Shuru
Apke Nagar Ki App…
গোলাঘাট তেতেলি তলত ভয়ংকৰ পথ দূৰ্ঘটনা,সংকট জনক অৱস্থাত দুজনক চিকিৎসালয়ত ভৰ্তি, মন্ত্ৰী অজন্তা নেওগৰ মনোনয়ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহোঁতেই সংঘটিত হয় এই পথ দূৰ্ঘটনা গোলাঘাট তেতেলি তলত ভয়ংকৰ পথ দূৰ্ঘটনা,সংকট জনক অৱস্থাত দুজনক চিকিৎসালয়ত ভৰ্তি l গোলাঘাটত মন্ত্ৰী অজন্তা নেওগ আৰু বিশ্বজিৎ ফুকনৰ শুক্ৰবাৰে মনোনয়ন পত্ৰ দাখিল কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহোঁতেই সংঘটিত হয় এই পথ দূৰ্ঘটনাটো। ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ পথ দূৰ্ঘটনাট গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত দুজন লোকক গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসালয়ত ভৰ্তি কৰাই।
Malobika bora
গোলাঘাট তেতেলি তলত ভয়ংকৰ পথ দূৰ্ঘটনা,সংকট জনক অৱস্থাত দুজনক চিকিৎসালয়ত ভৰ্তি, মন্ত্ৰী অজন্তা নেওগৰ মনোনয়ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহোঁতেই সংঘটিত হয় এই পথ দূৰ্ঘটনা গোলাঘাট তেতেলি তলত ভয়ংকৰ পথ দূৰ্ঘটনা,সংকট জনক অৱস্থাত দুজনক চিকিৎসালয়ত ভৰ্তি l গোলাঘাটত মন্ত্ৰী অজন্তা নেওগ আৰু বিশ্বজিৎ ফুকনৰ শুক্ৰবাৰে মনোনয়ন পত্ৰ দাখিল কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহোঁতেই সংঘটিত হয় এই পথ দূৰ্ঘটনাটো। ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ পথ দূৰ্ঘটনাট গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত দুজন লোকক গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসালয়ত ভৰ্তি কৰাই।
- 7iBajali (Pt), Assam👏on 21 March
More news from অসম and nearby areas
- পৰিষদে স্পষ্ট কৰে যে, খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ হকে যি ৰাজনৈতিক দলে কাম কৰি যাম বুলি প্রতিশ্রুতি দিব সেই ৰাজনৈতিক দলৰ প্ৰতি আমাৰ নৈতিক সমর্থন থাকিব। উজনি অসম মুছলিম কল্যাণ পৰিষদ এটা অৰাজনৈতিক সংগঠন। ইয়াত ৰাজনীতিৰ স্থান নাই।1
- চৰাইদেউত আবকাৰী বিভাগৰ অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান । ৮ হাজাৰ চুলাই মদ নষ্ট কৰাৰ লগতে ৫৭ টা গোচৰ ৰজু । নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰে পৰা চৰাইদেউ আবকাৰী বিভাগে সোণাৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আহিছে ।1
- শুনেন শুনেন মন দিয়া কংগ্রেস পার্টির হবে জয়1
- বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম। জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়। সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন। পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।1
- Post by Rahul Vlogk1
- অসমলৈ আহি প্ৰচাৰ চলালে উন্নয়ন দেখি যাবঃ হিমন্ত বিশ্ব শৰ্মা সোণাৰিত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি কৰিলে এই মন্তব্য1
- ৯৬ নং শিৱসাগৰ সমষ্টিৰ দূলাকাষৰীয়াত আজি অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই এক উষ্ম নিৰ্বাচনী প্ৰচাৰ চলায়। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে মিত্ৰজোঁটৰ একমাত্ৰ প্ৰাৰ্থী হিচাপে শিৱসাগৰত এইবাৰ তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই। সমষ্টি পুনৰ্নিদ্ধাৰণে নিৰ্বাচনত কোনো বিশেষ প্ৰভাৱ পেলাব নোৱাৰে বুলি তেওঁ দৃঢ়তাৰে মত প্ৰকাশ কৰে। আমগুৰি সমষ্টি ৰক্ষা কৰিব নোৱাৰাক লৈ বিৰোধীয়ে কৰা সমালোচনাৰো তেওঁ উচিত প্ৰত্যুত্তৰ দিয়ে। ৰাইজৰ বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ শিৱসাগৰত অগপৰ জয় নিশ্চিত বুলি তেওঁ আশাবাদী।4
- ২০২৬ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো দুটামান দিন । ৰাজ্যত এতিয়া নিৰ্বাচনৰ ঢৌ । প্ৰতিকুল বতৰৰ মাজতো নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাজ্যত । চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টিৰ নিৰ্বাচনৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে । মুল প্ৰতিদ্বন্দিতা কংগ্ৰেছ বিজেপিৰ মাজতেই হব যদিও জে এম এম দলেই প্ৰচাৰ তীব্ৰ কৰি তুলিছে । বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী কংগ্ৰেছ দলৰ উৎপল গগৈয়ে সমষ্টিটোৰ সীমান্তবৰ্তী ভিতৰুৱা আদি অঞ্চল সমুহৰ লগতে বিভিন্ন স্থৰৰ লোকৰ মাজত সোমাই নিজৰ প্ৰচাৰ অব্যাহত ৰাখিছে । গণকপথাৰত এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি স্বাভিমানী অসমীয়া মহিলাই এইবাৰ কংগ্ৰেছৰ হাত শক্তিশালী কৰিছে বুলি প্ৰাৰ্থীগৰাকীয়ে সদৰী কৰে৷1
- চৰাইদেউ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত আজি এক গুৰুত্বপূৰ্ণ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত মানৱ শৃংখল গঠন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। সোণাৰিৰ চেইন্ট জোচেফ বিদ্যালয়ত আয়োজিত এই কাৰ্যসূচীয়ে বিশেষকৈ নতুন ভোটাৰসকলৰ মাজত এক নতুন উদ্যম আৰু উৎসাহ সৃষ্টি কৰে। আজি আয়োজিত এই মানৱ শৃংখল কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ভোটদানৰ প্ৰতি জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক ভোটদান সন্দৰ্ভত গুৰুত্ব উপলব্ধি কৰোৱা। কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোকসকলে একত্ৰিত হৈ এক সুন্দৰ শৃংখল গঠন কৰে, যি গণতন্ত্ৰৰ শক্তি আৰু ঐক্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱে তেওঁৰ এক বক্তব্যত কয় যে গণতন্ত্ৰৰ মূল ভিত্তি হৈছে জনতাৰ অংশগ্ৰহণ আৰু এই অংশগ্ৰহণৰ আটাইতকৈ শক্তিশালী মাধ্যম হৈছে ভোটদান। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ ভোটাৰসকল শিক্ষিত, সচেতন আৰু দায়িত্ববোধসম্পন্ন যাৰ ফলত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰক অধিক সুদৃঢ় কৰিব। তেওঁ সকলো ভোটাৰক আহ্বান জনায় যে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি এক সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব। মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে “মোৰ ভোট, মোৰ অধিকাৰ”, “চৰাইদেউৰ গৌৰৱ-ভোটদান”, “অহা ৯ এপ্ৰিলত আমি সকলোৱে ভোট দিম” আদি বিভিন্ন সজাগতামূলক শ্লোগান দিয়া দেখা যায়। এই শ্লোগানসমূহে সমাজত এক ইতিবাচক সঁহাৰি সৃষ্টি কৰে৷ আজিৰ এই কাৰ্যসূচীত মাহমৰা সমজিলা আয়ুক্ত দীনচেংফা বৰুৱা, অতিৰিক্ত আয়ুক্তত্ৰয় নৱদ্বীপ চাংমাই, সুৰুজ সোনোৱাল আৰু সুজাতা গগৈ প্ৰমুখ্যে সহকাৰী আয়ুক্তমণ্ডলী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।1