ব্ৰাহ্মণ মহাসভাৰ লখিমপুৰ জিলা সমিতি গঠন। কমলা শৰ্মাক সাধাৰণ সম্পাদক হিচাপে নিয়োগ ব্ৰাহ্মণ মহাসভা অসমৰ লখিমপুৰ জিলা সমিতিৰ এখন সাধাৰণ সভা কালি নকাড়ী ৰংগমঞ্চত অনুষ্ঠিত হয়। এই সভাতেই ব্ৰাহ্মণ মহাসভাৰ লখিমপুৰ জিলা সমিতিখন নতুনকৈ গঠন কৰা হয়। সভাত জিলাখনৰ প্ৰায় ১৫০ গৰাকী প্ৰতিনিধি উপস্থিত থাকে। সভাত সভাপতিত্ব কৰে নাওবৈচা কলেজৰ প্ৰাক্তন অধ্যক্ষ নগেন শৰ্মাই। সভাৰ আঁত ধৰে ডঃ শান্তনু শৰ্মা বৰুৱাই। সভাত বিভিন্ন বিষয়ত আলোচনা হোৱাৰ লগতে ব্ৰাহ্মণ সমাজৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা আৰু আৰ্থিক দিশ সন্দৰ্ভত তথা উচ্চ শিক্ষাৰ ক্ষেত্ৰত ব্ৰাহ্মণ সমাজৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে চৰকাৰী সুবিধা দিবৰ বাবে চৰকাৰক দাবি জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। এই সভাতেই নগেন শৰ্মাক সভাপতি, ডঃ শান্তনু শৰ্মা বৰুৱাক কাৰ্যকৰী সভাপতি, দিগন্ত বৰদলৈক উপ-সভাপতি, পদ্মকান্ত শৰ্মাক কোষাধ্যক্ষ, প্ৰাক্তন ছাত্ৰ নেতা কমলা শৰ্মাক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি লখিমপুৰ জিলা সমিতিখন গঠন কৰা হয়।
ব্ৰাহ্মণ মহাসভাৰ লখিমপুৰ জিলা সমিতি গঠন। কমলা শৰ্মাক সাধাৰণ সম্পাদক হিচাপে নিয়োগ ব্ৰাহ্মণ মহাসভা অসমৰ লখিমপুৰ জিলা সমিতিৰ এখন সাধাৰণ সভা কালি নকাড়ী ৰংগমঞ্চত অনুষ্ঠিত হয়। এই সভাতেই ব্ৰাহ্মণ মহাসভাৰ লখিমপুৰ জিলা সমিতিখন নতুনকৈ গঠন কৰা হয়। সভাত জিলাখনৰ প্ৰায় ১৫০ গৰাকী প্ৰতিনিধি উপস্থিত
থাকে। সভাত সভাপতিত্ব কৰে নাওবৈচা কলেজৰ প্ৰাক্তন অধ্যক্ষ নগেন শৰ্মাই। সভাৰ আঁত ধৰে ডঃ শান্তনু শৰ্মা বৰুৱাই। সভাত বিভিন্ন বিষয়ত আলোচনা হোৱাৰ লগতে ব্ৰাহ্মণ সমাজৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা আৰু আৰ্থিক দিশ সন্দৰ্ভত তথা উচ্চ শিক্ষাৰ ক্ষেত্ৰত ব্ৰাহ্মণ সমাজৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে চৰকাৰী সুবিধা দিবৰ
বাবে চৰকাৰক দাবি জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। এই সভাতেই নগেন শৰ্মাক সভাপতি, ডঃ শান্তনু শৰ্মা বৰুৱাক কাৰ্যকৰী সভাপতি, দিগন্ত বৰদলৈক উপ-সভাপতি, পদ্মকান্ত শৰ্মাক কোষাধ্যক্ষ, প্ৰাক্তন ছাত্ৰ নেতা কমলা শৰ্মাক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি লখিমপুৰ জিলা সমিতিখন গঠন কৰা হয়।
- লখিমপুৰ আৰক্ষীয়ে লখিমপুৰ জিলাৰ সাংবাদিকৰ সৈতে মতবিনিময় কৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত লখিমপুৰ আৰক্ষীয়ে লখিমপুৰ জিলাৰ সাংবাদিকসকলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনা কালত জিলাখনৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা হয়।1
- ৰঙিয়াৰ সোণেশ্বৰত এক বৰ্ণাঢ্য ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত বিজেপি যুৱ নেতা পাৰ্শ্ববব কলিতাই আমন্ত্ৰিত অতিথি হিচাপে অংশ লয়। সন্মিলনত অঞ্চলটোৰ জনসাধাৰণৰ মাজত বিহুৰ উছাহ দেখা গৈছে।1
- no.2 sunapur bongalmora to halmora road Lakhimpur assam1
- হিমন্ত বিশ্ব শর্মাই কালি মোৰ সুৰক্ষা প্রসংগত কোৱা কথাবোৰৰ পাছত নিজৰ সন্মানৰ স্বাৰ্থত ডিজিপি হৰমিত সিং, এডিজিপি হীৰেন নাথকে ধৰি উচ্চ পদবীধাৰী আৰক্ষী বিষয়াসকলে পদত্যাগ কৰিব লাগে: akhil gogoi1
- মাতৃ দিৱসৰ এই পবিত্ৰ দিনটোত সমগ্ৰ মাতৃশক্তিলৈ আন্তৰিক শুভকামনা জনোৱা হৈছে। মাতৃৰ ত্যাগ, প্ৰেম আৰু আশীৰ্বাদক শ্ৰদ্ধা জনাই কোৱা হৈছে যে 'মা' কেৱল এটা শব্দ নহয়, এখন সম্পূৰ্ণ পৃথিৱী। সকলো মাতৃৰ সুস্বাস্থ্য, সুখ আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে।1
- দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনোৱা আহ্বানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ যুৱনেতা দেৱাংগ সৌৰভ গগৈৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই সোণ নিকিনিবলৈ, পেট্ৰ'ল, ডিজেল ব্যৱহাৰ কৰাত মিতব্যয়ী হ'বলৈ কৰা আহ্বানৰ সম্পৰ্কে ৰাইজৰ দলৰ যুৱনেতা দেবাংগ সৌৰভ গগৈৰ মন্তব্য। Trade deficit কম কৰাৰ বাবে আমদানি কম কৰাৰ পদক্ষেপ ঠিকেই, কিন্তু ৰপ্তানি বৃদ্ধিৰ পৰিকল্পনা কি?1
- শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলৰ বাকৰিত 'সোমনাথ স্বাভিমান পৰ্ব'ৰ আয়োজন কৰা হৈছিল, য'ত ভক্তসকলে প্ৰধানমন্ত্ৰী মোদীৰ মূল অনুষ্ঠান লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে প্ৰত্যক্ষ কৰে। ভাৰতৰ প্ৰথম জ্যোতিৰ্লিংগ সোমনাথ মন্দিৰত বিদেশী আক্ৰমণৰ ১০০০ বছৰ আৰু সৰ্দাৰ পেটেলে ইয়াক পুনৰ নিৰ্মাণ কৰাৰ স্মৃতিচাৰণত এই পৰ্বৰ আয়োজন কৰা হৈছিল। ই ভাৰতীয় সনাতনী সভ্যতাৰ পুনৰুত্থানৰ প্ৰতীক হিচাপে এক ঐতিহাসিক ক্ষণ আছিল।1
- নগাঁৱ জিলাৰ আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ প্ৰতিক্ৰিয়া প্ৰকাশ নগাঁৱৰ মৰিকলঙৰ ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰত ডকাইতৰ আক্ৰমণত আহত ৰূপৰেখা ভূঞাৰ মৃত্যুৰ ঘটনা উচিত তদন্তৰে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী অসমীয়া যুৱ মঞ্চৰ। আৰক্ষী প্ৰশাসনে ভাড়াঘৰসমূহত থকা লোকৰ নথি-পত্ৰ পৰীক্ষা কৰি সন্দেহজনক লোকসকলৰ ওপৰতো ব্যৱস্থা লোৱাৰ দাবী অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদক আকাশ শইকীয়াৰ ৷1