Shuru
Apke Nagar Ki App…
বৰপেটা জিলাৰ ভৈৰাগুৰী গাঁৱৰ এজন উদীয়মান যুৱক শফিকুল ইছলাম মিৰ্দাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
News Headlines 24×7
বৰপেটা জিলাৰ ভৈৰাগুৰী গাঁৱৰ এজন উদীয়মান যুৱক শফিকুল ইছলাম মিৰ্দাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
More news from অসম and nearby areas
- বাক্সাৰ কয়েমাৰীত প্ৰশাসনে বেদখলকাৰীৰ ঘৰত বুলডজাৰ চলাই উচ্ছেদ অভিযান চলালে। এই অভিযানৰ ফলত বহু বছৰৰ আইনী যুঁজৰ অন্তত ৪ কঠা ভূমি বেদখলমুক্ত কৰা হ'ল। এই কাৰ্যসূচীৰ পিছত ভুক্তভোগীসকলে অৱশেষত ন্যায় লাভ কৰিলে, যাৰ বাবে এই ভূমি বহু বছৰ ধৰি বেদখলত আছিল।1
- বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতিলক্ষাৰ আজি অৱসান ঘটিবলৈ গৈছে। ১৬ নং অভয়াপুৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ভূপেন ৰায়ে ৰঘুনন্দনপুৰ আৰু পোছাগাঁও সংযোগী পথত এটা নতুন আৰ.চি.চি. (RCC) দলঙৰ আনুষ্ঠানিকভাৱে শুভ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি এই অঞ্চলৰ সাধাৰণ ৰাইজে উন্নত যাতায়াত ব্যৱস্থাৰ অভাৱত চৰম দুৰ্ভোগৰ সম্মুখীন হৈ আহিছিল। এখন স্থায়ী তথা পকী দলঙৰ দাবী অঞ্চলবাসীৰ মাজত বহুতদিনীয়া আছিল, আৰু আজিৰ এই আধাৰশিলা স্থাপনৰ জৰিয়তে সেই দীৰ্ঘদিনীয়া অভাৱ আৰু দাবী পূৰণ হ’বলৈ গৈ আছে। এই নতুন আৰ.চি.চি. দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লে অঞ্চলটোৰ যোগাযোগ আৰু যাতায়াত ব্যৱস্থাত এক অভূতপূৰ্ব পৰিৱৰ্তন আহিব বুলি গভীৰ আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ ফলত যাতায়াত সুচল হোৱাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ পথো অধিক প্ৰশস্ত হ’ব। নতুন দলংখনৰ নিৰ্মাণক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজতো ব্যাপক আনন্দ আৰু উছাহ দেখা গৈছে।1
- বাক্সা জিলাৰ লাৱদাংগুৰীত পথৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। বিশেষকৈ, লাৱদাংগুৰী বজাৰক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোগ কৰা পথটো বোকাময় হৈ থকাৰ ফলত পথচাৰী আৰু গাঁৱবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই দুৰৱস্থাই অঞ্চলটোৰ লোকসকলক জলাকলা খুৱাইছে।1
- বাক্সা জিলাত বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গাৰ দ্বাৰা কেইবাটাও নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰা হৈছে।1
- অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বাবে এক দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচী অহা ৪ আৰু ৫ জুলাইত অসম বিধানসভা চৌহদৰ গোপীনাথ বৰদলৈ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাসে আজি সংবাদ মাধ্যমক এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰায়।1
- বৰপেটা জিলাৰ ভৈৰাগুৰী গাঁৱৰ এজন উদীয়মান যুৱক শফিকুল ইছলাম মিৰ্দাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।1