Shuru
Apke Nagar Ki App…
KHABAR 24 BISWANATH
More news from অসম and nearby areas
- নগাঁও চুলুং টোল গেটৰ কৰ্মচাৰীৰ মইমতালিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ড০ কিশোৰ হাজৰিকাই জনোৱা অনুসৰি, বৈধ পাছ থকাৰ পিছতো টোল গেটৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক হাৰাশাস্তি কৰি আহিছে। এই সন্দৰ্ভত টোল গেটৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে আৰক্ষী চকীত এক অভিযোগ দাখিল কৰা হৈছে।1
- Post by KHABAR 24 BISWANATH1
- চতিয়াৰ পটিয়া গাঁৱৰ যুৱক-যুৱতীসকলে নিজৰ উৰ্বৰ পৈত্ৰিক ভূমিত ৰঙীন সপোন ৰচি 'বজাৰ আমাৰ পথাৰ আমাৰ' শ্লোগানটো সঁচা অৰ্থত পৰিণত কৰিছে। বৰ্তমান এই গাওঁখন অসমৰ এক উল্লেখযোগ্য কৃষি অঞ্চল হিচাপে পৰিচিত হৈ উঠিছে, য'ত যুৱ প্ৰজন্মই চৰকাৰী চাকৰিৰ পিছে পিছে নদৌৰি কৃষিকৰ্মত নিজকে নিয়োজিত কৰিছে। কেৱল এই বছৰেই নহয়, বহু বছৰ ধৰি গাঁওখনৰ প্ৰায় প্ৰতিঘৰতে বিঘাই বিঘাই ৰঙালাও, জিকা, জলকীয়া, তৰমুজ আদিৰ খেতি কৰা হয়। পটিয়া গাঁৱৰ কৃষকসকলে উৎপাদিত সতেজ শাক-পাচলি ট্ৰাক ট্ৰাককৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰাৰ উপৰিও, ৰঙালাও আৰু আলু বহিঃৰাজ্যলৈও পঠিওৱা হয়। কিন্তু এই সফলতাৰ লগে লগে কৃষকসকলে বহু সমস্যাৰ সন্মুখীন হৈছে। অধিক উৎপাদনৰ ফলত বহু কৃষকৰ ৰঙালাও, আলু আদি ফচল সময়মতে বিক্ৰী নোহোৱাত গেলি পচি নষ্ট হয়। ইয়াৰ ফলত কঠোৰ পৰিশ্ৰম আৰু বিনিয়োগৰ পিছতো কৃষকসকলে বিৰাট লোকচান ভৰিবলগীয়া হয়, কিয়নো বজাৰত মূল্য হ্ৰাস পালেও ফচল সংৰক্ষণ কৰিবলৈ উপযুক্ত সুবিধা নথকাৰ বাবে এই ক্ষতি নিয়মীয়াকৈ হৈ থাকে। এই সমস্যাৰ সমাধানৰ বাবে পটিয়া গাঁৱৰ কৃষকসকলে চৰকাৰলৈ আহ্বান জনাইছে যে গাঁওখনত এটা আধুনিক শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰা হ'লে ই তেওঁলোকৰ বাবে আশীৰ্বাদস্বৰূপ হ'ব আৰু কৃষি খণ্ডক শক্তিশালী কৰিব। এই শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰা হ'লে কেৱল পটিয়া গাঁওৰে নহয়, ইয়াৰ আশে-পাশে থকা বহু গাঁওৰ কৃষকসকলো উপকৃত হ'ব। চতিয়াৰ পটিয়া গাঁৱৰ যুৱ প্ৰজন্মই চৰকাৰক দেখুৱাইছে যে চাকৰি অবিহনেও কৃষিৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰি, আৰু এইদৰে কৃষকৰ সমৃদ্ধিৰে অসমৰ সমৃদ্ধি সঁচা কৰি তুলিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ সক্ৰিয় ভূমিকা বৰ্তমান অতি জৰুৰী।4
- বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডত মধ্যাহ্ন ভোজন আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ, ফেনখাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত অনিয়ম আৰু দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগৰ পাছত আজি CRCC, BCCO আৰু স্থানীয় ৰাইজে বিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে।1
- নুমলীগড় আৰক্ষীয়ে NRL ৰ মাৰ্কেটিং টাৰ্মিনেলত দীৰ্ঘদিন ধৰি চলি থকা এক অবৈধ তেল চুৰি চক্ৰৰ এজন সদস্যক হাতেলোটে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে তেল চুৰি কৰি থকা অৱস্থাতে গোলাপ থাপা নামৰ এজন লোকক আটক কৰে। আৰক্ষীয়ে এই অভিযানত AS-02EC-3984 নম্বৰৰ এখন টেংকাৰ আৰু প্ৰায় ৮০ লিটাৰ ডিজেল জব্দ কৰে। আৰক্ষীৰ এই অভিযানৰ সময়ত তেল চুৰি চক্ৰৰ আন প্ৰায় ৬-৭ জনকৈ লোক পলাই যাবলৈ সক্ষম হয়। এই ঘটনাৰ সন্দৰ্ভত নুমলীগড় আৰক্ষীয়ে আটক কৰা লোকজনৰ সৈতে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।2
- জনপ্ৰিয় কৌতুক অভিনেত্ৰী আফ্ৰিনৰ আত্মহত্যাক লৈ শোকৰ ছাঁ পৰিছে। যিগৰাকী অভিনেত্ৰীয়ে আনৰ মুখত হাঁহি বিৰিঙাইছিল, তেওঁ আজি আৰু আমাৰ মাজত নাই। যোৱা নিশা অভিনেত্ৰী আফ্ৰিনে নিজৰ গৃহত চিপ লৈ আত্মহত্যা কৰে।1
- ৰবিবাৰৰ দিনটোত নগাঁৱৰ বৰঘাট বাইপাছৰ পেৰেডাইজ-২৭ হোটেলত এক ব্যতিক্ৰমী অনুষ্ঠানত বিশিষ্ট লেখিকা, অসম সাহিত্য সভাৰ হিতৈষী সভ্য তথা অসম লেখিকা সমাৰোহৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সদস্যা আৰু প্ৰাক্তন শিক্ষয়িত্ৰী মীনা বৰাৰ 'শুভাশিষ' নামৰ শিশু গ্ৰন্থখনি উন্মোচন কৰা হয়। এই বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো লেখিকা বৰাৰ সৰু নাতিনী ৰিমঝিমৰ অন্নপ্ৰশন উপলক্ষে আয়োজন কৰা হৈছিল। লেখিকা গীতা কলিতাই সভাপতিত্ব কৰা এই গাম্ভীৰ্যপূৰ্ণ সভাত বিশিষ্ট সাংবাদিক কনক হাজৰিকাই কবিতা আৰু গীত সম্বলিত শিশু গ্ৰন্থখন উন্মোচন কৰে। বিশিষ্টা লেখিকা ড° মঞ্জু লস্কৰ বাইদেৱে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে, আনহাতে সাহিত্য কৰ্মী প্ৰাঞ্জল বৰদলৈয়ে অনুষ্ঠানটি ঘোষক হিচাপে পৰিচালনা কৰে। এই ব্যতিক্ৰমী অনুষ্ঠানটিত বীনা শৰ্মা, উৰ্মীলা বৰুৱা আৰু লগতে নগাঁৱৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।1
- বিশ্বনাথ জিলাৰ বৃহত্তৰ বাঘমাৰী অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ ঈদ উদযাপনৰ সময়ত গো-ধন কুৰবাণী নকৰাকৈ পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সন্মান জনাই এই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।1