বিশ্বনাথত Placement Agency ৰ নামত প্ৰবঞ্চনা, ন-দম্পতী আৰক্ষীৰ জালত বিশ্বনাথত নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত সংঘটিত হৈছে ডাঙৰ প্ৰবঞ্চনা। নিজকে গহপুৰৰ বাসিন্দা বুলি পৰিচয় দি এখন ন-দম্পতীয়ে বিশ্বনাথৰ বামগাঁৱত ভাড়াঘৰ লৈ "Assam Carrier Point" নামৰ Placement Agency খুলি নিবনুৱাসকলক প্ৰতাৰণা কৰি আহিছিল।দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ পত্নীয়ে বামগাঁৱৰ এখন ভাড়াঘৰত কাৰ্যালয় স্থাপন কৰি ব্যক্তিগত খণ্ডত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই বিশ্বনাথৰ বিভিন্ন ঠাইৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল। কিন্তু ধন সংগ্ৰহ কৰাৰ পিছত তেওঁলোকে কোনোকে চাকৰি নিদিলে। ইয়াৰ উপৰিও প্ৰতিশ্ৰুতি অনুসৰি কাম নকৰাৰ বাবে প্ৰশ্ন কৰিবলৈ যোৱা কেইগৰাকীমান যুৱতীৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উঠিছে। অৱশেষত প্ৰতাৰিত হোৱা যুৱতী কেইগৰাকীয়ে আজি বিশ্বনাথ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰ পোৱাৰ পিছতে আৰক্ষীৰ এটা দলে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ "Assam Carrier Point" নামৰ কাৰ্যালয়খনত অভিযান চলায়। অভিযানৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে উক্ত Placement Agency খনৰ কোনো ধৰণৰ বৈধ অনুজ্ঞা পত্ৰ নাই। যাৰ পিছত আৰক্ষীয়ে দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ পত্নীক আটক কৰি থানালৈ আনি সোধা-পোছা অব্যাহত ৰাখিছে। এই ঘটনাই বিশ্বনাথৰ নিবনুৱা সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু আৰু কিমানজন প্ৰতাৰিত হৈছে সেই বিষয়ে খবৰ লৈছে।
বিশ্বনাথত Placement Agency ৰ নামত প্ৰবঞ্চনা, ন-দম্পতী আৰক্ষীৰ জালত বিশ্বনাথত নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত সংঘটিত হৈছে ডাঙৰ প্ৰবঞ্চনা। নিজকে গহপুৰৰ বাসিন্দা বুলি পৰিচয় দি এখন ন-দম্পতীয়ে বিশ্বনাথৰ বামগাঁৱত ভাড়াঘৰ লৈ "Assam Carrier Point" নামৰ Placement Agency খুলি নিবনুৱাসকলক প্ৰতাৰণা কৰি আহিছিল।দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ
পত্নীয়ে বামগাঁৱৰ এখন ভাড়াঘৰত কাৰ্যালয় স্থাপন কৰি ব্যক্তিগত খণ্ডত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই বিশ্বনাথৰ বিভিন্ন ঠাইৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল। কিন্তু ধন সংগ্ৰহ কৰাৰ পিছত তেওঁলোকে কোনোকে চাকৰি নিদিলে। ইয়াৰ উপৰিও প্ৰতিশ্ৰুতি অনুসৰি কাম নকৰাৰ বাবে প্ৰশ্ন কৰিবলৈ যোৱা কেইগৰাকীমান যুৱতীৰ সৈতে
দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উঠিছে। অৱশেষত প্ৰতাৰিত হোৱা যুৱতী কেইগৰাকীয়ে আজি বিশ্বনাথ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰ পোৱাৰ পিছতে আৰক্ষীৰ এটা দলে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ "Assam Carrier Point" নামৰ কাৰ্যালয়খনত অভিযান চলায়। অভিযানৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে উক্ত Placement Agency খনৰ কোনো ধৰণৰ
বৈধ অনুজ্ঞা পত্ৰ নাই। যাৰ পিছত আৰক্ষীয়ে দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ পত্নীক আটক কৰি থানালৈ আনি সোধা-পোছা অব্যাহত ৰাখিছে। এই ঘটনাই বিশ্বনাথৰ নিবনুৱা সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু আৰু কিমানজন প্ৰতাৰিত হৈছে সেই বিষয়ে খবৰ লৈছে।
- 📌অতি শীঘ্ৰে বিশ্বনাথ জিলাতো আৰম্ভ হ'ব ১৬ সংখ্যক দশবাৰ্ষিক লোকপিয়ল -২০২৭! 📌সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সম্পন্ন হ'ব উক্ত লোকপিয়ল।এই কথা সদৰি কৰে জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণে ।1
- ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য1
- অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কলিয়াবৰ অন্তৰ্গত লাওখোৱাত শাখা গঠন। দুদিনীয়াকৈ আয়োজন গীত আৰু কবিতা আবৃত্তিৰ দ্বাৰা কৰ্মশালা আয়োজন। লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গুণদা দাস হাজৰিকাৰ নেতৃত্ব কলিয়াবৰ সমষ্টিৰ লাওখোৱাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নতুন শাখা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে ৩০ আৰু ৩১ জুলাইত দুদিনীয়াকৈ গীত আৰু কবিতা আবৃত্তিৰ এক কৰ্মশালাৰ আয়োজন কৰিছে। কৰ্মশালাত অঞ্চলটোৰ শিক্ষাৰ্থী আৰু সংস্কৃতিপ্ৰেমীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অভিজ্ঞ প্ৰশিক্ষকসকলে আবৃত্তি, কবিতা পাঠ, উচ্চাৰণ, কণ্ঠচৰ্চা আৰু গীত পৰিবেশনৰ বিভিন্ন দিশত হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰে।1
- সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক #nonfollowers #assam #Nagaon #upperassam1
- শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য যোগান শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজক সাময়িক সকাহ প্ৰদানৰ বাবে খাদ্য,বস্ত্ৰ আৰু বাচন সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাই৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ শিৱসাগৰৰ অভিমুখে ৰাওনা হৈছে৷ দলটোৱে কাইলৈ শিৱসাগৰৰ ভিতৰুৱা অঞ্চলত এই সামগ্ৰী বিতৰণ কৰিব বুলি জনাইছে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ বাবে লৈ গৈছে৷ সন্থাই ৰাইজৰ সহযোগত সংগ্ৰহ কৰা সামগ্ৰী প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰিব৷1
- *কেনেদৰে চলিছে অসমৰ ঐতিহাসিক বনৰীয়া ম'হ ৰ বাবে বিখ্যাত লক্ষীমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত থকা পাভ অভয়াঅৰণ্য ঃ* বিহপুৰীয়াঃলখিমপুৰ জিলাৰ বিহপুৰীয়াত অৱস্হিতঅসম বিখ্যাত পাভ ৰিজাৰ্ভ৷অবৈধ্য বেদখল কাৰী ৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই বেদখল মুক্ত পাভ অভয়াৰণ্য ৰ সুৰক্ষাৰ দায়িত্বত ২০২৩ বৰ্ষৰ পৰা বন বিভাগে নিয়োজিত কৰে অসম আৰক্ষীৰ গৃহ জোৱান বাহিনী (হোম ৰ্গাড)ক পাভ আধাখনাৰ তিনি নং শিৱিৰৰ দায়িত্ব ! # মুঠ ১৭ জন গৃহৰক্ষী জোৱানে বিভিন্ন সমস্যাৰ মাজেৰে দিন কটাবলগীয়া হৈছে পাভ অভয়াৰণ্যৰ এই শিৱিৰটিত । #বাঁহেৰে ৰ্নিমিত প্ৰায় ওৱলী যাৱ ধৰাঁ এই জৰাৰ্জীণ গৃহটিত সোমাই ধুমুহা বতাহ বৰষুণৰ মাজতে দিন কটাবলগীয়া হৈছে আৰক্ষীৰ গৃহৰক্ষী জোৱানৰ দলটি । # য'ত "বনৰীয়া ম'হ "বনৰীয়া ঘোঁৰা " শিয়াল বিষাক্ত ৰ্সপ " মাজে সময়ে লটা মেকুৰী বাঘ কাজিৰঙাৰ পৰা কেতিয়াবা খাদ্যৰ সন্ধানত ওলাই অহি গড়ঁ বনৰীয়া হাতী আদি একাংশ হিংস্ৰ জীৱ জন্তুোৰ উপৰিও গছ গছনি ধ্বংস কৰা এচাম অসাধুলোকৰ পৰা সকলোকে ৰক্ষা কৰি চলিব লগীয়া হয় এই জোৱানৰ দলটি । # কেৱল সামান্য ছয়মহীয়া চাকৰিৰ দৰমহাৰ বাদে নাই কোনো ৰেচনৰ ব্যৱস্থা নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা "শৌচাগাৰৰ ভাল ব্যৱস্থা । # তাৰ মাজতে দিনে নিশাই সুৰক্ষাৰ দায়িত্বত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত নিয়োজিত হৈ আছে অসম আৰক্ষীৰ গৃহ জোৱান সকল । # অসম চৰকাৰৰ বন বিভাগৰ সময় হ'বনে এই সকল প্ৰহৰীৰ কল্যানমূলক আচনিৰ বিষয়বোৰৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ""""""!! নৱজ্যোতি। শৰ্মা বিহপুৰীয়া৷4
- কলিয়াবৰৰ ভকুৱামাৰীত চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ তিনিশ পৰিয়ালে যাতায়ত কৰা চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ এই প্ৰতিবাদ মুজিবুৰ ৰহমান আৰু আমীৰ আলী নামৰ দুজন লোকে চৰকাৰী কৃষিবান্ধ দখল কৰাৰ অভিযোগ বৰঘুলী গড়কাপ্তানি পথৰ পৰা ভকুৱামাৰী খালপাৰ জামে মছজিদলৈ যোৱা কৃষি বান্ধটো কাটি দিয়াত যাতায়ত বন্ধ হৈ পৰিছে তিনি শতাধিক পৰিয়ালৰ এই কৃষি বান্ধটোৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰিছিল যদিও মজিবুৰে বাহুবল প্ৰয়োগ কৰি কৃষিবান্ধ টো কাটি খেতি কৰাৰ অভিযোগ আমাৰ ৰাস্তা আমাক লাগিবই, চৰকাৰী ৰাস্তা বন্ধ কৰা নচলিব, মজিবুৰ হাই হাই আদি শ্লোগানেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ1
- Slug:-চতিয়াত আৰক্ষীৰ জুৱা বিৰোধী অভিযান #চতিয়াৰ দক্ষিণাঞ্চলত বিশ্বনাথ আৰু চতিয়া আৰক্ষীৰ যুটীয়া অভিযান। #অভিযানত ৭খন মটৰচাইকেল জব্দ কৰাৰ লগতে দুজন অভিযুক্ত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। V/O:-বিহস্পতি বাৰে চতিয়াৰ দক্ষিণাঞ্চলৰ ২ নং ভোজমাৰী অঞ্চলত বিশ্বনাথ আৰু চতিয়া আৰক্ষীয়ে যুটীয়াভাৱে জুৱা বিৰোধী অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে ৭খন মটৰচাইকেল জব্দ কৰাৰ লগতে দুজন অভিযুক্ত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দুয়োজনৰ ভিতৰত এজন বলোডুঙাৰ আব্দুল চহিদ আৰু আনজন আদাভেটিৰ আচমত আলি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে আটকাধীন দুয়োজন অভিযুক্তক আজি আদালতত হাজিৰ কৰোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব।4