঘাটি হিচাপে চিহ্নিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও সজোৰে দাবী উত্থাপন কৰে।1
- ৰঙ তুলিকাৰে জীৱন্ত জুবিন: নলবাৰীৰ জিণ্টুৰ দেৱালত এতিয়াও জীয়াই আছে হাৰ্টথ্ৰব*1
- অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমিক উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমিক উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা1
- অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীৰ লগতে ১০টা দাবীৰে বৰপেটা জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান। অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীৰ লগতে ১০টা দাবীৰে বৰপেটা জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান। ⭕ বৰপেটাৰ মিলেনিয়াম পাৰ্কতো বৰপেটা আৰু দক্ষিণ বৰপেটা জিলাৰ সমিতিৰ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ⭕ আমছুৰ দাবী সমূহ -- (১) NATIONAL IDENTITY CARD প্রদান কৰক। (২) উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ ব্যাৱস্থা কৰক। (৩) ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰক (৪) উচ্ছেদৰ ৰাজনীতি আৰু বৈষম্য বন্ধ কৰক। (৫) সংখ্যালঘুৰ ওপৰত অৰ্থনৈতিক আক্ৰমণ বন্ধ কৰক। (৬) মাটি ক্রয়-বিক্রিয়ত চলি থকা বৈষম্য আৰু নিষেধাজ্ঞা দূৰ কৰক। ( ৭) সাম্প্রদায়িক বিষবাষ্প বিয়পাই শান্তি-সম্প্রীতি বিনষ্ট কৰাৰ ব্যক্তিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা কৰক। (৮) ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত ASSOCIATE PROFESSOR নিযুক্তি দিয়ক। (৯) উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত PG TEACHER নিযুক্তি দিয়ক। ( ১০) ৰাজ্যৰ মহাবিদ্যালয় সমূহত ছাত্র ছাত্রী অনুযায়ী পর্যাপ্ত আসনৰ ব্যৱস্থা কৰক।1
- কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১০ দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কলগাছিয়া জিলা সমিতিৰ উদ্যোগত আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১০ দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কলগাছিয়া জিলা সমিতিৰ উদ্যোগত আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অৱস্থান ধৰ্মঘটত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। শেষত চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ কাৰ্যালৰ সন্মুখত আমছুৰ প্ৰতিবাদ1
- কুমাৰীকাটাৰ ঢেকিযাবস্তীত বৃক্ষৰোপণ আৰু গছপুলি বিতৰণ অনুষ্ঠান। তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ সমীপৱৰ্তী আঙাৰকাটা ঢেকিয়াবস্তিস্থিত বিভাগীয় নাৰ্ছাৰীত আজি বাক্সা ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এক বিশেষ বৃক্ষৰোপণ আৰু পুলি বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ডব্লিউ ডি চি-পি এম কে এছ ৱাই ২.০ আঁচনিৰ অধীনত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু দুৰ্যোগ প্ৰশমনৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানত বিটিচিৰ ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায় মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্থানীয় ৰাইজৰ মাজত গছপুলি আৰু খহনীয়া ৰোধকাৰী বিশেষ প্ৰজাতিৰ ভেটিভাৰ ঘাঁহ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীত এছএছবিৰ বিষয়ববীয়া, ভূমি সংৰক্ষণ বিভাগৰ উচ্চপদস্থ বিষয়াববীয়াসকল তথা অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, বনাঞ্চল বৃদ্ধি আৰু নদীৰ পাৰ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত এনে পদক্ষেপ যথেষ্ট ফলপ্ৰসূ হ'ব বুলি উল্লেখ কৰি বিভাগৰ এই ভূমিকাক উপস্থিত বিশিষ্ট ব্যক্তিসকলে শলাগ লয়।###1