Shuru
Apke Nagar Ki App…
Imdad hussain
More news from Nagaon and nearby areas
- চামগুৰি সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত লগাবলৈ অপচেষ্টা চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। একাংশ বিজেপি কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।1
- চামগুৰি সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ বিজেপি কৰ্মীয়ে। যোৱা ৩০ মে'ত গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে বিজেপি কৰ্মীসকলে নুৰুল আমিন চৌধুৰীক জগৰীয়া কৰিছে। বিজেপি কৰ্মীসকলে স্পষ্ট কৰিছে যে, "মুছলমান সমষ্টিত হিন্দুৰ কি কাম" বুলি সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবেই নুৰুল আমিন চৌধুৰীক পহু খেদা দিয়া হৈছিল। গড়াজান আঞ্চলিক পঞ্চায়তৰ সদস্য সিদ্ধাৰ্থ মণ্ডল ওৰফে পন্টিঙক উদ্দেশ্যি কটু মন্তব্য কৰাৰ বাবেই সেইদিনা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ শতাধিক কৰ্মী-সমৰ্থক গৰজি উঠিছিল। এই উত্তপ্ত পৰিস্থিতিৰ বাবেই চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইনৰ পৰ্যায় আলোচনা সভা বাতিল কৰা হৈছিল।1
- আউনীআটী সত্ৰৰ পৰম পূজনীয় সত্ৰাধিকাৰ আৰু বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী প্ৰভুৰ দিকদৰ্শন আৰু আধ্যাত্মিক চিন্তাধাৰাই সমাজক সদায় আলোকিত কৰি আহিছে। তেখেতে ব্রিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা অমূল্য ঐতিহ্য 'বৃন্দাবনী বস্ত্ৰ' দৰ্শন কৰা মুহূৰ্তটো সকলোৰে বাবে অতি গৌৰৱৰ। এই ঐতিহাসিক যাত্ৰাৰ ফলশ্ৰুতিত, অতি সোনকালেই অসমৰ জনসাধাৰণে এই অতুলনীয় ঐতিহ্য স্বচক্ষে দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিব। অসমৰ বৈষ্ণৱ পৰম্পৰা আৰু সাংস্কৃতিক গৌৰৱৰ সৈতে জড়িত এই ঐতিহাসিক ঘটনাটোৱে প্ৰতিজন অসমীয়াৰ হৃদয় গৌৰৱেৰে ভৰাই তুলিছে।1
- লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ শিক্ষা বিভাগত এক আজৱ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে, য’ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহৰ বাবে একত্ৰিকৰণৰ জাননী জাৰি কৰিছে। এই জাননীৰ অধীনত, বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৪৫ খন বিদ্যালয় একত্ৰিকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তৰ ফলত Badati Jamuguri CRCC (শিক্ষা সমল ব্যক্তি)ৰ অধীনস্থ শতবৰ্ষ গৰকিবলগীয়া ঐতিহ্যমণ্ডিত জামুগুৰি মজলীয়া বিদ্যালয়খনো একত্ৰিকৰণৰ দিশে আগবাঢ়িছে, যাৰ ভৱিষ্যতক লৈ অঞ্চলটোত গভীৰ উদ্বেগ প্ৰকাশ পাইছে। জামুগুৰি মজলীয়া বিদ্যালয়ত আঠটা শ্ৰেণী কোঠাৰ বিপৰীতে দুজন শিক্ষকহে আছে বুলি শিক্ষা বিভাগে Shiksha Setu এপৰ জৰিয়তে জনাইছে, আৰু আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ মাত্ৰ তিনিজন আছিল। একাংশ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে দায়িত্বপ্ৰাপ্ত CRCC যাদৱ দাসে তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালৰ দায়িত্ব সামৰিব বিচাৰি এই দুখ বিদ্যালয়ৰ প্ৰধানৰ কান্ধত জাপি ৰাইজৰ পৰা দায় সৰাৰ চেষ্টা চলাইছে। বিদ্যালয় প্ৰধানে অৱশেষত এক সাধাৰণ সভা অনুষ্ঠিত কৰি ৰাইজৰ সন্মুখত সকলো বিষয় অৱগত কৰে। ৰাজ্যৰ শিক্ষা বিভাগত এনে কাৰ্যকলাপক লৈ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ দায়িত্বহীনতা উদঙাই দিছে বুলি অভিযোগ কৰা হৈছে। এই পদক্ষেপসমূহে কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ মিঠা সপোনবোৰ কি হ’ব তাৰ ওপৰত প্ৰশ্ন চিহ্ন লগাইছে, যাৰ ফলত স্থানীয় ৰাইজৰ মাজত গভীৰ সংকটৰ সৃষ্টি হৈছে।4
- বিধায়ক ঋষিৰাজ হাজৰিকাই মন্তব্য কৰি জনাইছে যে লালুক অঞ্চলত কেৱল থলুৱা লোকেহে ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্ৰাধিকাৰ লাভ কৰিব। তেওঁ লগতে উল্লেখ কৰে যে লালুক বজাৰৰ পুৰণি দোকানবোৰ নতুনকৈ ৰং কৰি পুনৰ নিৰ্মাণ কৰা হ'ব।1
- নগাঁও জিলাৰ চামগুৰিৰ গেৰুৱামুখত চুৱাইন ফ্লুত আক্ৰান্ত হৈ আনোৱাৰা বেগম নামৰ ৫৩ বছৰীয়া এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু হৈছে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। এক সপ্তাহ পূৰ্বে আনোৱাৰা বেগম জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈ আছিল। তেওঁ বৰমাৰ আলহাজ নুৰুল হুছেইন হাই স্কুলত কৰ্মৰত আছিল। আনোৱাৰা বেগমৰ মৃত্যুৰ পিছতে তেওঁৰ বাসগৃহত পশু চিকিৎসকৰ এটা দল উপস্থিত হয়। এই দলটোৱে ৰোগবিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱাৰ লগতে অঞ্চলবাসীক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। কিন্তু আনোৱাৰা বেগমৰ স্বামীয়ে তেওঁৰ মৃত্যু চুৱাইন ফ্লুত হোৱা বুলি মানি ল'ব পৰা নাই। তেওঁৰ অভিযোগ অনুসৰি, আনোৱাৰা বেগমৰ মৃত্যু ভুল চিকিৎসাৰ বাবেহে হৈছে।1
- চাৰ্জিং বাইক বা স্কুটিৰ ডিলাৰশ্বিপ মুকলি কৰিব বিচৰা ব্যক্তি বা প্ৰতিষ্ঠানসমূহৰ বাবে এক বিশেষ সুযোগ আগবঢ়োৱা হৈছে। এই সুযোগ বিশেষকৈ নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি-আংলং আৰু ডিমা হাছাও জিলাৰ বাবে এক 'সোনালী সুযোগ' হিচাপে বৰ্ণনা কৰা হৈছে। আগ্ৰহীসকলে অধিক তথ্যৰ বাবে আজি 91477 67330 নম্বৰত যোগাযোগ কৰিব পাৰে।1
- ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই আজি দিনজোৰা কাৰ্যসূচীৰে লালুক দৈনিক বজাৰ এলেকাত এক ব্যাপক চাফাই অভিযান চলায়। পুৱা ৯ বজাৰ পৰা সন্ধিয়ালৈকে তেওঁ নিজে উপস্থিত থাকি লালুক দৈনিক বজাৰ আৰু মাছ বজাৰত ব্যৱসায়ীসকলে য'তে-ত'তে পেলাই থোৱা বৃহৎ পৰিমাণৰ আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা কৰে। এই অভিযানত বজাৰৰ ভিতৰত থকা কাণ্ডজ্ঞানহীন ব্যৱসায়ীৰ দুখন নিৰ্মাণ নকৰা দোকানত জমা হোৱা জাৱৰ, পথৰ দাঁতিত জমা হোৱা জাৱৰ আদি উলিয়াই বাহিৰলৈ পঠিওৱা হয়। ইয়াৰ সমান্তৰালকৈ লালুকৰ মাজমজিয়াত থকা লোক নিৰ্মাণ বিভাগৰ ভূমিত একাংশ লোকে অবৈধভাৱে দখল কৰি চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰা হয়। অবৈধভাৱে সজা দোকানসমূহ ভাঙি তাৰ পিছফালে জমা হৈ থকা জাৱৰ আঁতৰোৱাৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে, লালুকত জাৱৰ পেলোৱাৰ বাবে নিৰ্দিষ্ট স্থানৰ অভাৱ হোৱাৰ বাবেই একাংশ ব্যৱসায়ীয়ে যধে-মধে জাৱৰ জমা কৰি আহিছিল। আজি বৃহৎ পৰিমাণৰ জাৱৰসমূহ সংগ্ৰহ কৰি বিহপুৰীয়াৰ জাৱৰ নিষ্কাশন ব্যৱস্থা কৰা স্থানলৈ প্ৰেৰণ কৰা হয়। কেইদিনমান পূৰ্বে বিধায়কগৰাকীৰ নেতৃত্বত লালুক দৈনিক বজাৰত পথৰ কাষত থকা একাংশ পদপথৰ ব্যৱসায়ীক আঁতৰাই পথছোৱা যান-বাহন চলাচলৰ বাবে সুচল কৰি তোলা হৈছিল, যাৰ ফলত একাংশ লোক কৰ্মহীন হৈ পৰিছিল। এই সন্দৰ্ভত বিধায়ক ঋষিৰাজ হাজৰিকাই মন্তব্য কৰে যে, আজি লালুক লোক নিৰ্মাণ বিভাগৰ ভূমিত অবৈধ দোকানসমূহ উচ্ছেদ কৰাৰ পিছত তাত মাটি পেলাই ইতিমধ্যে কৰ্মহীন হোৱা পদপথৰ ব্যৱসায়ীসকলক অস্থায়ীভাৱে ব্যৱসায় কৰাৰ সুবিধা প্ৰদান কৰা হ'ব। পুৱাৰে পৰা বিধায়কগৰাকীয়ে নিজে চাফাই কৰ্মীসকলৰ সৈতে হাতে-কামে লাগি যোৱাত একাংশ দলীয় কৰ্মী আৰু লালুক ব্যৱসায়ী সন্থাৰ সদস্যসকলে তেওঁক সংগ দিয়ে। বিধায়কৰ এই পদক্ষেপক লালুকৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ সৌন্দৰ্যবৰ্ধন কৰা বুলি ৰাইজে প্ৰশংসা কৰিছে।1
- ৰূপহীহাট আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে 'একচন মোড'ত এক বৃহৎ অভিযান চলাইছে। গৰু চুৰি, পানী মটৰ চুৰি, চাইকেল চুৰি আৰু সোণৰ আ-অলংকাৰ চুৰি আদি বিভিন্ন চুৰিকাৰ্যৰ সৈতে জড়িত চোৰসকলক বিচাৰি আৰক্ষীয়ে এই অভিযান চলাইছিল। নিশা গড়াজান, আমবাগান কাৱৈমাৰী আৰু ৰূপহী অঞ্চলত চলা এই অভিযানত ৰূপহীহাট আৰক্ষীয়ে মুঠ ১৫ জন চোৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা চোৰসকলক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে।1