Shuru
Apke Nagar Ki App…
বিশ্বনাথ জিলাৰ বৃহত্তৰ বাঘমাৰী অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ ঈদ উদযাপনৰ সময়ত গো-ধন কুৰবাণী নকৰাকৈ পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সন্মান জনাই এই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।
KHABAR 24 BISWANATH
বিশ্বনাথ জিলাৰ বৃহত্তৰ বাঘমাৰী অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ ঈদ উদযাপনৰ সময়ত গো-ধন কুৰবাণী নকৰাকৈ পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সন্মান জনাই এই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।
More news from অসম and nearby areas
- এই দৃশ্য, বোকাখাট সমষ্টিৰ কমাৰগাঁওৰ "বৰাইখোৱা" অঞ্চলৰ। বাৰিষাৰ আগমনৰ লগে লগে এতিয়া বিল, নৈপৰীয়া তথা বানপীড়িত অঞ্চলসমূহত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। বানপানী আৰু বাৰিষাত যোগাযোগৰ বাবে নাওখনেই হৈ পৰে একমাত্ৰ ভৰসা বা সম্বল, সেয়েহে এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে থলুৱা নাও নিৰ্মাণকাৰী সকলৰ।বাৰিষাৰ সময়ছোৱাত নৈপৰীয়া ৰাইজৰ বাবে নাওখনেই হৈ পৰে জীৱনৰেখা। এনেদৰে শাল,আজাৰ কাঠেৰে তৈয়াৰ কৰা নাৱেৰে কেৱল যাতায়তে নহয়, বাৰিষা মাছ ধৰা, দোকান বজাৰলৈ যোৱা, জৰুৰীকালীন অৱস্থাত নাৱেই একমাত্ৰ সমল হৈ পৰে। মুঠতে নাৱৰ গুৰুত্ব অপৰিসীম। নিশ্চয়কৈ বাৰিষাৰ সংগ্ৰামী জীৱনত নাও এখন কেৱল কাঠৰ সঁজুলিয়েই নহয়, ই হ'ল ৰাইজৰ জীৱন আৰু জীৱিকাৰ আধাৰ। এই সন্দৰ্ভত চাওক আমাৰ নুমলীগড়ৰ সাংবাদিক ভৰত দাসৰ এক প্ৰতিবেদন।2
- ৰিতু গগৈৰ নিজা বাসগৃহৰ কাষৰে এটা তেল খাদৰ সমীপত এক ঘটনা সংঘটিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি জয়সাগৰৰ নিবাসী বিজেপি নেতা লাচিত গগৈ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।1
- ৫৫ নং ধিং বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত ৰাইজৰ দলৰ বিধায়ক মেহেবুব মুক্তাৰে "কথাৰে নহয়, কামেৰে পৰিচয়" এই কথাষাৰকেই যেন বাস্তৱ ৰূপ দিছে। উন্নয়নৰ প্ৰতিশ্ৰুতিৰে জনসমৰ্থন লাভ কৰা বিধায়কগৰাকীয়ে শপত গ্ৰহণ কৰাৰ পাছতেই ধিং সমষ্টিত উন্নয়নৰ গতি তীব্ৰ কৰাৰ লক্ষ্যৰে একেৰাহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে আজি দ্বিতীয় দিনৰ বাবে ধিং সমষ্টিত মুঠ ৬ খনকৈ পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয়। বিগত প্ৰায় বিশ বছৰে ধিং সমষ্টিবাসীয়ে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ উত্থাপন হৈ আহিছিল, বিশেষকৈ জৰাজীৰ্ণ পথ-ঘাটৰ সমস্যাই ৰাইজক দীৰ্ঘদিন ধৰি জুৰুলা কৰিছিল। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত উন্নয়নৰ আশাত ধিংবাসীয়ে মেহেবুব মুক্তাৰক ৭১ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত বিজয়ী কৰাইছিল। সাংবাদিকতা জীৱনৰ পৰা ৰাজনীতি ক্ষেত্ৰলৈ অহা বিধায়কগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাৰ দিশে অগ্ৰসৰ হোৱা দেখা গৈছে। বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই তেওঁ ধিং সমষ্টিৰ জ্বলন্ত সমস্যা জৰাজীৰ্ণ পথসমূহৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে। আজি দুপৰীয়া প্ৰায় ১২ বজাত SOPD-G আঁচনিৰ অধীনত ধিং সমষ্টিৰ মৈৰাধ্বজ গাঁও পঞ্চায়তৰ অন্তৰ্গত শালমাৰাবড়ী-বানেবিহাৰ পথৰ নিৰ্মাণ কাৰ্যৰো বিধায়ক মেহেবুব মুক্তাৰে শুভাৰম্ভ কৰে। স্থানীয় ৰাইজে আশা ব্যক্ত কৰিছে যে, নতুন বিধায়কৰ নেতৃত্বত ধিং সমষ্টিয়ে আগন্তুক দিনত উন্নয়নৰ এক নতুন দিশ লাভ কৰিব।1
- কোৰৱাণী ঈদৰ আগমুহূৰ্তত আমছু নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য কৰে। এই উপলক্ষে তেওঁ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে।1
- অল অৰুণাচল প্ৰদেশ যুৱ সংগঠনে (ALL ARUNACHAL PRADESH YOUTH ORGANIZATION) অৰুণাচল প্ৰদেশ এন্টি ড্রাগ ৱাৰিয়ৰ সংস্থাৰ সভাপতি গোমিন মিজেক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত সংগঠনে ইটানগৰত থকা লখিমপুৰৰ নাগৰিকসকলক নিজৰ বেডিং বান্ধি সাজু হৈ থাকিবলৈ আহ্বান জনাইছে।1
- ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ভাৰতবৰ্ষৰ লোকসভাত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে এক স্পষ্ট দাবী উত্থাপন কৰিছে। তেওঁ উল্লেখ কৰিছে যে বৰ্তমান লোকসভাত মহিলাৰ সংখ্যা মাত্ৰ ১৫ শতাংশ। ৰাইজৰ দলে লোকসভাত ৫০ শতাংশ মহিলাৰ আসন সংৰক্ষণ বিচাৰে বুলি গগৈয়ে জনাইছে। তেওঁ এই প্ৰস্তাৱ ভৱিষ্যতে নহয়, বৰং সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বেই 'আজিৰে পৰা' গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। গগৈয়ে চৰকাৰক এই সম্পৰ্কে এক সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছে। এই মন্তব্য ষষ্ঠদশ অসম বিধানসভা অধিৱেশন, ২০২৬ ৰ প্ৰসংগত কৰা হৈছে।1
- চৰকাৰৰ যোগান বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ বিৰুদ্ধে এইবাৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৰাজপথলৈ ওলাই আহিছে। সংগঠনটোৱে চৰকাৰৰ যোগান বিভাগৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।1
- মিজিকাজান চাহ বাগিছাত সদৌ অসম কিষাণ কুঁঢ়াৰ জাতি মহাসভাৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়।1
- বিৰোধী দলৰ হৈ বিধায়ক অখিল গগৈয়ে আজি বিধানসভাত মহিলাৰ সংৰক্ষণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ স্পষ্টভাৱে দাবী কৰিছে যে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ নহয়, মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। এই মন্তব্য ষষ্ঠদশ অসম বিধানসভা অধিৱেশন, ২০২৬ৰ আলোচনাৰ সময়ত কৰা হৈছে।1