Shuru
Apke Nagar Ki App…
দুলীয়াজানৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অম্বুবাচী মেলাত অংশগ্ৰহণ কৰে। তেওঁ অম্বুবাচী মেলাত উপস্থিত থাকি ইয়াৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মতবিনিময় কৰে।
RAJIB Gogoi
দুলীয়াজানৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অম্বুবাচী মেলাত অংশগ্ৰহণ কৰে। তেওঁ অম্বুবাচী মেলাত উপস্থিত থাকি ইয়াৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মতবিনিময় কৰে।
More news from অসম and nearby areas
- কেইদিনমান পূৰ্বে মুকলি কৰা দুলীয়াজানৰ উৰণীয়া সেতুত তীব্ৰ যানজঁটৰ সমস্যাই দেখা দিছে। এই যানজঁটৰ ফলত স্থানীয় জনগণে ভীষণ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে, যাৰ বাবে তেওঁলোকে সামাজিক মাধ্যমত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।1
- আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ আইকিউএচি সন্মিলন কক্ষত এক সজাগতামূলক বক্তৃতানুষ্ঠান আৰু শপত গ্ৰহণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থীকে ধৰি শতাধিক অংশগ্ৰহণকাৰী উপস্থিত আছিল। এই অনুষ্ঠানৰ আয়োজন আৰু পৰিচালনাত তিনিচুকীয়া মহাবিদ্যালয়ৰ NCC আৰু NSS গোটে আগভাগ লয়। NCC গোটৰ কেয়াৰটেকাৰ ড° কৌশল ছুদ আৰু NSS গোটৰ কাৰ্যসূচী বিষয়া মানস প্ৰতীম গোস্বামীয়ে কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাত বিশেষ ভূমিকা আগবঢ়ায়। ইয়াৰ উপৰিও, মহাবিদ্যালয়ৰ Gender Champion Club-ৰ সমন্বয়ক অংকিত সেনেও অনুষ্ঠানটি সুশৃংখল আৰু সফল কৰাত পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰে, লগতে NCC-ৰ জ্যেষ্ঠ কেডেট সুমিত পাটেল আৰু শশী কান্তৰ সক্ৰিয় সহযোগিতাই অনুষ্ঠানটোক অধিক সফল কৰি তোলে। অনুষ্ঠানত তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ মানসিক স্বাস্থ্য বিশেষজ্ঞ ডা° নিৰূপমা চেতিয়াই মুখ্য বক্তা হিচাপে উপস্থিত থাকি “The Menace of Drug Abuse: A Socio-Psychological Analysis” শীৰ্ষক বিষয়ত এক তথ্যসমৃদ্ধ আৰু মনোগ্ৰাহী বক্তব্য আগবঢ়ায়। তেওঁ ভাষণত মাদকাসক্তিৰ সামাজিক আৰু মানসিক কু-প্ৰভাৱ, ইয়াৰ অন্তৰ্নিহিত কাৰণ, যুৱ সমাজৰ ওপৰত ইয়াৰ বিধ্বংসী প্ৰভাৱ আৰু এই সমস্যাৰ সমাধানৰ বাবে পৰিয়াল, শিক্ষানুষ্ঠান আৰু সমাজৰ সমন্বিত ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ শিক্ষাৰ্থীসকলক সুস্থ জীৱনশৈলী গঢ়ি তোলা, মানসিক চাপ সঠিকভাৱে পৰিচালনা কৰা আৰু যিকোনো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। অনুষ্ঠানটি মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপিকা ৰস্মিতা বৰকটকীয়ে সঞ্চালনা কৰে। অনুষ্ঠানৰ অংশ হিচাপে অনুষ্ঠিত হোৱা শপত গ্ৰহণ কাৰ্যসূচীত বৰকটকীয়ে সকলো উপস্থিত অংশগ্ৰহণকাৰীক মাদক দ্ৰব্যক “না” কোৱাৰ, সুস্থ আৰু সজাগ জীৱন-যাপন কৰাৰ লগতে সমাজত মাদকবিৰোধী সজাগতা বিস্তাৰ কৰাৰ শপত পাঠ কৰায়। এই অনুষ্ঠানে শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু NCC–NSS স্বেচ্ছাসেৱকসকলৰ মাজত মাদকাসক্তি প্ৰতিৰোধৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লগতে এখন সুস্থ, সুৰক্ষিত আৰু মাদকমুক্ত সমাজ গঢ়ি তোলাৰ বাবে সকলোৱে একেলগে কাম কৰাৰ সংকল্প পুনৰ দৃঢ় কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভৈৰৱ বুঢ়াগোহাঁই আৰু IQAC সমন্বয়ক ডঃ বুলবুল গগৈয়েও অনুষ্ঠানত উপস্থিত থাকি সকলোকে অনুপ্ৰাণিত কৰে।3
- সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি সোণাৰিৰ সমীপৰ নাফুকত ঐতিহাসিক ধোদৰআলিৰ কাষত স্থাপন কৰিবলৈ লোৱা এখন বজাৰৰ বাবে মাটি মুকলি কৰিবলৈ নিজে হাতত কোৰ লৈ হাবি-জংঘল পৰিষ্কাৰ কৰাত নামি পৰিছিল। এই কাৰ্য্যসূচীৰ বাবে VB-GRAMG আঁচনিৰ অধীনত শ্ৰমিক নিয়োগ কৰা হৈছিল। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ এই কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিবলৈ উপস্থিত হৈছিল আৰু তেওঁ নিজেই কোৰ লৈ হাবি-জংঘল পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়। তেওঁক VB-GRAMG ৰ শ্ৰমিকৰ ৰূপত কাৰ্যনিৰ্বাহ কৰা দেখা গৈছিল। উল্লেখ্য যে, নাফুক অঞ্চলৰ ব্যস্ততাপূৰ্ণ ধোদৰআলিৰ দুয়ো পাৰে থকা বৰ্তমানৰ বজাৰখনে পথটোত যান-বাহন চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰি আহিছিল, যাৰ বাবে বজাৰখন স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।1
- বিশিষ্ট সংগীত শিল্পী মাধৱ ৰঞ্জনে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খৰাঘৰীয়াক লৈ চলোৱা অপপ্ৰচাৰক তীব্ৰ ধিক্কাৰ জনাইছে। কণ্ঠশিল্পীগৰাকীয়ে সংশ্লিষ্ট পক্ষসমূহক এনে অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।1
- মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাই অঞ্চলৰ ৩১৫নং ৰাষ্ট্ৰীয় পথত এক আচৰিত দৃশ্য দেখা পোৱা গৈছে। দীৰ্ঘ সময় ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ ঘাইপথত ৫ কেজি ওজনৰ এটা পিঠিয়া মাছ ওলাইছে। আজিৰ প্ৰচণ্ড বৰষুণৰ ফলত বৰগোলাই বাঁহবাৰী আৰু বৰগোলাই চাৰি আলিৰ পৰা নেফা টি ইণ্ডাষ্ট্ৰীজৰ ওচৰলৈকে ৰাজপথত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। ফলত ৰাজপথত একাঠু পানী জমা হৈছে, যি ঘাইপথখনক বোৱতী নদী যেন কৰি তুলিছে। এনে এক পৰিৱেশৰ মাজতেই ৰাজপথৰ ওপৰত এই পাঁচ কেজি ওজনৰ পিঠিয়া মাছটো দেখা গৈছে।1
- সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তত্বাৱধানত আৰু সোণাৰি আঞ্চলিক পঞ্চায়তৰ সহযোগত, ধোদৰ আলিৰ কাষত বহি অহা সাপ্তাহিক বজাৰখন নাফুক চাহ বাগিচাৰ ফেক্টৰীৰ সমীপৰ এক নিৰ্দিষ্ট স্থানলৈ স্থানান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দীৰ্ঘদিন ধৰি ধোদৰ আলিত সৃষ্টি হৈ অহা যান-জঁটৰ লগতে পথচাৰী আৰু ব্যৱসায়ীসকলে সন্মুখীন হোৱা অসুবিধা দূৰ কৰাৰ লক্ষ্যৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই নতুন স্থানলৈ বজাৰখন স্থানান্তৰিত হ'লে যান-বাহনৰ চলাচল সুচল হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও, গ্ৰাহক আৰু ব্যৱসায়ীসকলেও অধিক সুবিধা লাভ কৰিব। VB-GRAMG আঁচনিৰ চাফাই কাৰ্য পৰিদৰ্শন কৰি বিধায়ক কোঁৱৰে সদৰি কৰে যে এই পদক্ষেপে অঞ্চলটোৰ এক দীঘলীয়া সমস্যাৰ সমাধানত সহায় কৰিব। স্থানীয় ৰাইজেও ধোদৰ আলিৰ যান-জঁট হ্ৰাসৰ লক্ষ্যৰে লোৱা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ এই জনমুখী সিদ্ধান্তক আদৰণি জনাইছে।1
- তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বৰগোলাই অঞ্চলত দীৰ্ঘ সময় ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত ব্যাপক কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বৰগোলাই বাঁহবাৰী, লিডু মহাবিদ্যালয় আৰু বৰগোলাই চাৰি আলিৰ পৰা নেফা টি ইণ্ডাষ্ট্ৰীজৰ ওচৰলৈকে ৰাজপথত একাঠু পানী জমা হোৱাত পথসমূহ নদীসদৃশ হৈ পৰে। ইয়াৰ ফলত যান-বাহন চলাচলত ব্যাপক অসুবিধাৰ সৃষ্টি হৈ যাতায়ত ব্যৱস্থা বহু সময় ধৰি ব্যাহত হয় আৰু অঞ্চলটোত তীব্ৰ যান-জট পৰিলক্ষিত হয়। এই কৃত্ৰিম বানৰ মাজতে বৰগোলাই চাৰি আলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত স্থানীয় ৰাইজে জাল মাৰি মাছ ধৰা এক বিৰল দৃশ্য দেখা যায়। আনহাতে, এই কৃত্ৰিম বানৰ ফলত পথৰ কাষত থকা কেইবাটাও পৰিয়ালৰ বাসগৃহতো পানী সোমাই যোৱাত জনজীৱন ব্যাপকভাৱে প্ৰভাৱিত হয়।1
- শিল্পী লোহিত গগৈয়ে মানুহলৈ এটি বিশেষ সংগীত উপহাৰ হিচাপে আগবঢ়াইছে। এই সংগীতৰ জৰিয়তে বৰ্তমান সময়ৰ এগৰাকী শিল্পীৰ মনোভাৱ প্ৰকাশ পাইছে।1