Shuru
Apke Nagar Ki App…
সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিকাণ্ডৰ ফলত মৃত্যু এটি ৫ বছৰীয়া শিশু চৰাইদেউ জিলাৰ সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত মৃত্যু এটি ৫ বছৰীয়া শিশু । সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ ক’ৰ্ট কলনীৰ সন্মুখত এই ঘটনা মৃত শিশুটি বিজয় সোনাৰৰ কণিষ্ঠ পুত্ৰ ৰাজ সোনাৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় দুটাকৈ ঘৰ ।
Charaideo news
সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিকাণ্ডৰ ফলত মৃত্যু এটি ৫ বছৰীয়া শিশু চৰাইদেউ জিলাৰ সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত মৃত্যু এটি ৫ বছৰীয়া শিশু । সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ ক’ৰ্ট কলনীৰ সন্মুখত এই ঘটনা মৃত শিশুটি বিজয় সোনাৰৰ কণিষ্ঠ পুত্ৰ ৰাজ সোনাৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় দুটাকৈ ঘৰ ।
More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ সাপেখাতীত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক। এক গোপন সূত্ৰৰ ভিত্তিত সোণাৰি আৰু সাপেখাতী আৰক্ষীৰ যুটীয়া অভিযানত কানুবাৰীৰ পৰা অনুসৰন কৰি ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক কৰে ।1
- Post by Moran Dorpon1
- টাই আহোম যুৱ পৰিষদ, অসম (টায়পা) নামতি আঞ্চলিক সমিতিৰ উদ্যোগত ১৬ সংখ্যক নামতি কেন্দ্ৰীয় ৰঙালী বিহুটি অত্যন্ত উলহ-মালহেৰে উদযাপন কৰা হয়। নামতি ধেপৰ গাঁৱৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই বিহু উৎসৱে অঞ্চলটোলৈ বৰ্ণাঢ্য সাংস্কৃতিক পৰিৱেশ নমাই আনিছে। কাৰ্যসূচীৰ প্ৰথম দিনা উদযাপন সমিতিৰ সভাপতি ভূৱন গগৈয়ে ধৰ্মীয় আৰু জাতীয় পৰম্পৰা ৰক্ষা কৰি বিহুৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে পূৰ্বপুৰুষসকলৰ স্মৃতিত মৈদাম তৰ্পণ কৰা হয়। পৰম্পৰাগত ক্ৰীড়া আৰু কৃষ্টিৰ প্ৰতিফলন ঘটাই কণী যুঁজ প্ৰতিযোগিতা আৰু মহিলাসকলৰ মাজত পিঠা-পনা প্ৰস্তুতকৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাসমূহত স্থানীয় ৰাইজে ব্যাপক উৎসাহেৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উৎসৱৰ দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীত বিয়লি মুকলি সভা অনুষ্ঠিত হয় য’ত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বিহুৰ তাৎপৰ্য আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। নিশালৈ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয় য’ত জনপ্ৰিয় শিল্পী লক্ষ্যজিত বৰুৱাৰ গীতৰ শৰাই আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে ১৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ সফল সামৰণি পৰে।2
- নাজিৰাৰ লিগিৰীপুখুৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন কোঠাত আজি এজন স্থানীয় যুৱকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন নাজিৰাৰ মিন্টু দত্ত বুলি চিনাক্ত কৰা হৈছে।1
- পুনৰ এই খন অসমতে খিলঞ্জীয়াক বহিৰাগত বণিয়াই কৰিলে তিৰস্কাৰ। চিলিগুৰি বণিয়াৰ অসমত দপদপনী। বনিয়াৰ মইমতালিত আলৈ অথানি অৱস্থা একাংশ শ্ৰমিক মহিলাৰ লগতে কাৰখানাৰ পৰিচালকৰ। ঘটনাৰ অভিযোগ অনুসৰি মাকুম ছ'টা হাপজান ৩৭ নং ঘাইপথ সমীপত অৱস্থিত এম.এচ কিষাণলাল ৰুক্মণীদেৱী টি প্ৰাইভেট লিমিটেড নামৰ চাহপাত কাৰখানাটোৰ পূৰ্বৰ স্বত্বাধিকাৰী গৰাকীয়ে চিলিগুৰিৰ দুজন বণিয়াক কাৰখানাটো হস্তান্তৰ কৰিছিল। চাহপাত তৈয়াৰ কৰা কাৰখানাটোৰ নতুনকৈ দায়িত্বভাৰ লোৱাৰ পাছতে দুই বণিয়াই প্ৰথমে কাৰখানাটোত কৰ্মৰত মহিলা শ্ৰমিক সকলক দৈনিক মজুৰি প্ৰদান কৰাত খেলিমেলিৰ লগতে অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে মহিলা শ্ৰমিক সকলে।1
- "হাঁচতি ঐ চ'ত বিচতি ঐ চ'ত বুধে বিৰচতি মঙ্গলে উৰুকা বিহু গৈ আছিলি ক'ত।" অসমৰ অন্যতম আদিম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠী ৷ মৰাণ জনগোষ্ঠীৰ লোকসকলে ব’হাগৰ প্ৰথমটো মংগলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু হিচাপে পালন কৰি আহিছে ৷ গতিকে আজি মৰাণ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত পালন কৰিছে গৰু বিহু । তাৰ সমান্তৰালভাৱে মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু হাতীকো ধোঁৱাই পালন কৰিছে গৰু বিহু । তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজান গাঁৱত এইদৰে হাতীক গা ধোঁৱাই বিহু পালন কৰিছে ।1
- Post by Assam Update1
- চৰাইদেউ জিলাৰ সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত মৃত্যু এটি ৫ বছৰীয়া শিশু । সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ ক’ৰ্ট কলনীৰ সন্মুখত এই ঘটনা মৃত শিশুটি বিজয় সোনাৰৰ কণিষ্ঠ পুত্ৰ ৰাজ সোনাৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় দুটাকৈ ঘৰ ।1