Shuru
Apke Nagar Ki App…
ধেমাজিত শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে হোটেল মুং চাঙৰ সভাকক্ষত ‘যি শিক্ষাই নগঢ়ে হৃদয়’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। এই গ্ৰন্থখনি ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত পানীতোলা কেকুঁৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা লেখক শৈল্য বুঢ়াঁ গোহাঁইৰ দ্বিতীয়খন কিতাপ। বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়।
DHEMAJI TODAY
ধেমাজিত শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে হোটেল মুং চাঙৰ সভাকক্ষত ‘যি শিক্ষাই নগঢ়ে হৃদয়’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। এই গ্ৰন্থখনি ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত পানীতোলা কেকুঁৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা লেখক শৈল্য বুঢ়াঁ গোহাঁইৰ দ্বিতীয়খন কিতাপ। বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়।
More news from অসম and nearby areas
- ধেমাজিত শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে হোটেল মুং চাঙৰ সভাকক্ষত ‘যি শিক্ষাই নগঢ়ে হৃদয়’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। এই গ্ৰন্থখনি ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত পানীতোলা কেকুঁৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা লেখক শৈল্য বুঢ়াঁ গোহাঁইৰ দ্বিতীয়খন কিতাপ। বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়।1
- সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি সোণাৰিৰ সমীপৰ নাফুকত ঐতিহাসিক ধোদৰআলিৰ কাষত স্থাপন কৰিবলৈ লোৱা এখন বজাৰৰ বাবে মাটি মুকলি কৰিবলৈ নিজে হাতত কোৰ লৈ হাবি-জংঘল পৰিষ্কাৰ কৰাত নামি পৰিছিল। এই কাৰ্য্যসূচীৰ বাবে VB-GRAMG আঁচনিৰ অধীনত শ্ৰমিক নিয়োগ কৰা হৈছিল। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ এই কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিবলৈ উপস্থিত হৈছিল আৰু তেওঁ নিজেই কোৰ লৈ হাবি-জংঘল পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়। তেওঁক VB-GRAMG ৰ শ্ৰমিকৰ ৰূপত কাৰ্যনিৰ্বাহ কৰা দেখা গৈছিল। উল্লেখ্য যে, নাফুক অঞ্চলৰ ব্যস্ততাপূৰ্ণ ধোদৰআলিৰ দুয়ো পাৰে থকা বৰ্তমানৰ বজাৰখনে পথটোত যান-বাহন চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰি আহিছিল, যাৰ বাবে বজাৰখন স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।1
- বিশিষ্ট সংগীত শিল্পী মাধৱ ৰঞ্জনে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খৰাঘৰীয়াক লৈ চলোৱা অপপ্ৰচাৰক তীব্ৰ ধিক্কাৰ জনাইছে। কণ্ঠশিল্পীগৰাকীয়ে সংশ্লিষ্ট পক্ষসমূহক এনে অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।1
- লখিমপুৰ জিলাৰ চুকুলী ভৰীয়াত এচিয়াৰ আটাইতকৈ বৃহৎ মেলা হিচাপে পৰিচিত 'চি ৱৰ্ল্ড কাৰ্নিভাল' (সাগৰীয় পৃথিৱী) শুভ উদ্বোধন কৰা হৈছে।1
- কেইদিনমান পূৰ্বে মুকলি কৰা দুলীয়াজানৰ উৰণীয়া সেতুত তীব্ৰ যানজঁটৰ সমস্যাই দেখা দিছে। এই যানজঁটৰ ফলত স্থানীয় জনগণে ভীষণ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে, যাৰ বাবে তেওঁলোকে সামাজিক মাধ্যমত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।1
- শিৱসাগৰত পুনৰ ড্ৰাগছসহ দুজন লোকক আটক কৰা হৈছে, য'ত এজন যুৱক আৰু এজন কিশোৰ অন্তৰ্ভুক্ত। শিৱসাগৰ সদৰ আৰক্ষী থানাৰ কাষতে অৱস্থিত শান্তিবন শ্মশানৰ সন্মুখত এই গ্ৰেপ্তাৰ অভিযান চলোৱা হৈছিল। প্ৰাপ্ত তথ্য মতে, শিৱসাগৰৰ যমুনা ৰোডৰ হাবিব আহমেদ (১৯) নামৰ যুৱকজনৰ লগতে আন এজন কিশোৰক ড্ৰাগছসহ আটক কৰা হয়। তেওঁলোকে সেৱন কৰাৰ বাবে এটা টেমাত লুকুৱাই ড্ৰাগছখিনি কঢ়িয়াই আনিছিল। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই স্বীকাৰ কৰিছে যে তেওঁলোকে শিৱসাগৰ থানামুখৰ পাহি নামৰ এগৰাকী মহিলাৰ পৰা সেৱন কৰিবৰ বাবে ড্ৰাগছখিনি সংগ্ৰহ কৰিছিল।1
- সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তত্বাৱধানত আৰু সোণাৰি আঞ্চলিক পঞ্চায়তৰ সহযোগত, ধোদৰ আলিৰ কাষত বহি অহা সাপ্তাহিক বজাৰখন নাফুক চাহ বাগিচাৰ ফেক্টৰীৰ সমীপৰ এক নিৰ্দিষ্ট স্থানলৈ স্থানান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দীৰ্ঘদিন ধৰি ধোদৰ আলিত সৃষ্টি হৈ অহা যান-জঁটৰ লগতে পথচাৰী আৰু ব্যৱসায়ীসকলে সন্মুখীন হোৱা অসুবিধা দূৰ কৰাৰ লক্ষ্যৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই নতুন স্থানলৈ বজাৰখন স্থানান্তৰিত হ'লে যান-বাহনৰ চলাচল সুচল হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও, গ্ৰাহক আৰু ব্যৱসায়ীসকলেও অধিক সুবিধা লাভ কৰিব। VB-GRAMG আঁচনিৰ চাফাই কাৰ্য পৰিদৰ্শন কৰি বিধায়ক কোঁৱৰে সদৰি কৰে যে এই পদক্ষেপে অঞ্চলটোৰ এক দীঘলীয়া সমস্যাৰ সমাধানত সহায় কৰিব। স্থানীয় ৰাইজেও ধোদৰ আলিৰ যান-জঁট হ্ৰাসৰ লক্ষ্যৰে লোৱা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ এই জনমুখী সিদ্ধান্তক আদৰণি জনাইছে।1
- শিল্পী লোহিত গগৈয়ে মানুহলৈ এটি বিশেষ সংগীত উপহাৰ হিচাপে আগবঢ়াইছে। এই সংগীতৰ জৰিয়তে বৰ্তমান সময়ৰ এগৰাকী শিল্পীৰ মনোভাৱ প্ৰকাশ পাইছে।1