দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বাটাৰফ্লায় এণ্ড বায়ডাইভাৰ্চিটি ট্ৰেইল অসমৰ দিহিং পাটকাই ভূ-প্ৰাকৃতিক অঞ্চলজুৰি অনুষ্ঠিত বাটাৰফ্লাই এণ্ড বায়’ডাইভাৰ্চিটী ট্রেইল (BBT)ৰ চতুৰ্থ সংস্কৰণৰ আজি প্ৰথমটো দিন জয়পুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় উদ্যানত শুভাৰম্ভনি হয়। চাৰিদিনীয়াকৈ অনুষ্ঠিত এই ট্রেইল জয়পুৰ ,দেওমালি, লক্ষীপথাৰ আৰু চৰাইপুং আদি বনাঞ্চল সমূহক সামৰি লোৱা হৈছে। জয়পুৰ বনাঞ্চলিক বিষয়া কবীন কুমাৰ বৰাই শুভাৰম্ভ কৰা ট্রেইলটোত গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়,টিংখঙ মহাবিদ্যালয়,দুলিয়াজান অইল উচ্চতৰ মাধ্যমিক বিদ্যালয়,পদুমণি ভি কে ভি ,নাহৰকটীয়া জয়পুৰ আদি অঞ্চলৰ বিদ্যালয় সমূহৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। পখিলা বিশেষজ্ঞ তথা সমল ব্যক্তি হিচাপে কেউটাদিনতে উপস্থিত থাকিব "বাটাৰফ্লাই মেন অৱ অৰুণাচল" খ্যাত ৰৌচন উপাধ্যায় ৰ লগতে প্ৰকাশ কুমাৰ কছাৰী,মহেশ বৰুৱা, সৈতেন্দ্ৰ দত্ত,দেৱজিত সোণোৱালৰ লগতে অতিথিৰূপে উপস্থিত থাকে মহেন্দ্ৰ বসুমতাৰী,উত্তৰাখণ্ডৰ সৌহেল মদন আদি উপস্থিত থাকে। প্ৰথম দিনৰ ট্ৰেইলত প্ৰায় ১১৩ টা পখিলাৰ প্ৰজাতি পোৱা হয়। ইফালে আজি পুৱা জয়পুৰ বনবিভাগৰ চাঙবঙলাত প্ৰকৃতি প্ৰেমী বন্যপ্ৰাণী ফটোগ্ৰাফাৰ দেৱজিত সোণোৱালে ফ্লাগ অফ কৰা ট্ৰেইল ৰেইলীটো অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেওমালি হৈ বৃহস্পতিবাৰে লক্ষীপথাৰ বনাঞ্চলত উপস্থিত হোৱাৰ পিছত শুক্ৰবাৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চৰাইপুংত এই ট্ৰেইলৰ সামৰণি পৰিব। বাটাৰফ্লাই এণ্ড বায়’ডাইভাৰ্চিটী ট্রেইল হ’ল যুৱ প্ৰজন্মৰ নেতৃত্বত পৰিচালিত আৰু সমাজ-চালিত এক পদক্ষেপ, যিয়ে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ, পৰিৱেশ শিক্ষা, দায়িত্বশীল পৰ্যটন আৰু সমাজৰ অংশগ্ৰহণক একগোট কৰে। এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, প্ৰকৃতিপ্ৰেমী, স্থানীয় ৰাইজ আৰু চৰকাৰী প্ৰতিনিধিসকলক সামৰি পথ-প্ৰদৰ্শকসহ বৰ্ষাৰণ্য ভ্ৰমণ (guided rainforest trails), বিশেষজ্ঞৰ বক্তৃতা, ইণ্টাৰেক্টিভ শিক্ষণ অধিৱেশন আৰু সাংস্কৃতিক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। দিহিং পাটকাই ভূ-প্ৰাকৃতিক অঞ্চলৰ চহকী জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্বক আলোকপাত কৰাত সহায় কৰাৰ লগতে এনেধৰণৰ পদক্ষেপসমূহৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা আৰু অংশগ্ৰহণ বৃদ্ধি কৰাটোয়েই ইয়াৰ মূখ্য উদ্দেশ্য।।
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বাটাৰফ্লায় এণ্ড বায়ডাইভাৰ্চিটি ট্ৰেইল অসমৰ দিহিং পাটকাই ভূ-প্ৰাকৃতিক অঞ্চলজুৰি অনুষ্ঠিত বাটাৰফ্লাই এণ্ড বায়’ডাইভাৰ্চিটী ট্রেইল (BBT)ৰ চতুৰ্থ সংস্কৰণৰ আজি প্ৰথমটো দিন জয়পুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় উদ্যানত শুভাৰম্ভনি হয়। চাৰিদিনীয়াকৈ অনুষ্ঠিত এই ট্রেইল জয়পুৰ ,দেওমালি, লক্ষীপথাৰ আৰু চৰাইপুং আদি বনাঞ্চল সমূহক সামৰি লোৱা হৈছে। জয়পুৰ বনাঞ্চলিক বিষয়া কবীন কুমাৰ বৰাই শুভাৰম্ভ কৰা ট্রেইলটোত গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়,টিংখঙ মহাবিদ্যালয়,দুলিয়াজান অইল উচ্চতৰ মাধ্যমিক বিদ্যালয়,পদুমণি ভি কে ভি ,নাহৰকটীয়া জয়পুৰ আদি অঞ্চলৰ বিদ্যালয় সমূহৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। পখিলা বিশেষজ্ঞ তথা সমল ব্যক্তি হিচাপে কেউটাদিনতে উপস্থিত থাকিব "বাটাৰফ্লাই মেন অৱ অৰুণাচল" খ্যাত ৰৌচন উপাধ্যায় ৰ লগতে প্ৰকাশ কুমাৰ কছাৰী,মহেশ বৰুৱা, সৈতেন্দ্ৰ দত্ত,দেৱজিত সোণোৱালৰ লগতে অতিথিৰূপে উপস্থিত থাকে মহেন্দ্ৰ বসুমতাৰী,উত্তৰাখণ্ডৰ সৌহেল মদন আদি উপস্থিত থাকে। প্ৰথম দিনৰ ট্ৰেইলত প্ৰায়
১১৩ টা পখিলাৰ প্ৰজাতি পোৱা হয়। ইফালে আজি পুৱা জয়পুৰ বনবিভাগৰ চাঙবঙলাত প্ৰকৃতি প্ৰেমী বন্যপ্ৰাণী ফটোগ্ৰাফাৰ দেৱজিত সোণোৱালে ফ্লাগ অফ কৰা ট্ৰেইল ৰেইলীটো অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেওমালি হৈ বৃহস্পতিবাৰে লক্ষীপথাৰ বনাঞ্চলত উপস্থিত হোৱাৰ পিছত শুক্ৰবাৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চৰাইপুংত এই ট্ৰেইলৰ সামৰণি পৰিব। বাটাৰফ্লাই এণ্ড বায়’ডাইভাৰ্চিটী ট্রেইল হ’ল যুৱ প্ৰজন্মৰ নেতৃত্বত পৰিচালিত আৰু সমাজ-চালিত এক পদক্ষেপ, যিয়ে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ, পৰিৱেশ শিক্ষা, দায়িত্বশীল পৰ্যটন আৰু সমাজৰ অংশগ্ৰহণক একগোট কৰে। এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, প্ৰকৃতিপ্ৰেমী, স্থানীয় ৰাইজ আৰু চৰকাৰী প্ৰতিনিধিসকলক সামৰি পথ-প্ৰদৰ্শকসহ বৰ্ষাৰণ্য ভ্ৰমণ (guided rainforest trails), বিশেষজ্ঞৰ বক্তৃতা, ইণ্টাৰেক্টিভ শিক্ষণ অধিৱেশন আৰু সাংস্কৃতিক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। দিহিং পাটকাই ভূ-প্ৰাকৃতিক অঞ্চলৰ চহকী জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্বক আলোকপাত কৰাত সহায় কৰাৰ লগতে এনেধৰণৰ পদক্ষেপসমূহৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা আৰু অংশগ্ৰহণ বৃদ্ধি কৰাটোয়েই ইয়াৰ মূখ্য উদ্দেশ্য।।
- দুলীয়াজানত উত্তাল প্ৰতিবাদ: পথ নিৰ্মাণত লেহেমীয়া গতিৰ অভিযোগত কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ : দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি অঞ্চলত আজি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মধুটিংৰ পৰা বকুলনি চাৰিআলি হৈ কঠালগুৰি OCSলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা (PMGSY)ৰ অধীনস্থ পথটোৰ দীৰ্ঘদিনীয়া লেহেমীয়া নিৰ্মাণ কাৰ্যক লৈ স্থানীয় শতাধিক ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উত্তেজিত ৰাইজে কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বহু মাহ পূৰ্বেই পথটোৰ কাম আৰম্ভ কৰা হৈছিল যদিও বাৰে বাৰে কাম বন্ধ হৈ থকাৰ বাবে আজিও ই সম্পূৰ্ণ হৈ উঠা নাই। অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ বাবে সামান্য বৰষুণতেই পথটো বোকাময় হৈ পৰে। ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী তথা সাধাৰণ পথচাৰীয়ে দৈনিক জীয়াতু ভুগিবলগীয়া হৈছে। ঠিকাদাৰী প্ৰতিষ্ঠান, সংশ্লিষ্ট বিভাগ আৰু নিৰীক্ষণ ব্যৱস্থাৰ মাজত থকা চৰম সমন্বয়হীনতাৰ বাবেই জনসাধাৰণে এই নৰকযন্ত্ৰণা ভোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।প্ৰতিবাদকাৰী ৰাইজে অতি শীঘ্ৰে এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে কামত হোৱা পলমৰ সঠিক কাৰণ ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। ইয়াৰোপৰি, প্ৰশাসনে যদি অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ইয়াতকৈও অধিক ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি ৰাইজে হুংকাৰ প্ৰদান কৰে।4
- 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।1
- তিনিচুকীয়াৰ হিজুগুৰী ৰেল ষ্টেচনত অপমান ভাৰতীয় জাতীয় পতাকাক উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ হিজুগুৰী ৰেলৱে ষ্টেচনৰ সন্মুখত ধ্বজা বাহক হৈ উত্তোলন হৈ থকা আমাৰ স্বাভিমান সন্মানৰ প্ৰতীক জাতীয় পতাকাখন ফালি চিৰি যোৱা অৱস্থাত উৰুৱাই থোৱা আছে। গুৰুত্ব নাই ৰেলৱে কৃতপক্ষৰ1
- টেঙাপুখুৰীত নিশা বান পৰিস্থিতিৰ পৰ্যালোচনা আয়ুক্ত নেহা যাদৱৰ শুক্ৰবাৰে চৰাইদেউৰ দিজৈখনাৰ বাঢ়নী পানীয়ে টেঙাপুখুৰীত কিছু পানী বৃদ্ধি পোৱাত নিশা জিলাৰ আয়ুক্তৰ টেঙাপুখুৰী পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে ।1
- চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে । চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।4
- মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িতলৈ আগবঢ়ালে বিশাল সাহাৰ্য। বানৰ কৱলত পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মাৰ্ঘেৰিটাত দেখা গ’ল এক প্ৰশংসনীয় আৰু মানৱীয় উদ্যোগ। মাৰ্ঘেৰিটাৰ মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থা সহযোগত বানপীড়িত ৰাইজৰ বাবে প্ৰেৰণ কৰা হৈছে বৃহৎ পৰিমাণৰ সাহাৰ্য সামগ্ৰী। জানিব পৰা মতে, বিশেষ দলটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপ্ৰভাৱিত অঞ্চলত উপস্থিত হৈ এই সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰিব। মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ এই সময়োপযোগী সঁহাৰিক এতিয়া অঞ্চলটোত ব্যাপক আদৰণি জনোৱা হৈছে।1
- হেডলাইন: ডিগবৈত জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰম্ভ, বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত NHIDCLৰ পদক্ষেপ মূল পইণ্টসমূহঃ ▶️ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ নেৰানেপেৰা প্ৰচেষ্টাত ডিগবৈ চহৰৰ জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ। ▶️ ডিগবৈ ৰামনগৰৰ পৰা গোলাইলৈকে চাৰিলেন পথ নিৰ্মাণ চলি থকাৰ মাজতে পথছোৱা জৰাজীৰ্ণ হৈ যাতায়াতত তীব্ৰ সমস্যা সৃষ্টি হৈছিল। ▶️ পূৰ্বতে ঠিকা লাভ কৰা দুটা প্ৰতিষ্ঠানে আধাতে কাম এৰি দিয়াৰ ফলত পথত ডাঙৰ ডাঙৰ গাত সৃষ্টি হৈছিল। ▶️ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে NHIDCLৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছিল বিধায়ক সুৰেন ফুকনে। ▶️ বিধায়কৰ প্ৰচেষ্টাৰ ফলত NHIDCLয়ে আজিৰে পৰা পথছোৱাৰ মেৰামতি আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰে। ▶️ বিধায়ক সুৰেন ফুকনে নিজে উপস্থিত থাকি কামৰ তদাৰক কৰাৰ লগতে নিৰ্মাণকাৰী সংস্থাক শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। ▶️ পৰিদৰ্শনৰ সময়ত সমজিলা আয়ুক্ত ফিলিছ ভি. এইচ. হ্ৰাংচাল, NHIDCLৰ বিষয়াবৰ্গ, সমাজসেৱিকা স্মৃতি দাস, সমাজসেৱক ত্ৰিদীপ কাকতি আৰু দিব্যজ্যোতি মৰাণ উপস্থিত থাকে। হেডলাইন: ডিগবৈত জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰম্ভ, বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত NHIDCLৰ পদক্ষেপ মূল পইণ্টসমূহঃ ▶️ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ নেৰানেপেৰা প্ৰচেষ্টাত ডিগবৈ চহৰৰ জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ। ▶️ ডিগবৈ ৰামনগৰৰ পৰা গোলাইলৈকে চাৰিলেন পথ নিৰ্মাণ চলি থকাৰ মাজতে পথছোৱা জৰাজীৰ্ণ হৈ যাতায়াতত তীব্ৰ সমস্যা সৃষ্টি হৈছিল। ▶️ পূৰ্বতে ঠিকা লাভ কৰা দুটা প্ৰতিষ্ঠানে আধাতে কাম এৰি দিয়াৰ ফলত পথত ডাঙৰ ডাঙৰ গাত সৃষ্টি হৈছিল। ▶️ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে NHIDCLৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছিল বিধায়ক সুৰেন ফুকনে। ▶️ বিধায়কৰ প্ৰচেষ্টাৰ ফলত NHIDCLয়ে আজিৰে পৰা পথছোৱাৰ মেৰামতি আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰে। ▶️ বিধায়ক সুৰেন ফুকনে নিজে উপস্থিত থাকি কামৰ তদাৰক কৰাৰ লগতে নিৰ্মাণকাৰী সংস্থাক শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। ▶️ পৰিদৰ্শনৰ সময়ত সমজিলা আয়ুক্ত ফিলিছ ভি. এইচ. হ্ৰাংচাল, NHIDCLৰ বিষয়াবৰ্গ, সমাজসেৱিকা স্মৃতি দাস, সমাজসেৱক ত্ৰিদীপ কাকতি আৰু দিব্যজ্যোতি মৰাণ উপস্থিত থাকে।1
- প্ৰলয়ংকাৰী বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ । *বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ* প্ৰলয়ংকাৰী বানে উটোৱাই আনিলে প্ৰায় ১০ কেজি ওজনৰ কাছ। চৰাইদেউ জিলাৰ ১০১ নং গ্ৰাণ্ট মাইবেলা কৃষিপাম গাওঁৰ পথৰ ওপৰত বৃহস্পতিবাৰে নিশা বানে উটোৱাই অনা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ হয়। অৱশেষত কাছ জনী বন বিভাগক চমজাই দিলে মাইবেলাৰ প্ৰকৃতিপ্ৰেমী ৰাইজে।1