Shuru
Apke Nagar Ki App…
ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা অতি শোচনীয় হোৱাৰ ফলত এক গুৰুত্বপূৰ্ণ আঁচনি বন্ধ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰা বিনামূলীয়া ৰেচন সামগ্ৰী বিতৰণ আঁচনিখন পুঁজিৰ অভাৱত অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে। এই সিদ্ধান্তই চৰকাৰৰ পয়ালগা বিত্তীয় অৱস্থা পুনৰ উদঙাই দিছে।
Assam Update
ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা অতি শোচনীয় হোৱাৰ ফলত এক গুৰুত্বপূৰ্ণ আঁচনি বন্ধ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰা বিনামূলীয়া ৰেচন সামগ্ৰী বিতৰণ আঁচনিখন পুঁজিৰ অভাৱত অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে। এই সিদ্ধান্তই চৰকাৰৰ পয়ালগা বিত্তীয় অৱস্থা পুনৰ উদঙাই দিছে।
More news from অসম and nearby areas
- ৰঙানদীৰ বিধায়ক ঋষিৰাজ হাজৰিকাই কেইবাখনো থানাত উপস্থিত হৈছে। বিধায়কজনে এই ভ্ৰমণৰ জৰিয়তে অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।1
- ৰঙানদীৰ বিধায়ক ঋষিৰাজ হাজৰিকাই এইবাৰ কেৱল কথাৰে নহয়, বৰং নিজৰ কামেৰেহে পৰিচয় দিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে। তেওঁ সম্প্ৰতি 'এক্সন মোডত' আছে বুলিও উল্লেখ কৰা হৈছে।1
- সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ স্বামী তথা জনপ্ৰিয় শৈল চিকিৎসক ডা: ধ্ৰুবজ্যোতি সন্দিকৈৰ অকাল বিয়োগৰ খবৰ লবলৈ গৌৰৱ গগৈ চৰাইদেউ জিলাৰ সাপেখাটীস্থিত তেওঁলোকৰ বাসগৃহত উপস্থিত হয়। এই সময়ত তেওঁৰ সৈতে উৎপল গগৈও আছিল।1
- ধেমাজিৰ এগৰাকী প্ৰতিভাশালী যুৱতী মনিকা সোণোৱালে শিভম কন্সট্ৰাকচনৰ ভুলৰ বাবেই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ধেমাজিৰ তেলীজানৰ পৰা ঢকুৱাখনালৈ সংযোগী ৰাজ্যিক পথৰ ওপৰত ৰাখি থোৱা ছেণ্ডগ্ৰেভেলত খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। গুৰুতৰভাৱে আহত হোৱা মনিকাক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ এএমচিএইচলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়লৈ যোৱা পথৰ মাজভাগতেই তেওঁৰ মৃত্যু হয়।1
- তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দাইচাজান চাহ বাগিচাত শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাহ বাগিচাখনৰ পৰিচালক বিজয় চৰোচিয়াই নিজৰ খেয়াল-খুছি মতে বাগিচাখনৰ এটা অংশৰ চাহ গছ উভালি পেলোৱাৰ ফলত এই পৰিৱেশৰ সৃষ্টি হয়। এই ঘটনাৰ পিছতে বাগিচাখনৰ শ শ চাহ শ্ৰমিক উত্তেজিত হৈ পৰে। শ্ৰমিকসকলে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ প্ৰাণস্বৰূপ চাহ গছ কোনো কাৰণতে উভালিবলৈ দিয়া নহ'ব। বিশেষকৈ, অঞ্চলটোত নতুনকৈ নিৰ্মাণ হোৱা এটা চাহ ফেক্টৰীলৈ যোৱাৰ বাবে চাহ গছ উভালি পথ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলিও তেওঁলোকে মন্তব্য কৰে। অভিযোগ অনুসৰি, কোনো আলোচনা নকৰাকৈয়ে এগৰাকী প্ৰভাৱশালী উদ্যোগীৰ ব্যক্তিগত চাহ ফেক্টৰীলৈ বাহন অহা-যোৱা কৰিব পৰাকৈ এটা পথ নিৰ্মাণৰ বাবেই বাগিচাখনৰ মেনেজাৰে এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘটনাৰ পিছতে শ শ শ্ৰমিকে চাহ বাগিচাখনৰ পৰিচালক বিজয় চৰোচিয়াক ঘেৰাও কৰি জবাবদিহি কৰে আৰু বিভিন্ন শ্লোগানেৰে অঞ্চলটোত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।1
- অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে জাগীৰোডৰ খিলঞ্জীয়া লোকৰ অধিকাৰৰ বাবে চলি থকা আন্দোলনত অংশগ্ৰহণ কৰিছে। তেওঁ এই আন্দোলনৰ সমভাগী হৈ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ দাবীত ওলাই আহিছে।1
- ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই। নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।1
- শিলিখা ঘাটৰ নদীত জাঁপ দিয়াৰ ৪৮ ঘণ্টাৰ অন্তত শংকৰ কালান্দী আৰু ৰেজিনা কালান্দী গড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ডিব্ৰুগড়ৰ এন ডি আৰ এফ টিমে নদীখনৰ শিঙৰী ঘাট আৰু মিছা ঘাটত উৱঁলি যোৱা অৱস্থাত মৃতদেহ দুটা পৃথকে পৃথকে উদ্ধাৰ কৰে। উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধ্যা শিলিখা চাহ বাগিছাৰ নিবাসী ৩৩ বছৰ বয়সৰ শংকৰ কালান্দী নামৰ যুৱকজনে শিলিখা ঘাটৰ নদীত জাঁপ দিছিল। তেওঁক জাঁপ দিয়া দেখি তেওঁৰ ৩২ বছৰীয়া পত্নী অনিতা কালান্দী আৰু ৩৪ বছৰীয়া জ্যেষ্ঠ ভগ্নী ৰেজিনা কালান্দী গঢ়েও নদীত জাঁপ দিয়ে। ইয়াৰ পিছৰ পৰা তিনিওজনে নদীখনত নিখোজ হৈ পৰিছিল। ঘটনাৰ খবৰ পোৱাৰ পিছতে ডুমডুমা আৰক্ষীৰ দলৰ লগতে এছ ডি আৰ এফ বাহিনীৰ দল উপস্থিত হৈ ঘণ্টা জোৰা অভিযান চলাইছিল। এই অভিযানৰ ফলত এছ ডি আৰ এফ বাহিনীৰ দলটোৱে কালি পত্নী অনিতা কালান্দীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, কিন্তু স্বামী শংকৰ কালান্দী আৰু ভগ্নী ৰেজিনা কালান্দী গঢ়ৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল।1