Shuru
Apke Nagar Ki App…
Ji Maharaj
More news from অসম and nearby areas
- BREAKING নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি চাপৰিৰ মনি প্ৰসাদ দুচাৰ নামৰ এজন লোকৰ এটা বাসগৃহ। নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি চাপৰিৰ মনি প্ৰসাদ দুচাৰ নামৰ এজন লোকৰ এটা বাসগৃহ। নিশা এনআৰএলত নাইট ডিউটি কৰি আহি শুই আছিল পৰিয়ালটোৰ লোকসকল । হঠাতে জুইৰ সূত্ৰপাত হৈ ঘৰখন নিমিষতে ভস্মীভূত হয়। কথমপি প্ৰাণৰক্ষা পৰে এজন যুৱকৰ। স্থানীয় লোকৰ তত্পৰতাত জুই নিৰ্বাপিত হয় যদিও অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়।2
- 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।1
- হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন* *২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়।2
- দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।। 🔻 দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।।1
- 📢 ৰাস্তা নে পুখুৰী? উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ ফোঁপোলা স্বৰূপ! 🚨 জৰাজীৰ্ণ পথে এতিয়া জ্বলা-কলা খুৱাইছে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজক। 📍 এই জৰাজীৰ্ণ পথছোৱা হৈছে নখুটীৰ পৰা খাগৰীজান আৰু উদালী সংযোগী পথ, যি মোহৰী বজাৰ স্পৰ্শ কৰি গৈছে। এজাক বৰষুণ দিলেই পথছোৱা এটা পুখুৰীলৈ ৰূপান্তৰিত হয়। ডাঙৰ ডাঙৰ গাতত জমা হোৱা বোকাপানী ফালি অতি বিপদসংকুলভাৱে চলাচল কৰিবলগীয়া হৈছে সাধাৰণ পথচাৰীৰ লগতে সৰু-বৰ বাহনসমূহ। আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে যে এই পথছোৱাৰে দৈনিক বহু স্কুল-কলেজৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰিবলগীয়া হয়। ছাত্ৰ-ছাত্ৰীসকলে কাপোৰ-কানি, কিতাপ-পত্ৰ বোকাত নষ্ট কৰি অতি কষ্টৰে নিজৰ শিক্ষানুষ্ঠানলৈ যাবলগীয়া হৈছে, যাৰ বাবে নিয়মিয়া পঢ়া-শুনাত ব্যাঘাত জন্মিছে। ভৱিষ্যতৰ মেৰুদণ্ড স্বৰূপ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে অতি সোনকালে এই পথছোৱা মেৰামতি (পকীকৰণ) কৰিবলৈ অসম চৰকাৰ তথা লামডিং সমষ্টিৰ বিধায়ক শিৱু মিশ্ৰ ডাঙৰীয়াক বিনম্ৰ অনুৰোধ জনাইছোঁ।1
- কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। দুখীয়াৰ দুখ নুগুছে… 💔 🛑 কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। 🛑 কামত যোগ দিয়াৰ দুদিন পিছতে পানীত পৰি সন্ধানহীন তেওঁৰ জ্যেষ্ঠ পুত্ৰ। ঘৰলৈ উভতি যাবলৈ এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন। 🙏 যিয়ে যেনেকৈ পাৰে—১০, ২০ টকা বা সামৰ্থ্য অনুসৰি সহায় কৰক। 📢 ভিডিঅ’টো অধিক শ্বেয়াৰ কৰি এই অসহায় পিতৃগৰাকীৰ কাষত থিয় দিয়ক। . . . . #AssamNews #HelpNeeded #HumanityFirst #Kerala #FocusAxom241
- মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে। মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে।1
- নুমলীগড় শোধনাগাৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক আতিথ্য খণ্ডৰ ওপৰত দক্ষতা বিকাশৰ টাটা ষ্ট্ৰাইভৰ সহযোগত প্ৰশিক্ষণৰ পদক্ষেপ। নুমলীগড় শোধনাগাৰ সামাজিক দায়বদ্ধতা আৰু মানৱ সম্পদ বিভাগৰ উদ্যোগত নিবনুৱা সমস্যাৰ সমাধানৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতবৰ্ষৰ বৃহৎ হোটেল উদ্যোগ টাটা তাজ হোটেল গ্ৰুপৰ টাটা ষ্ট্ৰাইভৰ সহযোগত অধ্যয়ন সমাপ্ত কৰি নিবনুৱা হৈ থকা ছাত্ৰ-ছাত্ৰীক পৰিচাৰক -পৰিচাৰিকা হিচাপে দক্ষ কৰি সংস্থাপন দিয়াৰো ব্যবস্থা কৰিব৷ ইতিমধ্যেই চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰ আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ ৩০ গৰাকী ছাত্ৰছাত্ৰীক আজি প্ৰেৰণ কৰিছে৷ বিবেকানন্দ কেন্দ্ৰ এন.আৰ.এল নাৰ্চিং স্কুলৰ পৰা যাত্ৰা আৰম্ভ কৰা ছাত্ৰছাত্ৰী সকলক শুভেচ্ছামুলক বক্তব্যৰে অনুপ্ৰাণিত কৰে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন আৰু মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক মিন্টু সন্দিকৈয়ে৷ সন্দিকৈয়ে ভাষন প্ৰসংগত উল্লেখ কৰে যে ইচ্ছুক অনান্য মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰা ছাত্ৰছাত্ৰী সকলক নিৰ্বাচিত কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে দক্ষতা বিকাশৰ যোগদি আত্মসংস্থাপনৰ পথ মুকলি কৰা হব৷ ইয়াৰোপৰি জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰি জাপানত যাতে আমাৰ ছাত্ৰছাত্ৰী সকলে নিয়োজিত হব পাৰে ইয়াৰো আচঁনি গ্ৰহণ কৰাৰ পোষকতা কৰিছে৷ আজিৰ এই অনুষ্ঠানত চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ফুলমণি দাস, মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ উপ - মহাপ্ৰবন্ধক আশিস বৰুৱা আদি উপস্থিত ছাত্ৰছাত্ৰীৰ দলটোক শুভেচ্ছামুলক বক্তব্য আগবঢ়ায়৷3