চতিয়াৰ বৰভেটিৰ দিলদাৰ হুচেইন নামৰ এজন যুৱকে তেওঁৰ ৯ মহীয়া অন্তঃসত্ত্বা পত্নীক এৰি ১৫ বছৰীয়া এগৰাকী নাবালিকাক দ্বিতীয় পত্নী হিচাপে গ্ৰহণ কৰিছে। এই ঘটনাই অসম চৰকাৰে আনিবলগীয়া ইউনিফৰ্ম চিভিল কোড (UCC) আইনক একাংশ লোকে ভৰিৰে মোহাৰি পেলাইছে বুলি তীব্ৰ সমালোচনাৰ সৃষ্টি কৰিছে। দিলদাৰ হুচেইনে দুবছৰ পূৰ্বে তেওঁৰ পৰিয়ালৰ সন্মতিৰে ছাৰ্কেআটি গাঁৱৰ নাচিমান নেছাক সামাজিকভাৱে বিবাহ কৰাইছিল। বিবাহৰ কেইমাহমান পাছত তেওঁ কৰ্মসূত্ৰে কেৰালালৈ গৈছিল আৰু বৰ্তমান তেওঁৰ পত্নী ৯ মাহৰ অন্তঃসত্ত্বা। অভিযোগ অনুসৰি, দিলদাৰ হুচেইনৰ পত্নী নাচিমান নেছাক তেওঁৰ শহুৰ আৰু শাহুৱেকে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছে। নাহমৰ অন্তঃসত্ত্বা পত্নীৰ কোনো খবৰ নোলোৱা এইগৰাকী স্বামী কিছুদিন পূৰ্বে কেৰালাৰ পৰা নিজ গৃহলৈ ঘূৰি আহিছিল যদিও তেওঁ পিতৃগৃহত থকা পত্নীৰ খবৰ লোৱা নাছিল। বৰঞ্চ, তেওঁৰ পিতৃ-মাতৃৰ সহযোগত বিশ্বনাথৰ পৰা এগৰাকী ১৫ বছৰীয়া নাবালিকাক বিবাহ কৰাই গোপনে কেৰালালৈ পঠিয়াই দিয়ে। এই ঘটনা গম পোৱাৰ পাছতে দিলদাৰ হুচেইনৰ প্ৰথম পত্নী নাচিমান নেছাই চতিয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। অসম চৰকাৰে প্ৰথমখন বিধানসভা অধিৱেশনতে UCC বিধেয়ক গ্ৰহণ কৰিছিল যদিও একাংশ লোকে ইয়াক গুৰুত্বহীন জ্ঞান কৰি গাৰ কাপোৰ সলনি কৰাৰ দৰে পত্নী সলনি কৰিছে আৰু নাবালিকাক পত্নী হিচাপে গ্ৰহণ কৰিছে। এই নতুন আইনৰ জৰিয়তে এনে লম্পট আৰু ধুরন্ধৰ ব্যক্তিয়ে আইনগত শাস্তি পাবনে নাই, সেয়া সময়তহে জানিব পৰা যাব বুলি কোৱা হৈছে।
চতিয়াৰ বৰভেটিৰ দিলদাৰ হুচেইন নামৰ এজন যুৱকে তেওঁৰ ৯ মহীয়া অন্তঃসত্ত্বা পত্নীক এৰি ১৫ বছৰীয়া এগৰাকী নাবালিকাক দ্বিতীয় পত্নী হিচাপে গ্ৰহণ কৰিছে। এই ঘটনাই অসম চৰকাৰে আনিবলগীয়া ইউনিফৰ্ম চিভিল কোড (UCC) আইনক একাংশ লোকে ভৰিৰে মোহাৰি পেলাইছে বুলি তীব্ৰ সমালোচনাৰ সৃষ্টি কৰিছে। দিলদাৰ হুচেইনে দুবছৰ পূৰ্বে তেওঁৰ পৰিয়ালৰ সন্মতিৰে ছাৰ্কেআটি গাঁৱৰ নাচিমান নেছাক সামাজিকভাৱে বিবাহ কৰাইছিল। বিবাহৰ কেইমাহমান পাছত তেওঁ কৰ্মসূত্ৰে কেৰালালৈ গৈছিল আৰু বৰ্তমান তেওঁৰ
পত্নী ৯ মাহৰ অন্তঃসত্ত্বা। অভিযোগ অনুসৰি, দিলদাৰ হুচেইনৰ পত্নী নাচিমান নেছাক তেওঁৰ শহুৰ আৰু শাহুৱেকে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছে। নাহমৰ অন্তঃসত্ত্বা পত্নীৰ কোনো খবৰ নোলোৱা এইগৰাকী স্বামী কিছুদিন পূৰ্বে কেৰালাৰ পৰা নিজ গৃহলৈ ঘূৰি আহিছিল যদিও তেওঁ পিতৃগৃহত থকা পত্নীৰ খবৰ লোৱা নাছিল। বৰঞ্চ, তেওঁৰ পিতৃ-মাতৃৰ সহযোগত বিশ্বনাথৰ পৰা এগৰাকী ১৫ বছৰীয়া নাবালিকাক বিবাহ কৰাই গোপনে কেৰালালৈ পঠিয়াই দিয়ে। এই ঘটনা গম পোৱাৰ পাছতে
দিলদাৰ হুচেইনৰ প্ৰথম পত্নী নাচিমান নেছাই চতিয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। অসম চৰকাৰে প্ৰথমখন বিধানসভা অধিৱেশনতে UCC বিধেয়ক গ্ৰহণ কৰিছিল যদিও একাংশ লোকে ইয়াক গুৰুত্বহীন জ্ঞান কৰি গাৰ কাপোৰ সলনি কৰাৰ দৰে পত্নী সলনি কৰিছে আৰু নাবালিকাক পত্নী হিচাপে গ্ৰহণ কৰিছে। এই নতুন আইনৰ জৰিয়তে এনে লম্পট আৰু ধুরন্ধৰ ব্যক্তিয়ে আইনগত শাস্তি পাবনে নাই, সেয়া সময়তহে জানিব পৰা যাব বুলি কোৱা হৈছে।
- বিশ্বনাথৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জিলা পৰ্যায়ৰ যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠান আয়ুস সঞ্চালকালয়, অসম আৰু ৰাষ্ট্ৰীয় আয়ুস মিছনৰ সহযোগত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে আয়োজন কৰিছিল। এই কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে জিলা আয়ুক্ত লক্ষিনন্দন চহৰীয়াই। অনুষ্ঠানত জিলা জেষ্ঠ্য আৰক্ষী অধীক্ষক অজাগৌৰন বসুমতাৰী, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ জুগেন চন্দ্ৰ বে, আৰু পৌৰপতি অমৰজ্যোতি বৰঠাকুৰেও সহযোগিতা আগবঢ়ায়।4
- শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰাক্তন ধিং বিধায়ক আমিনুল ইছলাম সৰৱ হৈ পৰিছে। আমিনুল ইছলামে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক আখ্যা দিয়া অখিল গগৈৰ মন্তব্যক তীব্ৰ সমালোচনা কৰে।1
- ধিৰাইমাজুলী শংকৰদেৱ শিশু নিকেতনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদ্যাপন কৰা হয়।1
- চামগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মী নুৰুল আমিন চৌধুৰীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰৌমাৰী ৰূপহী পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে পঞ্চায়তৰ কামত হস্তক্ষেপ কৰা বুলি প্ৰচাৰিত বাতৰিৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁ দৃঢ়তাৰে কৈছে যে নিজৰ পঞ্চায়তত কোনো দুৰ্নীতি হ'বলৈ নিদিয়ে। চৌধুৰীয়ে এই ক্ষেত্ৰত নিজৰ পত্নীক সহায় কৰিব বুলিও স্পষ্ট কৰিছে, যাৰ দ্বাৰা দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ মাত মাতিবলৈ সাজু বুলি বুজাইছে।1
- নগাঁও জিলাৰ ৰূপহীৰ ভকতগাঁৱত এক শোকাৱহ পথ দুৰ্ঘটনাত মটৰ চাইকেল আৰোহী এজন থিতাতে নিহত হয়। ৰূপহীৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাত ৰাজ্যিক ঘাইপথৰ ওপৰত AS-12-BC-4085 নম্বৰৰ বালি কঢ়িওয়া এখন ড্ৰাম্পাৰে AS-02-AL-1327 নম্বৰৰ মটৰ চাইকেলখনক মুখামুখী খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত নিহত মটৰ চাইকেল আৰোহীজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।1
- চাপৰত পুনৰ এবাৰ বিলাতী সুৰাৰ দোকান মুকলি কৰাক লৈ এক ভয়ংকৰ প্ৰতিবাদৰ সৃষ্টি হৈছে, য'ত আকাশ-বতাহ কঁপি উঠিছে। বজাৰৰ মাজমজিয়াত অৱস্থিত 'হৃষি ৰেষ্টুৰেণ্ট' নামৰ এই IMFL ON SHOP খন মুকলি কৰাৰ বিৰোধিতাৰে সমগ্ৰ চাপৰ অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চাপৰ নাগৰিক মঞ্চ, বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে এই বিপনীখন মুকলি কৰাৰ তীব্ৰ বিৰোধিতা কৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ মতে, জনবসতিপূৰ্ণ এলেকাত এনে সুৰাৰ বিপনী স্থাপন কৰাটো সমাজৰ বাবে অতিশয় ভয়াৱহ আৰু ক্ষতিকাৰক। সেয়েহে, চাপৰ নাগৰিক মঞ্চ আৰু অন্যান্য সংগঠনে লগতে ৰাইজে এই সুৰাৰ বিপনীখন স্থায়ীভাৱে বন্ধ কৰাৰ দাবী জনাইছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এই বিপনীখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল, যাৰ ফলত প্ৰশাসনে দুবাৰকৈ ক্ৰমে ৪৮ ঘণ্টা আৰু ৭ দিনৰ বাবে ইয়াক অস্থায়ীভাৱে বন্ধ কৰিছিল। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈছে। নাগৰিক মঞ্চ, বিভিন্ন দল-সংগঠন আৰু ৰাইজে চাপৰ বজাৰৰ মাজমজিয়াত অৱস্থিত হৃষি ৰেষ্টুৰেণ্ট নামৰ এই বিলাতী সুৰাৰ বিপনীখন স্থায়ীভাৱে বন্ধ কৰিবলৈ কঠোৰ দাবী জনাইছে।1
- SN india 24 ৰ সত্বাধিকাৰী আব্দুল জলিল আকন্দই তেওঁক হয়বৰ গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি একাংশ প'ৰ্টেলত প্ৰচাৰিত ভূৱা বাতৰি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই বাতৰিটো ভূৱা বুলি দাবী কৰি আকন্দই ইয়াক মিথ্যাচাৰ আখ্যা দিছে।1
- অসমৰ শিল্প-সংস্কৃতিৰ অন্যতম কাণ্ডাৰী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতিত প্ৰতি বছৰে ২০ জুনৰ দিনটো ৰাজ্যজুৰি ৰাভা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে আজি বিশ্বনাথৰ ভূপেন্দ্ৰ ভৱন চৌহদত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ শতৰূপা মহিলা সাংস্কৃতিক মঞ্চৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সমাজ সেৱিকা ভানু শৰ্মাই কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে শতৰূপা মহিলা সাংস্কৃতিক মঞ্চৰ সদস্যাসকলে সমবেত সংগীত পৰিৱেশন কৰে, আৰু এক সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়। বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ আধাৰত বিভিন্ন সাংস্কৃতিক নৃত্য আৰু কবিতা আবৃত্তি আদি কাৰ্যসূচীৰে কলাগুৰুক শ্ৰদ্ধাঞ্জলি জনোৱা এই অনুষ্ঠানত অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে শতৰূপা মহিলা সাংস্কৃতিক মঞ্চৰ সকলো মহিলা উপস্থিত থাকে।4