Shuru
Apke Nagar Ki App…
দক্ষিণ কামৰূপৰ ছয়গাঁৱত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। গুৱাহাটী অভিমুখে গৈ থকা এখন মালবাহী কণ্টেইনাৰৰ সৈতে AS 13M 8288 নম্বৰৰ এখন মটৰচাইকেলৰ সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। নিহত যুৱকজনক ছয়গাঁও কাৱৈমাৰীৰ ২৮ বছৰীয়া দেৱৰাজ অধিকাৰী বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে নিহত যুৱকগৰাকীক ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইয়াৰ পিছতে ছয়গাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো ছয়গাঁও আৰক্ষী থানালৈ লৈ আহে।
TIME OF ASSAM

More news from অসম and nearby areas
- অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা স্বীকৃতিপ্ৰাপ্ত ছয়গাঁও সাহিত্য সভাৰ উদ্যোগত আৰু কুকুৰমাৰাস্থিত শঙ্কৰদেৱ বিদ্যা মন্দিৰৰ সহযোগত আজি বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা হয়।1
- সমজিলা আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ নেতৃত্বত সোণতলীৰ এক চাইবাৰ জালিয়াতি আৰু অনলাইন বেটিং নেটৱৰ্কৰ চক্ৰ উৎখাত কৰা হৈছে। এই অভিযানত নগদ ধন, বেংক পাচবুক, মোবাইল হেণ্ডছেট, এটিএম কাৰ্ড, চেক বুক, আৰু আন আপত্তিজনক নথিপত্ৰসহ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হ'ল মোল্লা জাকিৰ হুছেইন, জাহিদুল ইচলাম, মাতিনুল হক আৰু হাছানুৰ ৰহমান। তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।1
- AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলক আক্ৰমণ কৰাৰ পাছতে আমিনুল ইছলামে তীব্ৰ প্ৰত্যাক্ৰমণ কৰিছে। এই প্ৰসংগতে আজমলক মুছলমান সাম্প্ৰদায়িক দলৰ নেতা বুলি অভিহিত কৰা হৈছে।1
- হোজাইৰ আজমল কলেজৰ এজন ছাত্ৰ হঠাৎ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।1
- মন্দিয়া অঞ্চলত সংঘটিত মাৰিফা তামান্না নামৰ এগৰাকীৰ হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে আৰু দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰা হৈছে।1
- কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।1
- আজি অসমৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকা বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ৰাজাপাৰাত উপস্থিত হয়।1
- ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক অঘটন সংঘটিত হৈছে, য'ত পথৰ কাষৰ বহু পুৰণি এজোপা বিশাল আহঁত গছ এখন ৰখাই থোৱা চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰে। ইয়াৰ ফলত পথচলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও চাৰিচকীয়া বাহনখনৰ যথেষ্ট ক্ষতি হয়। আৰক্ষী প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ লোকসকলে বৰ্তমান গছ কাটি পথ মোকলোৱাৰ কামত ব্যস্ত আছে।1