তিনিচুকীয়াত চুতীয়া যুৱ পৰিষদ অসমৰ তিনিচুকীয়া জিলা সমিতিৰ বীৰাংগনা সতী সাধনীক স্মৰণ চুতীয়া জাতিৰ শৌৰ্য-বীৰ্য, সাহস আৰু ত্যাগৰ প্ৰতীক, চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী তথা এছিয়া মহাদেশৰ প্ৰথম মহিলা যোদ্ধা মহীয়সী নাৰী বীৰাঙ্গনা সাধনীক আজি সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াতো স্মৰণ কৰে। এই উপলক্ষে চুতীয়া যুৱ পৰিষদ অসমৰ তিনিচুকীয়া জিলা সমিতিয়ে ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এ এচ টি চি বাছ আস্থানৰ সমীপৰ সাধনীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে। অনুষ্ঠানত তিনিচুকীয়াৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক সঞ্জয় কিষাণ উপস্থিত থাকি বীৰ নাৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয়, সতী সাধনী আমাৰ ইতিহাসৰ নাৰীশক্তিৰ এক অনন্য প্ৰতীক-- সাহস, আত্মসন্মান আৰু ত্যাগৰ এক জীৱন্ত উদাহৰণ। তেওঁৰ আদৰ্শ আৰু আত্মবলিদানে আমাৰ সমাজক সদায় অনুপ্ৰাণিত কৰি আহিছে। জাতীয় স্বাভিমানৰ বাবে আপোচবিহীন সংগ্ৰাম কৰা এইগৰাকী মহান নাৰী আমাৰ সকলোৰে বাবে চিৰদিন প্ৰেৰণাৰ উৎস হৈ ৰ'ব।
তিনিচুকীয়াত চুতীয়া যুৱ পৰিষদ অসমৰ তিনিচুকীয়া জিলা সমিতিৰ বীৰাংগনা সতী সাধনীক স্মৰণ চুতীয়া জাতিৰ শৌৰ্য-বীৰ্য, সাহস আৰু ত্যাগৰ প্ৰতীক, চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী তথা এছিয়া মহাদেশৰ প্ৰথম মহিলা যোদ্ধা মহীয়সী নাৰী বীৰাঙ্গনা সাধনীক আজি সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াতো স্মৰণ কৰে। এই উপলক্ষে চুতীয়া যুৱ পৰিষদ অসমৰ তিনিচুকীয়া জিলা সমিতিয়ে ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এ এচ টি চি বাছ আস্থানৰ সমীপৰ সাধনীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে।
অনুষ্ঠানত তিনিচুকীয়াৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক সঞ্জয় কিষাণ উপস্থিত থাকি বীৰ নাৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয়, সতী সাধনী আমাৰ ইতিহাসৰ নাৰীশক্তিৰ এক অনন্য প্ৰতীক-- সাহস, আত্মসন্মান আৰু ত্যাগৰ এক জীৱন্ত উদাহৰণ। তেওঁৰ আদৰ্শ আৰু আত্মবলিদানে আমাৰ সমাজক সদায় অনুপ্ৰাণিত কৰি আহিছে। জাতীয় স্বাভিমানৰ বাবে আপোচবিহীন সংগ্ৰাম কৰা এইগৰাকী মহান নাৰী আমাৰ সকলোৰে বাবে চিৰদিন প্ৰেৰণাৰ উৎস হৈ ৰ'ব।
- ষষ্ঠদশ বৰ্ষত ভৰি দিলে ডিব্ৰুগড় সাংবাদিকৰ হুঁচৰি1
- সোণাৰিত পথ দূ*ৰ্ঘ*ট*না । বিপৰীত দিশৰ পৰা অহা ট্ৰেভেলাৰে ইকো বাহনত প্ৰচণ্ড খুন্দা মৰাত দুজনকৈ লোক আহত । *আহত দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ। সোণাৰিৰ টিয়ক ৰজাবাৰী সংঘটিত হয় এই দূৰ্ঘটনা*। অৱশেষত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয়।1
- Post by Moran Dorpon1
- ডিব্ৰুগড় আৰ.কে.বি. পথৰ নতুন বজাৰত কন কন শিশু সকলে মন মহিলে ৰাইজক। ইমান সুন্দৰ ভাবে বিহু নৃত্য প্ৰদৰ্শন কৰিলে নতুন বজাৰৰ গ্ৰাহকক।2
- ৰাজপথত দাও দাওকৈ জ্বলি গল এখন মেজিক বাহন। ঘটনা সংঘটিত হয় যোৰহাট চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰখাই থোৱা যাত্ৰীবাহী মেজিক এখন জ্বলি গল। বাহন খনত নাছিল কোনো যাত্ৰী। যান্ত্ৰিক বিজ্যুটিৰ ফলত নে অন্য কাৰণত বাহন খন জ্বলিল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।3
- Post by Assam Update1
- অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু নুমলীগড়ৰ উপ শাখা , বাগিচাৰ সংঘ স্থানীয় চাহ শ্ৰমিকৰ উদ্যোগত ধৰ্না কাৰ্যসূচী। বিভিন্ন সমস্যা সমাধানৰ দাবীত আয়োজিত ‘ধৰ্ণা কাৰ্যসূচী’ ৰাজ্যৰ চাহ জনজাতিসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান আৰু বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক নিজা বসতিস্থলৰ ভূমি পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।2
- Post by Moran Dorpon1