Shuru
Apke Nagar Ki App…
বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।
Laba kumar Das
বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।
More news from অসম and nearby areas
- আজি ১ মে'। শ্ৰমিক দিৱস উপলক্ষে বাক্সাৰ জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু পৰিবহণৰ ব্যক্তি গাড়ীচালক সকলক সম্বৰ্ধনা জ্ঞাপন আৰু মিঠাই টোপোলা প্ৰদান ।1
- বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। ঘটনা সন্দৰ্ভত আত্মীয়ৰ প্ৰতিক্ৰিয়া1
- তামুলপুৰত ‘জীৱন আলোকপাত’ গ্ৰন্থ উন্মোচন — বীৰেণ দাসক ৰাজহুৱা সম্বৰ্ধনা তামুলপুৰ, প্ৰতিবেদনঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত গদাধৰ প্ৰাথমিক শাখা, কচুবাৰী নামঘৰৰ গুৰু আসন (সিংহাসন) প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। সংঘ পৰিয়াল আৰু তামুলপুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত ‘জীৱন আলোকপাত’ শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়, য’ত শৰণ সদস্য তথা শলকৰী কলা-সংস্কৃতিৰ সৈতে জড়িত বীৰেণ দাসৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে শৰাই স্থাপন আৰু গছপুলি ৰোপনৰ পাছত পুৱা ১১ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক কামেশ্বৰ দাসৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লোকগীতেৰে আৰম্ভ হোৱা এই সভাৰ আঁত ধৰে তামুলপুৰ আঞ্চলিক শঙ্কৰদেৱ সঙ্ঘৰ সাধাৰণ সম্পাদক ভুবনেশ্বৰ দাসে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, অসমৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা। বিশিষ্ট শিক্ষাবিদ নাৰায়ণচন্দ্ৰ ব্ৰহ্মই অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে। এই সভাত তামুলপুৰ, ৰঙিয়া আৰু নলবাৰী জিলা শঙ্কৰদেৱ সঙ্ঘৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে। গ্ৰন্থ উন্মোচনৰ পূৰ্বে বৈষ্ণৱ বাপ পাঠক বীৰেণ দাসক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শৰাই, গামোচা আৰু ফুলাম জাপিৰে ৰাজহুৱা সম্বৰ্ধনা জনায়। সভাত ভাষণ প্ৰদান কৰি পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই বীৰেণ দাসৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে জীৱিত অৱস্থাতেই এনে স্বীকৃতি প্ৰদান কৰাটো এক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থ উন্মোচনী সভাতেই পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্মদিন উপলক্ষে বাপ-বান্ধৱ আৰু উপস্থিত ৰাইজে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।1
- Post by Mithun Rabha1
- #Hindipoems #Assam1
- উত্তৰ গুৱাহাটী আৰু ৰঙিয়া আৰক্ষীৰ যুটীয়া অভিযানত আজি ৰঙিয়াত বৃহৎ পৰিমাণৰ ধনসহ আটক হয় বহিঃৰাজ্যৰ এজন প্ৰৱঞ্চক । ধৃত প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ৪ লাখ ৭০ হাজাৰ ৫ শ টকা । ধৃত প্ৰৱঞ্চকজন বিহাৰৰ মায়া নগৰ সমষ্টিপুৰৰ কৃষ্ণ কুমাৰ শ্বাহ । অভিযোগ অনুসৰি, উত্তৰ গুৱাহাটীৰ ব্যৱসায়ী এগৰাকীৰ তাত কৰ্মচাৰী হিচাপে থকা প্ৰৱঞ্চক কৃষ্ণ কুমাৰ শ্বাহে স্বাক্ষৰ থকা এখন চেক চুৰি কৰি গোপনে বেংকৰ পৰা টকা উলিয়াই পলায়ন কৰিছিল । ব্যৱসায়ীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীক অভিযোগ দিয়ে । অৱশেষত আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ চোচাইটি মুৰাৰাৰ পৰা টকা ভৰ্তি বেগ সহ প্ৰৱঞ্চকজনে এখন "কেব" ভাড়া কৰি পলায়ন কৰিবলৈ লোৱাৰ মুহুৰ্ততে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।1
- *উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ১০০ শতাংশই উত্তীর্ণ* *ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ ৯৮ গৰাকী কৃতিমান শিক্ষার্থীক সম্বৰ্দ্ধনা* *গৰিৱ শিক্ষাৰ্থীক বিনামুলীয়াকৈ শিক্ষাদানৰ আশ্বাস* সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ পৰা এইবেলি ১০০ শতাংশ উত্তীর্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলক আজি শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আজি দুপৰীয়া শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক বসন্ত হালৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে শিক্ষানুষ্ঠানখনৰ সঞ্চালক তাইজুদ্দিন চৌধুৰীয়ে।সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হামিদ আলী, সদৌ নলবাৰী জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্র ডেকা, ঘগ্রাপাৰ প্রেছ ক্লাৱৰ সম্পাদক দ্বিজেন ডেকা, প্রতিদিনৰ জেষ্ঠ সাংবাদিক তপন দাস আদিয়ে কৃতিমান শিক্ষাৰ্থীসকলৰ উদ্দেশ্য শুভেচ্ছামুলক বক্তব্য প্রদান কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ক'লা আৰু বিজ্ঞান শাখাত উত্তীর্ণ হোৱা ৯৮ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, মানপ্রত্রৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ বিষয় শিক্ষক পুলেন মজুমদাৰ, শৈলেন ডেকা, বিশ্বজিৎ ভুঞা, জাকিৰ হুছেইন, শিক্ষয়ত্রী পল্লৱী চক্রৱর্তী, নিৰ্মালী দাস আদিয়ে অংশগ্রহণ কৰে।1
- বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিক দিৱস পালন । ভাৰতীয় চাহ মজদুৰ সংঘ ফাতেমাবাদ সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন ।1