Shuru
Apke Nagar Ki App…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাত জীৱ প্ৰযুক্তি বিদ্যা(Biotechnology) বিষয়ত বিশ্ববিদ্যালয়ৰ ভিতৰতে 9.24 CGPA লাভ কৰি শীৰ্ষ স্থান দখল কৰিছে জামুগুৰিহাটৰ মেধাৱী ছাত্ৰ ভৈৰৱজ্যোতি ভূঞাই৷হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ গুৱাহাটীত অধ্যয়ন কৰি পৰৱৰ্তী পৰ্যায়ত তেজপুৰস্থিত দৰং কলেজৰপৰা স্নাতক বিজ্ঞান শাখাত নামভৰ্তি কৰি পৰীক্ষাত অৱতীৰ্ণ হোৱা ভৈৰৱজ্যোতি ভূঞাৰ এই সাফল্যই গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ জামুগুৰিহাটলৈ৷ অশেষ কষ্ট আৰু ত্যাগ কৰি নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়ন কৰি সফলতা অৰ্জন কৰা ভৈৰৱজ্যোতিৰ ভৱিষ্যতে এগৰাকী প্ৰবক্তা হোৱাৰ মন ৷ ভৈৰৱজ্যোতি ভূঞা টলকাবাৰী মধুপুৰ গাঁও নিবাসী প্ৰয়াত ৰাজীৱ ভূঞা আৰু শ্ৰী মৃণালী ভূঞাৰ জ্যেষ্ঠ পুত্ৰ৷
অঞ্জন শইকীয়া

More news from অসম and nearby areas
- 📌অতি শীঘ্ৰে বিশ্বনাথ জিলাতো আৰম্ভ হ'ব ১৬ সংখ্যক দশবাৰ্ষিক লোকপিয়ল -২০২৭! 📌সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সম্পন্ন হ'ব উক্ত লোকপিয়ল।এই কথা সদৰি কৰে জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণে ।1
- বান সাহায্য প্ৰদান কৰিবলৈ গৈ বানাক্ৰান্ত ৰাইজৰ ইন্টাৰভিউ ল'লে এজন ব্যক্তিয়ে। শিকালে বুৰঞ্জীৰ পাঠ, বুজাই দিলে মদৰ অপকাৰৰ বিৰুদ্ধে, এই ভিডিঅ'ক লৈ তোলপাৰ সকলোতে।1
- ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য1
- অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কলিয়াবৰ অন্তৰ্গত লাওখোৱাত শাখা গঠন। দুদিনীয়াকৈ আয়োজন গীত আৰু কবিতা আবৃত্তিৰ দ্বাৰা কৰ্মশালা আয়োজন। লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গুণদা দাস হাজৰিকাৰ নেতৃত্ব কলিয়াবৰ সমষ্টিৰ লাওখোৱাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নতুন শাখা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে ৩০ আৰু ৩১ জুলাইত দুদিনীয়াকৈ গীত আৰু কবিতা আবৃত্তিৰ এক কৰ্মশালাৰ আয়োজন কৰিছে। কৰ্মশালাত অঞ্চলটোৰ শিক্ষাৰ্থী আৰু সংস্কৃতিপ্ৰেমীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অভিজ্ঞ প্ৰশিক্ষকসকলে আবৃত্তি, কবিতা পাঠ, উচ্চাৰণ, কণ্ঠচৰ্চা আৰু গীত পৰিবেশনৰ বিভিন্ন দিশত হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰে।1
- সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক #nonfollowers #assam #Nagaon #upperassam1
- কলিয়াবৰৰ ভকুৱামাৰীত চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ তিনিশ পৰিয়ালে যাতায়ত কৰা চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ এই প্ৰতিবাদ মুজিবুৰ ৰহমান আৰু আমীৰ আলী নামৰ দুজন লোকে চৰকাৰী কৃষিবান্ধ দখল কৰাৰ অভিযোগ বৰঘুলী গড়কাপ্তানি পথৰ পৰা ভকুৱামাৰী খালপাৰ জামে মছজিদলৈ যোৱা কৃষি বান্ধটো কাটি দিয়াত যাতায়ত বন্ধ হৈ পৰিছে তিনি শতাধিক পৰিয়ালৰ এই কৃষি বান্ধটোৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰিছিল যদিও মজিবুৰে বাহুবল প্ৰয়োগ কৰি কৃষিবান্ধ টো কাটি খেতি কৰাৰ অভিযোগ আমাৰ ৰাস্তা আমাক লাগিবই, চৰকাৰী ৰাস্তা বন্ধ কৰা নচলিব, মজিবুৰ হাই হাই আদি শ্লোগানেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ1
- আৰক্ষীৰ দলটোৱে চাইবাৰ অপৰাধী কেইজনৰ কবলৰ পৰা, বেংক পাচবুক, স্বইপ মেচিন, কেইবাটাও ATM,১৬ টা মোবাইল ফোন, পাছপোৰ্ট , প্ৰিন্টাৰ,নগদ দুই লাখ ২৫০০ টকাৰ লগতে ভালে সংখ্যক আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিজানত লোক কেইজন কৰায়ত্ত। অভিযানকাৰী দলটোৱে: আশ্ৰাফুল আলম মৈৰাবাৰী থানা। ইকবাল হুছেইন, মিকিৰভেটা থানা। আজাহৰুল ইছলাম, লহৰিঘাট থানা। ৰশিদুল ইছলাম, মিকিৰ্ভেঁটা থানা। হাফিজ উদ্দিন, লাহৰীঘাট থানা। জিয়াৰুল ইছলাম, লাহৰিঘাট থানা। বাবুল ইছলাম লাহৰিঘাট থানা। ইনামূল কৰিম, লহৰিঘাট থানা।জয়দুল ইছলাম, লাহৰিঘাট থানা। মহিবুল ইছলাম, লহৰীঘাট থানা। আজাহাৰুল ইছলাম, লাহৰীঘাট থানা। আৰু ৰছিদুল ইছলাম মিকিৰভেটা থানাৰ পৰা গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰা হৈছে ধৃত চাইবাৰ অপৰাধী কেইটাক।1