Shuru
Apke Nagar Ki App…
বিশ্বনাথত লক্ষ লক্ষ টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহন কৰি নষ্ট কৰি দিয়া হৈছে। বিশ্বনাথ আৰক্ষীৰ উদ্যোগত এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসমূহ জ্বলাই ধ্বংস কৰা হয়।
KHABAR 24 BISWANATH
বিশ্বনাথত লক্ষ লক্ষ টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহন কৰি নষ্ট কৰি দিয়া হৈছে। বিশ্বনাথ আৰক্ষীৰ উদ্যোগত এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসমূহ জ্বলাই ধ্বংস কৰা হয়।
More news from অসম and nearby areas
- লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিহপুৰীয়া ৰাজহ চক্ৰ তথা নাৰায়ণপুৰ ৰাজহ চক্ৰৰ সহযোগত আজি বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হলত এক সাহায্য বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা অনুমোদিত ২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বানপানী আৰু ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰীভাৱে বিত্তীয় সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক ভূপেন কুমাৰ বৰাই আনুষ্ঠানিকভাৱে মুঠ ১২৬ গৰাকী হিতাধিকাৰীৰ হাতত এই বিত্তীয় সাহায্যৰ চেকসমূহ তুলি দিয়ে।4
- ৰাজ্যত একাংশ ভুৱা আৰু ভণ্ড বেজ ওলোৱাক লৈ তীব্ৰ সতৰ্কতা জাৰি কৰা হৈছে। এই চক্ৰটোৱে প্ৰথমে বিভিন্ন সমস্যা সমাধানৰ ভিডিঅ' প্ৰস্তুত কৰে আৰু তাৰ পিছত সেইবোৰ সামাজিক মাধ্যমত আপলোড কৰে। গতিকে এনে লোকসকলৰ পৰা সকলোকে সাৱধান হ’বলৈ কোৱা হৈছে।1
- অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহু সন্দৰ্ভত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।1
- নগাঁও জিলাৰ বটদ্ৰৱাৰ বাটমাৰীত এজন স্বয়ম্ভু দিব্যাং নেতাৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই স্বয়ম্ভু নেতাগৰাকীৰ নাম মুস্তাফা কামাল বুলি জানিব পৰা গৈছে। তেওঁৰ বিৰুদ্ধে একত্ৰিত হৈ বাটমাৰীৰ স্থানীয় ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।1
- লখিমপুৰ আৰক্ষীয়ে পূৰ্বে জব্দ কৰা NDPS সামগ্ৰী সমূহ আজি ধ্বংস কৰে। এই কাৰ্যসূচীৰ জৰিয়তে মুঠ ১৫১.৫ গ্ৰাম হেৰ’ইন আৰু ১৯৫৫.০৮ কিলোগ্ৰাম গাঞ্জা ধ্বংস কৰা হয়।1
- কাৰ্বি আংলঙৰ বোকাজানত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চিৰাজুলি নতুন বজাৰত নেমছুৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে।1
- কাৰ্বি আংলঙৰ খটখটি ময়নাপুৰী অঞ্চলৰ শান্তনু হাজং নামৰ এজন যুৱক বিগত ৬ দিনৰ পৰা সন্ধানহীন হৈ আছে।1
- মৰিগাঁও জিলাৰ মৈৰাবাৰী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত দুখনকৈ গুৰুত্বপূৰ্ণ কবিতা পুথিৰ শুভ উন্মোচন কৰা হৈছে। ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক বদৰুজ জামান আক্তৰৰ কবিতা সংকলন 'হৃদয়ৰ সংবাদ' আৰু প্ৰয়াত কবি আব্দুল জলিলৰ সৃষ্টিৰাজিক সামৰি প্ৰস্তুত কৰা স্মৰণীয় সংকলন 'স্মৃতিমালা' উন্মোচন কৰে। উল্লেখনীয় যে, 'খাইৰ প্ৰকাশন'ৰ দ্বাৰা এই পুথি দুখন প্ৰকাশ কৰি উলিওৱা হৈছে। অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক মৌলানা ফজলুল কৰিম কাছিমীৰ লগতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি আৰু সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত বক্তাসকলে আশা প্ৰকাশ কৰে যে এই দুখন পুথিয়ে মৈৰাবাৰীৰ সাহিত্য চৰ্চাৰ ধাৰাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে নৱপ্ৰজন্মক সৃষ্টিশীল কাম-কাজত উৎসাহিত কৰিব।1