logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে, য'ত পল্লা নৈত গা ধুবলৈ গৈ দুটি শিশুৰ কৰুণ মৃত্যু হয়। মৃত শিশু দুটি হৈছে দক্ষিণ ভকুৱামাৰীৰ বাবুৰ আলীৰ আঠ বছৰীয়া পুত্ৰ মফিজুৰ আলী আৰু মটঙাৰ সাহাদত আলীৰ ন বছৰীয়া পুত্ৰ সুহেল আলী।

19 hrs ago
user_Sanjay sarkar
Sanjay sarkar
Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
19 hrs ago

বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে, য'ত পল্লা নৈত গা ধুবলৈ গৈ দুটি শিশুৰ কৰুণ মৃত্যু হয়। মৃত শিশু দুটি হৈছে দক্ষিণ ভকুৱামাৰীৰ বাবুৰ আলীৰ আঠ বছৰীয়া পুত্ৰ মফিজুৰ আলী আৰু মটঙাৰ সাহাদত আলীৰ ন বছৰীয়া পুত্ৰ সুহেল আলী।

More news from অসম and nearby areas
  • মানাহ ৰাষ্ট্ৰীয় উদ্যানত অহা ১ জুনৰ পৰা ৰিভাৰ ৰাফ্টিং আৰু হাতী ছাফাৰি সেৱা বন্ধ হৈ পৰিব। আনহাতে, শেহতীয়াভাৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
    1
    মানাহ ৰাষ্ট্ৰীয় উদ্যানত অহা ১ জুনৰ পৰা ৰিভাৰ ৰাফ্টিং আৰু হাতী ছাফাৰি সেৱা বন্ধ হৈ পৰিব। আনহাতে, শেহতীয়াভাৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    9 hrs ago
  • মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ এটা দলে বনৰজাৰ বিচৰণৰ এক নান্দনিক দৃশ্য উপভোগ কৰে। এই মনোমোহা দৃশ্যে পৰ্যটকসকলক যথেষ্ট আনন্দিত কৰে।
    1
    মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ এটা দলে বনৰজাৰ বিচৰণৰ এক নান্দনিক দৃশ্য উপভোগ কৰে। এই মনোমোহা দৃশ্যে পৰ্যটকসকলক যথেষ্ট আনন্দিত কৰে।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    5 hrs ago
  • বাক্সা জিলাৰ ডুমুনীৰ পৰা চিমলালৈ যোৱা সংযোগী পথটোৰ অৱস্থা অত্যন্ত শোচনীয়। পথটোৰ দুৰাৱস্থাই অঞ্চলটোৰ ৰাইজক যথেষ্ট সমস্যাত পেলাইছে। ঠায়ে ঠায়ে পথত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, য'ত এজাক বৰষুণ দিলেই পানীৰে ভৰি পৰে আৰু জলাশয়ৰ দৰে হৈ পৰে। ইয়াৰোপৰি, প্ৰায় চাৰি বছৰৰ পূৰ্বে কালদিয়া নৈৰ পানীয়ে খহাই নিয়া পথৰ এটা অংশ আজিও মেৰামতি কৰা হোৱা নাই। এই বিপদসংকুল পথটোৰে দৈনিক বহু যান-বাহন পাৰ হয়। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পথচাৰীসকলে বিটিচি চৰকাৰলৈ অতি শীঘ্ৰে এই পথচোৱা পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে।
    2
    বাক্সা জিলাৰ ডুমুনীৰ পৰা চিমলালৈ যোৱা সংযোগী পথটোৰ অৱস্থা অত্যন্ত শোচনীয়। পথটোৰ দুৰাৱস্থাই অঞ্চলটোৰ ৰাইজক যথেষ্ট সমস্যাত পেলাইছে। ঠায়ে ঠায়ে পথত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, য'ত এজাক বৰষুণ দিলেই পানীৰে ভৰি পৰে আৰু জলাশয়ৰ দৰে হৈ পৰে। ইয়াৰোপৰি, প্ৰায় চাৰি বছৰৰ পূৰ্বে কালদিয়া নৈৰ পানীয়ে খহাই নিয়া পথৰ এটা অংশ আজিও মেৰামতি কৰা হোৱা নাই। এই বিপদসংকুল পথটোৰে দৈনিক বহু যান-বাহন পাৰ হয়।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পথচাৰীসকলে বিটিচি চৰকাৰলৈ অতি শীঘ্ৰে এই পথচোৱা পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে।
    user_Manas Pratim
    Manas Pratim
    Local News Reporter বাগানপাৰা (পিটি), বাক্সা, অসম•
    2 hrs ago
  • উত্তৰ-পশ্চিম তামুলপুৰ বায়খো পূজা উদযাপন সমিতিৰ উদ্যোগত অহা ৩১ মে’ত, ৰবিবাৰে জামুগুৰীৰ (ভেৰাখাট) বায়খো ডামত বায়খো পূজা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানৰ বাবে অঞ্চলটোৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।
    1
    উত্তৰ-পশ্চিম তামুলপুৰ বায়খো পূজা উদযাপন সমিতিৰ উদ্যোগত অহা ৩১ মে’ত, ৰবিবাৰে জামুগুৰীৰ (ভেৰাখাট) বায়খো ডামত বায়খো পূজা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানৰ বাবে অঞ্চলটোৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    18 hrs ago
  • কলগাছিয়াত এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। এই বানপানীয়ে কলগাছিয়াৰ কে. কে. পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আৰু ভাৰতীয় ষ্টেট বেংকৰ কলগাছিয়া শাখাৰ সন্মুখত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। পৰিস্থিতিক লৈ ক্ষুব্ধ হৈ উঠা স্থানীয় ৰাইজে ৰাজপথতে জালেৰে মাছ ধৰি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ জৰিয়তে ৰাইজে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে দাবী জনায়।
    1
    কলগাছিয়াত এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। এই বানপানীয়ে কলগাছিয়াৰ কে. কে. পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আৰু ভাৰতীয় ষ্টেট বেংকৰ কলগাছিয়া শাখাৰ সন্মুখত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে।

পৰিস্থিতিক লৈ ক্ষুব্ধ হৈ উঠা স্থানীয় ৰাইজে ৰাজপথতে জালেৰে মাছ ধৰি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ জৰিয়তে ৰাইজে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে দাবী জনায়।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    6 hrs ago
  • ৰঙিয়াৰ কৰৰা গড়ভিতৰত যোৱা নিশা পথৰ দাঁতিৰ এক উন্মুক্ত দ পুখুৰীত পৰি এজন স্থানীয় যুৱকৰ অকাল মৃত্যু হোৱা হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজনক বিছেন্নালা গাঁৱৰ দক্ষিণতোলা চুবুৰীৰ তপন কলিতা হিচাপে চিনাক্ত কৰা হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা নিশা প্ৰায় ১০:৩০ বজাত তপন কলিতাই নিজৰ মটৰচাইকেলেৰে উক্ত পথটোৰে ঘৰলৈ উভতি আহিছিল। পথৰ দাঁতিত লাগি থকা প্ৰায় ১০ ফুট দ পুখুৰীটোত নিয়ন্ত্ৰণ হেৰুৱাই চলন্ত বাইকসহ আকস্মিকভাবে পৰি তেওঁ সলিল সমাধি ঘটে। পুখুৰীটোৰ চাৰিওফালে গাৰ্ড ৱাল বা ফেঞ্চিং নথকাত সম্পূৰ্ণ উন্মুক্ত হৈ থকাৰ বাবে স্থানীয় ৰাইজে পুখুৰীটোৰ গৰাকী নৃপেন কলিতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ইতিমধ্যে ৰঙিয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু অভিযুক্ত নৃপেন কলিতাকো আটক কৰিছে। আজি দিনৰ ভাগত অভিযানকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মটৰচাইকেলখনো উদ্ধাৰ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি দুৰ্ভগীয়া তপন কলিতাৰ বাসগৃহৰ লগতে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মৃত তপন কলিতা এজন দিন হাজিৰা কৰা ব্যক্তি আছিল আৰু তেওঁৰ পত্নী তথা দুই সন্তানক পোহপাল দিছিল। সেয়েহে, ৰাইজে তেওঁৰ পত্নী আৰু দুই সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব লোৱাৰ লগতে অভিযুক্ত নৃপেন কলিতাৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছে।
    1
    ৰঙিয়াৰ কৰৰা গড়ভিতৰত যোৱা নিশা পথৰ দাঁতিৰ এক উন্মুক্ত দ পুখুৰীত পৰি এজন স্থানীয় যুৱকৰ অকাল মৃত্যু হোৱা হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজনক বিছেন্নালা গাঁৱৰ দক্ষিণতোলা চুবুৰীৰ তপন কলিতা হিচাপে চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা নিশা প্ৰায় ১০:৩০ বজাত তপন কলিতাই নিজৰ মটৰচাইকেলেৰে উক্ত পথটোৰে ঘৰলৈ উভতি আহিছিল। পথৰ দাঁতিত লাগি থকা প্ৰায় ১০ ফুট দ পুখুৰীটোত নিয়ন্ত্ৰণ হেৰুৱাই চলন্ত বাইকসহ আকস্মিকভাবে পৰি তেওঁ সলিল সমাধি ঘটে। পুখুৰীটোৰ চাৰিওফালে গাৰ্ড ৱাল বা ফেঞ্চিং নথকাত সম্পূৰ্ণ উন্মুক্ত হৈ থকাৰ বাবে স্থানীয় ৰাইজে পুখুৰীটোৰ গৰাকী নৃপেন কলিতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ইতিমধ্যে ৰঙিয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু অভিযুক্ত নৃপেন কলিতাকো আটক কৰিছে। আজি দিনৰ ভাগত অভিযানকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মটৰচাইকেলখনো উদ্ধাৰ কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি দুৰ্ভগীয়া তপন কলিতাৰ বাসগৃহৰ লগতে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মৃত তপন কলিতা এজন দিন হাজিৰা কৰা ব্যক্তি আছিল আৰু তেওঁৰ পত্নী তথা দুই সন্তানক পোহপাল দিছিল। সেয়েহে, ৰাইজে তেওঁৰ পত্নী আৰু দুই সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব লোৱাৰ লগতে অভিযুক্ত নৃপেন কলিতাৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    1 day ago
  • বঙাইগাঁৱৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত এগৰাকী কিশোৰী ছাত্ৰীক শিক্ষকে শাৰীৰিক নিৰ্যাতন কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে। বঙাইগাঁও বিদ্যামন্দিৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যোৱা ২৭ মে’ত বিদ্যালয়ৰ টিফিনৰ বিৰতিৰ সময়ত শিক্ষক সুশংকৰ দত্তই নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। এই প্ৰহাৰৰ ফলত ছাত্ৰীগৰাকীৰ কাণ আৰু গালত গুৰুতৰভাৱে আঘাত লাগে। ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে শিক্ষকজনে ছাত্ৰীগৰাকীক প্ৰহাৰ কৰিছিল। ঘটনাৰ পিছতে মৰ্মাহত আৰু শংকিত পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক ততাতৈয়াকৈ স্থানীয় চিকিৎসকৰ ওচৰলৈ লৈ যায় আৰু তাত তেওঁৰ চিকিৎসা কৰোৱা হয়। বিদ্যালয়ৰ দৰে পবিত্ৰ স্থানত ছাত্ৰীৰ ওপৰত হোৱা এনে শাৰীৰিক নিৰ্যাতনৰ ঘটনাই অভিভাৱক সমাজৰ মাজত তীব্ৰ নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে। ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে অভিযুক্ত শিক্ষক সুশংকৰ দত্তৰ বিৰুদ্ধে কঠোৰ আইনী আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। বৰ্তমানলৈকে এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষ বা আৰক্ষীৰ তৰফৰ পৰা কি পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেই বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই।
    1
    বঙাইগাঁৱৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত এগৰাকী কিশোৰী ছাত্ৰীক শিক্ষকে শাৰীৰিক নিৰ্যাতন কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে। বঙাইগাঁও বিদ্যামন্দিৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যোৱা ২৭ মে’ত বিদ্যালয়ৰ টিফিনৰ বিৰতিৰ সময়ত শিক্ষক সুশংকৰ দত্তই নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। এই প্ৰহাৰৰ ফলত ছাত্ৰীগৰাকীৰ কাণ আৰু গালত গুৰুতৰভাৱে আঘাত লাগে।

ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে শিক্ষকজনে ছাত্ৰীগৰাকীক প্ৰহাৰ কৰিছিল। ঘটনাৰ পিছতে মৰ্মাহত আৰু শংকিত পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক ততাতৈয়াকৈ স্থানীয় চিকিৎসকৰ ওচৰলৈ লৈ যায় আৰু তাত তেওঁৰ চিকিৎসা কৰোৱা হয়। বিদ্যালয়ৰ দৰে পবিত্ৰ স্থানত ছাত্ৰীৰ ওপৰত হোৱা এনে শাৰীৰিক নিৰ্যাতনৰ ঘটনাই অভিভাৱক সমাজৰ মাজত তীব্ৰ নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে।

ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে অভিযুক্ত শিক্ষক সুশংকৰ দত্তৰ বিৰুদ্ধে কঠোৰ আইনী আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। বৰ্তমানলৈকে এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষ বা আৰক্ষীৰ তৰফৰ পৰা কি পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেই বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    23 hrs ago
  • বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে, য'ত পল্লা নৈত গা ধুবলৈ গৈ দুটি শিশুৰ কৰুণ মৃত্যু হয়। মৃত শিশু দুটি হৈছে দক্ষিণ ভকুৱামাৰীৰ বাবুৰ আলীৰ আঠ বছৰীয়া পুত্ৰ মফিজুৰ আলী আৰু মটঙাৰ সাহাদত আলীৰ ন বছৰীয়া পুত্ৰ সুহেল আলী।
    1
    বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে, য'ত পল্লা নৈত গা ধুবলৈ গৈ দুটি শিশুৰ কৰুণ মৃত্যু হয়। মৃত শিশু দুটি হৈছে দক্ষিণ ভকুৱামাৰীৰ বাবুৰ আলীৰ আঠ বছৰীয়া পুত্ৰ মফিজুৰ আলী আৰু মটঙাৰ সাহাদত আলীৰ ন বছৰীয়া পুত্ৰ সুহেল আলী।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.