আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ আইকিউএচি সন্মিলন কক্ষত এক সজাগতামূলক বক্তৃতানুষ্ঠান আৰু শপত গ্ৰহণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থীকে ধৰি শতাধিক অংশগ্ৰহণকাৰী উপস্থিত আছিল। এই অনুষ্ঠানৰ আয়োজন আৰু পৰিচালনাত তিনিচুকীয়া মহাবিদ্যালয়ৰ NCC আৰু NSS গোটে আগভাগ লয়। NCC গোটৰ কেয়াৰটেকাৰ ড° কৌশল ছুদ আৰু NSS গোটৰ কাৰ্যসূচী বিষয়া মানস প্ৰতীম গোস্বামীয়ে কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাত বিশেষ ভূমিকা আগবঢ়ায়। ইয়াৰ উপৰিও, মহাবিদ্যালয়ৰ Gender Champion Club-ৰ সমন্বয়ক অংকিত সেনেও অনুষ্ঠানটি সুশৃংখল আৰু সফল কৰাত পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰে, লগতে NCC-ৰ জ্যেষ্ঠ কেডেট সুমিত পাটেল আৰু শশী কান্তৰ সক্ৰিয় সহযোগিতাই অনুষ্ঠানটোক অধিক সফল কৰি তোলে। অনুষ্ঠানত তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ মানসিক স্বাস্থ্য বিশেষজ্ঞ ডা° নিৰূপমা চেতিয়াই মুখ্য বক্তা হিচাপে উপস্থিত থাকি “The Menace of Drug Abuse: A Socio-Psychological Analysis” শীৰ্ষক বিষয়ত এক তথ্যসমৃদ্ধ আৰু মনোগ্ৰাহী বক্তব্য আগবঢ়ায়। তেওঁ ভাষণত মাদকাসক্তিৰ সামাজিক আৰু মানসিক কু-প্ৰভাৱ, ইয়াৰ অন্তৰ্নিহিত কাৰণ, যুৱ সমাজৰ ওপৰত ইয়াৰ বিধ্বংসী প্ৰভাৱ আৰু এই সমস্যাৰ সমাধানৰ বাবে পৰিয়াল, শিক্ষানুষ্ঠান আৰু সমাজৰ সমন্বিত ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ শিক্ষাৰ্থীসকলক সুস্থ জীৱনশৈলী গঢ়ি তোলা, মানসিক চাপ সঠিকভাৱে পৰিচালনা কৰা আৰু যিকোনো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। অনুষ্ঠানটি মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপিকা ৰস্মিতা বৰকটকীয়ে সঞ্চালনা কৰে। অনুষ্ঠানৰ অংশ হিচাপে অনুষ্ঠিত হোৱা শপত গ্ৰহণ কাৰ্যসূচীত বৰকটকীয়ে সকলো উপস্থিত অংশগ্ৰহণকাৰীক মাদক দ্ৰব্যক “না” কোৱাৰ, সুস্থ আৰু সজাগ জীৱন-যাপন কৰাৰ লগতে সমাজত মাদকবিৰোধী সজাগতা বিস্তাৰ কৰাৰ শপত পাঠ কৰায়। এই অনুষ্ঠানে শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু NCC–NSS স্বেচ্ছাসেৱকসকলৰ মাজত মাদকাসক্তি প্ৰতিৰোধৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লগতে এখন সুস্থ, সুৰক্ষিত আৰু মাদকমুক্ত সমাজ গঢ়ি তোলাৰ বাবে সকলোৱে একেলগে কাম কৰাৰ সংকল্প পুনৰ দৃঢ় কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভৈৰৱ বুঢ়াগোহাঁই আৰু IQAC সমন্বয়ক ডঃ বুলবুল গগৈয়েও অনুষ্ঠানত উপস্থিত থাকি সকলোকে অনুপ্ৰাণিত কৰে।
আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ আইকিউএচি সন্মিলন কক্ষত এক সজাগতামূলক বক্তৃতানুষ্ঠান আৰু শপত গ্ৰহণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থীকে ধৰি শতাধিক অংশগ্ৰহণকাৰী উপস্থিত আছিল। এই অনুষ্ঠানৰ আয়োজন আৰু পৰিচালনাত তিনিচুকীয়া মহাবিদ্যালয়ৰ NCC আৰু NSS গোটে আগভাগ লয়। NCC গোটৰ কেয়াৰটেকাৰ ড° কৌশল ছুদ আৰু NSS গোটৰ কাৰ্যসূচী বিষয়া মানস প্ৰতীম গোস্বামীয়ে কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাত বিশেষ ভূমিকা আগবঢ়ায়। ইয়াৰ উপৰিও, মহাবিদ্যালয়ৰ Gender Champion Club-ৰ সমন্বয়ক অংকিত সেনেও অনুষ্ঠানটি সুশৃংখল আৰু সফল কৰাত পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰে, লগতে NCC-ৰ জ্যেষ্ঠ কেডেট সুমিত পাটেল
আৰু শশী কান্তৰ সক্ৰিয় সহযোগিতাই অনুষ্ঠানটোক অধিক সফল কৰি তোলে। অনুষ্ঠানত তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ মানসিক স্বাস্থ্য বিশেষজ্ঞ ডা° নিৰূপমা চেতিয়াই মুখ্য বক্তা হিচাপে উপস্থিত থাকি “The Menace of Drug Abuse: A Socio-Psychological Analysis” শীৰ্ষক বিষয়ত এক তথ্যসমৃদ্ধ আৰু মনোগ্ৰাহী বক্তব্য আগবঢ়ায়। তেওঁ ভাষণত মাদকাসক্তিৰ সামাজিক আৰু মানসিক কু-প্ৰভাৱ, ইয়াৰ অন্তৰ্নিহিত কাৰণ, যুৱ সমাজৰ ওপৰত ইয়াৰ বিধ্বংসী প্ৰভাৱ আৰু এই সমস্যাৰ সমাধানৰ বাবে পৰিয়াল, শিক্ষানুষ্ঠান আৰু সমাজৰ সমন্বিত ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ শিক্ষাৰ্থীসকলক সুস্থ জীৱনশৈলী গঢ়ি তোলা, মানসিক চাপ সঠিকভাৱে পৰিচালনা কৰা আৰু যিকোনো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি
থাকিবলৈ আহ্বান জনায়। অনুষ্ঠানটি মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপিকা ৰস্মিতা বৰকটকীয়ে সঞ্চালনা কৰে। অনুষ্ঠানৰ অংশ হিচাপে অনুষ্ঠিত হোৱা শপত গ্ৰহণ কাৰ্যসূচীত বৰকটকীয়ে সকলো উপস্থিত অংশগ্ৰহণকাৰীক মাদক দ্ৰব্যক “না” কোৱাৰ, সুস্থ আৰু সজাগ জীৱন-যাপন কৰাৰ লগতে সমাজত মাদকবিৰোধী সজাগতা বিস্তাৰ কৰাৰ শপত পাঠ কৰায়। এই অনুষ্ঠানে শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু NCC–NSS স্বেচ্ছাসেৱকসকলৰ মাজত মাদকাসক্তি প্ৰতিৰোধৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লগতে এখন সুস্থ, সুৰক্ষিত আৰু মাদকমুক্ত সমাজ গঢ়ি তোলাৰ বাবে সকলোৱে একেলগে কাম কৰাৰ সংকল্প পুনৰ দৃঢ় কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভৈৰৱ বুঢ়াগোহাঁই আৰু IQAC সমন্বয়ক ডঃ বুলবুল গগৈয়েও অনুষ্ঠানত উপস্থিত থাকি সকলোকে অনুপ্ৰাণিত কৰে।
- সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তত্বাৱধানত আৰু সোণাৰি আঞ্চলিক পঞ্চায়তৰ সহযোগত, ধোদৰ আলিৰ কাষত বহি অহা সাপ্তাহিক বজাৰখন নাফুক চাহ বাগিচাৰ ফেক্টৰীৰ সমীপৰ এক নিৰ্দিষ্ট স্থানলৈ স্থানান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দীৰ্ঘদিন ধৰি ধোদৰ আলিত সৃষ্টি হৈ অহা যান-জঁটৰ লগতে পথচাৰী আৰু ব্যৱসায়ীসকলে সন্মুখীন হোৱা অসুবিধা দূৰ কৰাৰ লক্ষ্যৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই নতুন স্থানলৈ বজাৰখন স্থানান্তৰিত হ'লে যান-বাহনৰ চলাচল সুচল হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও, গ্ৰাহক আৰু ব্যৱসায়ীসকলেও অধিক সুবিধা লাভ কৰিব। VB-GRAMG আঁচনিৰ চাফাই কাৰ্য পৰিদৰ্শন কৰি বিধায়ক কোঁৱৰে সদৰি কৰে যে এই পদক্ষেপে অঞ্চলটোৰ এক দীঘলীয়া সমস্যাৰ সমাধানত সহায় কৰিব। স্থানীয় ৰাইজেও ধোদৰ আলিৰ যান-জঁট হ্ৰাসৰ লক্ষ্যৰে লোৱা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ এই জনমুখী সিদ্ধান্তক আদৰণি জনাইছে।1
- ধেমাজিত শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে হোটেল মুং চাঙৰ সভাকক্ষত ‘যি শিক্ষাই নগঢ়ে হৃদয়’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। এই গ্ৰন্থখনি ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত পানীতোলা কেকুঁৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা লেখক শৈল্য বুঢ়াঁ গোহাঁইৰ দ্বিতীয়খন কিতাপ। বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়।1
- শিৱসাগৰত পুনৰ ড্ৰাগছসহ দুজন লোকক আটক কৰা হৈছে, য'ত এজন যুৱক আৰু এজন কিশোৰ অন্তৰ্ভুক্ত। শিৱসাগৰ সদৰ আৰক্ষী থানাৰ কাষতে অৱস্থিত শান্তিবন শ্মশানৰ সন্মুখত এই গ্ৰেপ্তাৰ অভিযান চলোৱা হৈছিল। প্ৰাপ্ত তথ্য মতে, শিৱসাগৰৰ যমুনা ৰোডৰ হাবিব আহমেদ (১৯) নামৰ যুৱকজনৰ লগতে আন এজন কিশোৰক ড্ৰাগছসহ আটক কৰা হয়। তেওঁলোকে সেৱন কৰাৰ বাবে এটা টেমাত লুকুৱাই ড্ৰাগছখিনি কঢ়িয়াই আনিছিল। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই স্বীকাৰ কৰিছে যে তেওঁলোকে শিৱসাগৰ থানামুখৰ পাহি নামৰ এগৰাকী মহিলাৰ পৰা সেৱন কৰিবৰ বাবে ড্ৰাগছখিনি সংগ্ৰহ কৰিছিল।1
- লখিমপুৰ জিলাৰ চুকুলী ভৰীয়াত এচিয়াৰ আটাইতকৈ বৃহৎ মেলা হিচাপে পৰিচিত 'চি ৱৰ্ল্ড কাৰ্নিভাল' (সাগৰীয় পৃথিৱী) শুভ উদ্বোধন কৰা হৈছে।1
- বিহপুৰীয়া মণ্ডল বিজেপিৰ উদ্যোগত বিহপুৰীয়া মহাবিদ্যালয়ত ২৫ আৰু ২৬ জুনত দুদিনীয়া পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযানৰ সামৰণি অনুষ্ঠান সফলভাৱে সম্পন্ন হয়। এই কাৰ্যসূচীত লখিমপুৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি শ্যামল শৰ্মাই অংশগ্ৰহণ কৰি প্ৰশিক্ষণ বৰ্গত সত্ৰ লয়। এই অনুষ্ঠানত জিলা সভাপতি শ্যামল শৰ্মাৰ লগতে ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ কেশৰাম বৰা, ৰাজ্যিক সদস্য দীপক চৰকাৰ, জিলা উপ সভাপতি নৃপেন বৰা, বিহপুৰীয়া মণ্ডল সভাপতি দুৰ্লভ দাস, প্ৰাক্তন মণ্ডল উপ সভাপতি ৰূপক নেওগ, বিহপুৰীয়া গাঁও পঞ্চায়তৰ সভাপতি বিমল শইকীয়া আৰু আঞ্চলিক পঞ্চায়তৰ উপ সভানেত্ৰী আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।1
- আজি গোলাঘাটৰ ফলঙনিত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট জিলা সমিতিৰ নৱম ত্ৰি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। দক্ষিণ মৰঙীৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আমন্ত্ৰণ ক্ৰমে এই অধিৱেশন আয়োজন কৰা হৈছিল।1
- দুলীয়াজানৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অম্বুবাচী মেলাত অংশগ্ৰহণ কৰে। তেওঁ অম্বুবাচী মেলাত উপস্থিত থাকি ইয়াৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মতবিনিময় কৰে।1
- শিৱসাগৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰতাৰে অভিযান চলাই আজি বহু পৰিমাণৰ ড্ৰাগছ, হেৰ'ইন, গাঞ্জা আৰু ফৰেন চিগাৰেট জ্বলাই দিয়ে। এই দাহন কাৰ্যসূচী শিৱসাগৰ চুকাফা মাল্টিস্পিচিয়েলিষ্ট চিকিৎসালয়ৰ চৌহদত সম্পন্ন কৰা হয়। আৰক্ষী প্ৰশাসনে দাহ কৰা নিষিদ্ধ সামগ্ৰীসমূহৰ ভিতৰত ৩ কিলোগ্ৰাম ৮৭৭ গ্ৰাম ড্ৰাগছ, ১ কিলোগ্ৰাম ৯ গ্ৰাম গাঞ্জা, আৰু ২৯৬০ পেকেট ফৰেন চিগাৰেট আছিল। এই সকলো জব্দকৃত সামগ্ৰীৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১৩ কোটি টকা বুলি জানিব পৰা গৈছে। বিগত কেইদিনত চলোৱা অভিযানত জব্দ কৰা ড্ৰাগছ আৰু হেৰ'ইনসমূহ একেলগে দাহ কৰা হয়। শিৱসাগৰ আৰক্ষীয়ে নিতৌ ড্ৰাগছ বিৰোধী অভিযান চলাই আহিছে।1
- আজি গোলাঘাটৰ ফলঙনিত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট জিলা সমিতিৰ নবম ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশন দক্ষিণ মৰঙী ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আমন্ত্ৰণত আয়োজন কৰা হৈছিল।1