তামুলপুৰত ‘জীৱন আলোকপাত’ গ্ৰন্থ উন্মোচন — বীৰেণ দাসক ৰাজহুৱা সম্বৰ্ধনা তামুলপুৰত ‘জীৱন আলোকপাত’ গ্ৰন্থ উন্মোচন — বীৰেণ দাসক ৰাজহুৱা সম্বৰ্ধনা তামুলপুৰ, প্ৰতিবেদনঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত গদাধৰ প্ৰাথমিক শাখা, কচুবাৰী নামঘৰৰ গুৰু আসন (সিংহাসন) প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। সংঘ পৰিয়াল আৰু তামুলপুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত ‘জীৱন আলোকপাত’ শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়, য’ত শৰণ সদস্য তথা শলকৰী কলা-সংস্কৃতিৰ সৈতে জড়িত বীৰেণ দাসৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে শৰাই স্থাপন আৰু গছপুলি ৰোপনৰ পাছত পুৱা ১১ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক কামেশ্বৰ দাসৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লোকগীতেৰে আৰম্ভ হোৱা এই সভাৰ আঁত ধৰে তামুলপুৰ আঞ্চলিক শঙ্কৰদেৱ সঙ্ঘৰ সাধাৰণ সম্পাদক ভুবনেশ্বৰ দাসে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, অসমৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা। বিশিষ্ট শিক্ষাবিদ নাৰায়ণচন্দ্ৰ ব্ৰহ্মই অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে। এই সভাত তামুলপুৰ, ৰঙিয়া আৰু নলবাৰী জিলা শঙ্কৰদেৱ সঙ্ঘৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে। গ্ৰন্থ উন্মোচনৰ পূৰ্বে বৈষ্ণৱ বাপ পাঠক বীৰেণ দাসক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শৰাই, গামোচা আৰু ফুলাম জাপিৰে ৰাজহুৱা সম্বৰ্ধনা জনায়। সভাত ভাষণ প্ৰদান কৰি পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই বীৰেণ দাসৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে জীৱিত অৱস্থাতেই এনে স্বীকৃতি প্ৰদান কৰাটো এক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থ উন্মোচনী সভাতেই পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্মদিন উপলক্ষে বাপ-বান্ধৱ আৰু উপস্থিত ৰাইজে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

- বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিক দিৱস পালন । ভাৰতীয় চাহ মজদুৰ সংঘ ফাতেমাবাদ সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন ।1
- Your go-to source for the latest news, politics & updates from Assam, India & across the world. Fast. Reliable. In-depth coverage you can trust.1
- EXIT POLL को लेकर एआईयूडीएफ और साधारण लोगों की प्रतिक्रिया।। #newsreport1
- Post by Sangku das1
- বৃহস্পতিবাৰে পুৱা কাটাক ৰেলৱে ষ্টেচনত ১৫৬২৮ নং চিলচাৰ–কইম্বাটুৰ এক্সপ্ৰেছ ৰেলৱে ষ্টেচনত প্ৰৱেশ কৰাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা স্থানীয় ৰে’ল এখনে একে সময়তে একেটা ট্ৰেকতে প্ৰৱেশ কৰাত যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে। শিলচৰ–কইম্বাটুৰ এক্সপ্ৰেছৰ ইঞ্জিন পাইলটৰ সজাগতা আৰু ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণৰ বাবে সম্ভাৱ্য বিপৰ্যয়জনক দুৰ্ঘটনা ৰোধ হয়। সময়ত বিপদ অনুভৱ কৰি ডাইভাৰে ৰে’লখনৰ গতি বহু পৰিমাণে হ্ৰাস কৰিলে, যাৰ ফলত সংঘৰ্ষৰ পৰা হাত সাৰিব পাৰিলে আৰু ৰেলখন থকা হাজাৰ হাজাৰ যাত্ৰীৰ সুৰক্ষা নিশ্চিত হ’ল। ৰে’লৱেৰ বিষয়াসকলে কয় যে সেই জটিল মুহূৰ্তত গতি হ্ৰাস নকৰিলে গুৰুতৰ দুৰ্ঘটনা সংঘটিত হ’ল হেঁতেন।1
- Apply online for Dibrugarh University B.Ed Admission 2026. Check DU B.Ed CET exam date, eligibility, application process, fee, syllabus and important dates.1
- তামুলপুৰ জিলাৰ নাগ্ৰীজুলি কস্তৰবা গান্ধী বালিকা বিদ্যালয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে এক অনন্য সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ আৰু আধাতে পঢ়া এৰা ড্ৰপ আউট ছাত্ৰীসকলে অধ্যয়ন কৰা এই বিদ্যালয়খনৰ পৰা এইবাৰ মেট্ৰিকত ২৬ গৰাকী ছাত্ৰীৰ ভিতৰত ইটাইকেইগৰাকী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বিপৰীতে উচ্চতৰ মাধ্যমিকতো ৫ গৰাকী ছাত্ৰীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। বিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল সাফল্যত আজি ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে এক আৱেগিক পৰিৱেশত আনন্দ উদযাপন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদ্যালয়খনৰ অধ্যক্ষ সুমুনা বড়ো আৰু শিক্ষয়িত্ৰী অনিতা মগৰে ছাত্ৰীসকলৰ এই জয়যাত্ৰাক কঠোৰ পৰিশ্ৰমৰ ফল বুলি অভিহিত কৰাৰ লগতে আৱাসিক বিদ্যালয়খনত দিনে-ৰাতিয়ে কৰ্তব্য পালন কৰা শিক্ষক-কৰ্মচাৰীসকলৰ বাবে চৰকাৰক মাননী বৃদ্ধি আৰু ‘আৰ অ’ পি’ (ROP) প্ৰদান কৰিবলৈ বিশেষ আহ্বান জনায়।1
- বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।1
- ♦️নব ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ প্ৰথম পৰীক্ষামূলক কাম সম্পূৰ্ণ । ♦️ইন্ধন ষ্টেচনটো প্ৰায় সাজু হৈছে, আৰু সুৰক্ষা পৰিদৰ্শন চলি আছে। ♦️চেন্নাইত নিৰ্মিত এই ৰেলখনত মুঠ ১০টা ডবা থাকিব, ইয়াৰে ৮খন যাত্ৰীৰ বাবে হ’ব।1