Shuru
Apke Nagar Ki App…
বিশ্বনাথৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জিলা পৰ্যায়ৰ যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠান আয়ুস সঞ্চালকালয়, অসম আৰু ৰাষ্ট্ৰীয় আয়ুস মিছনৰ সহযোগত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে আয়োজন কৰিছিল। এই কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে জিলা আয়ুক্ত লক্ষিনন্দন চহৰীয়াই। অনুষ্ঠানত জিলা জেষ্ঠ্য আৰক্ষী অধীক্ষক অজাগৌৰন বসুমতাৰী, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ জুগেন চন্দ্ৰ বে, আৰু পৌৰপতি অমৰজ্যোতি বৰঠাকুৰেও সহযোগিতা আগবঢ়ায়।
অঞ্জন শইকীয়া
বিশ্বনাথৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জিলা পৰ্যায়ৰ যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠান আয়ুস সঞ্চালকালয়, অসম আৰু ৰাষ্ট্ৰীয় আয়ুস মিছনৰ সহযোগত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে আয়োজন কৰিছিল। এই কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে জিলা আয়ুক্ত লক্ষিনন্দন চহৰীয়াই। অনুষ্ঠানত জিলা জেষ্ঠ্য আৰক্ষী অধীক্ষক অজাগৌৰন বসুমতাৰী, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ জুগেন চন্দ্ৰ বে, আৰু পৌৰপতি অমৰজ্যোতি বৰঠাকুৰেও সহযোগিতা আগবঢ়ায়।
More news from অসম and nearby areas
- বিশ্বনাথৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জিলা পৰ্যায়ৰ যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠান আয়ুস সঞ্চালকালয়, অসম আৰু ৰাষ্ট্ৰীয় আয়ুস মিছনৰ সহযোগত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে আয়োজন কৰিছিল। এই কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে জিলা আয়ুক্ত লক্ষিনন্দন চহৰীয়াই। অনুষ্ঠানত জিলা জেষ্ঠ্য আৰক্ষী অধীক্ষক অজাগৌৰন বসুমতাৰী, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ জুগেন চন্দ্ৰ বে, আৰু পৌৰপতি অমৰজ্যোতি বৰঠাকুৰেও সহযোগিতা আগবঢ়ায়।4
- বিশ্বনাথৰ এজন প্ৰতিভাৱান যুৱক বৰ্তমান এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। তেওঁক জীয়াই ৰখাত সহায় কৰিবলৈ আপোনালোকৰ এটি সহায়ে যথেষ্ট অৰিহণা যোগাব পাৰে বুলি আহ্বান জনোৱা হৈছে।1
- শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰাক্তন ধিং বিধায়ক আমিনুল ইছলাম সৰৱ হৈ পৰিছে। আমিনুল ইছলামে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক আখ্যা দিয়া অখিল গগৈৰ মন্তব্যক তীব্ৰ সমালোচনা কৰে।1
- ধিৰাইমাজুলী শংকৰদেৱ শিশু নিকেতনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদ্যাপন কৰা হয়।1
- চামগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মী নুৰুল আমিন চৌধুৰীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰৌমাৰী ৰূপহী পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে পঞ্চায়তৰ কামত হস্তক্ষেপ কৰা বুলি প্ৰচাৰিত বাতৰিৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁ দৃঢ়তাৰে কৈছে যে নিজৰ পঞ্চায়তত কোনো দুৰ্নীতি হ'বলৈ নিদিয়ে। চৌধুৰীয়ে এই ক্ষেত্ৰত নিজৰ পত্নীক সহায় কৰিব বুলিও স্পষ্ট কৰিছে, যাৰ দ্বাৰা দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ মাত মাতিবলৈ সাজু বুলি বুজাইছে।1
- নগাঁও জিলাৰ ৰূপহীৰ ভকতগাঁৱত এক শোকাৱহ পথ দুৰ্ঘটনাত মটৰ চাইকেল আৰোহী এজন থিতাতে নিহত হয়। ৰূপহীৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাত ৰাজ্যিক ঘাইপথৰ ওপৰত AS-12-BC-4085 নম্বৰৰ বালি কঢ়িওয়া এখন ড্ৰাম্পাৰে AS-02-AL-1327 নম্বৰৰ মটৰ চাইকেলখনক মুখামুখী খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত নিহত মটৰ চাইকেল আৰোহীজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।1
- অসমৰ শিল্প-সংস্কৃতিৰ অন্যতম কাণ্ডাৰী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতিত প্ৰতি বছৰে ২০ জুনৰ দিনটো ৰাজ্যজুৰি ৰাভা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে আজি বিশ্বনাথৰ ভূপেন্দ্ৰ ভৱন চৌহদত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ শতৰূপা মহিলা সাংস্কৃতিক মঞ্চৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সমাজ সেৱিকা ভানু শৰ্মাই কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে শতৰূপা মহিলা সাংস্কৃতিক মঞ্চৰ সদস্যাসকলে সমবেত সংগীত পৰিৱেশন কৰে, আৰু এক সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়। বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ আধাৰত বিভিন্ন সাংস্কৃতিক নৃত্য আৰু কবিতা আবৃত্তি আদি কাৰ্যসূচীৰে কলাগুৰুক শ্ৰদ্ধাঞ্জলি জনোৱা এই অনুষ্ঠানত অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে শতৰূপা মহিলা সাংস্কৃতিক মঞ্চৰ সকলো মহিলা উপস্থিত থাকে।4
- তেজপুৰৰ দোলাবাৰী ফুলট'লাত এক হৃদয়বিদাৰক ঘটনাত মৰাভৰলীৰ এটা দ-খালত সোমাই দুজনী কন্যা শিশুৰ শোকাবহ মৃত্যু হৈছে। এই দুৰ্ভাগ্যজনক ঘটনাত ১১ বছৰীয়া আয়েছা খাতুন আৰু ১০ বছৰীয়া আৰিফা খাতুনে প্ৰাণ হেৰুৱাইছে। আনহাতে, আয়েছাৰ ৮ বছৰীয়া ভগ্নী চাহিদা খাতুনক স্থানীয় লোকৰ তৎপৰতাত জীৱন্তে উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, তিনিওটি শিশু বিদ্যালয়ৰ পৰা ঘৰলৈ আহি খেলি থকাৰ সময়তে মৰাভৰলীৰ এই দ-খালত পৰি গৈছিল। স্থানীয় ৰাইজে তৎক্ষণাত তিনিওটি শিশুক উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান জীৱন্তে উদ্ধাৰ হোৱা শিশুটিক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে, শিশুকেইজনী কোন বিদ্যালয়ত বা কোন শ্ৰেণীত অধ্যয়নৰত আছিল সেই বিষয়ে এইপৰ্যন্ত কোনো তথ্য পোৱা হোৱা নাই।4