Shuru
Apke Nagar Ki App…
গহপুৰৰ বাবে গৌৰৱ অসম সাহিত্য সভাৰ ভাষা শিক্ষণ পাঠ্যক্ৰমৰ ২০২৫–২০২৬ বৰ্ষৰ পৰীক্ষাত গহপুৰ বালিজান বিলতীয়াৰ ৰ’জী ৰাণী দত্তই অসমৰ ভিতৰত দ্বিতীয় সৰ্বাধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। এই উপলক্ষে গুৱাহাটীৰ District Library Auditoriumত অনুষ্ঠিত এক শৈক্ষিক অভিনন্দন অনুষ্ঠানত তেওঁক সন্মান জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা সম্পাদক দেৱজিৎ বৰা আৰু উচ্চ শিক্ষা সমন্বয়ক। অনুষ্ঠানত ৰ’জী ৰাণী দত্তক এটি বঁটা, গামোচা,সম্বৰ্ধনা-পত্ৰ আদি প্ৰদান কৰি সন্মানিত কৰা হয়। বক্তাসকলে ভাষা আৰু সাহিত্যৰ বিকাশত এনে পাঠ্যক্ৰমসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰে। গহপুৰ বালিজান গাৱঁৰ নিবাসী সৌৰভ হাজৰিকাৰ পত্নী ৰজি ৰাণী দত্ত।
NORTH EAST KHABAR

More news from অসম and nearby areas
- পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কি নিমন্ত্ৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই1
- Post by Moran Dorpon1
- 📌বিহুৰ অনুষ্ঠানত জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ৷ 📌নিজৰ শৈলীৰে গীত পৰিৱেশন কৰিবলৈ গৈ জুবিন গাৰ্গৰ গান, সৃষ্টি সমূহক বিকৃত কৰাৰ মৰসাহ আৰু ধৃষ্টতা কোনেও কৰিব নালাগে। মৰ্মিতা মিত্ৰৰ এয়াই শেষ ধৃষ্টতা হওক-উৎপল শৰ্মা৷1
- Post by Mahesh kumar das1
- ব'হাগৰ এদিন--- লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ লাকুৱাবাসীৰ সহযোগত লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক মুকলি বিহু। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছত জ্যেষ্ঠ জনক সেৱা কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰশান্ত দত্তৰ লগতে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি -সম্পাদক তথা বিষয়ববীয়া সকলৰ উপস্থিতিত মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠান উদ্বোধন কৰে সিদ্ধেশ্বৰ ৰাজকোঁৱৰে। অনুষ্ঠানত বহু কেইগৰাকী গণ্যমান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।1
- ৰঙালী বিহুৰ উপলক্ষে আজি তিনিচুকীয়া জিলাৰ জাগুনত এক বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সৌজন্যত আৰু জাগুন প্ৰেছ ক্লাৱৰ অতিথ্যত অনুষ্ঠিত এই অনুষ্ঠানত ব’হাগক স্বাগতম জনোৱা হয়। জাগুন খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত স্থানীয় ৰাইজ, সাংবাদিক আৰু বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে পৰিৱেশটো উৎসৱমুখৰ কৰি তোলে। বিহুৰ আনন্দ-উল্লাসৰ মাজেৰে সকলোয়ে মিলি অসমীয়া সংস্কৃতিৰ ৰঙালী বিহুৰ পৰম্পৰা উদযাপন কৰে। এই অনুষ্ঠানৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ঐতিহ্য অক্ষুণ্ণ ৰাখি নতুন প্ৰজন্মক তাৰ সৈতে পৰিচিত কৰোৱাৰ প্ৰয়াস দেখা যায়। আয়োজক পক্ষই জনোৱা অনুসৰি, এনে অনুষ্ঠানসমূহে সমাজত একতা আৰু ভাতৃত্ববোধ অধিক দৃঢ় কৰে।1
- আঘোণিবাৰী কেন্দুগুৰিত গাৱঁৰ মহিলাৰ জেং বিহু ।1
- Post by Mahesh kumar das1
- চিবিএছইৰ পৰীক্ষাত ৰঙিয়াৰ চাৰ্চ পাব্লিক স্কুলৰ সফলতা অৰ্জন। ৯০ শতাংশৰো অধিক নম্বৰ প্ৰাপ্তিৰে ৰঙিয়ালৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিলে ২১ গৰাকী শিক্ষাৰ্থীয়ে।বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা কৃতি শিক্ষাৰ্থী সকলক আজি উষ্ম আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষই।তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৯৭.২ শতাংশ নম্বৰ প্ৰাপ্ত উদিপ্ত নাথ , গীতাৰ্থ ডেকা,ধিমান শালৈ ,নিশিতা শালৈ প্ৰমুখ্যে আন আন কৃতিত্ব অৰ্জন কাৰী সকলকো বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।ইয়াকে লৈ বিদ্যালয়খনত উছব মুখৰ পৰিবেশৰ সৃষ্টি হয়।উল্লেখ্য যে এইবেলি বিদ্যালয় খনৰ পৰা চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৭৭ গৰাকী শিক্ষাৰ্থী ।এশ শতাংশ উত্তীৰ্ণৰে বিদ্যালয় খনে পূৰ্বৰ সফলতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাত ৰঙিয়াত স্বাভিৱিকতে সৃষ্টি হৈছে উছব মুখৰ পৰিবেশৰ।1