logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Meghalaya gomaijhora West Gora hiial PHULBARI

5 days ago
user_Mosta Hoque
Mosta Hoque
Taxi Driver ডেমডেমা, ৱেষ্ট গাৰো হিলছ, মেঘালয়•
5 days ago
2adc23f1-4b02-46be-9f7c-181d56f221e2

Meghalaya gomaijhora West Gora hiial PHULBARI

More news from অসম and nearby areas
  • গোলকগঞ্জ আৰক্ষীয়ে এক বিশেষ অভিযান চলাই কুখ্যাত মহিলা ড্ৰাগছ সৰবৰাহকাৰী নূৰিমা খাতুন ওৰফে পাগলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই অভিযানত আৰক্ষীয়ে মহিলাগৰাকীৰ অধিকাৰত থকা প্ৰায় ৩০ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰিছে। নূৰিমা খাতুনৰ ঘৰ গোলকগঞ্জ পৌৰসভাৰ ১ নং ৱাৰ্ডত অৱস্থিত। জানিব পৰা মতে, গোলকগঞ্জ থানাৰ চক্ৰ আৰক্ষী বিষয়া নৱজ্যোতি ৰায়ৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছিল। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি, নূৰিমা খাতুন দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল বুলি সন্দেহ কৰা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
    1
    গোলকগঞ্জ আৰক্ষীয়ে এক বিশেষ অভিযান চলাই কুখ্যাত মহিলা ড্ৰাগছ সৰবৰাহকাৰী নূৰিমা খাতুন ওৰফে পাগলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই অভিযানত আৰক্ষীয়ে মহিলাগৰাকীৰ অধিকাৰত থকা প্ৰায় ৩০ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰিছে। নূৰিমা খাতুনৰ ঘৰ গোলকগঞ্জ পৌৰসভাৰ ১ নং ৱাৰ্ডত অৱস্থিত। জানিব পৰা মতে, গোলকগঞ্জ থানাৰ চক্ৰ আৰক্ষী বিষয়া নৱজ্যোতি ৰায়ৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছিল।

আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি, নূৰিমা খাতুন দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল বুলি সন্দেহ কৰা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    5 hrs ago
  • ৰাজ্যৰ লগতে ধুবুৰী জিলাতো ২০ জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস বিশেষ কাৰ্যসূচীৰে পালন কৰা হয়। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধুবুৰী শাখা আৰু ধুবুৰী জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ যৌথ উদ্যোগত ধুবুৰী গাৰ্লছ একাডেমী হাইস্কুলত এই দিৱস উদযাপন কৰা হয়। দিনজোৰা এই কাৰ্যসূচীত সংগীত, আবৃত্তি, নৃত্য, ভাষণ আৰু বিভিন্ন অনুষ্ঠানৰ মাজেৰে কলাগুৰুক স্মৰণ কৰা হয়। দিনৰ ১২ বজাত স্কুলৰ প্ৰেক্ষাগৃহত ৰাভা দিৱসৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সভাৰ সভানেত্ৰী ড০ লাবণ্য ভক্তই কলাগুৰুৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। ধুবুৰী জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ সভাপতি প্ৰনৱাশীষ ৰয় আৰু লেখিকা সমাৰোহৰ কাৰ্যকৰী সভানেত্ৰী ৰৌছানাৰা আহমেদে প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে, আনহাতে ধুবুৰী গাৰ্লছ একাডেমী হাইস্কুলৰ প্ৰধান শিক্ষক হেমেন্দ্ৰ নাথ ৰায়ে পুষ্পাঞ্জলি অৰ্পণ কৰে। লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চুলতানা চেলিমা আহমেদে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ধুবুৰী গাৰ্লছ একাডেমী হাইস্কুলৰ প্ৰধান শিক্ষক হেমেন্দ্ৰ নাথ ৰায়ে বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে। সভাত ৰৌছানাৰা আহমেদ, প্ৰনৱাশীষ ৰয়, তিলোত্তমা ৰাভা আৰু অঞ্জলি শৰ্মাইও ভাষণ দিয়ে। এই অনুষ্ঠানতে লিপিকা ৰায় চৌধুৰীৰ দ্বাৰা লিখিত 'মহাভাৰতৰ কাহিনী' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। সভাত উপস্থিত থকা বিশিষ্ট অতিথিসকলক আৰু ধুবুৰী জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ সদস্যসকলক ফুলাম গামোচাৰে সন্মানিত কৰা হয়। স্কুলৰ বিভিন্ন ছাত্ৰীয়ে কবিতা পাঠ আৰু নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। সভাৰ সামৰণিত 'অ মোৰ আপোনাৰ দেশ' শীৰ্ষক গীতটো পৰিৱেশন কৰা হয়।
    4
    ৰাজ্যৰ লগতে ধুবুৰী জিলাতো ২০ জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস বিশেষ কাৰ্যসূচীৰে পালন কৰা হয়। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধুবুৰী শাখা আৰু ধুবুৰী জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ যৌথ উদ্যোগত ধুবুৰী গাৰ্লছ একাডেমী হাইস্কুলত এই দিৱস উদযাপন কৰা হয়। দিনজোৰা এই কাৰ্যসূচীত সংগীত, আবৃত্তি, নৃত্য, ভাষণ আৰু বিভিন্ন অনুষ্ঠানৰ মাজেৰে কলাগুৰুক স্মৰণ কৰা হয়।

দিনৰ ১২ বজাত স্কুলৰ প্ৰেক্ষাগৃহত ৰাভা দিৱসৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সভাৰ সভানেত্ৰী ড০ লাবণ্য ভক্তই কলাগুৰুৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। ধুবুৰী জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ সভাপতি প্ৰনৱাশীষ ৰয় আৰু লেখিকা সমাৰোহৰ কাৰ্যকৰী সভানেত্ৰী ৰৌছানাৰা আহমেদে প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে, আনহাতে ধুবুৰী গাৰ্লছ একাডেমী হাইস্কুলৰ প্ৰধান শিক্ষক হেমেন্দ্ৰ নাথ ৰায়ে পুষ্পাঞ্জলি অৰ্পণ কৰে।

লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চুলতানা চেলিমা আহমেদে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ধুবুৰী গাৰ্লছ একাডেমী হাইস্কুলৰ প্ৰধান শিক্ষক হেমেন্দ্ৰ নাথ ৰায়ে বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে। সভাত ৰৌছানাৰা আহমেদ, প্ৰনৱাশীষ ৰয়, তিলোত্তমা ৰাভা আৰু অঞ্জলি শৰ্মাইও ভাষণ দিয়ে। এই অনুষ্ঠানতে লিপিকা ৰায় চৌধুৰীৰ দ্বাৰা লিখিত 'মহাভাৰতৰ কাহিনী' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়।

সভাত উপস্থিত থকা বিশিষ্ট অতিথিসকলক আৰু ধুবুৰী জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ সদস্যসকলক ফুলাম গামোচাৰে সন্মানিত কৰা হয়। স্কুলৰ বিভিন্ন ছাত্ৰীয়ে কবিতা পাঠ আৰু নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। সভাৰ সামৰণিত 'অ মোৰ আপোনাৰ দেশ' শীৰ্ষক গীতটো পৰিৱেশন কৰা হয়।
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    7 hrs ago
  • আজি চিৰাং জিলাৰ মাদলীপাৰা এল,পি,স্কুলত এক সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হৈছিল। এই কাৰ্যসূচী দিনটোৰ বাবে অঞ্চলটোত এক উল্লেখযোগ্য অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।
    1
    আজি চিৰাং জিলাৰ মাদলীপাৰা এল,পি,স্কুলত এক সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হৈছিল। এই কাৰ্যসূচী দিনটোৰ বাবে অঞ্চলটোত এক উল্লেখযোগ্য অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।
    user_Odalguritv viral
    Odalguritv viral
    চিডলি (পিটি), চিৰাং, অসম•
    11 hrs ago
  • আজি পৱিত্ৰ ৰাভা দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি কলা-সংস্কৃতিৰ মহীৰূহ, বৰেণ্য অসমীয়া, গণশিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাৰে সোঁৱৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজে গীতে-মাতে বৰেণ্য অসমীয়াগৰাকীক স্মৰণ কৰে। বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠনে কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে তেখেতৰ অমৰ সৃষ্টিসমূহৰ চৰ্চাৰে শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবতো অনুষ্টুপীয়াভাৱে ৰাভা দিৱস উদযাপন কৰা হয়। প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল আৰু সাংবাদিকসকলে একত্ৰিত হৈ শ্ৰদ্ধাৰ শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংবাদিকসকলে কলাগুৰুৰ কালজয়ী গীতৰ সুৰেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। এই অনুষ্ঠানত সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমীয়া জাতীয় জীৱন, সমাজ আৰু সংস্কৃতিলৈ আগবঢ়াই যোৱা অনবদ্য অৱদানৰ কথা শ্ৰদ্ধাৰে সুঁৱৰে।
    1
    আজি পৱিত্ৰ ৰাভা দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি কলা-সংস্কৃতিৰ মহীৰূহ, বৰেণ্য অসমীয়া, গণশিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাৰে সোঁৱৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজে গীতে-মাতে বৰেণ্য অসমীয়াগৰাকীক স্মৰণ কৰে। বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠনে কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে তেখেতৰ অমৰ সৃষ্টিসমূহৰ চৰ্চাৰে শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবতো অনুষ্টুপীয়াভাৱে ৰাভা দিৱস উদযাপন কৰা হয়। প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল আৰু সাংবাদিকসকলে একত্ৰিত হৈ শ্ৰদ্ধাৰ শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংবাদিকসকলে কলাগুৰুৰ কালজয়ী গীতৰ সুৰেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। এই অনুষ্ঠানত সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমীয়া জাতীয় জীৱন, সমাজ আৰু সংস্কৃতিলৈ আগবঢ়াই যোৱা অনবদ্য অৱদানৰ কথা শ্ৰদ্ধাৰে সুঁৱৰে।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    11 hrs ago
  • কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    1
    কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।

এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    4 hrs ago
  • হোজাইৰ আজমল কলেজৰ এজন ছাত্ৰ হঠাৎ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
    1
    হোজাইৰ আজমল কলেজৰ এজন ছাত্ৰ হঠাৎ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    7 hrs ago
  • আজি চিৰাঙৰ কাজলগাঁৱত আঠটা বিলুপ্তপ্ৰায় সোণালী বান্দৰ উদ্ধাৰ কৰা হৈছে, য'ত ৯ জন চোৰাং চিকাৰীক আটক কৰা হৈছে। এক গোপন সূত্ৰৰ ভিত্তিত কাজলগাঁও থানা, চিডলী থানাৰ আৰক্ষী আৰু গুৱাহাটীৰ পৰা অহা STF বাহিনীয়ে অভিযান চলাই এই চোৰাং চিকাৰীকেইজনক আটক কৰিবলৈ সক্ষম হয়। অসম চৰকাৰে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্ৰণয়ন কৰা আইনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ চোৰাং চিকাৰীয়ে সংৰক্ষিত উল্টাপানী বনাঞ্চলৰ পৰা এই বিলুপ্ত প্ৰজাতিৰ বান্দৰকেইটা লৈ আহিছিল। চিৰাং জিলা আৰক্ষী প্ৰশাসন আৰু STF বাহিনীয়ে উদ্ধাৰ কৰা সোণালী বান্দৰকেইটাক পুনৰ বনাঞ্চলত মুকলি কৰি দিয়াৰ বাবে লৈ যায়। আটক কৰা চোৰাং চিকাৰীসকলৰ মাজৰ এজন বাংলাদেশৰ নাগৰিক, যাৰ নাম জামাল বুলি জনা গৈছে। আনহাতে, পশ্চিম বংগৰ পাঁচজন নাগৰিকক চিনাক্ত কৰা হৈছে আলমগীৰ মোল্লা, ফকিৰচান মণ্ডল, খালেক মণ্ডল, লতিবুল শেইখ আৰু ইমজামুল হক হিচাপে। ইয়াৰ উপৰিও, চিৰাং জিলাৰ পিংকুশ নাৰ্জাৰী, জেকছন বিশ্বকৰ্মা আৰু ৰঞ্জিত নাৰ্জাৰীকো এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে। ঘটনাত জড়িত চোৰাং চিকাৰীকেইজনক আটক কৰি STF বাহিনীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। আনহাতে, আজি বঙাইগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত বঙাইগাঁও ৱাকিং জনতত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত ভাৰতৰ বিকাশ আৰু জনকল্যাণৰ ১২ বছৰীয়া কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰি এখন তিনিদিনীয়া চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে। এই চিত্ৰ প্ৰদৰ্শনী আজিৰ পৰা আৰম্ভ হৈছে আৰু অনুষ্ঠানটো মুকলি কৰা সময়ত বহু লোক উপস্থিত আছিল।
    1
    আজি চিৰাঙৰ কাজলগাঁৱত আঠটা বিলুপ্তপ্ৰায় সোণালী বান্দৰ উদ্ধাৰ কৰা হৈছে, য'ত ৯ জন চোৰাং চিকাৰীক আটক কৰা হৈছে। এক গোপন সূত্ৰৰ ভিত্তিত কাজলগাঁও থানা, চিডলী থানাৰ আৰক্ষী আৰু গুৱাহাটীৰ পৰা অহা STF বাহিনীয়ে অভিযান চলাই এই চোৰাং চিকাৰীকেইজনক আটক কৰিবলৈ সক্ষম হয়। অসম চৰকাৰে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্ৰণয়ন কৰা আইনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ চোৰাং চিকাৰীয়ে সংৰক্ষিত উল্টাপানী বনাঞ্চলৰ পৰা এই বিলুপ্ত প্ৰজাতিৰ বান্দৰকেইটা লৈ আহিছিল। চিৰাং জিলা আৰক্ষী প্ৰশাসন আৰু STF বাহিনীয়ে উদ্ধাৰ কৰা সোণালী বান্দৰকেইটাক পুনৰ বনাঞ্চলত মুকলি কৰি দিয়াৰ বাবে লৈ যায়।

আটক কৰা চোৰাং চিকাৰীসকলৰ মাজৰ এজন বাংলাদেশৰ নাগৰিক, যাৰ নাম জামাল বুলি জনা গৈছে। আনহাতে, পশ্চিম বংগৰ পাঁচজন নাগৰিকক চিনাক্ত কৰা হৈছে আলমগীৰ মোল্লা, ফকিৰচান মণ্ডল, খালেক মণ্ডল, লতিবুল শেইখ আৰু ইমজামুল হক হিচাপে। ইয়াৰ উপৰিও, চিৰাং জিলাৰ পিংকুশ নাৰ্জাৰী, জেকছন বিশ্বকৰ্মা আৰু ৰঞ্জিত নাৰ্জাৰীকো এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে। ঘটনাত জড়িত চোৰাং চিকাৰীকেইজনক আটক কৰি STF বাহিনীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

আনহাতে, আজি বঙাইগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত বঙাইগাঁও ৱাকিং জনতত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত ভাৰতৰ বিকাশ আৰু জনকল্যাণৰ ১২ বছৰীয়া কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰি এখন তিনিদিনীয়া চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে। এই চিত্ৰ প্ৰদৰ্শনী আজিৰ পৰা আৰম্ভ হৈছে আৰু অনুষ্ঠানটো মুকলি কৰা সময়ত বহু লোক উপস্থিত আছিল।
    user_NEWS NE
    NEWS NE
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    9 hrs ago
  • গত ১৪ জুনত অভয়াপুৰীত এগৰাকী ৮ বছৰীয়া কিশোৰী এজন লম্পটৰ কামনাৰ বলি হৈছিল। এই ঘটনা সংঘটিত কৰা লম্পটটোৰ নাম মনিৰুদ্দিন। ঘটনা সংঘটিত কৰাৰ পিছতেই মনিৰুদ্দিনে পলায়ন কৰিছিল। অভয়াপুৰী আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা মনিৰুদ্দিনক গ্ৰেপ্তাৰ কৰি আজি অভয়াপুৰী থানাত হাজিৰ কৰে। এই ঘটনা সন্দৰ্ভত আমছুৱে মনিৰুদ্দিনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।
    1
    গত ১৪ জুনত অভয়াপুৰীত এগৰাকী ৮ বছৰীয়া কিশোৰী এজন লম্পটৰ কামনাৰ বলি হৈছিল। এই ঘটনা সংঘটিত কৰা লম্পটটোৰ নাম মনিৰুদ্দিন। ঘটনা সংঘটিত কৰাৰ পিছতেই মনিৰুদ্দিনে পলায়ন কৰিছিল। অভয়াপুৰী আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা মনিৰুদ্দিনক গ্ৰেপ্তাৰ কৰি আজি অভয়াপুৰী থানাত হাজিৰ কৰে। এই ঘটনা সন্দৰ্ভত আমছুৱে মনিৰুদ্দিনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।
    user_NEWS NE
    NEWS NE
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.