Shuru
Apke Nagar Ki App…
বৃহত্তৰ মৰঙি মৌজাত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনকদিনে বৃদ্ধি পাইছে, যাৰ ফলত মৰঙীবাসীয়ে ত্ৰাহিমধুসূদন সুৱঁৰিছে। কালি নিশা মৰঙিৰ ফুলনীবাৰী আৰু বকিয়াল গাঁৱত বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাই বহুকেইটা পৰিয়ালৰ বাসগৃহ ধ্বংস কৰে। হাতীৰ জাকটোৱে পকী ঘৰৰ দেৱাল পৰ্যন্ত ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ খাদ্য সামগ্ৰী খাই গচকি বিস্তৰ ক্ষতিসাধন কৰে। এই আক্ৰমণৰ পৰা পৰিয়ালকেইটাই কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ৰাইজে অভিযোগ কৰিছে যে মাত্ৰ দুই কিলোমিটাৰ নিলগত থকা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীক খবৰ দিয়াৰ পিছতো বন বিভাগে বিষয়টোত কোনো ধৰণৰ খবৰ লোৱা নাই।
D B
বৃহত্তৰ মৰঙি মৌজাত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনকদিনে বৃদ্ধি পাইছে, যাৰ ফলত মৰঙীবাসীয়ে ত্ৰাহিমধুসূদন সুৱঁৰিছে। কালি নিশা মৰঙিৰ ফুলনীবাৰী আৰু বকিয়াল গাঁৱত বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাই বহুকেইটা পৰিয়ালৰ বাসগৃহ ধ্বংস কৰে। হাতীৰ জাকটোৱে পকী ঘৰৰ দেৱাল পৰ্যন্ত ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ খাদ্য সামগ্ৰী খাই গচকি বিস্তৰ ক্ষতিসাধন কৰে। এই আক্ৰমণৰ পৰা পৰিয়ালকেইটাই কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ৰাইজে অভিযোগ কৰিছে যে মাত্ৰ দুই কিলোমিটাৰ নিলগত থকা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীক খবৰ দিয়াৰ পিছতো বন বিভাগে বিষয়টোত কোনো ধৰণৰ খবৰ লোৱা নাই।
More news from অসম and nearby areas
- এ পি জে আব্দুল কালামৰ বংশধৰ বুলি নিজকে ভবা লোকসকলৰ প্ৰতি সহযোগিতা আগবঢ়োৱা হ'ব বুলি এক দৃঢ় ঘোষণা কৰা হৈছে। কিন্তু, যি সকলে নিজকে জিন্নাহৰ বংশধৰ বুলি ভাবে, তেওঁলোকৰ বাবে ৰঙানদীত কোনো স্থান নাই বুলি স্পষ্টভাৱে জনাই দিয়া হৈছে।1
- বিশ্বনাথ জিলাৰ গেলাপুখুৰী অঞ্চলত ২১ বছৰীয়া কল্যাণী বড়ো নামৰ এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নৰেন বড়ো আৰু ফুলেশ্বৰী বড়োৰ কনিষ্ঠা কন্যা কল্যাণী বড়ো যোৱা দেওবাৰে তিনিসুঁতিৰ পৰা আলহী খাই ঘৰলৈ উভতি অহাৰ পথৰ পৰাই সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি, আলহী খাই ঘৰলৈ ঘূৰি অহাৰ সময়ত পথ দুৰ্ঘটনা হোৱা বুলি ঘৰলৈ এটা খবৰ দিয়া হৈছিল। এই খবৰ পোৱাৰ পিছতে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈছিল যদিও, যুৱতীগৰাকীৰ কোনো সম্ভেদ বিচাৰি পোৱা নাছিল। ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে বিশ্বনাথ সদৰ আৰক্ষী থানাত তেওঁ সন্ধানহীন হোৱাৰ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে, কিন্তু বৰ্তমানলৈকে তেওঁৰ কোনো তথ্য লাভ কৰা হোৱা নাই। ইফালে, পেৰেলাইছিছ ৰোগত আক্ৰান্ত কল্যাণীৰ ৰুগ্ন পিতৃৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে। এই নিৰুদ্দেশৰ ঘটনাত অতি দৰিদ্ৰ পৰিয়ালটো গভীৰ চিন্তা আৰু শংকাত ডুবি আছে। পৰিয়ালৰ লোকে জনসাধাৰণক আহ্বান জনাইছে যে যদি কোনোবাই যুৱতীগৰাকীৰ বিষয়ে কিবা তথ্য লাভ কৰে, তেন্তে ৯৯৬০১২৮২২১ নম্বৰত যোগাযোগ কৰিবলৈ।4
- শিৱসাগৰ জিলা ৰাইজৰ দলৰ তৰফৰ পৰা আজি এক গুৰুত্বপূৰ্ণ সংবাদমেল আহ্বান কৰা হৈছিল। বাবুপট্টিস্থিত দলৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত জিলাখনৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট আৰু কেইবাটাও স্থানীয় বিষয়ৰ ওপৰত আলোকপাত কৰা হয়।1
- কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই শিক্ষা বিভাগৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক পলিষ্টাৰৰ ইউনিফৰ্ম দিয়া বন্ধ কৰিবলৈ দাবী জনাইছে। তেওঁ শিক্ষাবিভাগক কণ কণ ছাত্ৰ-ছাত্ৰীক কপাহী কাপোৰৰ ইউনিফৰ্ম দিবলৈ আহ্বান জনাইছে। শইকীয়াই এই সন্দৰ্ভত চৰকাৰৰ মন্ত্ৰীসকলক সমালোচনা কৰি কয় যে, যিসকলৰ ওচৰত কপাহী কাপোৰৰ ইউনিফৰ্ম দিবলৈ ধন নাই, সেইসকল মন্ত্ৰীয়ে বিশাল কনভয় ব্যৱহাৰ কৰে। তেওঁ মন্ত্ৰীসকলক এনে বিশাল কনভয় পৰিহাৰ কৰিবলৈও দাবী উত্থাপন কৰিছে।1
- অসমীয়া এষাৰ প্ৰচলিত বাক্য 'আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল'ৰ দৰেই বৰ্তমান ৰাজ্যৰ জলসিঞ্চন বিভাগটোৰ অৱস্থা হৈ পৰিছে বুলি কোৱা হৈছে। এই বাক্যষাৰীয়ে যিদৰে অকাৰ্যক্ষম অস্তিত্বক নথকাতকৈ বেছি বেয়া বুলি ইংগিত দিয়ে, ঠিক তেনেদৰেই জলসিঞ্চন বিভাগে তাৰ প্ৰকৃত কাৰ্য সম্পাদন নকৰাত ইয়াৰ স্থিতি প্ৰায় অলাগতিয়াল হৈ পৰিছে।3
- আৰক্ষীয়ে চাউলধোৱাত অভিযান চলাই তিনিজন গভাইত চোৰক আটক কৰিছে। এই অভিযানৰ সময়ত তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।1
- শিৱসাগৰত চুৰি-ডকাইতি আৰু ড্ৰাগছৰ দৰে অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উজনি অসম মুছলিম কল্যাণ পৰিষদে এক গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে অপৰাধীক আশ্ৰয় দিয়া ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে উল্লেখ কৰিছে যে কেইবাটাও অঞ্চলত একাংশ মালিকে সামান্য ধনৰ লোভত সঠিক পৰিচয় পত্ৰ পৰীক্ষা নকৰাকৈয়ে বহিৰাগত সন্দেহযুক্ত ভাড়াতীয়াক আশ্ৰয় দি আহিছে, যিটোৱে অপৰাধমূলক কাৰ্যকলাপত ইন্ধন যোগাইছে।1
- চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰত কৰ্মৰত প্ৰায় অৰ্ধ শতাধিক অস্থায়ী ঠিকা ভিত্তিক শ্ৰমিকৰ আমৰণ অনশন কাৰ্যসূচীয়ে চতুৰ্থ দিনত ভৰি দিছে। বুধবাৰৰ পৰা মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হোৱা এই আন্দোলনত শ্ৰমিকসকলে প্ৰাপ্য বেতন পৰিশোধ, মজুৰি বৃদ্ধি, সু-ব্যৱস্থা গ্ৰহণ আৰু অন্যান্য দাবী উত্থাপন কৰি বেনাৰ-প্লেকাৰ্ডসহ প্ৰতিবাদ সাব্যস্ত কৰিছে। অনশনকাৰী শ্ৰমিকসকলৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়ে তেওঁলোকে শক্তিমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক বিষয়টোত হস্তক্ষেপ কৰি সমাধানৰ পথ উলিয়াবলৈ কাতৰ অনুৰোধ জনাইছে। ইফালে, অনশন অব্যাহত থকাৰ ফলত বহু শ্ৰমিকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে। লগতে, আন্দোলনৰ প্ৰভাৱত তাপ বিদ্যুৎ কেন্দ্ৰটোৰ স্বাভাৱিক কাম-কাজো ব্যাহত হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে, আসাম ষ্টেট আউটচ’চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ লাকুৱা শাখাই একে দাবীৰে ২০২৪ চনৰ ১৬ ছেপ্টেম্বৰত অনিৰ্দিষ্টকালীন আমৰণ অনশন ঘোষণা কৰিছিল। সেই সময়ত কেন্দ্ৰটোৰ মহাপ্ৰবন্ধকৰ হস্তক্ষেপত উৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে আলোচনা অনুষ্ঠিত হোৱাৰ পিছত আন্দোলন সাময়িকভাৱে স্থগিত ৰখা হৈছিল। কিন্তু প্ৰায় এক বছৰ ন-মাহ অতিক্ৰম হোৱাৰ পাছতো দাবীসমূহৰ কোনো সমাধান নোহোৱাত পুনৰ শ্ৰমিকসকল আন্দোলনত নামিবলৈ বাধ্য হোৱা বুলি তেওঁলোকে জানিবলৈ দিয়ে। অনশনকাৰীসকলে স্পষ্টভাৱে সকীয়াই দিছে যে, দাবীসমূহ পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব। ইয়াৰ লগতে, অনশনৰ সময়ত কোনো অপ্ৰীতিকৰ ঘটনা বা শ্ৰমিকৰ মৃত্যু ঘটিলে তাৰ সম্পূৰ্ণ দায় বিভাগীয় কৰ্তৃপক্ষক বহন কৰিব লাগিব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।1
- চতিয়াৰ দক্ষিণ অঞ্চলৰ বিশ্বনাথ পাণপুৰ মথাউৰি বৰ্তমান 'এই যাওঁ এই যাওঁ' অৱস্থাত আছে, যাৰ বাবে অঞ্চলটোৰ ৰাইজ নিদ্ৰাহীনতাত ভুগিছে। বিশ্বনাথ আৰু নদুৱাৰ সমষ্টিৰ বিধায়কসকলৰ তৎপৰতাত জলসম্পদ বিভাগে যোৱা দুই-তিনিদিন ধৰি মথাউৰিৰ খহনীয়া অংশত প্ৰতিৰোধৰ কাম কৰি আহিছে যদিও মথাউৰিটো এতিয়াও বিপদ মুক্ত হোৱা নাই। আজিও মথাউৰিটোৰ কাম স্থবিৰ হৈ পৰে, কাৰণ শ্ৰমিকসকলে জিও বেগৰ অভাৱত কাম নকৰি বহি থাকিবলগীয়া হয়। স্থানীয় শ্ৰমিকসকলে বিষয়টো স্থানীয় দল-সংগঠনক জনোৱাৰ পাছত কাম চলি থকা ঠাইত স্থানীয় গাঁও প্ৰধান, দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে কেইবাগৰাকীও স্থানীয় সাংবাদিক উপস্থিত হয়। তেওঁলোকে কাম কিয় বন্ধ কৰা হৈছে আৰু পৰ্যাপ্ত বেগ যোগান ধৰাত কৃপণালি কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে, তাত উপস্থিত থকা জলসম্পদ বিভাগৰ বিশ্বনাথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰাণজিৎ বৰা আৰু এগৰাকী কাৰ্যবাহী অভিযন্তাই স্থানীয় দল-সংগঠন, গাঁও প্ৰধানৰ লগতে সাংবাদিকসকলক কটু মন্তব্য কৰাৰ লগতে জে'লত ভৰোৱাৰ ভাবুকি দিয়ে। এগৰাকী চৰকাৰী বিষয়াই দল-সংগঠনৰ প্ৰতিনিধি আৰু সাংবাদিকক ভাবুকি দিয়া এই কাৰ্যই কি বুজাইছে বুলি প্ৰশ্ন উত্থাপন হৈছে। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক ৰাইজতকৈ ওপৰৰ স্থানত নথকাৰ বাবে সকীয়নি দি আহিছে, তেনেস্থলত বিশ্বনাথৰ জলসম্পদ বিভাগৰ অভিযন্তাই বিপদত পৰা সাধাৰণ ৰাইজৰ লগতে সাংবাদিকক আঙুলি টোৱাই কথা ক'বলৈ কেনেকৈ সাহস পালে তাক লৈ উদ্বেগ প্ৰকাশ পাইছে। স্থানীয় দল-সংগঠনে এই 'ওভত গোৰে নচা' জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ ওপৰত চকু দিবলৈ বিশ্বনাথৰ জিলা আয়ুক্তক দাবী জনাইছে।4