Shuru
Apke Nagar Ki App…
অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে লৈছে এক বিশেষ পদক্ষেপ। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলে যাতে এককভাৱে ঋণ লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। এই নতুন পদক্ষেপসমূহৰ ভিতৰত আছে ঋণ নিশ্চয়তা পুঁজি আৰু শুল্ক ৰেহাইৰ দৰে সুবিধা। এনে ধৰণৰ বিভিন্ন ব্যৱস্থাৰ জৰিয়তে লাখপতি বাইদেউসকলক অধিক শক্তিশালী আৰু স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস চৰকাৰৰ।
Charaideo News & Entertainment
অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে লৈছে এক বিশেষ পদক্ষেপ। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলে যাতে এককভাৱে ঋণ লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। এই নতুন পদক্ষেপসমূহৰ ভিতৰত আছে ঋণ নিশ্চয়তা পুঁজি আৰু শুল্ক ৰেহাইৰ দৰে সুবিধা। এনে ধৰণৰ বিভিন্ন ব্যৱস্থাৰ জৰিয়তে লাখপতি বাইদেউসকলক অধিক শক্তিশালী আৰু স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস চৰকাৰৰ।
More news from অসম and nearby areas
- নাহৰকটীয়া নগৰৰ পথসমূহৰ ধূলি-বালি আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নাহৰকটীয়া পৌৰসভাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰসভাৰ উদ্যোগত চহৰখনৰ মূল পথসমূহত 'ৱাটাৰ শ্প্ৰিংকুলাৰ এণ্টি ডাষ্ট গান' (Water Sprinkler Anti Dust Gun) ব্যৱহাৰ কৰি পানী ছটিওৱা হয়। পৌৰসভাৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।2
- ডিব্ৰুগড় চহৰৰ নিচেই কাষতে থকা টিংখং ভঙাআলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নদীৰ গৰা দিনে-নিশাই নিৰন্তৰভাৱে খহি থকাৰ ফলত অঞ্চলটোত এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। এই খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জলসম্পদ বিভাগে বৰ্তমান অঞ্চলটোত প্ৰতিৰোধমূলক চেষ্টা অব্যাহত ৰাখিছে।4
- ডুমডুমাৰ জি. এন. বি. ৰোডত অৱস্থিত এটা পৰিয়ালৰ ঘৰত এডাল সাপ সোমোৱাক লৈ সৃষ্টি হৈছিল তীব্ৰ আতংকৰ। পৰিয়ালটোৱে সাপডাল প্ৰত্যক্ষ কৰি ই বিষাক্ত ‘কমন ক্ৰেইট’ সাপৰ দৰে দেখা পোৱাত ভয় খাইছিল যদিও পিছত স্থানীয় এগৰাকী যুৱকে ইয়াক ‘কমন উল্ফ স্নেক’ বুলি চিনাক্ত কৰে। এই প্ৰজাতিটো সম্পূৰ্ণ বিষহীন হোৱাত পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস পেলায়। উদ্ধাৰকাৰী যুৱকজনে জানিবলৈ দিয়া অনুসৰি, সাপডালে ঘৰৰ ভিতৰতে আঠটা কণী পাৰিছিল। কণীকেইটা উপযুক্ত উষ্ণতাত ৰখাৰ প্ৰায় ৯০ দিনৰ পিছত তাৰ পৰা আঠোটা পোৱালিৰ জন্ম হয়। বৰ্তমান আঠোটা পোৱালি সুকলমে আছে আৰু বন বিভাগৰ সহযোগত অতি শীঘ্ৰেই এই পোৱালিকেইটাক প্ৰকৃতিৰ বুকুত পুনৰ এৰি দিয়া হ'ব।3
- অসম চৰকাৰৰ ২০২৬-২০২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত অখিল গগৈয়ে এই বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। চৰকাৰৰ এই বাজেটক লৈ তেওঁ নিজৰ মতামত ব্যক্ত কৰিছে।1
- সদৌ ভাৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকা ফেডাৰেচনৰ আহ্বান মৰ্মে আজি চৰাইদেউ জিলাৰ সোণাৰিস্থিত অভয়পুৰ সংহত প্ৰকল্প কেন্দ্ৰৰ সন্মুখত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ‘ক’লা দিৱস’ পালন কৰে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা (CITU)-ৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদৰ জৰিয়তে কৰ্মীসকলে কেন্দ্ৰীয় বাজেটত পুঁজি বৃদ্ধি কৰাৰ লগতে মাননিৰ সলনি নিয়মীয়া মজুৰি প্ৰদানৰ দাবী উত্থাপন কৰে। ইয়াৰ উপৰিও তেওঁলোকে স্থায়ী কৰ্মচাৰীৰ স্বীকৃতি আৰু ইএছআই (ESI), পিএফ (PF) তথা গ্ৰেচুইটিৰ সা-সুবিধা প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।1
- ডিব্ৰুগড়ৰ খনিকৰত বিজ্ঞান ভৱনৰ নিৰ্মাণ কাৰ্য আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই। নিৰ্মাণৰ কাম আৰম্ভণিৰ পৰাই আধৰুৱা হৈ থকাৰ ফলত এতিয়া ডিব্ৰুগড়বাসী গভীৰ উদ্বেগৰ মাজত দিন কটাইছে। ডিব্ৰুগড়ৰ বাবে অতি গুৰুত্বপূৰ্ণ এই সম্পদটো কি কাৰণত ইমান দিনলৈকে নিৰ্মাণ হৈ নুঠিল, তাক লৈ সকলোৱে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আৰু চিন্তিত হৈ পৰিছে।4
- মুৰ্গীৰ কণীৰ পৰাও ৩ টকাকৈ গুণ্ডা টেক্স সংগ্ৰহ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। ৰাজ্যখনত চলি থকা এনে কাৰ্যকলাপক লৈ তেওঁ কঠোৰ মন্তব্য প্ৰকাশ কৰিছে।1
- দুলীয়াজান কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অনা-নিয়া কৰা এজন বিশেষভাৱে সক্ষম ই-ৰিক্সা চালকক এজন CISF জোৱানে অকথ্য গালি-গালাচ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ এক উদ্বেগজনক ঘটনা পোহৰলৈ আহিছে। ই-ৰিক্সাখন ৰখাই থোৱাক লৈ হোৱা বিবাদৰ পৰিপ্ৰেক্ষিততে জোৱানজনে চালকজনৰ ওপৰত চৰম নিৰ্যাতন চলায়। এই ঘটনাই দুলীয়াজান কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। এই ঘটনাৰ প্ৰতিবাদত দুলীয়াজান স্ব-নিয়োজিত চালক সন্থাই আৰক্ষী প্ৰশাসনক ঘটনাটোৰ উচিত তদন্ত চলাই দোষী জোৱানজনৰ বিৰুদ্ধে অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।1