logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

জিলা প্ৰশিক্ষণ বৰ্গৰ শৃংখলাৰ অংশ হিচাপে তিনিচুকীয়া জিলাৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত ‘আমাৰ দলৰ আদৰ্শগত আধাৰ’ শীৰ্ষক বিষয়ত তিনিচুকীয়া জিলাৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়াই। ভাষণ প্ৰসংগত সভাপতিগৰাকীয়ে কয় যে দলৰ সুসংগঠিত কাৰ্যপদ্ধতিয়ে অসংখ্য কাৰ্যকৰ্তাক দক্ষ, যোগ্য আৰু আদৰ্শ কাৰ্যকৰ্তা হিচাপে গঢ়ি তোলাৰ লগতে এক শক্তিশালী সংগঠনৰ ভেঁটি সুদৃঢ় কৰি আহিছে। ‘ব্যক্তিৰ জৰিয়তে সমাজ পৰিৱৰ্তন’—এই মহান লক্ষ্য বাস্তৱায়নৰ বাবে দলৰ কাৰ্যপদ্ধতি সঠিকভাৱে বুজি লোৱা আৰু তাক নিষ্ঠাৰে পালন কৰাটো প্ৰতিজন কাৰ্যকৰ্তাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ দলৰ আদৰ্শ, নীতি আৰু কাৰ্যপদ্ধতি অনুসৰি সংগঠনক অধিক শক্তিশালী আৰু গতিশীলভাৱে আগবঢ়াই নিয়াৰ বাবে উপস্থিত সকলো কাৰ্যকৰ্তাক আহ্বান জনায়। এই প্ৰশিক্ষণ বৰ্গত তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা, বিধায়ক পুলক গোঁহাই, সঞ্জয় কিষাণ আৰু সুৰেণ ফুকন, ৰাজ্যিক উপ সভাপতি তথা তিনিচুকীয়া জিলাৰ প্ৰভাৰী তপন গগৈ উপস্থিত থাকে। ইয়াৰ উপৰিও দলৰ জ্যেষ্ঠ নেতা ড০ প্ৰদীপ ঠাকুৰীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা, সত্ৰৰ সঞ্চালক শিৱজী ডুবেৰ লগতে দলৰ জ্যেষ্ঠ-শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকল এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

9 hrs ago
user_Tinsukia TIME
Tinsukia TIME
তিনিচুকীয়া, তিনিচুকীয়া, অসম•
9 hrs ago
6091d5f5-5586-4395-a1bc-fd4d690cc31d

জিলা প্ৰশিক্ষণ বৰ্গৰ শৃংখলাৰ অংশ হিচাপে তিনিচুকীয়া জিলাৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত ‘আমাৰ দলৰ আদৰ্শগত আধাৰ’ শীৰ্ষক বিষয়ত তিনিচুকীয়া জিলাৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়াই। ভাষণ প্ৰসংগত সভাপতিগৰাকীয়ে কয় যে দলৰ

63e65773-d61a-4d94-a4cd-358c78e62321

সুসংগঠিত কাৰ্যপদ্ধতিয়ে অসংখ্য কাৰ্যকৰ্তাক দক্ষ, যোগ্য আৰু আদৰ্শ কাৰ্যকৰ্তা হিচাপে গঢ়ি তোলাৰ লগতে এক শক্তিশালী সংগঠনৰ ভেঁটি সুদৃঢ় কৰি আহিছে। ‘ব্যক্তিৰ জৰিয়তে সমাজ পৰিৱৰ্তন’—এই মহান লক্ষ্য বাস্তৱায়নৰ বাবে দলৰ কাৰ্যপদ্ধতি সঠিকভাৱে বুজি লোৱা আৰু তাক নিষ্ঠাৰে পালন কৰাটো প্ৰতিজন

97f85978-ee76-4fd4-b5f4-21efdde55495

কাৰ্যকৰ্তাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ দলৰ আদৰ্শ, নীতি আৰু কাৰ্যপদ্ধতি অনুসৰি সংগঠনক অধিক শক্তিশালী আৰু গতিশীলভাৱে আগবঢ়াই নিয়াৰ বাবে উপস্থিত সকলো কাৰ্যকৰ্তাক আহ্বান জনায়। এই প্ৰশিক্ষণ বৰ্গত তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা, বিধায়ক পুলক গোঁহাই, সঞ্জয় কিষাণ আৰু সুৰেণ

a1c3cc45-df51-441d-95b5-67fd56425aa1

ফুকন, ৰাজ্যিক উপ সভাপতি তথা তিনিচুকীয়া জিলাৰ প্ৰভাৰী তপন গগৈ উপস্থিত থাকে। ইয়াৰ উপৰিও দলৰ জ্যেষ্ঠ নেতা ড০ প্ৰদীপ ঠাকুৰীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা, সত্ৰৰ সঞ্চালক শিৱজী ডুবেৰ লগতে দলৰ জ্যেষ্ঠ-শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকল এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

More news from অসম and nearby areas
  • ডুমডুমাৰ জি. এন. বি. ৰোডত অৱস্থিত এটা পৰিয়ালৰ ঘৰত এডাল সাপ সোমোৱাক লৈ সৃষ্টি হৈছিল তীব্ৰ আতংকৰ। পৰিয়ালটোৱে সাপডাল প্ৰত্যক্ষ কৰি ই বিষাক্ত ‘কমন ক্ৰেইট’ সাপৰ দৰে দেখা পোৱাত ভয় খাইছিল যদিও পিছত স্থানীয় এগৰাকী যুৱকে ইয়াক ‘কমন উল্ফ স্নেক’ বুলি চিনাক্ত কৰে। এই প্ৰজাতিটো সম্পূৰ্ণ বিষহীন হোৱাত পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস পেলায়। উদ্ধাৰকাৰী যুৱকজনে জানিবলৈ দিয়া অনুসৰি, সাপডালে ঘৰৰ ভিতৰতে আঠটা কণী পাৰিছিল। কণীকেইটা উপযুক্ত উষ্ণতাত ৰখাৰ প্ৰায় ৯০ দিনৰ পিছত তাৰ পৰা আঠোটা পোৱালিৰ জন্ম হয়। বৰ্তমান আঠোটা পোৱালি সুকলমে আছে আৰু বন বিভাগৰ সহযোগত অতি শীঘ্ৰেই এই পোৱালিকেইটাক প্ৰকৃতিৰ বুকুত পুনৰ এৰি দিয়া হ'ব।
    3
    ডুমডুমাৰ জি. এন. বি. ৰোডত অৱস্থিত এটা পৰিয়ালৰ ঘৰত এডাল সাপ সোমোৱাক লৈ সৃষ্টি হৈছিল তীব্ৰ আতংকৰ। পৰিয়ালটোৱে সাপডাল প্ৰত্যক্ষ কৰি ই বিষাক্ত ‘কমন ক্ৰেইট’ সাপৰ দৰে দেখা পোৱাত ভয় খাইছিল যদিও পিছত স্থানীয় এগৰাকী যুৱকে ইয়াক ‘কমন উল্ফ স্নেক’ বুলি চিনাক্ত কৰে। এই প্ৰজাতিটো সম্পূৰ্ণ বিষহীন হোৱাত পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস পেলায়।

উদ্ধাৰকাৰী যুৱকজনে জানিবলৈ দিয়া অনুসৰি, সাপডালে ঘৰৰ ভিতৰতে আঠটা কণী পাৰিছিল। কণীকেইটা উপযুক্ত উষ্ণতাত ৰখাৰ প্ৰায় ৯০ দিনৰ পিছত তাৰ পৰা আঠোটা পোৱালিৰ জন্ম হয়। বৰ্তমান আঠোটা পোৱালি সুকলমে আছে আৰু বন বিভাগৰ সহযোগত অতি শীঘ্ৰেই এই পোৱালিকেইটাক প্ৰকৃতিৰ বুকুত পুনৰ এৰি দিয়া হ'ব।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    11 hrs ago
  • নামৰূপৰ এপিএল ৰেঙণি ভৱনত আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হয়। এই অনুষ্ঠানত নামৰূপৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
    1
    নামৰূপৰ এপিএল ৰেঙণি ভৱনত আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হয়। এই অনুষ্ঠানত নামৰূপৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    5 hrs ago
  • ডিব্ৰুগড় জিলাৰ টিংখাঙত 'অন্বেষণ ২০২৬' নামৰ এক শৈক্ষিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত 'Growth from Grassroots'-এ এই কৰ্মশালাখনৰ আয়োজন কৰিছে। যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই শৈক্ষিক কৰ্মশালাখন অহা ১৬ জুলাইলৈকে অনুষ্ঠিত হ’ব।
    1
    ডিব্ৰুগড় জিলাৰ টিংখাঙত 'অন্বেষণ ২০২৬' নামৰ এক শৈক্ষিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত 'Growth from Grassroots'-এ এই কৰ্মশালাখনৰ আয়োজন কৰিছে। যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই শৈক্ষিক কৰ্মশালাখন অহা ১৬ জুলাইলৈকে অনুষ্ঠিত হ’ব।
    user_TINGKHONG NEWS TODAY
    TINGKHONG NEWS TODAY
    Media and information sciences faculty Tingkhong, Dibrugarh•
    9 hrs ago
  • ডিব্ৰুগড় চহৰৰ নিচেই কাষতে থকা টিংখং ভঙাআলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নদীৰ গৰা দিনে-নিশাই নিৰন্তৰভাৱে খহি থকাৰ ফলত অঞ্চলটোত এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। এই খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগে বৰ্তমান অঞ্চলটোত প্ৰতিৰোধমূলক চেষ্টা অব্যাহত ৰাখিছে।
    4
    ডিব্ৰুগড় চহৰৰ নিচেই কাষতে থকা টিংখং ভঙাআলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নদীৰ গৰা দিনে-নিশাই নিৰন্তৰভাৱে খহি থকাৰ ফলত অঞ্চলটোত এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগে বৰ্তমান অঞ্চলটোত প্ৰতিৰোধমূলক চেষ্টা অব্যাহত ৰাখিছে।
    user_DIBRUGARH NEWS 24×7
    DIBRUGARH NEWS 24×7
    Local News Reporter ডিব্ৰুগড় পূব, ডিব্ৰুগড়, অসম•
    13 hrs ago
  • নাহৰকটীয়া নগৰৰ পথসমূহৰ ধূলি-বালি আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নাহৰকটীয়া পৌৰসভাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ উদ্যোগত চহৰখনৰ মূল পথসমূহত 'ৱাটাৰ শ্প্ৰিংকুলাৰ এণ্টি ডাষ্ট গান' (Water Sprinkler Anti Dust Gun) ব্যৱহাৰ কৰি পানী ছটিওৱা হয়। পৌৰসভাৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।
    2
    নাহৰকটীয়া নগৰৰ পথসমূহৰ ধূলি-বালি আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নাহৰকটীয়া পৌৰসভাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ উদ্যোগত চহৰখনৰ মূল পথসমূহত 'ৱাটাৰ শ্প্ৰিংকুলাৰ এণ্টি ডাষ্ট গান' (Water Sprinkler Anti Dust Gun) ব্যৱহাৰ কৰি পানী ছটিওৱা হয়। পৌৰসভাৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    17 hrs ago
  • নাহৰকটীয়াৰ চাচনী আমগুৰি গাঁৱত অইল (Oil) ৰ এটা উন্মুক্ত পুখুৰীত পৰি বগাই চুতীয়া নামৰ এজন লোকৰ কৰুণ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি কোনো ধৰণৰ সুৰক্ষা বেৰা নোহোৱাকৈ পুখুৰীটো মুকলি অৱস্থাত পৰি থকাৰ বাবেই এই আকস্মিক অঘটনটো সংঘটিত হ'বলৈ পালে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছতে চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অইল কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ তুলি সংগঠনটোৱে ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ইয়াৰ উপৰিও, ভুক্তভোগী পৰিয়ালটোক অতি শীঘ্ৰে উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অইল কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছে।
    1
    নাহৰকটীয়াৰ চাচনী আমগুৰি গাঁৱত অইল (Oil) ৰ এটা উন্মুক্ত পুখুৰীত পৰি বগাই চুতীয়া নামৰ এজন লোকৰ কৰুণ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি কোনো ধৰণৰ সুৰক্ষা বেৰা নোহোৱাকৈ পুখুৰীটো মুকলি অৱস্থাত পৰি থকাৰ বাবেই এই আকস্মিক অঘটনটো সংঘটিত হ'বলৈ পালে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছতে চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অইল কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ তুলি সংগঠনটোৱে ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ইয়াৰ উপৰিও, ভুক্তভোগী পৰিয়ালটোক অতি শীঘ্ৰে উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অইল কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছে।
    user_Digital Sangbad
    Digital Sangbad
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.