logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গোলাঘাট জিলাৰ ৪নং কোৰোকা গাঁৱত নিষিদ্ধ গো-মাংস উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি এটি পৰিয়ালৰ বাসগৃহৰ চৌহদত গো-মাংস কাটি থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানৰ সময়ত আৰক্ষীয়ে গো-মাংসখিনি উদ্ধাৰ কৰাৰ লগতে বুলু বেগম নামৰ এগৰাকী মহিলাক আটক কৰে। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে।

5 hrs ago
user_RJ news digital
RJ news digital
Local News Reporter Golaghat, Assam•
5 hrs ago

গোলাঘাট জিলাৰ ৪নং কোৰোকা গাঁৱত নিষিদ্ধ গো-মাংস উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি এটি পৰিয়ালৰ বাসগৃহৰ চৌহদত গো-মাংস কাটি থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানৰ সময়ত আৰক্ষীয়ে গো-মাংসখিনি উদ্ধাৰ কৰাৰ লগতে বুলু বেগম নামৰ এগৰাকী মহিলাক আটক কৰে। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে।

More news from অসম and nearby areas
  • বিহপুৰীয়া ক্ৰিকেট একাডেমীৰ প্ৰচেষ্টাত কাৱমাৰী গ্ৰাম্যক্ৰীড়া সন্হাৰ খেলপথাৰত চলি থকা এটি ক্ৰিকেট প্ৰশিক্ষণ শিৱিৰৰ আজি সামৰণি পৰে। বিগত ১০ টা দিনত এই শিৱিৰত ৮০ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীক ৰঞ্জী খেলুৱৈ অৰ্লেণ্ড কোৱৰে সুন্দৰ প্ৰশিক্ষণ প্ৰদান কৰে। সময়ৰ তাগিদাত কোৱৰ ডাঙৰীয়াই দীঘলীয়া প্ৰশিক্ষণ সামৰি বিদায় লবলগীয়া হোৱাত একাডেমীয়ে আজি এই শিৱিৰৰ সামৰণি মাৰে আৰু প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰক বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। আনহাতে, ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক লখিমপুৰ জিলাৰ ক্ৰিকেট প্ৰশিক্ষক হিৰণ্য হাজৰিকা, অভিজিত গোস্বামী, আদিত্য বৰা আৰু ৰনদ্বীপ বৰাই প্ৰশিক্ষণ অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে। ইয়াৰ লগতে, আজি দলদোপ কমপ্লেক্সত দুখনকৈ লেডাৰ বল পিটচ ফিটা কাটি শুভ উদ্বোধন কৰে প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰ আৰু একাডেমীৰ উপদেষ্টা ডঃ ৰাজেন্দ্ৰ নাথ সভাপণ্ডিতে।
    4
    বিহপুৰীয়া ক্ৰিকেট একাডেমীৰ প্ৰচেষ্টাত কাৱমাৰী গ্ৰাম্যক্ৰীড়া সন্হাৰ খেলপথাৰত চলি থকা এটি ক্ৰিকেট প্ৰশিক্ষণ শিৱিৰৰ আজি সামৰণি পৰে। বিগত ১০ টা দিনত এই শিৱিৰত ৮০ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীক ৰঞ্জী খেলুৱৈ অৰ্লেণ্ড কোৱৰে সুন্দৰ প্ৰশিক্ষণ প্ৰদান কৰে। সময়ৰ তাগিদাত কোৱৰ ডাঙৰীয়াই দীঘলীয়া প্ৰশিক্ষণ সামৰি বিদায় লবলগীয়া হোৱাত একাডেমীয়ে আজি এই শিৱিৰৰ সামৰণি মাৰে আৰু প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰক বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

আনহাতে, ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক লখিমপুৰ জিলাৰ ক্ৰিকেট প্ৰশিক্ষক হিৰণ্য হাজৰিকা, অভিজিত গোস্বামী, আদিত্য বৰা আৰু ৰনদ্বীপ বৰাই প্ৰশিক্ষণ অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে। ইয়াৰ লগতে, আজি দলদোপ কমপ্লেক্সত দুখনকৈ লেডাৰ বল পিটচ ফিটা কাটি শুভ উদ্বোধন কৰে প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰ আৰু একাডেমীৰ উপদেষ্টা ডঃ ৰাজেন্দ্ৰ নাথ সভাপণ্ডিতে।
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    9 hrs ago
  • লক্ষীমপুৰত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। এই অষ্টদশ কেন্দ্ৰীয় অধিৱেশনখনৰ বাবে লক্ষীমপুৰত এই সমিতি গঠন কৰা হয়। এই উপলক্ষে হাৰমতীত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু উক্ত সভাত সংগঠনটোৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত আছিল।
    1
    লক্ষীমপুৰত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। এই অষ্টদশ কেন্দ্ৰীয় অধিৱেশনখনৰ বাবে লক্ষীমপুৰত এই সমিতি গঠন কৰা হয়। এই উপলক্ষে হাৰমতীত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু উক্ত সভাত সংগঠনটোৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত আছিল।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    10 hrs ago
  • অসম চৰকাৰৰ ২০২৬-২০২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত অখিল গগৈয়ে এই বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। চৰকাৰৰ এই বাজেটক লৈ তেওঁ নিজৰ মতামত ব্যক্ত কৰিছে।
    1
    অসম চৰকাৰৰ ২০২৬-২০২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত অখিল গগৈয়ে এই বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। চৰকাৰৰ এই বাজেটক লৈ তেওঁ নিজৰ মতামত ব্যক্ত কৰিছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    19 hrs ago
  • শিৱসাগৰৰ আৰক্ষী ছাউনীৰ আৱাসিক এলেকাত আজি এটা সাপক লৈ তীব্ৰ আতংকৰ সৃষ্টি হয়। আৰক্ষী ছাউনীৰ আৱাসিক এলেকাত থকা আৰক্ষী জোৱান দৈনমালূ বসুমতাৰীৰ ঘৰত হঠাতে এটা বৃহৎ আকাৰৰ সাপ প্ৰৱেশ কৰে। আৱাসগৃহৰ ভিতৰত সাপটো দেখা পাই জোৱানজনৰ পৰিয়ালৰ লগতে চুবুৰীয়াসকলৰ মাজতো তীব্ৰ আতংক বিয়পি পৰে। পিছত অৱশ্যে সাপটো এটা অবিষাক্ত 'মচোৱা গোম' বুলি চিনাক্ত কৰা হয়। পৰিয়ালটোৱে ততালিকে খবৰ দিয়াত ঘটনাস্থলীত বন্যপ্ৰাণী উদ্ধাৰকাৰী টুটুমনি কলিতা উপস্থিত হয় আৰু অতি কৌশলেৰে সাপটো নিৰাপদভাৱে উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছত সাপটোক কোনো ধৰণৰ ক্ষতি নকৰাকৈ এটা নিৰাপদ স্থানত এৰি দিয়া হয়। সাপটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে আৰক্ষী জোৱানজনৰ পৰিয়ালে উদ্ধাৰকাৰী টুটুমনি কলিতাক ধন্যবাদ জ্ঞাপন কৰে।
    1
    শিৱসাগৰৰ আৰক্ষী ছাউনীৰ আৱাসিক এলেকাত আজি এটা সাপক লৈ তীব্ৰ আতংকৰ সৃষ্টি হয়। আৰক্ষী ছাউনীৰ আৱাসিক এলেকাত থকা আৰক্ষী জোৱান দৈনমালূ বসুমতাৰীৰ ঘৰত হঠাতে এটা বৃহৎ আকাৰৰ সাপ প্ৰৱেশ কৰে। আৱাসগৃহৰ ভিতৰত সাপটো দেখা পাই জোৱানজনৰ পৰিয়ালৰ লগতে চুবুৰীয়াসকলৰ মাজতো তীব্ৰ আতংক বিয়পি পৰে।

পিছত অৱশ্যে সাপটো এটা অবিষাক্ত 'মচোৱা গোম' বুলি চিনাক্ত কৰা হয়। পৰিয়ালটোৱে ততালিকে খবৰ দিয়াত ঘটনাস্থলীত বন্যপ্ৰাণী উদ্ধাৰকাৰী টুটুমনি কলিতা উপস্থিত হয় আৰু অতি কৌশলেৰে সাপটো নিৰাপদভাৱে উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছত সাপটোক কোনো ধৰণৰ ক্ষতি নকৰাকৈ এটা নিৰাপদ স্থানত এৰি দিয়া হয়। সাপটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে আৰক্ষী জোৱানজনৰ পৰিয়ালে উদ্ধাৰকাৰী টুটুমনি কলিতাক ধন্যবাদ জ্ঞাপন কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে। সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়। সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
    4
    শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে।

সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়।

সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • ভাৰত চৰকাৰৰ প্ৰেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰনালয়ৰ আহ্বান ক্ৰমে গোলাঘাটৰ নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগে “স্বচ্ছতা পাখোৱাৰা” কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত প্লাষ্টিক বৰ্জন, চাফচিকুনতা আৰু পৰিবেশ সংৰক্ষণৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখন সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা আনিবলৈ নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকল ৰাজপথলৈ ওলাই আহে।
    1
    ভাৰত চৰকাৰৰ প্ৰেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰনালয়ৰ আহ্বান ক্ৰমে গোলাঘাটৰ নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগে “স্বচ্ছতা পাখোৱাৰা” কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত প্লাষ্টিক বৰ্জন, চাফচিকুনতা আৰু পৰিবেশ সংৰক্ষণৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখন সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা আনিবলৈ নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকল ৰাজপথলৈ ওলাই আহে।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    9 hrs ago
  • গোলাঘাট জিলাৰ ৪নং কোৰোকা গাঁৱত নিষিদ্ধ গো-মাংস উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি এটি পৰিয়ালৰ বাসগৃহৰ চৌহদত গো-মাংস কাটি থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানৰ সময়ত আৰক্ষীয়ে গো-মাংসখিনি উদ্ধাৰ কৰাৰ লগতে বুলু বেগম নামৰ এগৰাকী মহিলাক আটক কৰে। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে।
    1
    গোলাঘাট জিলাৰ ৪নং কোৰোকা গাঁৱত নিষিদ্ধ গো-মাংস উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি এটি পৰিয়ালৰ বাসগৃহৰ চৌহদত গো-মাংস কাটি থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানৰ সময়ত আৰক্ষীয়ে গো-মাংসখিনি উদ্ধাৰ কৰাৰ লগতে বুলু বেগম নামৰ এগৰাকী মহিলাক আটক কৰে।

বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.