Shuru
Apke Nagar Ki App…
সাপেখাতী মণ্ডলত প্ৰায় দুই শতাধিক লোকৰ বিজেপিত যোগদান । চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টিৰ সাপেখাতী মণ্ডলত আয়োজন বিজেপি দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভা । সভাত দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এই সভাত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে বিজেপিত যোগদান কৰে ।
Charaideo news
সাপেখাতী মণ্ডলত প্ৰায় দুই শতাধিক লোকৰ বিজেপিত যোগদান । চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টিৰ সাপেখাতী মণ্ডলত আয়োজন বিজেপি দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভা । সভাত দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এই সভাত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে বিজেপিত যোগদান কৰে ।
More news from অসম and nearby areas
- জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ প্ৰসংগত আজি শিৱসাগৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন কৃষক মুক্তিৰ ঐক্যমঞ্চৰ আহ্বায়ক সমিতিৰ সদস্য দুলু হাজৰিকাই। হাজৰিকাই স্পষ্টকৈ জনাইছে যে জুবিন গাৰ্গৰ দৰে এজন জাতীয় শিল্পীক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাটো গ্ৰহণযোগ্য নহয়। ন্যায়িক বিষয়ত ৰাজনৈতিক মেৰপেঁচ সৃষ্টি নকৰিবলৈ সকীয়নি দি তেওঁ বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত সকলোকে একগোট হৈ কাম কৰিবলৈ আহ্বান জনাই তেওঁ ইয়াত ৰাজনৈতিক স্বাৰ্থ নিহিত নাৰাখিবলৈ সতৰ্ক কৰি দিয়ে।1
- তিনিচুকীয়া জিলাৰ নৱগঠিত মাকুম বিধানসভা সমষ্টিত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মাকুমৰ বিজেপি মিত্ৰযোঁতৰ প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হয় বজালতলী খেলপথাৰত । ডিগবৈত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতে পোনেপোনে উপস্থিত হয় মাকুম বিধানসভা সমষ্টিত ৷ মাকুমত নিৰ্বাচনী প্ৰচাৰ সভা সামৰি তিনিচুকীয়া চহৰত বিজেপি মিত্ৰযোঁতৰ প্ৰাৰ্থী পুলক গোঁহাইক লৈ কৰিব ৰ’ড শ্ব’।1
- SLUG _MAJULI SENIOR CITIZEN VOTE মাজুলীত ৮৫ উৰ্দ্ধৰ আৰু বিশেষ ভাবে সক্ষম ভোটাৰ ভোটদান। ৯ এপিলত সমগ্ৰ অসমতে হ'বলগীয়া এটা পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাঠো ৮ টা দিন বাকী থকা অৱস্থাত মাজুলী সমষ্টিতো ৮৫ বছৰ উদ্ধৰ পুৰুষ-মহিলা আৰু ৫০% ওপৰৰ বিশেষ ভাবে সক্ষম ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ কৰিছে মাজুলী জিলা নিৰ্বাচনী বিভাগে। ৩১ মাৰ্চৰ পৰা ২ এপিললৈ চলিব এই ভোটদান প্ৰক্ৰিয়া। মাজুলীৰ ৫ টা দলে ঘৰে ঘৰে গৈ ৮৫ উৰ্দ্ধৰ পুৰুষ মহিলা আৰু বিশেষ ভাবে সক্ষম ব্যক্তিসকলৰ পোষ্টেল বেলট পেপাৰৰ জড়িয়তে ভোট সংগ্ৰহ কৰিছে। ঘৰতে ভোটদান কৰিবলৈ পাই নিজকে সৌভাগ্যবান বুলি কৈছে ভোটাৰ সকলে। নিজৰ ঘৰতে ভোটদান কৰিবলৈ পাই আনন্দিত ককা আইতা হত। এই ভোট দান প্ৰক্ৰিয়াৰ জড়িয়তে ভোটৰ হাৰ বৃদ্ধি পাব।1
- শিশু সকলৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মৰঙি মৌজাৰ তেলগৰমত যোৱাতো বৰ্ষৰ আজিৰ দিনটোতে অৰ্থাৎ ২ এপ্ৰিলত তেলগৰমৰ পাঁচজনকৈ সমাজ সচেতকৰ প্ৰচেষ্টাত তেলগৰম ত্ৰিবেণী সঙ্গীত কলা একাডেমিৰ বাকৰিত প্ৰতিষ্ঠা লাভ কৰা কিডজি ( Kid zee) বিদ্যালয়ৰ আজি প্ৰথম বৰ্ষপূৰ্তি তথা প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ সমগ্ৰ ভাৰতবৰ্ষতে শিশু সকলৰ বাবে প্ৰাক্ প্ৰাথমিক শিক্ষাৰ বিজ্ঞানভিত্তিক আৰু বিশ্বমানৰ শিক্ষাৰ বাবে শিশুটিক প্ৰথমাৱস্থাৰ পৰাই গঢ় দিয়াৰ বাবে কিডজি বদ্ধপৰিকৰ৷ কিডজিৰ দৰে আগশাৰীৰ শিশু শিক্ষাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান তেলগৰমত গঢ়ি তোলাৰ বাবে ৰাইজে পৰিচালন সঞ্চালক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰে৷ শিশু সকলৰ বিভিন্ন নৃত্য - গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট শিশুপ্ৰেমী, অৱসৰপ্ৰাপ্ত শিক্ষক বাণীকান্ত ফুকনে শিশু বিদ্যালয়খনৰ নৱনিৰ্মীত গৃহ আৰু ধেমালি গৃহৰ দ্বাৰ উন্মোচন কৰে৷ অনুষ্ঠানত মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, সম্পাদক পৰাগজ্যোতি শইকীয়া, পৰিচালন সঞ্চালক পৰিষদৰ অৰুণ গগৈ,প্ৰমোদ দত্ত,মনোজ কুৰ্মী,মনু গগৈ,প্ৰণামিকা দত্ত সহ অভিভাৱক সকল আৰু বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকল উপস্থিত থাকে৷1
- Post by Mahendra Pqgag1
- শামুকজুলী গাঁও অংগনা বাঢ়ি আহিছে2
- ৰাজ্যত নিৰ্বাচনৰ বতৰ । প্ৰতিকূল বতৰৰ মাজতো নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দল । বিশেষকৈ প্ৰধান প্ৰতিদ্বন্দি কংগ্ৰেছ বিজেপি । বিজেপি দলৰ হৈ এইবাৰ টিকটৰ পৰা বঞ্চিত প্ৰাক্তন যোৰহাট লোকসভা সাংসদ তথা সোণাৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তপন কুমাৰ গগৈয়ে আবেলি আৰু সন্ধিয়া সোণাৰি সমষ্টিৰ টিঙালীবাম চাহ বাগিচা আইদেউ পুখুৰী চাহ বাগিচাৰ লগতে কেইবাটাও স্থানত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ লগত দলৰ হৈ নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে1
- অসম বিধানসভা নিৰ্বাচন-২০২৬ ৰ পৰিপ্ৰেক্ষিতত ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে লগতে ৯ এপ্ৰিলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তিনিচুকীয়া নিৰ্বাচনী জিলাত উপস্থিত হৈছেহি ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিক ৷ তিনিচুকীয়াত উপস্থিত হৈ ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ SVEEP কোষৰ উদ্যোগত আজি কচুজান খেলপথাৰৰ পৰা আৰম্ভ হোৱা ভোটাৰ সজাগতামূলক চাইকেল ৰেলীৰ ফ্লেগ অফ কৰাৰ লগতে উক্ত চাইকেল ৰেলীত অংশগ্ৰহণ কৰি সকলোকে উৎসাহ প্ৰদান কৰে। তেওঁ কোনো ভয় অথবা শংকাৰ বশৱৰ্তী নহৈ বিবেক ভোট দি এখন শক্তিশালী ৰাষ্ট্ৰ গঠনত সক্ৰিয় ভূমিকা লবলৈ সকলোকে আহ্বান জনায়। আজিৰ এই ভোটাৰ সজাগতামূলক চাইকেল ৰেলীত SVEEP কোষৰ বিষয়ববীয়াৰ লগতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, পেৰা-চাইক্লিষ্ট তথা ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকে অসমৰ বিভিন্ন জিলাত ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহ যোগাবৰ বাবে চাইকেল যাত্ৰা আৰম্ভ কৰিছে।1
- খুমটাই বিধান সভা সমষ্টিৰ মৰঙিত ঝাৰখণ্ডৰ মূখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ প্ৰচাৰ সভা। ভাষন প্ৰসংগত মূখ্যমন্ত্ৰী গৰাকীয়ে ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি শাসিত চৰকাৰ খনক।অসমৰ অৱস্থা ডাৱল ইঞ্জিন চৰকাৰৰ দিনত ঝাৰখণ্ড তকৈও শোচনীয়। বিশেষকৈ গাঁও অঞলৰ পথ, মানুহৰ ঘৰ দুৱাৰ, বিজুলী ব্যৱস্থা সকলোৰে অৱস্থা অতিকৈ শোচনীয়। ডাৱল ইঞ্জিন চৰকাৰৰ দিনত চাহ শ্ৰমিকৰ অৱস্থা অতি দুখ লগা।2