Shuru
Apke Nagar Ki App…
ডুমডুমাৰ জি. এন. বি. ৰোডত অৱস্থিত এটা পৰিয়ালৰ ঘৰত এডাল সাপ সোমোৱাক লৈ সৃষ্টি হৈছিল তীব্ৰ আতংকৰ। পৰিয়ালটোৱে সাপডাল প্ৰত্যক্ষ কৰি ই বিষাক্ত ‘কমন ক্ৰেইট’ সাপৰ দৰে দেখা পোৱাত ভয় খাইছিল যদিও পিছত স্থানীয় এগৰাকী যুৱকে ইয়াক ‘কমন উল্ফ স্নেক’ বুলি চিনাক্ত কৰে। এই প্ৰজাতিটো সম্পূৰ্ণ বিষহীন হোৱাত পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস পেলায়। উদ্ধাৰকাৰী যুৱকজনে জানিবলৈ দিয়া অনুসৰি, সাপডালে ঘৰৰ ভিতৰতে আঠটা কণী পাৰিছিল। কণীকেইটা উপযুক্ত উষ্ণতাত ৰখাৰ প্ৰায় ৯০ দিনৰ পিছত তাৰ পৰা আঠোটা পোৱালিৰ জন্ম হয়। বৰ্তমান আঠোটা পোৱালি সুকলমে আছে আৰু বন বিভাগৰ সহযোগত অতি শীঘ্ৰেই এই পোৱালিকেইটাক প্ৰকৃতিৰ বুকুত পুনৰ এৰি দিয়া হ'ব।
Ratul Deka

More news from অসম and nearby areas
- ডুমডুমাৰ জি. এন. বি. ৰোডত অৱস্থিত এটা পৰিয়ালৰ ঘৰত এডাল সাপ সোমোৱাক লৈ সৃষ্টি হৈছিল তীব্ৰ আতংকৰ। পৰিয়ালটোৱে সাপডাল প্ৰত্যক্ষ কৰি ই বিষাক্ত ‘কমন ক্ৰেইট’ সাপৰ দৰে দেখা পোৱাত ভয় খাইছিল যদিও পিছত স্থানীয় এগৰাকী যুৱকে ইয়াক ‘কমন উল্ফ স্নেক’ বুলি চিনাক্ত কৰে। এই প্ৰজাতিটো সম্পূৰ্ণ বিষহীন হোৱাত পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস পেলায়। উদ্ধাৰকাৰী যুৱকজনে জানিবলৈ দিয়া অনুসৰি, সাপডালে ঘৰৰ ভিতৰতে আঠটা কণী পাৰিছিল। কণীকেইটা উপযুক্ত উষ্ণতাত ৰখাৰ প্ৰায় ৯০ দিনৰ পিছত তাৰ পৰা আঠোটা পোৱালিৰ জন্ম হয়। বৰ্তমান আঠোটা পোৱালি সুকলমে আছে আৰু বন বিভাগৰ সহযোগত অতি শীঘ্ৰেই এই পোৱালিকেইটাক প্ৰকৃতিৰ বুকুত পুনৰ এৰি দিয়া হ'ব।3
- নামৰূপৰ এপিএল ৰেঙণি ভৱনত আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হয়। এই অনুষ্ঠানত নামৰূপৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।1
- ডিব্ৰুগড় জিলাৰ টিংখাঙত 'অন্বেষণ ২০২৬' নামৰ এক শৈক্ষিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত 'Growth from Grassroots'-এ এই কৰ্মশালাখনৰ আয়োজন কৰিছে। যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই শৈক্ষিক কৰ্মশালাখন অহা ১৬ জুলাইলৈকে অনুষ্ঠিত হ’ব।1
- ডিব্ৰুগড় চহৰৰ নিচেই কাষতে থকা টিংখং ভঙাআলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নদীৰ গৰা দিনে-নিশাই নিৰন্তৰভাৱে খহি থকাৰ ফলত অঞ্চলটোত এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। এই খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগে বৰ্তমান অঞ্চলটোত প্ৰতিৰোধমূলক চেষ্টা অব্যাহত ৰাখিছে।4
- নাহৰকটীয়া নগৰৰ পথসমূহৰ ধূলি-বালি আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নাহৰকটীয়া পৌৰসভাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ উদ্যোগত চহৰখনৰ মূল পথসমূহত 'ৱাটাৰ শ্প্ৰিংকুলাৰ এণ্টি ডাষ্ট গান' (Water Sprinkler Anti Dust Gun) ব্যৱহাৰ কৰি পানী ছটিওৱা হয়। পৌৰসভাৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।2
- নাহৰকটীয়াৰ চাচনী আমগুৰি গাঁৱত অইল (Oil) ৰ এটা উন্মুক্ত পুখুৰীত পৰি বগাই চুতীয়া নামৰ এজন লোকৰ কৰুণ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি কোনো ধৰণৰ সুৰক্ষা বেৰা নোহোৱাকৈ পুখুৰীটো মুকলি অৱস্থাত পৰি থকাৰ বাবেই এই আকস্মিক অঘটনটো সংঘটিত হ'বলৈ পালে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছতে চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অইল কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ তুলি সংগঠনটোৱে ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ইয়াৰ উপৰিও, ভুক্তভোগী পৰিয়ালটোক অতি শীঘ্ৰে উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অইল কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছে।1