Shuru
Apke Nagar Ki App…
बज गई खतरे की घंटी! एआई ले लेगी ये 40 नौकरियां
Kanha kanha
बज गई खतरे की घंटी! एआई ले लेगी ये 40 नौकरियां
More news from Baksa and nearby areas
- बज गई खतरे की घंटी! एआई ले लेगी ये 40 नौकरियां1
- Happy New Year 2026! May it bring you joy, success, and endless happiness. 🎆1
- fanney comedy 🤣1
- Post by Swapamaiar1
- *অহা ৩ জানুৱাৰীত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিৱসাগৰত মঞ্চস্থ হ’ব জুবিন গাৰ্গ সোঁৱৰণী নাটক "ৰাজপথৰ বেশ্যা"* শিৱসাগৰ জিলাৰ বিশেষ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ উদ্যোগত আৰু অসমৰ সৰ্ববৃহৎ নাট্য অনুষ্ঠান "অসম নাট্য সন্মিলন-শিৱসাগৰ শাখা"ৰ সৌজন্যত তথা শিৱসাগৰবাসী ৰাইজৰ সহযোগত সাম্প্ৰতিক সময়ৰ নিচামুক্ত সমাজখনৰ পৰা আঁতৰাই নৱপ্ৰজন্মক নাট্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ মানসেৰে অহা ইংৰাজী নৱবৰ্ষৰ ০৩ জানুৱাৰী-২০২৬ চন শনিবাৰে শিৱসাগৰ নগৰৰ *হিন্দু ধৰ্ম্মসভা নামঘৰ প্ৰেক্ষাগৃহ* ত সন্ধ্যা ৬ বজাত মঞ্চস্থ হ’ব বিশিষ্ট গল্পকাৰ, নাট্যকাৰ প্ৰয়াত শান্তনু বৰুৱা দেৱৰ দ্বাৰা ৰচিত পূৰ্ণাংগ নাটক *"ৰাজপথৰ বেশ্যা"* ৷ উল্লেখযোগ্য যে, অসমৰ হিয়াৰ আমঠু, হামিং কিং, বোলছবি নিৰ্মাতা, অভিনেতা জুবিন গাৰ্গৰ স্মৃতিত মঞ্চস্থ হ’বলগীয়া নাটখনি সামাজিক সচেতনতাক বিপথে পৰিচালিত কৰিব খোজা এটা সামাজিক গোষ্ঠীৰ ওপৰত নিৰ্ভৰ কৰি ৰচনা কৰা। নাটকখনৰ পৰিচালক বিকাশ বৰদলৈ আৰু সহঃপৰিচালকৰ দায়িত্বত আছে পাৰ্থ প্ৰতীম শৰ্মা৷ আনহাতে সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনা অমৃত কুমাৰ শৰ্মা ৷ নাটকখনত সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু অসম নাট্য সন্মিলনৰ শিল্পীবৃন্দৰ লগতে কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয়ৰে অলংকৃত কৰিছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে ৷ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ মুখ্য সমন্বয়ক পৰী শইকীয়াই নাট্যসন্ধ্যাটি উপভোগ কৰিবলৈ সকলো ৰাইজকে আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে ৷3