Shuru
Apke Nagar Ki App…
ডিব্ৰুগড় চহৰৰ নিচেই কাষতে থকা টিংখং ভঙাআলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নদীৰ গৰা দিনে-নিশাই নিৰন্তৰভাৱে খহি থকাৰ ফলত অঞ্চলটোত এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। এই খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগে বৰ্তমান অঞ্চলটোত প্ৰতিৰোধমূলক চেষ্টা অব্যাহত ৰাখিছে।
DIBRUGARH NEWS 24×7
ডিব্ৰুগড় চহৰৰ নিচেই কাষতে থকা টিংখং ভঙাআলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নদীৰ গৰা দিনে-নিশাই নিৰন্তৰভাৱে খহি থকাৰ ফলত অঞ্চলটোত এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। এই খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগে বৰ্তমান অঞ্চলটোত প্ৰতিৰোধমূলক চেষ্টা অব্যাহত ৰাখিছে।
More news from অসম and nearby areas
- নাহৰকটীয়া নগৰৰ পথসমূহৰ ধূলি-বালি আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নাহৰকটীয়া পৌৰসভাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ উদ্যোগত চহৰখনৰ মূল পথসমূহত 'ৱাটাৰ শ্প্ৰিংকুলাৰ এণ্টি ডাষ্ট গান' (Water Sprinkler Anti Dust Gun) ব্যৱহাৰ কৰি পানী ছটিওৱা হয়। পৌৰসভাৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।2
- চৰাইদেউ জিলাত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ। জিলাখনৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীবন্ধা অঞ্চলত এই মাৰাত্মক ৰোগবিধৰ উপস্থিতি ধৰা পৰাৰ পাছতে স্থানীয় গাহৰি পালকসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। শেহতীয়াকৈ হাতীবন্ধা অঞ্চলৰ এখন ফাৰ্মত পশু চিকিৎসা বিভাগে কৰা পৰীক্ষাত ফাৰ্মখনৰ চাৰিটা গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ নিশ্চিত হোৱাৰ পাছত এই জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে। ৰোগবিধ যাতে দাঁতিকাষৰীয়া অঞ্চললৈ বিয়পিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পশু চিকিৎসা বিভাগে তৎকালীনভাৱে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষৰ উপস্থিতিত সংক্ৰমিত ফাৰ্মখনৰ ৩৬টাকৈ গাহৰি নিধন কৰে। এই আকস্মিক ঘটনাত ফাৰ্মখনৰ গৰাকী যথেষ্ট পৰিমাণৰ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। গাহৰি পালনৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা লোকসকলে চৰকাৰৰ ওচৰত তাৎক্ষণিক ক্ষতিপূৰণৰ দাবী জনোৱাৰ লগতে ৰোগবিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ভেকচিন বা প্ৰতিষেধকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বৰ্তমান অঞ্চলটোত পশু চিকিৎসা বিভাগে সতৰ্কতা অৱলম্বন কৰাৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত গাহৰি মাংস বিক্ৰী তথা সৰবৰাহ নিষিদ্ধ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে।1
- শিৱসাগৰ জিলাৰ ১৮ নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু কুঁহিপাত নৃত্য বিদ্যালয়ৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী চিত্ৰলেখা গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰতিযোগিতাখনত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অংকুশ জ্যোতি দত্তৰ প্ৰতিবেদন অনুসৰি, বিদ্যালয়খনত এই প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হৈছে।1
- নাট নিৰ্বাচনৰ মৌলিকতা আৰু পৰিৱেশনাৰ স্বকীয়তাৰে ভ্ৰাম্যমাণ নাট্য জগতত সুকীয়া পৰিচয় গঢ়ি তোলা ‘হেঙুল থিয়েটাৰ’ৰ ২০২৬-২৭ বৰ্ষৰ নাট্যাভ্যাস বুধবাৰে মৰিয়নিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ৩৯তম নাট্য বৰ্ষত ভৰি দিয়া এই নাট্যদলটোৱে এইবাৰ দৰ্শকৰ বাবে লৈ আহিছে এক বিশেষ আকৰ্ষণ। জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপষ্ট’ৰ ‘কে কে’ চৰিত্ৰৰে খ্যাতি অৰ্জন কৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মা এইবাৰ হেঙুলৰ মুকলি মঞ্চত পোনপটীয়াভাৱে অভিনয় কৰিবলৈ সাজু হৈছে। তেখেতৰ উপৰিও ভ্ৰাম্যমাণৰ বহুকেইগৰাকী তাৰকা অভিনেতা-অভিনেত্ৰীয়েও এই নাট্য বৰ্ষত দলটোৰ সৈতে অংশগ্ৰহণ কৰিছে। চলিত নাট্য বৰ্ষত হেঙুল থিয়েটাৰে তিনিগৰাকী আগশাৰীৰ নাট্যকাৰৰ তিনিখন বিশেষ নাটক দৰ্শকৰ বাবে আগবঢ়াব। ইয়াৰ ভিতৰত আছে অভিজিৎ ভট্টাচাৰ্যৰ জনপ্ৰিয় নাটক “ঝংকাৰ”, প্ৰণৱ বৰুৱাৰ ব্যংগধৰ্মী নাট “ডঃ ৪২০” আৰু ৰাজদ্বীপৰ সৃষ্টি “ঈশ্বৰ পুত্ৰ”। এই শক্তিশালী নাটককেইখনে সমগ্ৰ অসমৰ নাট্যপ্ৰেমী ৰাইজৰ হৃদয় পুনৰ জয় কৰিবলৈ সক্ষম হ’ব বুলি নাট্যগোষ্ঠীটোৰ কৰ্মকৰ্তাসকলে আশা প্ৰকাশ কৰিছে।4
- অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে লৈছে এক বিশেষ পদক্ষেপ। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলে যাতে এককভাৱে ঋণ লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। এই নতুন পদক্ষেপসমূহৰ ভিতৰত আছে ঋণ নিশ্চয়তা পুঁজি আৰু শুল্ক ৰেহাইৰ দৰে সুবিধা। এনে ধৰণৰ বিভিন্ন ব্যৱস্থাৰ জৰিয়তে লাখপতি বাইদেউসকলক অধিক শক্তিশালী আৰু স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস চৰকাৰৰ।1
- লখিমপুৰৰ বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱান শইকীয়াৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈছে। বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ মৃত্যুত সমগ্ৰ বগীনদীবাসী গভীৰ শোকত বিহ্বল হৈ পৰিছে।1
- অসম চৰকাৰৰ ২০২৬-২০২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত অখিল গগৈয়ে এই বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। চৰকাৰৰ এই বাজেটক লৈ তেওঁ নিজৰ মতামত ব্যক্ত কৰিছে।1
- দুলীয়াজান কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অনা-নিয়া কৰা এজন বিশেষভাৱে সক্ষম ই-ৰিক্সা চালকক এজন CISF জোৱানে অকথ্য গালি-গালাচ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ এক উদ্বেগজনক ঘটনা পোহৰলৈ আহিছে। ই-ৰিক্সাখন ৰখাই থোৱাক লৈ হোৱা বিবাদৰ পৰিপ্ৰেক্ষিততে জোৱানজনে চালকজনৰ ওপৰত চৰম নিৰ্যাতন চলায়। এই ঘটনাই দুলীয়াজান কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। এই ঘটনাৰ প্ৰতিবাদত দুলীয়াজান স্ব-নিয়োজিত চালক সন্থাই আৰক্ষী প্ৰশাসনক ঘটনাটোৰ উচিত তদন্ত চলাই দোষী জোৱানজনৰ বিৰুদ্ধে অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।1