Shuru
Apke Nagar Ki App…
লখিমপুৰ জিলাৰ বিহপুৰীয়াত এক শোকাবহ ঘটনা সংঘটিত হৈছে। নিজ ঘৰৰ ওচৰৰে এটা পুখুৰীত পৰি এজন ব্যক্তিৰ অকাল মৃত্যু ঘটিছে। মৃত ব্যক্তিগৰাকী বিহপুৰীয়া নাহৰআটিৰ বাসিন্দা লীলাৰাম দাস (৫৯)। তেওঁ ৰেচম বিভাগৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল। ঘৰৰ সমীপৰে এটা পুখুৰীত পৰি লোকজনৰ সলিল সমাধি ঘটে।
নৱজ্যোতি শৰ্মা
লখিমপুৰ জিলাৰ বিহপুৰীয়াত এক শোকাবহ ঘটনা সংঘটিত হৈছে। নিজ ঘৰৰ ওচৰৰে এটা পুখুৰীত পৰি এজন ব্যক্তিৰ অকাল মৃত্যু ঘটিছে। মৃত ব্যক্তিগৰাকী বিহপুৰীয়া নাহৰআটিৰ বাসিন্দা লীলাৰাম দাস (৫৯)। তেওঁ ৰেচম বিভাগৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল। ঘৰৰ সমীপৰে এটা পুখুৰীত পৰি লোকজনৰ সলিল সমাধি ঘটে।
More news from অসম and nearby areas
- বিহপুৰীয়া ক্ৰিকেট একাডেমীৰ প্ৰচেষ্টাত কাৱমাৰী গ্ৰাম্যক্ৰীড়া সন্হাৰ খেলপথাৰত চলি থকা এটি ক্ৰিকেট প্ৰশিক্ষণ শিৱিৰৰ আজি সামৰণি পৰে। বিগত ১০ টা দিনত এই শিৱিৰত ৮০ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীক ৰঞ্জী খেলুৱৈ অৰ্লেণ্ড কোৱৰে সুন্দৰ প্ৰশিক্ষণ প্ৰদান কৰে। সময়ৰ তাগিদাত কোৱৰ ডাঙৰীয়াই দীঘলীয়া প্ৰশিক্ষণ সামৰি বিদায় লবলগীয়া হোৱাত একাডেমীয়ে আজি এই শিৱিৰৰ সামৰণি মাৰে আৰু প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰক বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। আনহাতে, ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক লখিমপুৰ জিলাৰ ক্ৰিকেট প্ৰশিক্ষক হিৰণ্য হাজৰিকা, অভিজিত গোস্বামী, আদিত্য বৰা আৰু ৰনদ্বীপ বৰাই প্ৰশিক্ষণ অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে। ইয়াৰ লগতে, আজি দলদোপ কমপ্লেক্সত দুখনকৈ লেডাৰ বল পিটচ ফিটা কাটি শুভ উদ্বোধন কৰে প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰ আৰু একাডেমীৰ উপদেষ্টা ডঃ ৰাজেন্দ্ৰ নাথ সভাপণ্ডিতে।4
- লক্ষীমপুৰত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। এই অষ্টদশ কেন্দ্ৰীয় অধিৱেশনখনৰ বাবে লক্ষীমপুৰত এই সমিতি গঠন কৰা হয়। এই উপলক্ষে হাৰমতীত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু উক্ত সভাত সংগঠনটোৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত আছিল।1
- অসম চৰকাৰৰ ২০২৬-২০২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত অখিল গগৈয়ে এই বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। চৰকাৰৰ এই বাজেটক লৈ তেওঁ নিজৰ মতামত ব্যক্ত কৰিছে।1
- লখিমপুৰৰ বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱান শইকীয়াৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈছে। বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ মৃত্যুত সমগ্ৰ বগীনদীবাসী গভীৰ শোকত বিহ্বল হৈ পৰিছে।1
- শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে। সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়। সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।4
- মুৰ্গীৰ কণীৰ পৰাও ৩ টকাকৈ গুণ্ডা টেক্স সংগ্ৰহ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। ৰাজ্যখনত চলি থকা এনে কাৰ্যকলাপক লৈ তেওঁ কঠোৰ মন্তব্য প্ৰকাশ কৰিছে।1
- গোলাঘাট জিলাৰ ৪নং কোৰোকা গাঁৱত নিষিদ্ধ গো-মাংস উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি এটি পৰিয়ালৰ বাসগৃহৰ চৌহদত গো-মাংস কাটি থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানৰ সময়ত আৰক্ষীয়ে গো-মাংসখিনি উদ্ধাৰ কৰাৰ লগতে বুলু বেগম নামৰ এগৰাকী মহিলাক আটক কৰে। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে।1