Shuru
Apke Nagar Ki App…
আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত নাজিৰ হিচাপে অৱসৰ গ্ৰহণ কৰা শ্ৰী সুৰেন মেধিক জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰীয়ে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়, য'ত জিলা আয়ুক্ত আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে তেওঁক অৱসৰী জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
ৰিয়ান মেধী
আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত নাজিৰ হিচাপে অৱসৰ গ্ৰহণ কৰা শ্ৰী সুৰেন মেধিক জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰীয়ে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়, য'ত জিলা আয়ুক্ত আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে তেওঁক অৱসৰী জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
More news from অসম and nearby areas
- মৰিগাঁও ডায়েটত অনুষ্ঠিত এক সংবাদমেলযোগে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), মৰিগাঁৱৰ উদ্যোগত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত অহা ৫ আৰু ৬ জুনত দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্ৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে অনুষ্ঠিত হ'ব। ইয়াৰ মূল বিষয়বস্তু হৈছে— "Environment at the Crossroads: Balancing Development with Sustainability" (সংকট ক্ষণত পৰিৱেশ: বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা)। এই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে বৰ্ধিত উন্নয়ন আৰু পৰিৱেশ ধ্বংসৰ ফলত হ'ব পৰা সাম্ভাব্য পৰিৱৰ্তনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা আৰু এই সন্দৰ্ভত সুচিন্তিত গৱেষণাক উৎসাহিত কৰা। অনুষ্ঠানৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি, এই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু সমল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।1
- অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।1
- আজি জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই উত্তৰ ধৰমতুল গাঁও পঞ্চায়তত শিক্ষার্থীসকলক সম্বৰ্ধনা জনাই থকা সময়ছোৱাত পূব বিহুবড়ি জনজাতি নামঘৰৰ সমীপত স্থানীয় আই-মাতৃসকলৰ সৈতে ক্ষন্তেক সময়ৰ বাবে মত বিনিময় কৰে।1
- ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই। নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।1
- ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সমাজ সেৱক তথা নতুনকৈ কংগ্ৰেছত যোগদান কৰা নেতা নুৰুল আমিন চৌধুৰীক আজি গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত বিজেপি কৰ্মীসকলে খেদি পঠিয়ায়। অভিযোগ অনুসৰি, উন্নয়ন খণ্ডৰ সন্মুখত উপস্থিত হৈয়েই চৌধুৰীয়ে উচটনিমূলক মন্তব্য দিয়াৰ ফলত বিজেপি কৰ্মীসকল উত্তেজিত হৈ পৰে আৰু ইয়াৰ ফলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইনৰ আজি গড়াজান উন্নয়ন খণ্ডত এক পৰ্যালোচনা সভা অনুষ্ঠিত হোৱাৰ কথা আছিল। সভা আৰম্ভ হোৱাৰ পূৰ্বেই উন্নয়ন খণ্ডৰ সন্মুখভাগ উত্তপ্ত হৈ পৰে। পৰিস্থিতিৰ অধিক অৱনতি হোৱাত, দল বাগৰা নেতা তথা ন-কংগ্ৰেছী নুৰুল আমিন চৌধুৰী অৱশেষত ঘটনাস্থলীৰ পৰা পলাই পতং দিয়ে। চামগুৰি সমষ্টিৰ গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত সৃষ্টি হোৱা কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ এই তীব্ৰ সংঘাতে পৰিস্থিতি ভয়াৱহ কৰি তোলাত ৰূপহীহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।1
- ৰূপহীহাটৰ কাৱৈমাৰীত এগৰাকী এক সন্তানৰ মাতৃ বিগত এমাহ ধৰি নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পত্নী নিৰুদ্দেশ হোৱাত স্বামী আব্দুল আজিজে তেওঁক বিচাৰি হাঁহাকাৰ কৰিছে।1
- আজি ঢেকীয়াজুলি সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামত সদৌ অসম ভিত্তিত পেনচাক চিলাট প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা হৈছে। এই প্ৰতিযোগিতাৰ শুভাৰম্ভণি ভোটপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয়।1
- মৰিগাঁও জিলাৰ কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ উদ্যোগত গড়জান প্ৰাথমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৩৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত গড়জান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আইনুদ্দিন আহমেদে সভাপতিত্ব কৰে। বিশিষ্ট অতিথি হিচাপে ‘বৰ অসম’ সাপ্তাহিক কাকতৰ সম্পাদক বিৰিঞ্চি কুমাৰ শৰ্মা, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলাম আৰু Voice 365-ৰ মৰিগাঁও জিলাৰ যুৱ সাংবাদিক মহেশ কুমাৰ দাস উপস্থিত থাকে। সভাত শিক্ষাৰ গুৰুত্ব, অধ্যৱসায় আৰু ভৱিষ্যৎ জীৱনত সফলতা অৰ্জনৰ বাবে শিক্ষাৰ্থীসকলক উৎসাহব্যঞ্জক বক্তব্য আগবঢ়োৱা হয়, লগতে অতিথিসকলে সমাজ আৰু জাতি গঠনত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে। সম্বৰ্ধনা অনুষ্ঠানত কৃতী শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয়। গড়জান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ বিষয়ববীয়াসকল, অভিভাৱক আৰু বহু গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ জৰিয়তে কৃতী শিক্ষাৰ্থীসকলক সন্মান জনোৱাৰ লগতে আন শিক্ষাৰ্থীসকলকো অধ্যয়নত অধিক মনোযোগী হ'বলৈ উৎসাহিত কৰা হয়। উপস্থিত সকলোৱে এনে উদ্যোগক শলাগ লৈ ভৱিষ্যতেও ধাৰাবাহিকভাৱে অব্যাহত ৰখাৰ আহ্বান জনায়।1