logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই শিক্ষা বিভাগৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক পলিষ্টাৰৰ ইউনিফৰ্ম দিয়া বন্ধ কৰিবলৈ দাবী জনাইছে। তেওঁ শিক্ষাবিভাগক কণ কণ ছাত্ৰ-ছাত্ৰীক কপাহী কাপোৰৰ ইউনিফৰ্ম দিবলৈ আহ্বান জনাইছে। শইকীয়াই এই সন্দৰ্ভত চৰকাৰৰ মন্ত্ৰীসকলক সমালোচনা কৰি কয় যে, যিসকলৰ ওচৰত কপাহী কাপোৰৰ ইউনিফৰ্ম দিবলৈ ধন নাই, সেইসকল মন্ত্ৰীয়ে বিশাল কনভয় ব্যৱহাৰ কৰে। তেওঁ মন্ত্ৰীসকলক এনে বিশাল কনভয় পৰিহাৰ কৰিবলৈও দাবী উত্থাপন কৰিছে।

20 hrs ago
user_News
News
Newsagent নাজিৰা, শিৱসাগৰ, অসম•
20 hrs ago

কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই শিক্ষা বিভাগৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক পলিষ্টাৰৰ ইউনিফৰ্ম দিয়া বন্ধ কৰিবলৈ দাবী জনাইছে। তেওঁ শিক্ষাবিভাগক কণ কণ ছাত্ৰ-ছাত্ৰীক কপাহী কাপোৰৰ ইউনিফৰ্ম দিবলৈ আহ্বান জনাইছে। শইকীয়াই এই সন্দৰ্ভত চৰকাৰৰ মন্ত্ৰীসকলক সমালোচনা কৰি কয় যে, যিসকলৰ ওচৰত কপাহী কাপোৰৰ ইউনিফৰ্ম দিবলৈ ধন নাই, সেইসকল মন্ত্ৰীয়ে বিশাল কনভয় ব্যৱহাৰ কৰে। তেওঁ মন্ত্ৰীসকলক এনে বিশাল কনভয় পৰিহাৰ কৰিবলৈও দাবী উত্থাপন কৰিছে।

More news from অসম and nearby areas
  • শিৱসাগৰত চুৰি-ডকাইতি আৰু ড্ৰাগছৰ দৰে অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উজনি অসম মুছলিম কল্যাণ পৰিষদে এক গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে অপৰাধীক আশ্ৰয় দিয়া ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে উল্লেখ কৰিছে যে কেইবাটাও অঞ্চলত একাংশ মালিকে সামান্য ধনৰ লোভত সঠিক পৰিচয় পত্ৰ পৰীক্ষা নকৰাকৈয়ে বহিৰাগত সন্দেহযুক্ত ভাড়াতীয়াক আশ্ৰয় দি আহিছে, যিটোৱে অপৰাধমূলক কাৰ্যকলাপত ইন্ধন যোগাইছে।
    1
    শিৱসাগৰত চুৰি-ডকাইতি আৰু ড্ৰাগছৰ দৰে অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উজনি অসম মুছলিম কল্যাণ পৰিষদে এক গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে অপৰাধীক আশ্ৰয় দিয়া ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে উল্লেখ কৰিছে যে কেইবাটাও অঞ্চলত একাংশ মালিকে সামান্য ধনৰ লোভত সঠিক পৰিচয় পত্ৰ পৰীক্ষা নকৰাকৈয়ে বহিৰাগত সন্দেহযুক্ত ভাড়াতীয়াক আশ্ৰয় দি আহিছে, যিটোৱে অপৰাধমূলক কাৰ্যকলাপত ইন্ধন যোগাইছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    19 hrs ago
  • আজি চৰাইদেউ জিলাৰ পি এম শ্ৰী মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত এক নতুন তোৰণ উন্মোচন কৰা হয়। বিদ্যালয়খনৰ সহ শিক্ষয়ত্ৰী বিণু কোঁৱৰে তেওঁৰ পিতৃ দুৰ্গেশ্বৰ কোঁৱৰৰ সোঁৱৰণত এই তোৰণখন আগবঢ়াইছিল। স্থানীয় মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙীয়াই আনুষ্ঠানিকভাৱে তোৰণখন উন্মোচন কৰে। তোৰণ উন্মোচনী অনুষ্ঠানটিৰ লগত সংগতি ৰাখি এখন সভাৰ আয়োজন কৰা হৈছিল, য'ত বিদ্যালয় কৰ্তৃপক্ষই বিধায়ক সুৰুজ দিহিঙীয়াকো সম্বৰ্ধনা জনায়। এই তোৰণ উন্মোচনৰ ফলত বিদ্যালয়খনৰ এটা দীৰ্ঘদিনৰ সমস্যাৰ সমাধান হয়।
    1
    আজি চৰাইদেউ জিলাৰ পি এম শ্ৰী মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত এক নতুন তোৰণ উন্মোচন কৰা হয়। বিদ্যালয়খনৰ সহ শিক্ষয়ত্ৰী বিণু কোঁৱৰে তেওঁৰ পিতৃ দুৰ্গেশ্বৰ কোঁৱৰৰ সোঁৱৰণত এই তোৰণখন আগবঢ়াইছিল। স্থানীয় মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙীয়াই আনুষ্ঠানিকভাৱে তোৰণখন উন্মোচন কৰে।

তোৰণ উন্মোচনী অনুষ্ঠানটিৰ লগত সংগতি ৰাখি এখন সভাৰ আয়োজন কৰা হৈছিল, য'ত বিদ্যালয় কৰ্তৃপক্ষই বিধায়ক সুৰুজ দিহিঙীয়াকো সম্বৰ্ধনা জনায়। এই তোৰণ উন্মোচনৰ ফলত বিদ্যালয়খনৰ এটা দীৰ্ঘদিনৰ সমস্যাৰ সমাধান হয়।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    23 hrs ago
  • ডিব্ৰুগড়ৰ বকপৰা চাহ বাগিচাত এক প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰা হৈছে। দীৰ্ঘদিন ধৰি এই বাঘটোৱে অঞ্চলটোৰ লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
    1
    ডিব্ৰুগড়ৰ বকপৰা চাহ বাগিচাত এক প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰা হৈছে। দীৰ্ঘদিন ধৰি এই বাঘটোৱে অঞ্চলটোৰ লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
    user_Pranjal Gogoi
    Pranjal Gogoi
    Dibrugarh East, Assam•
    4 hrs ago
  • এ পি জে আব্দুল কালামৰ বংশধৰ বুলি নিজকে ভবা লোকসকলৰ প্ৰতি সহযোগিতা আগবঢ়োৱা হ'ব বুলি এক দৃঢ় ঘোষণা কৰা হৈছে। কিন্তু, যি সকলে নিজকে জিন্নাহৰ বংশধৰ বুলি ভাবে, তেওঁলোকৰ বাবে ৰঙানদীত কোনো স্থান নাই বুলি স্পষ্টভাৱে জনাই দিয়া হৈছে।
    1
    এ পি জে আব্দুল কালামৰ বংশধৰ বুলি নিজকে ভবা লোকসকলৰ প্ৰতি সহযোগিতা আগবঢ়োৱা হ'ব বুলি এক দৃঢ় ঘোষণা কৰা হৈছে। কিন্তু, যি সকলে নিজকে জিন্নাহৰ বংশধৰ বুলি ভাবে, তেওঁলোকৰ বাবে ৰঙানদীত কোনো স্থান নাই বুলি স্পষ্টভাৱে জনাই দিয়া হৈছে।
    user_Lalukor Batori
    Lalukor Batori
    Teacher ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    18 hrs ago
  • কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই শিক্ষা বিভাগৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক পলিষ্টাৰৰ ইউনিফৰ্ম দিয়া বন্ধ কৰিবলৈ দাবী জনাইছে। তেওঁ শিক্ষাবিভাগক কণ কণ ছাত্ৰ-ছাত্ৰীক কপাহী কাপোৰৰ ইউনিফৰ্ম দিবলৈ আহ্বান জনাইছে। শইকীয়াই এই সন্দৰ্ভত চৰকাৰৰ মন্ত্ৰীসকলক সমালোচনা কৰি কয় যে, যিসকলৰ ওচৰত কপাহী কাপোৰৰ ইউনিফৰ্ম দিবলৈ ধন নাই, সেইসকল মন্ত্ৰীয়ে বিশাল কনভয় ব্যৱহাৰ কৰে। তেওঁ মন্ত্ৰীসকলক এনে বিশাল কনভয় পৰিহাৰ কৰিবলৈও দাবী উত্থাপন কৰিছে।
    1
    কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই শিক্ষা বিভাগৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক পলিষ্টাৰৰ ইউনিফৰ্ম দিয়া বন্ধ কৰিবলৈ দাবী জনাইছে। তেওঁ শিক্ষাবিভাগক কণ কণ ছাত্ৰ-ছাত্ৰীক কপাহী কাপোৰৰ ইউনিফৰ্ম দিবলৈ আহ্বান জনাইছে। শইকীয়াই এই সন্দৰ্ভত চৰকাৰৰ মন্ত্ৰীসকলক সমালোচনা কৰি কয় যে, যিসকলৰ ওচৰত কপাহী কাপোৰৰ ইউনিফৰ্ম দিবলৈ ধন নাই, সেইসকল মন্ত্ৰীয়ে বিশাল কনভয় ব্যৱহাৰ কৰে। তেওঁ মন্ত্ৰীসকলক এনে বিশাল কনভয় পৰিহাৰ কৰিবলৈও দাবী উত্থাপন কৰিছে।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    20 hrs ago
  • কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা ৰিতুমণি হাজৰিকাই অসমৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু মৌলিক অধিকাৰক লৈ ল’ৰা-ধেমালি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীক সম্পূৰ্ণৰূপে এক ‘অকৰ্মণ্য শিক্ষামন্ত্ৰী’ বুলি অভিহিত কৰে। ৰিতুমণি হাজৰিকাই তীব্ৰ আক্ৰমণ কৰি কয় যে বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক লৈ কেৱল ল’ৰা-ধেমালি খেলিছে। তেওঁ এই গুৰুতৰ অভিযোগো তোলে যে শিক্ষামন্ত্ৰীয়ে কেৱল কমিছনৰ অংক মিলাবলৈ একাংশ পুঁজিপতি ঠিকাদাৰক বিদ্যালয়ৰ ইউনিফৰ্মৰ বজাৰখন মেলি দিছে।
    1
    কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা ৰিতুমণি হাজৰিকাই অসমৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু মৌলিক অধিকাৰক লৈ ল’ৰা-ধেমালি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীক সম্পূৰ্ণৰূপে এক ‘অকৰ্মণ্য শিক্ষামন্ত্ৰী’ বুলি অভিহিত কৰে।

ৰিতুমণি হাজৰিকাই তীব্ৰ আক্ৰমণ কৰি কয় যে বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক লৈ কেৱল ল’ৰা-ধেমালি খেলিছে। তেওঁ এই গুৰুতৰ অভিযোগো তোলে যে শিক্ষামন্ত্ৰীয়ে কেৱল কমিছনৰ অংক মিলাবলৈ একাংশ পুঁজিপতি ঠিকাদাৰক বিদ্যালয়ৰ ইউনিফৰ্মৰ বজাৰখন মেলি দিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    19 hrs ago
  • দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টিপলিং চাহ-বাগিছাত সুতখৰীৰ দপদপনি চলি আছে, যাৰ ফলত চাহ শ্ৰমিকসকলৰ দৰমহা লুণ্ঠন হৈছে। চাহ শ্ৰমিকৰ ঘামৰ মূল্যৰ ওপৰত চলি থকা এই সুতখৰীৰ বিৰুদ্ধে টিপলিংত আছাৰে এক অভিযান চলাইছে।
    1
    দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টিপলিং চাহ-বাগিছাত সুতখৰীৰ দপদপনি চলি আছে, যাৰ ফলত চাহ শ্ৰমিকসকলৰ দৰমহা লুণ্ঠন হৈছে। চাহ শ্ৰমিকৰ ঘামৰ মূল্যৰ ওপৰত চলি থকা এই সুতখৰীৰ বিৰুদ্ধে টিপলিংত আছাৰে এক অভিযান চলাইছে।
    user_RAJIB Gogoi
    RAJIB Gogoi
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    14 hrs ago
  • চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত কৰ্মৰত অস্থায়ী শ্ৰমিকসকলে আৰম্ভ কৰা আমৰণ অনশন কাৰ্যসূচীয়ে এক কৰুণ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱাৰ্কাৰ্ছ ইউনিয়নৰ মাইবেলা শাখাৰ উদ্যোগত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত চলি থকা এই আন্দোলন শনিবাৰে চতুৰ্থ দিনত ভৰি দিলে। আন্দোলনকাৰী শ্ৰমিকসকলৰ মূল দাবী হৈছে তেওঁলোকৰ চাকৰি স্থায়ীকৰণ আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মজুৰি প্ৰদান। তেওঁলোকে অভিযোগ কৰিছে যে দীৰ্ঘদিন ধৰি বিভিন্ন বিভাগত কাম কৰি থকা স্বত্বেও তেওঁলোক ন্যায্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। এই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা শ্ৰমিকসকলৰ পৰিয়ালৰ সদস্যসকলেও উপস্থিত হৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। বহু পৰিয়ালৰ সদস্যই কান্দি কান্দি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে সমস্যাৰ সমাধানৰ বাবে হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। অনশনকাৰীসকলৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকাই পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজৰ মাজতো চিন্তাৰ সৃষ্টি কৰিছে, য'ত শ্ৰমিকৰ পৰিয়ালসমূহে হুকহুকাই কান্দি শ্ৰমিকসকলৰ সমস্যা সমাধানৰ বাবে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আকুল আবেদন জনায়।
    1
    চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত কৰ্মৰত অস্থায়ী শ্ৰমিকসকলে আৰম্ভ কৰা আমৰণ অনশন কাৰ্যসূচীয়ে এক কৰুণ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱাৰ্কাৰ্ছ ইউনিয়নৰ মাইবেলা শাখাৰ উদ্যোগত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত চলি থকা এই আন্দোলন শনিবাৰে চতুৰ্থ দিনত ভৰি দিলে।

আন্দোলনকাৰী শ্ৰমিকসকলৰ মূল দাবী হৈছে তেওঁলোকৰ চাকৰি স্থায়ীকৰণ আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মজুৰি প্ৰদান। তেওঁলোকে অভিযোগ কৰিছে যে দীৰ্ঘদিন ধৰি বিভিন্ন বিভাগত কাম কৰি থকা স্বত্বেও তেওঁলোক ন্যায্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে।

এই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা শ্ৰমিকসকলৰ পৰিয়ালৰ সদস্যসকলেও উপস্থিত হৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। বহু পৰিয়ালৰ সদস্যই কান্দি কান্দি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে সমস্যাৰ সমাধানৰ বাবে হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। অনশনকাৰীসকলৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকাই পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজৰ মাজতো চিন্তাৰ সৃষ্টি কৰিছে, য'ত শ্ৰমিকৰ পৰিয়ালসমূহে হুকহুকাই কান্দি শ্ৰমিকসকলৰ সমস্যা সমাধানৰ বাবে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আকুল আবেদন জনায়।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.