Shuru
Apke Nagar Ki App…
উত্তৰ বৰবিল বীনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। বিদ্যালয়খনে এক বিশেষ আয়োজনৰে কবিগুৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Babul Chandra Majumder
উত্তৰ বৰবিল বীনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। বিদ্যালয়খনে এক বিশেষ আয়োজনৰে কবিগুৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
More news from অসম and nearby areas
- উত্তৰ বৰবিল বীনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। বিদ্যালয়খনে এক বিশেষ আয়োজনৰে কবিগুৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।3
- চাঞ্চল্যকৰ মৰিকলং ডকাইতি কাণ্ডৰ সন্দৰ্ভত সংবাদমেল সম্বোধন নগাঁও জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ। ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনিজনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ। নগাঁও আৰক্ষীয়ে লখিমপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনিটাকৈ ডকাইতক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটা হৈছে ৰাজিবুৰ ৰহমান, ৰেজ্জাক আলী আৰু নুৰ হুছেইন আলী। আৰক্ষীয়ে ডকাইতৰ দলটোৰ স্বীকাৰোক্তি ভিত্তিত নগাঁও মৰিকলঙৰ পৰিতক্ত স্থানৰ পৰা উদ্ধাৰ কৰিছে ঘটনাত ব্যৱহৃত দুখনকৈ দা। আৰক্ষীয়ে জব্দ কৰিছে ডকাইতি কাণ্ডটোত ব্যৱহৃত AR01M 4013 নম্বৰৰ এখন বলেৰো বাহন। সোধপোছৰ বাবে মতা হৈছে বাহন খনৰ গৰাকীক। আৰক্ষীয়ে ডকাইত কেইটাৰ মোবাইল ফোনৰ পৰা উদ্ধাৰ কৰিছে ৰঞ্জিত শইকীয়াৰ পৰা লুটি নিয়া নকল সোণৰ গহনাৰ ফটো। পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘটনাটোৰ লগত জড়িত উমৰ আলী, মিন্টু হুছেইন আৰু নাজিৰুল ইছলাম নামৰ ডকাইত তিনিটাক। ডকাইতি কাণ্ডটোৰ তদন্তৰ বাবে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠন কৰি দিছে SIT।1
- নগাঁও চহৰৰ ধিংৰোড নতুনকৈ মুকলি কৰা হৈছে SB Automobiles Nagaon নামৰ ইলেক্ট্ৰিক বাহনৰ ডিলাৰ। এই বাহনত মাত্ৰ এক ইউনিট বিদ্যুৎ খৰচ কৰি ১২০ কিলোমিটাৰ দূৰত্ব যাত্ৰা কৰিব পাৰিব। ধিংৰোডৰ SB Automobiles Nagaonত ইলেক্ট্ৰিক বাহনত এমাহৰ বাবে বিশেষ আকৰ্ষণীয় ৰেহাই ঘোষণা কৰিছে কতৃপক্ষই। যোগাযোগ কৰক 7002559356, 8638105556 এই দুটি নম্বৰত।1
- হোজাইৰ উত্তৰ বিদ্যানগৰত নিৰাপত্তা ব্যৱস্থা নথকাক লৈ ৫জি টাৱাৰ স্থাপনত মহিলা অঞ্জলি দেই বাধা দিছে। স্থানীয় একাংশ লোকে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উঠিছে আৰু টাৱাৰ কৰ্তৃপক্ষই চৰকাৰী নিয়ম নামানি কাম কৰি আছে। ভুক্তভোগী মহিলাগৰাকীয়ে হোজাইৰ জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে।1
- Post by Sanjeev biswas1
- মৰিগাঁৱৰ এক ৰাজহুৱা পুখুৰীত শ্বিলঙৰ পৰ্যটকে বৰসিৰে মাছ ধৰি আনন্দ লাভ কৰে। এই বিশেষ অভিজ্ঞতাৰে তেওঁলোকে কেইবা কিলোগ্ৰাম মাছ ধৰিবলৈ সক্ষম হয়।1
- মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পয়ালগা ৰূপ। ট্ৰলীৰ অভাৱত জাবৰ পেলোৱা ঠেলাত উঠাই চিকিৎসকৰ ওচৰলৈ নিলে ৰোগী। ঠেলাত ৰোগী লৈ যোৱা এইয়া মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ দৃশ্য। মৰিগাঁও জিলাৰ তিনিজন শ্বহীদ ক্ৰমে তিলক ডেকা, হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈৰ নামত উচৰ্গীত চিকিৎসালয় খনৰ পয়ালগা অৱস্থাৰ বাবে দুৰ্ভুগ ভুগি আহিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰোগী সকল। বহু দিনৰ পৰা ষ্টেচাৰ আৰু ট্ৰলি অবিহনে চলি আছে চিকিৎসালয় খন। আজিও পোৱাৰ ভাগত মৰিগাঁও জিলাৰ মনহাৰ পৰা দিপু ডেকা নামৰ ৰোগী জনক চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনিছিল পৰিয়ালে। কিন্তু ৰোগী জন লৈ চিকিৎসালয় পোৱাৰ পিছত এখন ট্ৰলিৰ অভাৱত গাড়ীৰ পৰা চিকিৎসকৰ ওচৰলৈ নিব পৰা নাছিল ৰোগী জন। শেষত ৰোগী দিপু ডেকাৰ পৰিয়ালে চিকিৎসালয় খন বিচাৰি বহু সময়ৰ অন্তত চিকিৎসালয় মৰ্গৰ ওচৰৰ পৰা জাবৰ পেলোৱা কামত ব্যৱহাৰ কৰা এখন ঠেলা যোগাৰ কৰি এখন ভঙা ট্ৰলীৰ সহায়ত ঠেলাত উঠাই ৰোগী জন চিকিৎসকৰ কাষলৈ নিয়ে।1
- পূৰ্বে শুভেন্দু দুৰ্নীতিগ্ৰস্ত আছিল... বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰী কৰিছিল ২০২৬ চনৰ মে' মাহৰ তথ্য অনুসৰি, পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত জয়লাভৰ পিছত, বিজেপিয়ে শুভেন্দু অধিকাৰীক ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। তেওঁ ৯ মে' ২০২৬ তাৰিখে শপত গ্ৰহণ কৰে।1