logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু শিৱসাগৰ জিলা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। যোৱা ২৯ মে' তাৰিখে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বিশ্ব ধঁপাত বিৰোধী দিৱস' উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাখনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু ইয়াক অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ শিৱসাগৰ জিলাৰ সমন্বয়ক হিলাত্ৰী বৰুৱায়ে পৰিচালনা তথা আঁত ধৰে। সভাত বিশিষ্ট চিকিৎসক ডাঃ বিশ্বজিৎ চমুৱাই ধঁপাত সেৱনৰ ভয়াৱহতা আৰু ইয়াৰ ফলত হ’ব পৰা বিভিন্ন মাৰাত্মক বেমাৰৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিমূলক বক্তৃতা প্ৰদান কৰে। দিৱসটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক পোষ্টাৰ মেকিং আৰু চাৰপ্ৰাইজ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জনোৱা অনুসৰি, ৩০ মে' তাৰিখে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা শিৱসাগৰ বিশ্ববিদ্যালয়লৈকে এক সজাগতা সমদল উলিওৱা হয়। লগতে, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সমীপৰ জয়সাগৰ তিনিআলিত শিৱসাগৰ নাৰ্ছিং স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন’ডেল বিষয়া ডাঃ দিপামণি শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়া আৰু কৰ্মকৰ্তাসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও লোকে এই সমদলত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই যুৱ প্ৰজন্মক ধঁপাতৰ কবলৰ পৰা মুক্ত হৈ থাকিবলৈ আহ্বান জনায়।

1 hr ago
user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
সাংবাদিক Sivasagar, Assam•
1 hr ago

শিৱসাগৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু শিৱসাগৰ জিলা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। যোৱা ২৯ মে' তাৰিখে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বিশ্ব ধঁপাত বিৰোধী দিৱস' উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাখনত

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু ইয়াক অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ শিৱসাগৰ জিলাৰ সমন্বয়ক হিলাত্ৰী বৰুৱায়ে পৰিচালনা তথা আঁত ধৰে। সভাত বিশিষ্ট চিকিৎসক ডাঃ বিশ্বজিৎ চমুৱাই ধঁপাত সেৱনৰ ভয়াৱহতা আৰু ইয়াৰ ফলত হ’ব পৰা বিভিন্ন মাৰাত্মক বেমাৰৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিমূলক বক্তৃতা প্ৰদান কৰে। দিৱসটোৰ সৈতে সংগতি ৰাখি

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক পোষ্টাৰ মেকিং আৰু চাৰপ্ৰাইজ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জনোৱা অনুসৰি, ৩০ মে' তাৰিখে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা শিৱসাগৰ বিশ্ববিদ্যালয়লৈকে এক সজাগতা সমদল উলিওৱা হয়। লগতে, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সমীপৰ জয়সাগৰ তিনিআলিত শিৱসাগৰ নাৰ্ছিং স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক বাটৰ নাট প্ৰদৰ্শন কৰা

হয়। ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন’ডেল বিষয়া ডাঃ দিপামণি শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়া আৰু কৰ্মকৰ্তাসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও লোকে এই সমদলত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই যুৱ প্ৰজন্মক ধঁপাতৰ কবলৰ পৰা মুক্ত হৈ থাকিবলৈ আহ্বান জনায়।

More news from Assam and nearby areas
  • শিৱসাগৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু শিৱসাগৰ জিলা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। যোৱা ২৯ মে' তাৰিখে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বিশ্ব ধঁপাত বিৰোধী দিৱস' উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাখনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু ইয়াক অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ শিৱসাগৰ জিলাৰ সমন্বয়ক হিলাত্ৰী বৰুৱায়ে পৰিচালনা তথা আঁত ধৰে। সভাত বিশিষ্ট চিকিৎসক ডাঃ বিশ্বজিৎ চমুৱাই ধঁপাত সেৱনৰ ভয়াৱহতা আৰু ইয়াৰ ফলত হ’ব পৰা বিভিন্ন মাৰাত্মক বেমাৰৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিমূলক বক্তৃতা প্ৰদান কৰে। দিৱসটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক পোষ্টাৰ মেকিং আৰু চাৰপ্ৰাইজ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জনোৱা অনুসৰি, ৩০ মে' তাৰিখে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা শিৱসাগৰ বিশ্ববিদ্যালয়লৈকে এক সজাগতা সমদল উলিওৱা হয়। লগতে, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সমীপৰ জয়সাগৰ তিনিআলিত শিৱসাগৰ নাৰ্ছিং স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন’ডেল বিষয়া ডাঃ দিপামণি শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়া আৰু কৰ্মকৰ্তাসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও লোকে এই সমদলত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই যুৱ প্ৰজন্মক ধঁপাতৰ কবলৰ পৰা মুক্ত হৈ থাকিবলৈ আহ্বান জনায়।
    4
    শিৱসাগৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু শিৱসাগৰ জিলা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়।

যোৱা ২৯ মে' তাৰিখে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বিশ্ব ধঁপাত বিৰোধী দিৱস' উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাখনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু ইয়াক অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ শিৱসাগৰ জিলাৰ সমন্বয়ক হিলাত্ৰী বৰুৱায়ে পৰিচালনা তথা আঁত ধৰে। সভাত বিশিষ্ট চিকিৎসক ডাঃ বিশ্বজিৎ চমুৱাই ধঁপাত সেৱনৰ ভয়াৱহতা আৰু ইয়াৰ ফলত হ’ব পৰা বিভিন্ন মাৰাত্মক বেমাৰৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিমূলক বক্তৃতা প্ৰদান কৰে। দিৱসটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক পোষ্টাৰ মেকিং আৰু চাৰপ্ৰাইজ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জনোৱা অনুসৰি, ৩০ মে' তাৰিখে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা শিৱসাগৰ বিশ্ববিদ্যালয়লৈকে এক সজাগতা সমদল উলিওৱা হয়। লগতে, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সমীপৰ জয়সাগৰ তিনিআলিত শিৱসাগৰ নাৰ্ছিং স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন’ডেল বিষয়া ডাঃ দিপামণি শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়া আৰু কৰ্মকৰ্তাসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও লোকে এই সমদলত অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ জৰিয়তে শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই যুৱ প্ৰজন্মক ধঁপাতৰ কবলৰ পৰা মুক্ত হৈ থাকিবলৈ আহ্বান জনায়।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    1 hr ago
  • আজি শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত বিখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠান 'বিশাল মেগা মাৰ্ট'ত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে, বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। অৱশ্যে, মেগা মাৰ্টখনৰ ওপৰৰ মহলাত খিৰিকি নথকাৰ বাবে ভিতৰত ডাঠ ক'লা ধোঁৱা জমা হৈছিল, যাৰ ফলত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে জুই নুমুওৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সমগ্ৰ অট্টালিকাটো ধোঁৱাই আৱৰি ধৰাৰ ফলত, অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে, শিৱসাগৰ জিলা আৰক্ষীৰ দলো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিশেষ সঁজুলিৰ সহায়ত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ বাবে আপ্রাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সংবাদ প্ৰেৰণ কৰা পৰলৈকে অগ্নিকাণ্ডৰ এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা যোৱা নাই।
    3
    আজি শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত বিখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠান 'বিশাল মেগা মাৰ্ট'ত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে, বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। অৱশ্যে, মেগা মাৰ্টখনৰ ওপৰৰ মহলাত খিৰিকি নথকাৰ বাবে ভিতৰত ডাঠ ক'লা ধোঁৱা জমা হৈছিল, যাৰ ফলত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে জুই নুমুওৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সমগ্ৰ অট্টালিকাটো ধোঁৱাই আৱৰি ধৰাৰ ফলত, অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে, শিৱসাগৰ জিলা আৰক্ষীৰ দলো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিশেষ সঁজুলিৰ সহায়ত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ বাবে আপ্রাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সংবাদ প্ৰেৰণ কৰা পৰলৈকে অগ্নিকাণ্ডৰ এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা যোৱা নাই।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    21 hrs ago
  • শিৱসাগৰ ষ্টেচন চাৰিআলি এ টি ৰোডৰ কাষত অৱস্থিত বিশাল মেগা মাৰ্টত এক অগ্নিকাণ্ড সংঘটিত হৈছে। চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত জুই লগাৰ ফলত সমগ্ৰ বিশাল মেগা মাৰ্ট ক'লা ধোঁৱাই আৱৰি ধৰিছে। অগ্নি নিৰ্বাপনৰ বাবে ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হৈছিল। দ্বিতীয় মহলাত এখনো খিৰিকি নথকাৰ বাবে জুই নুমুৱাত অগ্নিনিৰ্বাপক বাহিনীয়ে অসুবিধাৰ সন্মুখীন হৈছিল। বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আনি নুমুওৱা হৈছে যদিও, ক'লা ধোঁৱা ভৰি থকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পিন্ধিহে ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছে। এই সংবাদ প্ৰেৰণ কৰাৰ সময়লৈকে কোনো হতাহতৰ খবৰ পোৱা নাই। ঘটনাস্থলীত শিৱসাগৰ আৰক্ষীও উপস্থিত আছে।
    1
    শিৱসাগৰ ষ্টেচন চাৰিআলি এ টি ৰোডৰ কাষত অৱস্থিত বিশাল মেগা মাৰ্টত এক অগ্নিকাণ্ড সংঘটিত হৈছে। চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত জুই লগাৰ ফলত সমগ্ৰ বিশাল মেগা মাৰ্ট ক'লা ধোঁৱাই আৱৰি ধৰিছে। অগ্নি নিৰ্বাপনৰ বাবে ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হৈছিল। দ্বিতীয় মহলাত এখনো খিৰিকি নথকাৰ বাবে জুই নুমুৱাত অগ্নিনিৰ্বাপক বাহিনীয়ে অসুবিধাৰ সন্মুখীন হৈছিল। বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আনি নুমুওৱা হৈছে যদিও, ক'লা ধোঁৱা ভৰি থকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পিন্ধিহে ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছে। এই সংবাদ প্ৰেৰণ কৰাৰ সময়লৈকে কোনো হতাহতৰ খবৰ পোৱা নাই। ঘটনাস্থলীত শিৱসাগৰ আৰক্ষীও উপস্থিত আছে।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    22 hrs ago
  • দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় অনাতাঁৰ অনুষ্ঠান “মন কী বাত”ৰ ১৩৪ সংখ্যক পৰ্বটো আজি সাপেখাতী অঞ্চলৰ ১০ নং বুথত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সমূহ ৰাইজৰ সৈতে একেলগে শ্ৰৱণ কৰে। এই অনুষ্ঠানত স্থানীয় ৰাইজৰ ব্যাপক সঁহাৰি দেখা যায়। অনুষ্ঠানটোত বুথ সভাপতি পংকজ বৰুৱা, সাপেখাতী মণ্ডলৰ সভাপতি প্ৰাঞ্জল গগৈ, চৰাইদেউ জিলা কৃষাণ মৰ্চাৰ সভাপতি জয়ন্ত বৰুৱা, ৰহণ গাঁও পঞ্চায়তৰ সভানেত্ৰী বিভা দিহিঙীয়া, ৰহণ আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰেখা চাংমাই, স্থানীয় গাঁও প্ৰধান জিতেন দত্ত, সমাজকৰ্মী ডিম্বেশ্বৰ দত্ত, ৱাৰ্ড সদস্য বিশ্বজিৎ বৰদলৈ, অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ দত্ত, ৰেৱ চেতিয়া আৰু চৰাইদেউ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰবিন টুডুসহ বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল। ইয়াৰ উপৰিও, দলৰ কাৰ্যকৰ্তাসকল আৰু বহু সংখ্যক স্থানীয় ৰাইজেও অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীৰ অনুপ্ৰেৰণাদায়ক বক্তব্য শ্ৰৱণ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দেশ গঢ়াৰ যাত্ৰাত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ, সামাজিক দায়বদ্ধতা আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পক অধিক শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। অনুষ্ঠানৰ অন্তত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উপস্থিত সকলো শুভাকাংক্ষী, দলীয় কাৰ্যকৰ্তা আৰু ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
    1
    দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় অনাতাঁৰ অনুষ্ঠান “মন কী বাত”ৰ ১৩৪ সংখ্যক পৰ্বটো আজি সাপেখাতী অঞ্চলৰ ১০ নং বুথত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সমূহ ৰাইজৰ সৈতে একেলগে শ্ৰৱণ কৰে। এই অনুষ্ঠানত স্থানীয় ৰাইজৰ ব্যাপক সঁহাৰি দেখা যায়।

অনুষ্ঠানটোত বুথ সভাপতি পংকজ বৰুৱা, সাপেখাতী মণ্ডলৰ সভাপতি প্ৰাঞ্জল গগৈ, চৰাইদেউ জিলা কৃষাণ মৰ্চাৰ সভাপতি জয়ন্ত বৰুৱা, ৰহণ গাঁও পঞ্চায়তৰ সভানেত্ৰী বিভা দিহিঙীয়া, ৰহণ আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰেখা চাংমাই, স্থানীয় গাঁও প্ৰধান জিতেন দত্ত, সমাজকৰ্মী ডিম্বেশ্বৰ দত্ত, ৱাৰ্ড সদস্য বিশ্বজিৎ বৰদলৈ, অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ দত্ত, ৰেৱ চেতিয়া আৰু চৰাইদেউ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰবিন টুডুসহ বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল। ইয়াৰ উপৰিও, দলৰ কাৰ্যকৰ্তাসকল আৰু বহু সংখ্যক স্থানীয় ৰাইজেও অনুষ্ঠানত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীৰ অনুপ্ৰেৰণাদায়ক বক্তব্য শ্ৰৱণ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দেশ গঢ়াৰ যাত্ৰাত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ, সামাজিক দায়বদ্ধতা আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পক অধিক শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। অনুষ্ঠানৰ অন্তত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উপস্থিত সকলো শুভাকাংক্ষী, দলীয় কাৰ্যকৰ্তা আৰু ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    25 min ago
  • চৰাইদেউ জিলাৰ লংপতীয়া সাংস্কৃতিক কলা কেন্দ্ৰৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দেওবাৰে দিনজোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হয়। এই অনুষ্ঠানত স্থানীয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত আছিল।
    1
    চৰাইদেউ জিলাৰ লংপতীয়া সাংস্কৃতিক কলা কেন্দ্ৰৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দেওবাৰে দিনজোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হয়। এই অনুষ্ঠানত স্থানীয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত আছিল।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    1 hr ago
  • ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা অতি শোচনীয় হোৱাৰ ফলত এক গুৰুত্বপূৰ্ণ আঁচনি বন্ধ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰা বিনামূলীয়া ৰেচন সামগ্ৰী বিতৰণ আঁচনিখন পুঁজিৰ অভাৱত অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে। এই সিদ্ধান্তই চৰকাৰৰ পয়ালগা বিত্তীয় অৱস্থা পুনৰ উদঙাই দিছে।
    1
    ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা অতি শোচনীয় হোৱাৰ ফলত এক গুৰুত্বপূৰ্ণ আঁচনি বন্ধ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰা বিনামূলীয়া ৰেচন সামগ্ৰী বিতৰণ আঁচনিখন পুঁজিৰ অভাৱত অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে। এই সিদ্ধান্তই চৰকাৰৰ পয়ালগা বিত্তীয় অৱস্থা পুনৰ উদঙাই দিছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    22 hrs ago
  • চৰাইদেউ জিলাৰ অন্তৰ্গত উল্লেখযোগ্য চৰকাৰী পঞ্জীয়নভূক্ত বৰমথুৰাপুৰ ৰেছম পামৰ বাবে আজি এখন নতুন পৰিচালনা সমিতি গঠন কৰা হৈছে। পামখনৰ প্ৰাংগনত অনুষ্ঠিত এক ৰাজহুৱা সভাত সৰ্বসন্মতি ক্ৰমে এই শক্তিশালী কমিটিখন গঠন কৰা হয়, য'ত কৃষ্ণ ৰাজকোৱঁৰক সভাপতি, বেণু গগৈক উপ-সভাপতি, আৰু বিপুল মহনক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। এই নতুন সমিতিখনে অনাগত দিনবোৰত বৰমথুৰাপুৰ ৰেছম পাম কেন্দ্ৰটো সুচাৰুৰূপে পৰিচালনা কৰিব। সভাত উপস্থিত থকা স্থানীয় গাঁৱৰ ৰাইজে অনাগত দিনবোৰত এই ৰেছম পামখনক এক পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা চলাব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ৩৩ বিঘা মাটিকালিৰ এই ৰেছম পামখনৰ প্ৰায় ১১ বিঘা ভূমিত বৰ্তমানলৈকে চোম গছৰ পুলি ৰোপণ কৰা হোৱা নাই। নতুনকৈ গঠন হোৱা সমিতিখনে অৱশ্যে অতি কম সময়ৰ ভিতৰতে পামখনৰ বাকী থকা মুকলি ভূমিত চোম গছৰ পুলি ৰোপণ কৰি ইয়াক এক আকৰ্ষণীয় ৰূপত সজাই তোলা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে।
    1
    চৰাইদেউ জিলাৰ অন্তৰ্গত উল্লেখযোগ্য চৰকাৰী পঞ্জীয়নভূক্ত বৰমথুৰাপুৰ ৰেছম পামৰ বাবে আজি এখন নতুন পৰিচালনা সমিতি গঠন কৰা হৈছে। পামখনৰ প্ৰাংগনত অনুষ্ঠিত এক ৰাজহুৱা সভাত সৰ্বসন্মতি ক্ৰমে এই শক্তিশালী কমিটিখন গঠন কৰা হয়, য'ত কৃষ্ণ ৰাজকোৱঁৰক সভাপতি, বেণু গগৈক উপ-সভাপতি, আৰু বিপুল মহনক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। এই নতুন সমিতিখনে অনাগত দিনবোৰত বৰমথুৰাপুৰ ৰেছম পাম কেন্দ্ৰটো সুচাৰুৰূপে পৰিচালনা কৰিব।

সভাত উপস্থিত থকা স্থানীয় গাঁৱৰ ৰাইজে অনাগত দিনবোৰত এই ৰেছম পামখনক এক পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা চলাব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ৩৩ বিঘা মাটিকালিৰ এই ৰেছম পামখনৰ প্ৰায় ১১ বিঘা ভূমিত বৰ্তমানলৈকে চোম গছৰ পুলি ৰোপণ কৰা হোৱা নাই। নতুনকৈ গঠন হোৱা সমিতিখনে অৱশ্যে অতি কম সময়ৰ ভিতৰতে পামখনৰ বাকী থকা মুকলি ভূমিত চোম গছৰ পুলি ৰোপণ কৰি ইয়াক এক আকৰ্ষণীয় ৰূপত সজাই তোলা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • মৰাণৰ খোৱাং দুলীয়া লাহোৱাল গাঁৱত নিশা এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন বন্ধুৱে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে। এই হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
    1
    মৰাণৰ খোৱাং দুলীয়া লাহোৱাল গাঁৱত নিশা এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন বন্ধুৱে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে। এই হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.