logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে। কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

5 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
5 hrs ago

ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে। কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

More news from অসম and nearby areas
  • তামুলপুৰ কমাৰ্চ কলেজত আজিৰে পৰা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ ৩০ দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। সমাগত ADRE 3.0, অসম পুলিচ আৰু বন বিভাগ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তোলাৰ উদ্দেশ্যে এই শৈক্ষিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বিশেষ উদ্যোগত আৰু 'এচপায়াৰ আছাম এডুকেচন্চ'ৰ সহযোগত এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰতীয় সেনাবাহিনীৰ তামুলপুৰৰ ব্ৰিগেডিয়াৰ অনুপম শৰ্মা, তামুলপুৰ কমাৰ্চ কলেজ আৰু ডিগ্ৰী কলেজৰ অধ্যক্ষ আৰু অঞ্চলটোৰ বহুসংখ্যক পৰীক্ষাৰ্থীৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এই বিনামূলীয়া প্ৰশিক্ষণে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক স্বাৱলম্বী কৰাৰ লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত যাতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে, তাৰ বাবে বিশেষভাৱে সহায় কৰিব বুলি আশাপ্ৰকাশ কৰা হৈছে। এই প্ৰশিক্ষণ শিবিৰে সমগ্ৰ তামুলপুৰ অঞ্চলৰ শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত এক নতুন আশা আৰু উৎসাহৰ সঞ্চাৰ কৰিছে।
    1
    তামুলপুৰ কমাৰ্চ কলেজত আজিৰে পৰা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ ৩০ দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। সমাগত ADRE 3.0, অসম পুলিচ আৰু বন বিভাগ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তোলাৰ উদ্দেশ্যে এই শৈক্ষিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বিশেষ উদ্যোগত আৰু 'এচপায়াৰ আছাম এডুকেচন্চ'ৰ সহযোগত এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

আজি অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰতীয় সেনাবাহিনীৰ তামুলপুৰৰ ব্ৰিগেডিয়াৰ অনুপম শৰ্মা, তামুলপুৰ কমাৰ্চ কলেজ আৰু ডিগ্ৰী কলেজৰ অধ্যক্ষ আৰু অঞ্চলটোৰ বহুসংখ্যক পৰীক্ষাৰ্থীৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এই বিনামূলীয়া প্ৰশিক্ষণে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক স্বাৱলম্বী কৰাৰ লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত যাতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে, তাৰ বাবে বিশেষভাৱে সহায় কৰিব বুলি আশাপ্ৰকাশ কৰা হৈছে। এই প্ৰশিক্ষণ শিবিৰে সমগ্ৰ তামুলপুৰ অঞ্চলৰ শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত এক নতুন আশা আৰু উৎসাহৰ সঞ্চাৰ কৰিছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    23 hrs ago
  • বাক্সাত চলি থকা গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈছে বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা। জিলাখনত চলি থকা এই গ্ৰীষ্মকালীন পাঠদানৰ সময়ছোৱাত বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে নিজেই শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপ কৰে।
    1
    বাক্সাত চলি থকা গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈছে বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা। জিলাখনত চলি থকা এই গ্ৰীষ্মকালীন পাঠদানৰ সময়ছোৱাত বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে নিজেই শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপ কৰে।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    23 hrs ago
  • বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।
    1
    বৰপেটা জিলাত যাতে এক বিঘা চৰকাৰী ভূমিও বেদখলকাৰীৰ হাতত নাথাকে, তাৰ বাবে এগৰাকী খিলঞ্জীয়া যুৱকে আহ্বান জনাইছে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    21 hrs ago
  • ফুটবলৰ প্ৰসংগত নিজৰ পছন্দৰ দলৰ কথা উল্লেখ কৰি বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে জনালে যে তেওঁৰ আটাইতকৈ প্ৰিয় দল হৈছে আৰ্জেণ্টিনা।
    1
    ফুটবলৰ প্ৰসংগত নিজৰ পছন্দৰ দলৰ কথা উল্লেখ কৰি বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে জনালে যে তেওঁৰ আটাইতকৈ প্ৰিয় দল হৈছে আৰ্জেণ্টিনা।
    user_Time to Update
    Time to Update
    Local News Reporter বৰনগৰ (পিটি), বৰপেটা, অসম•
    18 hrs ago
  • অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহু সন্দৰ্ভত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।
    1
    অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহু সন্দৰ্ভত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    7 hrs ago
  • দৰঙামেলা-তামুলপুৰ-ৰঙিয়া সংযোগী ASTC বাছ সেৱা আজি পুৱাৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ পৰিছে। যাত্ৰীবাহী বাছৰ চালকক অতৰ্কিতে চুকা অস্ত্ৰৰে কৰা আক্ৰমণৰ প্ৰতিবাদত দৰঙামেলাৰ চালকসকলে স্বতঃস্ফূৰ্তভাৱে ৰঙিয়া অভিমুখী দৰঙামেলা ভূটান লাইনৰ সকলো ASTC বাছ চলাচল বন্ধ কৰি দিছে। অভিযোগ অনুসৰি, যোৱা ৮ তাৰিখে ৰঙিয়া হাইৱে বাছ আস্থানত তামুলপুৰ-দৰঙামেলা অভিমুখী "পপীতৰা" নামৰ ASTC বাছখন ৰৈ থকা অৱস্থাত 'নামনি অসম বাছ মেজিক পৰিবহন সন্থা'ৰ ফাতে আলী ওৰফে পুতুল নামৰ লোক দুজনে বাছখনৰ চালক নৱজিত বৰ্মনক অতৰ্কিতে চুৰীৰে ভয়ংকৰভাৱে আক্ৰমণ কৰে। ঘটনাৰ পিছতে চালক আৰু হেণ্ডিমেনে ৰঙিয়া থানাত গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ এই নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে ক্ষোভিত হৈ চালক আৰু হেণ্ডিমেনসকলে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ দৰঙামেলা-তামুলপুৰ-ৰঙিয়া লাইনৰ সকলো যাত্ৰীবাহী বাছ সেৱা স্তব্ধ কৰি ৰাখিছে। তদুপৰি, ৰঙীয়াৰ পৰা দৰঙামেলা অভিমুখে অহা যাত্ৰীবাহী বাছসমূহকো কুমাৰীকাটাত ৰখাই থোৱা হৈছে। বিক্ষোভকাৰী চালকসকলে হুংকাৰ দিছে যে অভিযুক্ত দুজনৰ বিৰুদ্ধে অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে এই বন্ধ অব্যাহত থাকিব। ইয়াৰোপৰি, ৰঙিয়াৰ হাইৱে চকত মাত্ৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কিদৰে দুটাকৈ বাছ পাৰ্কিং থাকিব পাৰে বুলিও চালকসকলে প্ৰশ্ন তুলিছে। ইফালে, আকস্মিকভাৱে বাছ সেৱা বন্ধ হৈ পৰাৰ বাবে সাধাৰণ যাত্ৰীসকল চৰম ভোগান্তিৰ সন্মুখীন হৈছে আৰু বহুতৰে এতিয়া ই-ৰিক্সা অথবা টেম্পোৰ সহায়ত যাতায়ত কৰিবলগীয়া হৈছে।
    1
    দৰঙামেলা-তামুলপুৰ-ৰঙিয়া সংযোগী ASTC বাছ সেৱা আজি পুৱাৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ পৰিছে। যাত্ৰীবাহী বাছৰ চালকক অতৰ্কিতে চুকা অস্ত্ৰৰে কৰা আক্ৰমণৰ প্ৰতিবাদত দৰঙামেলাৰ চালকসকলে স্বতঃস্ফূৰ্তভাৱে ৰঙিয়া অভিমুখী দৰঙামেলা ভূটান লাইনৰ সকলো ASTC বাছ চলাচল বন্ধ কৰি দিছে।

অভিযোগ অনুসৰি, যোৱা ৮ তাৰিখে ৰঙিয়া হাইৱে বাছ আস্থানত তামুলপুৰ-দৰঙামেলা অভিমুখী "পপীতৰা" নামৰ ASTC বাছখন ৰৈ থকা অৱস্থাত 'নামনি অসম বাছ মেজিক পৰিবহন সন্থা'ৰ ফাতে আলী ওৰফে পুতুল নামৰ লোক দুজনে বাছখনৰ চালক নৱজিত বৰ্মনক অতৰ্কিতে চুৰীৰে ভয়ংকৰভাৱে আক্ৰমণ কৰে। ঘটনাৰ পিছতে চালক আৰু হেণ্ডিমেনে ৰঙিয়া থানাত গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ এই নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে ক্ষোভিত হৈ চালক আৰু হেণ্ডিমেনসকলে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ দৰঙামেলা-তামুলপুৰ-ৰঙিয়া লাইনৰ সকলো যাত্ৰীবাহী বাছ সেৱা স্তব্ধ কৰি ৰাখিছে। তদুপৰি, ৰঙীয়াৰ পৰা দৰঙামেলা অভিমুখে অহা যাত্ৰীবাহী বাছসমূহকো কুমাৰীকাটাত ৰখাই থোৱা হৈছে।

বিক্ষোভকাৰী চালকসকলে হুংকাৰ দিছে যে অভিযুক্ত দুজনৰ বিৰুদ্ধে অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে এই বন্ধ অব্যাহত থাকিব। ইয়াৰোপৰি, ৰঙিয়াৰ হাইৱে চকত মাত্ৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কিদৰে দুটাকৈ বাছ পাৰ্কিং থাকিব পাৰে বুলিও চালকসকলে প্ৰশ্ন তুলিছে। ইফালে, আকস্মিকভাৱে বাছ সেৱা বন্ধ হৈ পৰাৰ বাবে সাধাৰণ যাত্ৰীসকল চৰম ভোগান্তিৰ সন্মুখীন হৈছে আৰু বহুতৰে এতিয়া ই-ৰিক্সা অথবা টেম্পোৰ সহায়ত যাতায়ত কৰিবলগীয়া হৈছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    23 hrs ago
  • বৰপেটা জিলাৰ শুৱাগপুৰত কয়াকুছি আৰক্ষীয়ে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিছে।
    1
    বৰপেটা জিলাৰ শুৱাগপুৰত কয়াকুছি আৰক্ষীয়ে এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিছে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    22 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চিৰাজুলি নতুন বজাৰত নেমছুৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে।
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চিৰাজুলি নতুন বজাৰত নেমছুৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    8 hrs ago
  • সীতাজখলাৰ সমীপৱৰ্তী অসম-মেঘালয় সীমান্তৰ উমচিয়াং নদীত যোৱা ৯ জুলাইত সতীৰ্থৰ সৈতে প্ৰকৃতিৰ কোলাত অৱগাহন কৰিবলৈ গৈ নিখোজ হোৱা টোপাতলী মিলনপুৰ গাঁৱৰ ১৯ বছৰীয়া কিশোৰ কৰন বড়োৰ কৰুণ পৰিসমাপ্তি ঘটিছে। তিনি দিন ধৰি নেৰানেপেৰা প্ৰচেষ্টা চলোৱাৰ অন্তত আজি উদ্ধাৰকাৰী এছ.ডি.আৰ.এফ. (SDRF) বাহিনীয়ে নদীৰ গভীৰ বুকুখনিৰ পৰা যুৱকজনৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, উমচিয়াং নদীৰ এই নিৰ্দিষ্ট স্থানখণ্ড কালৰ সোঁতত ইতিপূৰ্বে বহুকেইটা অকাল মৃত্যুৰ সাক্ষী হৈ পৰিছে। প্ৰকৃতিৰ সান্নিধ্য বিচাৰি গৈ একাংশ লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হোৱা এই ঘটনাসমূহে স্বাভাৱিকতেই অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পেলাইছে। উমচিয়াং নদীৰ গভীৰ বুকুত এটি সপোন হেৰাই যোৱাক লৈ অসম-মেঘালয় সীমান্তৰ উমচিয়াঙত এতিয়া চৰম বিষাদৰ বিননি উঠিছে।
    1
    সীতাজখলাৰ সমীপৱৰ্তী অসম-মেঘালয় সীমান্তৰ উমচিয়াং নদীত যোৱা ৯ জুলাইত সতীৰ্থৰ সৈতে প্ৰকৃতিৰ কোলাত অৱগাহন কৰিবলৈ গৈ নিখোজ হোৱা টোপাতলী মিলনপুৰ গাঁৱৰ ১৯ বছৰীয়া কিশোৰ কৰন বড়োৰ কৰুণ পৰিসমাপ্তি ঘটিছে। তিনি দিন ধৰি নেৰানেপেৰা প্ৰচেষ্টা চলোৱাৰ অন্তত আজি উদ্ধাৰকাৰী এছ.ডি.আৰ.এফ. (SDRF) বাহিনীয়ে নদীৰ গভীৰ বুকুখনিৰ পৰা যুৱকজনৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, উমচিয়াং নদীৰ এই নিৰ্দিষ্ট স্থানখণ্ড কালৰ সোঁতত ইতিপূৰ্বে বহুকেইটা অকাল মৃত্যুৰ সাক্ষী হৈ পৰিছে। প্ৰকৃতিৰ সান্নিধ্য বিচাৰি গৈ একাংশ লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হোৱা এই ঘটনাসমূহে স্বাভাৱিকতেই অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পেলাইছে। উমচিয়াং নদীৰ গভীৰ বুকুত এটি সপোন হেৰাই যোৱাক লৈ অসম-মেঘালয় সীমান্তৰ উমচিয়াঙত এতিয়া চৰম বিষাদৰ বিননি উঠিছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.